অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শালিনী পাণ্ডে

শালিনী পাণ্ডে (ইংৰাজী: Shalini Pandey; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু, হিন্দী আৰু তামিল ছবিত অভিনয় কৰে। পাণ্ডেই তেলুগু ছবি অৰ্জুন ৰেড্ডী (২০১৭)ৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৫৪৫ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শালিনী পাণ্ডে (ইংৰাজী ভাষা: Shalini Pandey; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু ভাষা, হিন্দী ভাষা আৰু তামিল ভাষা ছবিত অভিনয় কৰে। পাণ্ডেই তেলুগু ভাষা ছবি অৰ্জুন ৰেড্ডী (২০১৭)ৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। তাৰ পিছৰেপৰা তেওঁ তামিল ছবি ১০০% কাধল (২০১৯), তেলেগু ছবি মহানন্দী (২০১৮) আৰু ১১৮ (২০১৯), আৰু হিন্দী ছবি জয়েশভাই জোৰ্দাৰ (২০২২) তথা মহাৰাজ (২০২৪)ত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

পাণ্ডেৰ জন্ম ১৯৯৩ চনৰ ২৩ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ জবলপুৰত হৈছিল। অভিনয়ত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে পাণ্ডেই জবলপুৰত এগৰাকী থিয়েটাৰ শিল্পী হিচাপে কাম কৰিছিল।১২

কেৰিয়াৰ

সাফল্য (২০১৭–২০১৯)

পাণ্ডেই ২০১৭ চনত তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ বিজয় দেৱৰাকোণ্ডাৰ বিপৰীতে এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।৩৪ এক বৃহৎ ব্যাৱসায়িক সফলতা লাভ কৰা এই ছবিখনে তেওঁক শ্ৰেষ্ঠ মহিলা অভিষেককাৰীৰ এছ.আই.আই.এম.এ. বঁটাৰ মনোনয়ন লাভত সহায় কৰে।৫ ফাৰ্ষ্টপোষ্টৰ হেমন্ত কুমাৰে লিখিছে, "প্ৰীতিৰ চৰিত্ৰত শালিনী ভাল হৈছে আৰু তেওঁ ফুটাই তোলা আৱেগিক দিশটোৱেই প্ৰেম কাহিনীটোক ইমান তীব্ৰ কৰি তুলিছে।" ৬ ২০১৮ চনৰ প্ৰথমখন ছবিত পাণ্ডেই মেৰী নিম্মোত এটা কেমিঅ' চৰিত্ৰৰ জৰিয়তে হিন্দী ছবিত আত্মপ্ৰকাশ কৰে।৭ একে বছৰতে তেওঁ তেলেগু ছবি মহানন্দীত এটা সহযোগী চৰিত্ৰত অভিনয় কৰে, যিখন ছবি বক্স অফিচত বৃহৎ সফল হিচাপে পৰিগণিত হয়।৮৯

২০১৯ চনত ''১০০% কাধল'' ছবিৰ শুভাৰম্ভণিত পাণ্ডে
২০১৯ চনত ১০০% কাধল ছবিৰ শুভাৰম্ভণিত পাণ্ডেছবি: Abinaya TV · CC BY 3.0

২০১৯ চনত পাণ্ডেৰ পাঁচখন ছবি মুক্তি পাইছিল। তেওঁ প্ৰথমে তেলেগু ছবি এনটিআৰ: কথানায়কুডুত ছৌকাৰ জানকীৰ চৰিত্ৰত অভিনয় কৰিছিল।১০ ইয়াৰ পিছত তেওঁ নন্দমুৰী কল্যাণ ৰামৰ বিপৰীতে তেলেগু ছবি ১১৮ত মুখ্য চৰিত্ৰত অভিনয় কৰে।১১ ছবিখন ব্যাৱসায়িকভাৱে সফল হৈছিল। দ্য টাইমছ অৱ ইণ্ডিয়াৰ নীশিতা ন্যায়পতিয়ে চৰিত্ৰটোত তেওঁৰ অভিনয় পৰ্যাপ্ত বুলি গণ্য কৰিছিল যদিও ৰামৰ সৈতে তেওঁৰ ৰসায়নক (কেমিষ্ট্ৰী) অধিক প্ৰশংসা কৰিছিল।১২ সেই বছৰৰ শেষৰফালে পাণ্ডেই ১০০% কাধলৰ জৰিয়তে তামিল ছবিত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ জি. ভি. প্ৰকাশ কুমাৰৰ বিপৰীতে এগৰাকী কলেজীয়া ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। বক্স অফিচত এই ছবিখন বিফল বুলি প্ৰমাণিত হয়।১৩ তেওঁৰ পৰৱৰ্তী তামিল ছবি গোৰিলাত জীৱাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰে।১৪ বছৰটোৰ অন্তিমখন ছবিত তেওঁ ৰাজ তৰুণৰ বিপৰীতে তেলেগু ছবি ইদ্দাৰী লোকম ওকেটেত এগৰাকী কলেজীয়া ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰে, যিখন ছবি বক্স অফিচত গড় হিচাপত সফল হয়।১৫

