অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিল্পা শিৰোদকাৰ

শিল্পা শিৰোদকাৰ (জন্ম ২০ নৱেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন ফটো মডেল, যিয়ে মূলতঃ ১৯৮৯ চনৰপৰা ২০০০ চনলৈ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৩ বছৰৰ বিৰতিৰ পিছত তেওঁ ২০১৩ চনত জি টিভিৰ ধাৰাবাহিক এক মুঠী আসমানৰ জৰিয়তে পুনৰ অভিনয় জগতলৈ উভতি আহে।

হালনাগাদ: ৫ মে’ ২০২৬ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

শিল্পা শিৰোদকাৰ (জন্ম ২০ নৱেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন ফটো মডেল, যিয়ে মূলতঃ ১৯৮৯ চনৰপৰা ২০০০ চনলৈ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৩ বছৰৰ বিৰতিৰ পিছত তেওঁ ২০১৩ চনত জি টিভিৰ ধাৰাবাহিক এক মুঠী আসমানৰ জৰিয়তে পুনৰ অভিনয় জগতলৈ উভতি আহে।১ ২০২৪ চনত তেওঁ বিগ বচ ১৮ অনুষ্ঠানত অংশগ্ৰহণ কৰে।২

কৰ্মজীৱন

শিৰোদকাৰে Ramesh Sippy|ৰমেশ সিপ্পী পৰিচালিত চলচ্চিত্ৰ ভ্ৰষ্টাচাৰ (১৯৮৯)ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। এইখন চলচ্চিত্ৰত Mithun Chakraborty|মিঠুন চক্ৰৱৰ্তী আৰু Rekha|ৰেখা অভিনয় কৰিছিল আৰু তেওঁ এজন অন্ধ কন্যাৰ ভূমিকাত অভিনয় কৰিছিল।৩৪৫ ১৯৯০ চনৰ জনপ্ৰিয় চলচ্চিত্ৰ কিশেন কানহাইয়াত তেওঁ অনীল কাপুৰৰ বিপৰীতে অভিনয় কৰে। পিছৰ বছৰত তেওঁ ত্ৰিনেত্ৰ (১৯৯১) আৰু হাম (১৯৯১) আদি সফল চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ খুদা গৱাহ (১৯৯২), আঁখে (১৯৯৩), পহিচান (১৯৯৩), গোপী কিশন (১৯৯৪), বেওফা সনম (১৯৯৫) আৰু মৃত্যুদণ্ড (১৯৯৭) আদি বহুতো জনপ্ৰিয় চলচ্চিত্ৰতো অভিনয় কৰিছিল। বিবাহৰ পিছত তেওঁ অভিনয় এৰি দিয়াৰ সিদ্ধান্ত লয় আৰু তেওঁৰ অন্তিম চলচ্চিত্ৰ আছিল গজা গামিনী (২০০০)। খুদা গৱাহ চলচ্চিত্ৰৰ বাবে ১৯৯৩ চনত তেওঁ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল।৬ শিল্পাই Mithun Chakraborty|মিঠুন চক্ৰৱৰ্তীৰ সৈতে নটা চলচ্চিত্ৰত যুগ্মভাৱে অভিনয় কৰিছিল আৰু দৰ্শকে তেওঁলোকৰ অন-স্ক্ৰীণ যুটি প্ৰশংসা কৰিছিল।১

পৰিয়ালৰ যত্ন ল’বলৈ তেওঁ লণ্ডনত ১৩ বছৰ অভিনয় জগতৰপৰা আঁতৰি থাকে আৰু ২০১৩ চনত মুম্বাইলৈ উভতি আহি পুনৰ টেলিভিছনত অভিনয় আৰম্ভ কৰে। তেওঁৰ প্ৰত্যাৱৰ্তনৰ প্ৰথম চিত্ৰগ্ৰহণ স্থান আছিল দিল্লীৰ এটা উপনগৰ, জি টিভিৰ ধাৰাবাহিক এক মুঠী আসমানৰ বাবে, যি গৃহসহায়িকাসকলৰ জীৱনৰ ওপৰত আধাৰিত আছিল।৭ এই ধাৰাবাহিকটো ২০১৪ চনৰ শেষভাগত সমাপ্ত হয়।

