অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শালুমাৰাদা থিম্মাক্কা

শালুমাৰাদা থিম্মাক্কা বা আলাদা মাৰাদা থিম্মাক্কা এগৰাকী ভাৰতীয় পৰিৱেশবিদ। তেওঁ হুলিকাল আৰু কুদুৰৰ মাজৰ চাৰি কিলোমিটাৰ দূৰত্বত ৩৮৫ জোপা বট গছ ৰোপণ কৰি প্ৰতিপালন কৰাৰ বাবে বিশেষভাৱে বিখ্যাত। এতিয়ালৈকে তেওঁ প্ৰায় ৮০০০ গছ ৰোপণ আৰু প্ৰতিপালন কৰিছে।

হালনাগাদ: ২৮ জুন ২০২৬ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শালুমাৰাদা থিম্মাক্কা বা আলাদা মাৰাদা থিম্মাক্কা এগৰাকী ভাৰতীয় পৰিৱেশবিদ। তেওঁ হুলিকাল আৰু কুদুৰৰ মাজৰ চাৰি কিলোমিটাৰ দূৰত্বত ৩৮৫ জোপা বট গছ ৰোপণ কৰি প্ৰতিপালন কৰাৰ বাবে বিশেষভাৱে বিখ্যাত। এতিয়ালৈকে তেওঁ প্ৰায় ৮০০০ গছ ৰোপণ আৰু প্ৰতিপালন কৰিছে। তেওঁলোকৰ কোনো সন্তান নথকাৰ বাবে সমাজৰ পৰা বহু কটু বাক্য শুনিবলগীয়া হৈছিল। এইবোৰৰ পৰা অতিষ্ঠ হৈ তেওঁ ৪০ৰ দশকত আত্মহত্যাৰ পথ বাচি লবলৈ বিচাৰিছিল। কিন্তু পিছলৈ তেওঁ আৰু তেওঁৰ স্বামীয়ে গছপুলিক নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰিবলৈ আৰম্ভ কৰিলে।১ কন্নড় ভাষাত শালু মানে বৃক্ষ আৰু মাৰাদা মানে শাৰী, অৰ্থাৎ শালুমাৰাদা মানে বৃক্ষৰ শাৰী। তেওঁক স্থানীয় লোকে তেওঁক বৃক্ষমাতা হিচাপে সম্বোধন কৰে।

তেওঁ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল আৰু সাধাৰণ বনুৱা হিচাপে জীৱন নিৰ্বাহ কৰিছিল।২৩ তেওঁৰ নিঃস্বাৰ্থ অৱদানৰ বাবে নেছনেল চিটিজেনছ এৱাৰ্ডৰে সন্মানিত হৈছিল। ভাৰত চৰকাৰে তেওঁক ২০১৯ চনত পদ্মশ্ৰী প্ৰদান কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলেছ আৰু অকলেণ্ড, কেলিফৰ্ণিয়াৰ পৰিৱেশ সচেতনতাৰ সন্থা থিম্মাক্কাছ ৰিচৰ্চেছ ফৰ এনভাৰমেণ্টেল এডুকেচনৰ নাম তেওঁৰ নামৰ পৰা লোৱা হৈছে।৪

প্ৰাৰম্ভিক জীৱন

শালুমাৰাদা থিম্মাক্কাৰ কৰ্ণাটক ষ্টেটৰ তুমাকুৰু জিলাৰ গুব্বি তালুকত জন্ম হৈছিল। পিছলৈ তেওঁ ৰামনগৰ জিলাৰ মাগাদী তালুকৰ অন্তৰ্গত হুলিকাল গাঁৱৰ চিক্কাইয়াহৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল আৰু তেওঁলোক সাধাৰণ বনুৱা হিচাপে জীৱন নিৰ্বাহ কৰিছিল। দুৰ্ভাগ্যক্ৰমে তেওঁলোকৰ কোনো সন্তান জন্ম নহল। সেয়ে তেওঁলোকে সন্তানৰ সলনি গছৰ প্ৰতিপালন আৰম্ভ কৰিছিল।৫

গুগুল মেপত শালুমাৰাদা থিম্মাক্কায়ে ৰোপন কৰা হুলিকাল আৰু কুদুৰৰ মাজৰ গছৰ শাৰী
গুগুল মেপত শালুমাৰাদা থিম্মাক্কায়ে ৰোপন কৰা হুলিকাল আৰু কুদুৰৰ মাজৰ গছৰ শাৰীছবি: Csyogi and OpenStreetMap Contributors · CC BY-SA 4.0