কেৰিয়াৰৰ সম্প্ৰসাৰণ (২০২০–বৰ্তমান)

২০২০ চনত পাণ্ডেই বামফাড় নামৰ এখন ৰোমাণ্টিক একচন ছবিত অভিনয় কৰে, য’ত তেওঁ এগৰাকী হিন্দু ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল যি এজন মুছলমান ল’ৰাৰ (আদিত্য ৰাৱাল) সৈতে প্ৰেমৰ সম্পৰ্কত আবদ্ধ হয়।১৬১৭ ফাৰ্ষ্টপোষ্টৰ আন্না এম. এম. ভেটিকাদে তেওঁৰ অভিনয়ক "দক্ষ" বুলি অভিহিত কৰিছিল যদিও লগতে কৈছিল যে তেওঁৰ মাজত "উদ্যম"ৰ অভাৱ।১৮ সেই বছৰতে তেওঁ তেলেগু ছবি নৈঃশব্দ্যমত অভিনয় কৰে।১৯ দ্য নিউজ মিনিটৰ সৌম্য ৰাজেন্দ্ৰনে লিখিছিল যে তেওঁ "অধিকাৰী সোণালীৰ চৰিত্ৰত এক আশ্চৰ্য আছিল। তেওঁ বিৰক্তিকৰ হ’ব লাগে অথচ মৰম লগা হোৱা উচিত। ই এটা কঠিন কাম আছিল, কিন্তু পাণ্ডেই ইয়াক সুন্দৰকৈ ফুটাই তুলিছে।" ২০

পাণ্ডেই ২০২২ চনৰ হিন্দী ছবি জয়েশভাই জোৰ্দাৰত ৰণবীৰ সিঙৰ বিপৰীতে এগৰাকী গুজৰাটী গৃহিনীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন আছিল কন্যা শিশু হত্যাৰ ওপৰত নিৰ্মিত এখন কমেডী ছবি। এই ছবিখনে বক্স অফিচত শোচনীয়ভাৱে বিফল হয়।২১ ছবিখনৰ এক নেতিবাচক পৰ্যালোচনাত ৰেডিফ ডট কমৰ সুকন্যা ভাৰ্মাই লিখিছিল যে পাণ্ডেই "কোনো প্ৰভাৱ পেলাবলৈ সম্পূৰ্ণৰূপে ৰণবীৰ সিঙৰ নাৰীবাদৰ ওপৰত নিৰ্ভৰ কৰিছে।" ২২ দুবছৰৰ বিৰতিৰ পিছত তেওঁ ২০২৪ চনৰ হিন্দী ছবি মহাৰাজত জুনেইদ খানৰ বিপৰীতে এটা চমু চৰিত্ৰত অভিনয় কৰে, যিখন পোনপটীয়াকৈ নেটফ্লিক্সত মুক্তি পাইছিল।২৩ দ্য কুইণ্টৰ প্ৰতীক্ষা মিশ্ৰই মত প্ৰকাশ কৰিছিল যে তেওঁ চুটি কিন্তু গুৰুত্বপূৰ্ণ চৰিত্ৰটোত "নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে।" ২৪

২০২৫ চনত পাণ্ডেই নেটফ্লিক্সৰ ধাৰাবাহিক ডাব্বা কাৰ্টেলত অভিনয় কৰে, যিখনত খাদ্য বিতৰণ কোম্পানীৰ ছদ্মবেশত ড্ৰাগছ কাৰ্টেল চলোৱা এদল মহিলাৰ কাহিনী বৰ্ণনা কৰা হৈছে।২৫ হিন্দুস্তান টাইমছৰ অভিমন্যু মাথুৰে লিখিছিল যে তেওঁৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও পাণ্ডে এনে এটা চৰিত্ৰত আবদ্ধ আছিল যিয়ে "তেওঁক অসহায় দেখাৰ বাহিৰে কৰিবলৈ বৰ কম সুবিধা দিছিল।" ২৬ তেওঁক পৰৱৰ্তী সময়ত ধনুশৰ সৈতে ইডলি কাডাইত দেখা যাব।২৭

