নাৰ্গিছ ৰাবাদী ( Nargis Rabadi; ২৪ এপ্ৰিল ১৯২৯ – ৬ মাৰ্চ ২০১৮), এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক মঞ্চনাম শাম্মীৰে অধিক পৰিচিত। তেওঁ দুশৰো অধিক হিন্দী ছবিত অভিনয় কৰিছিল।১ যেতিয়া মুৰ্খালীৰে ভৰা আৰু কৌতুকধৰ্মী চৰিত্ৰৰ কথা আহে, তেতিয়া শাম্মীয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ, বিশেষকৈ ১৯৪৯–১৯৬৯ চনৰ সময়ছোৱাত আৰু পিছলৈ ১৯৮০–২০০২ চনৰ সময়ছোৱাত পচন্দৰ অভিনেত্ৰী আছিল।২৩৪ সহযোগী অভিনেত্ৰী হিচাপে তেওঁৰ বিখ্যাত ছবিসমূহৰ ভিতৰত আছে- দিল অপনা ঔৰ প্ৰীত পৰায়ী, হাফ টিকট, হলাকু, সমাজ কো বদল দালো, খুদাগৱাহ, কুলি নং ১, গোপী কিষাণ আৰু হম সাথ সাথ হ্যায় আৰু ৰাজেশ খান্নাৰ সৈতে দ্য ট্ৰেইন, আচঁল, কুদৰত, ৰেড ৰোজ, আৱৰা বাপ আৰু স্বৰ্গ আদি ছবি। তেওঁ ১৯৪৯–১৯৫৫ চনৰ ভিতৰতো হিন্দী ছবিত মূল নায়িকা বা দ্বিতীয় নায়িকা হিচাপে অভিনয় কৰা এগৰাকী আগশাৰীৰ অভিনেত্ৰী আছিল। পিছলৈ ১৯৮৬ চনৰ পৰা ১৯৯৮ চনলৈকে বহু জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক, যেনে- দেখ ভাই দেখ, জবান সম্ভাল কে, শ্ৰীমান শ্ৰীমতী, কভি য়ে কভি ৱো, ফিল্মী চক্কৰ আদিত অভিনয় কৰে। শাম্মী ফেশ্বন ডিজাইনাৰ মণি ৰাবাদীৰ কনিষ্ঠ ভগ্নী।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাম্মী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৪৮৭১৩৭ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।