তেওঁলোকে বাৰিষা কালত গছপুলি ৰোপণ কৰিছিল। ইয়াৰ লগতে গছপুলিক সময়মতে পানী দিয়া আৰু আন জীৱ-জন্তুৰ পৰা ৰক্ষা কৰা ইত্যাদি কাম সমূহ কৰিছিল। বৰ্তমান তেওঁলোকে লগোৱা গছৰ মুঠ অৰ্থমূল্য প্ৰায় ১৫ লাখ টকা। প্ৰথমে তেওঁলোকে এই গছ সমূহৰ চোৱাচিতা কৰিছিল যদিও বৰ্তমান কৰ্ণাটক চৰকাৰে ইয়াৰ চোৱাচিতা কৰে।

বৰ্তমান ক্ৰিয়া-কলাপ

শালুমাৰাদা থিম্মাক্কাৰ স্বামী বিকালু চিক্কাইয়াহ ১৯৯১ চনত মৃত্যুবৰণ কৰে।৬ বৰ্তমান তেওঁক বিভিন্ন সভা-সমিতি আদিত বনানিকৰণৰ ওপৰত বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰা হয়।৩ ইয়াৰ লগতে তেওঁ আন আন সমাজসেৱা মূলক কাৰ্যৰ লগত জড়িত। তেওঁ তেওঁলোকৰ গাঁৱত বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ এটা টেংক নিৰ্মাণ কৰিছিল। তেওঁ তেওঁৰ স্বামীৰ স্মৃতিৰক্ষাৰ বাবে তেওঁলোকৰ গাঁৱত এক চিকিৎসালয় স্থাপন কৰাৰ উদ্দেশ্যৰে এক ন্যাসৰ গঠন কৰিছে।৩

বঁটা আৰু সন্মান

শালুমাৰাদা থিম্মাক্কায়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:

বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ সৈতে শালুমাৰাদা থিম্মাক্কা]]

  • পদ্মশ্ৰী, ২০১৯
  • হাম্পী বিশ্ববিদ্যালয়ৰ নাদজা বঁটা, ২০১০
  • নেছনেল চিটিজেনছ এৱাৰ্ড, ১৯৯৫
  • ইন্দিৰা প্ৰিয়দৰ্শনী বৃক্ষমিত্ৰ বঁটা, ১৯৯৭
  • বীৰচক্ৰ প্ৰশস্তি বঁটা, ১৯৯৭
  • কৰ্ণাটক চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ পৰা সন্মানীয় প্ৰমাণপত্ৰ,
  • বেংগালুৰুৰ ৰাষ্ট্ৰীয় কাঠ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা প্ৰমানপত্ৰ
  • কৰ্ণাটক কপাভাল্লী বঁটা, ২০০০
  • গডফ্ৰে ফিলিপছ সাহসিকতা বঁটা, ২০০৬৭
  • আৰ্ট অফ লিভিং ফাউণ্ডেচনৰ বিশালক্ষী বঁটা
  • হুভিনাহল ফাউণ্ডেচনৰ বিশ্বত্মা বঁটা, ২০১৫
  • বিবিচিৰ ২০১৬ চনৰ শ্ৰেষ্ঠ ১০০ গৰাকী মহিলাৰ তালিকাত স্থান লাভ৮
  • পৰিসৰ ৰত্ন বঁটা
  • গ্ৰীণ চেম্পিয়ন বঁটা
  • বৃক্ষমাতা বঁটা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Watch: When The "Mother Of Trees" Blessed President Ram Nath Kovind. NDTV.com
  2. ↑ আৰ্কাইভ কপি
  3. ↑ A biography of Thimmakka is provided by B. R. Srikanth. Thimmakka's Green Crusade Transforms Heat-And-Dust Hulikal. Online Edition of The Outlook, dated 1999-05-03. © Outlook Publishing (India) Private Limited
  4. ↑ About Thimmakka. Online Webpage of Thimmakka.org. Thimmakka's Resources for Environmental Education
  5. ↑ Thimmakka started to plant banyan trees to overcome the grief of being childless: Priyanjana Dutta. Woman plants trees, village thrives. Online webpage of Ibnlive.com
  6. ↑ Deepa Ganesh. Mother of 400. Online webpage of The Hindu, dated 2003-12-01. 2003, The Hindu
  7. ↑ (2006-03-26). Unsung heroes' hour of glory. Online webpage of The Hindu, dated 2006-03-26. 2006, The Hindu
  8. ↑ 2016, BBC, Retrieved 26 November 2016

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শালুমাৰাদা থিম্মাক্কা” প্ৰবন্ধৰ সংশোধন ৬১৪৬৯৯ (২৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।