তেওঁৰ দ্বিতীয় টেলিভিছন ধাৰাবাহিক সিলসিলা প্যাৰ কা Star Plus|ষ্টাৰ প্লাছত ৪ জানুৱাৰী ২০১৬ তাৰিখে প্ৰচাৰিত হয়৮৯১০ আৰু ছয় মাহ পিছত জুন মাহত শেষ হয়। মে’ ২০১৭ৰপৰা ছেপ্টেম্বৰ ২০১৮লৈ তেওঁ Colors TV|কালাৰ্ছ টিভিৰ ধাৰাবাহিক সাবিত্ৰী দেৱী কলেজ এণ্ড হাস্পিটেলত অভিনয় কৰে।১১ ২০২০ চনৰ ফেব্ৰুৱাৰীত তেওঁ গান্স অৱ বানাৰস চলচ্চিত্ৰত সহায়ক ভূমিকাত অভিনয় কৰি পুনৰ চলচ্চিত্ৰলৈ উভতি আহে। এই চলচ্চিত্ৰখন ২০১৪ চনত সম্পূৰ্ণ হৈছিল যদিও ছয় বছৰ বিলম্ব হৈছিল।১২

ব্যক্তিগত জীৱন

১৯৭৩ চনৰ ২০ নৱেম্বৰত মৰাঠী অভিনেত্ৰী গঙ্গু বাইৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰা শিলপা শিৰোদকৰে,১৩১৪১৫ তেওঁ অভিনেত্ৰী আৰু প্ৰাক্তন মিছ ইণ্ডিয়া নম্ৰতা শিৰোদকৰ ভগ্নী আৰু মীনাক্ষী শিৰোদকৰ নাতিনী।১৫১৬১৭১৮

তেওঁ ২০০০ চনত যুক্তৰাজ্য-ভিত্তিক বেংকাৰ অপাৰেশ ৰঞ্জিতৰ সৈতে বিবাহবন্ধনত আবদ্ধ হয়। তেওঁলোকৰ এক কন্যা সন্তান আছে।১১৯

তথ্যসূত্ৰ

  1. ↑ (20 November 2018). hi:90 के दशक में बोल्ड सीन देकर फेमस हुई थीं ये एक्ट्रेस, 13 साल बाद की वापसी तो पहचानना हुआ मुश्किल. Amar Ujala
  2. ↑ Sharma, Dishya. (9 October 2024). Namrata Shirodkar Shares Pics of 'Family' As Shilpa Shirodkar Joins Bigg Boss 18: 'Here for The..'. News18
  3. ↑ (24 November 2017). hi:अब ऐसी दिखती हैं नब्बे के दशक की हीरोइन शिल्पा शिरोडकर, बड़े पर्दे के बाद टीवी पर शुरू की दूसरी पारी. Dainik Jagran
  4. ↑ (20 November 2019). hi:सूजा चेहरा और आंखों के नीचे काले धब्बे, देखिए अब कैसी हो गई हैं शिल्पा शिरोडकर. Jansatta
  5. ↑ Remember Shilpa Shirodkar? Here's what the 90s Bollywood actress is doing now. mid-day
  6. ↑ 51st Fair One Filmfare Awards. Filmfare
  7. ↑ Sharma, Priya. (22 August 2013). Hearth is where the art is. The Hindu
  8. ↑ (17 November 2015). Shilpa Shirodkar's next show about 'mother-son relationship'. The Indian Express
  9. ↑ (20 December 2015). Shilpa Shirodkar returns to the small screen as an obsessive mom. mid-day
  10. ↑ (22 August 2013). Shilpa thanks movie career for comeback. Deccan Herald
  11. ↑ (15 May 2017). I'd be lying if I said that I didn't care about ratings, says Shilpa Shirodkar. The Asian Age
  12. ↑ Jha, Subhash K. (28 February 2020). Shilpa Shirodkar makes a comeback. Rediff
  13. ↑ (20 November 2017). Happy Birthday Shilpa Shirodkar: Promising actress of 90s turns 44. Free Press Journal
  14. ↑ Jha, Subhash K. (28 February 2020). Shilpa Shirodkar is back on screen. National Herald
  15. ↑ (28 August 2012). Namrata Shirodkar – Jeena Isi Ka Naam Hai Indian Award Winning Talk Show – Zee Tv Hindi Serial. Zee Tv
  16. ↑ Sumit, Rajguru. (22 April 2018). Bollywood's Forgotten Stars: 10 Unknown facts about Mahesh Babu's wife and actress – Namrata Shirodkar. Free Press Journal
  17. ↑ (4 June 1997). Veteran Marathi actress dead. The Indian Express
  18. ↑ (12 March 2014). Meenakshi Shirodkar was the first Marathi actress to wear a swimsuit onscreen. The Times of India
  19. ↑ (7 December 2012). I've never craved for fame: Shilpa Shirodkar. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিল্পা শিৰোদকাৰ” প্ৰবন্ধৰ সংশোধন ৬০৪৫২৩ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।