শিৱাংগী যোশী এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। তেওঁ পৰৱৰিশ - কুছ খট্টী কুছ মিঠীত কেমিঅ' উপস্থিতিৰে টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছত ২০১৩ চনত ত্ৰিশাৰ চৰিত্ৰত খেলতী হ্যায় জিন্দেগী আঁখ মিচোলীৰ জৰিয়তে পূৰ্ণাংগ অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। যোশীয়ে ৰিস্তা ক্যা কেহলাতা হেত নাইৰা সিংঘানিয়া গোয়েঙ্কা চৰিত্ৰত অভিনয় কৰাৰ বাবে আটাইতকৈ বেছি পৰিচিত।১ ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী টেলিভিছন অভিনেত্ৰীসকল ভিতৰত এগৰাকী, তেওঁ এটা আইটিএ বঁটা, আৰু তিনিটা স্বৰ্ণ বঁটা সহ কেইবাটাও প্ৰশংসা লাভ কৰিছে।২৩
যোশীয়ে পৰৱৰিশ - কুছ খট্টী কুছ মিঠী (২০১৩)ত কেমিঅ'ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু তাৰ পিছত খেলতী হ্যায় জিন্দেগী আঁখ মিচোলী (২০১৩)-ত ত্ৰিশাকৰ ভূমিকাত অভিনয় কৰি তেওঁৰ সঠিক অভিনয়ৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ বেইন্তেহা (২০১৩)-ত আয়াত হাইদৰৰ চৰিত্ৰত অভিনয় কৰিছিল, লগতে তেওঁ য়ে ৰিস্তা ক্যা কেহলাতা হ্যায়ত নাইৰা সিংঘানিয়া গোয়েঙ্কা চৰিত্ৰৰ বাবে পুনৰ স্বীকৃতি লাভ কৰিছিল। তাৰ পিছত তেওঁ বালিকা বধূ ২ত আনন্দী চতুৰ্বেদৱী, বৰসাতেঁ - মৌসম প্যাৰ কাত অৰাধনা সাহনীৰ চৰিত্ৰত অভিনয় কৰে আৰু বড়ে অচ্ছে লগতে হ্যায় ৪ (২০২৫)-ত ভাগ্যশ্ৰীৰ চৰিত্ৰত অভিনয় কৰৰিবলৈ সাজু হয়।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
মহাৰাষ্ট্ৰ পুণেত এটা হিন্দু পৰিয়ালত যোশীৰ জন্ম হৈছিল। তেওঁ ডেৰাডুন বিদ্যালয়ত পঢ়া-শুনা কৰিছিল আৰু কলা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ৪৫ তেওঁ পেছাদাৰীভাৱে প্ৰশিক্ষিত কথক নৃত্যশিল্পী।৬
চলচ্চিত্ৰগ্ৰাফী
টেলিভিছন
| বছৰ | শিৰোনাম | ভূমিকা | টোকাসমূহ | Ref. |
|---|---|---|---|---|
| ২০১৩ | খেলতী হ্যায় জিন্দেগী আঁখ মিচোলী | ত্ৰিশা | ||
| পৰৱৰিশ - কুছ খট্টী কুছ মিঠী | নামবিহীন | খণ্ড ৩৫৯ | ||
| ২০১৩–২০১৪ | বেইন্তেহা | আয়াত হাইদৰ মালিক | ৭ | |
| ২০১৫–২০১৬ | বেগুচৰাই | পুনম কুমাৰী ঠাকুৰ | ৮ | |
| 2016 | য়ে হ্যায় আশিকী | মীৰা | খণ্ড° "বডিগাৰ্ড" | |
| প্যাৰ তুনে ক্যা কিয়া | জ্যোতি | |||
| ২০১৬–২০২১ | য়ে ৰিস্তা ক্যা কেহলাতা হে | নাইৰা সিংঘানিয়া গোয়েঙ্কা | ৯ | |
| ২০২১ | চিৰাট শ্বেখাৱাট | ১ | ||
| ২০২১–২০২২ | বালিকা বধূ ২ | আনন্দী ভুজাৰিয়া | ১০ | |
| ২০২২ | ফিয়েৰ হেক্টৰ - খতৰো কে খিলাড়ী ১২ | প্ৰতিযোগী | দ্বাদশ স্থান | ১১ |
| ২০২৩ | বেকাবু | ৰাজপাৰী দেৱলেখা | বিশেষ উপস্থিতি | ১২ |
| ২০২৩–২০২৪ | বৰসাতেঁ - মৌসম প্যাৰ কা | আৰাধনা সাহনী | ১৩ |
তথ্যসূত্ৰ
- ↑ (15 January 2021). https://timesofindia.indiatimes.com/tv/news/hindi/shivangi-joshi-makes-a-strong-comeback-as-a-boxer-in-yeh-rishta-kya-kehlata-hai-see-motion-poster/articleshow/80286809.cms
- ↑ (12 August 2023). Highest Paid Television Actresses. DNA India
- ↑ (22 June 2022). Check out 10 facts about television star Shivangi Joshi. Pinkvilla
- ↑ 50 breathtaking pics of Yeh Rishta Kya Kehlata Hai's Shivangi Joshi you cannot miss. India Today
- ↑ (16 January 2023). Take a look at the educational qualifications of Yeh Rishta Kya Kehlata Hai actors
- ↑ (25 July 2022). Shivangi Joshi to Ashnoor Kaur; TV celebs who are trained classical dancers
- ↑ Vikas Grover: I am happy for Shivangi Joshi's success. The Times of India
- ↑ Meet the dashing Thakurs of Begusarai. The Times of India
- ↑ (3 May 2016). Shivangi Joshi will play the grown-up Naira
- ↑ Exclusive! Shivangi Joshi to play the grown-up Anandi in Balika Vadhu 2. The Times of India
- ↑ (6 June 2022). Khatron Ke Khiladi 12: Shivangi Joshi begins shooting for the show; Shares a video with Rohit Shetty. Pinkvilla
- ↑ Zain Imam to do a Cameo in Colors titled Beqaboo. Pinkvilla
- ↑ Shivangi Joshi and Kushal Tandon's promo from Barsatein will leave you amazed; watch
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱাংগী যোশী” প্ৰবন্ধৰ সংশোধন ৫১৭৮৪৬ (১৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।