তথ্যসূত্ৰ

  1. ↑ (22 September 2018). Ritika Singh pens emotional post for Shalini Pandey on birthday. India Today
  2. ↑ (11 October 2019). All you need to know about Arjun Reddy actress and Ranveer Singh's Jayeshbhai Jordaar co star Shalini Pandey. Pinkvilla
  3. ↑ Murali Krishna, CH. (30 August 2017). I'm open to a live-in relationship: Arjun Reddy star Shalini Pandey. The New Indian Express
  4. ↑ Nyayapati, Neeshita. (28 August 2017). Samantha showers love on Vijay Deverakonda and Shalini Pandey starrer 'Arjun Reddy,' calls it the most original film she has watched. The Times of India
  5. ↑ (16 October 2017). Telugu film 'Arjun Reddy' reaches the Rs 50 crore club. The News Minute
  6. ↑ Kumar, Hemanth. (25 August 2017). Arjun Reddy movie review: Vijay Devarakonda-starrer heralds a new chapter in Telugu cinema. Firstpost
  7. ↑ (27 April 2018). Aanand L Rai's Meri Nimmo to premiere on Eros Now today. Daily News and Analysis
  8. ↑ Pudipeddi, Haricharan. (2 July 2018). Mahanati completes 50-day theatrical run, becomes highest grossing woman-led South Indian film. Firstpost
  9. ↑ (15 October 2017). Arjun Reddy star Shalini Pandey bags Dulquer Salmaan's next Tamil film. The Indian Express
  10. ↑ Dundoo, Sangeetha Devi. (9 January 2019). NTR Kathanayakudu: On a reverential tone. The Hindu
  11. ↑ Ratda, Khushboo. (1 March 2019). 118 Movie Review: Kalyan Ram starrer opens to positive response; check it out. Pinkvilla
  12. ↑ 118 Review. The Times of India
  13. ↑ Suganth, M. (18 September 2017). Arjun Reddy girl Shalini Pandey in 100% Kadhal. The Times of India
  14. ↑ C R, Sharanya. (29 December 2017). Jiiva and Shalini Pandey's next movie will feature a live chimpanzee. The Times of India
  15. ↑ Nyayapati, Neeshita. (7 October 2019). Raj Tarun and Shalini Pandey's 'Eddari Lokam Okate' first-look is here. The Times of India
  16. ↑ (7 April 2020). Bamfaad Trailer: Paresh Rawal's son Aditya & Shalini Pandey's love story is marred by violence & drama. Pinkvilla
  17. ↑ (10 April 2020). 7 best shows and movies on Netflix, Amazon Prime Video, Zee5 and Voot Select to watch this weekend. GQ India
  18. ↑ (10 April 2020). Bamfaad movie review: Aditya Rawal makes his mark in an engaging, even if generic, crime-and-love saga. Firstpost
  19. ↑ Dundoo, Sangeetha Devi. (24 September 2020). Director Hemanth Madhukar discusses the making of Anushka Shetty and R Madhavan starrer 'Nishabdham'. The Hindu
  20. ↑ Rajendran, Sowmya. (2 October 2020). 'Nishabdham' review: Anushka Shetty, Madhavan film has good ideas but falls short. The News Minute
  21. ↑ (3 March 2022). Ranveer Singh and Shalini Pandey starrer Jayeshbhai Jordaar to release on May 13, 2022; unveils quirky announcement video. Bollywood Hungama
  22. ↑ Jayeshbhai Jordaar Review. Rediff.com
  23. ↑ Chowdhury, Rishita Roy. (15 February 2021). Ira Khan demands inside scoop as brother Junaid begins shooting his debut film Maharaja with Shalini Pandey. India Today
  24. ↑ (21 June 2024). Review: 'Maharaj' Encourages Deeper Conversations Than the Ones It Tries To Have. The Quint
  25. ↑ Gupta, Shubhra. (28 February 2025). Dabba Cartel review: A trippy, twisted ride. The Indian Express
  26. ↑ Mathur, Abhimanyu. (28 February 2025). Dabba Cartel review: Shabana Azmi in Godmother mode is the saving grace of this tepid desi Narcos-meets-Breaking Bad. Hindustan Times
  27. ↑ (20 September 2024). Dhanush to direct Idli Kadai featuring Nithya Menen and Shalini Pandey. News18

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শালিনী পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৫৯৬৭৩৮ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।