শালিনী (পূৰ্বে বেবী শালিনী নামে জনাজাত; জন্ম ২০ নৱেম্বৰ ১৯৭৯) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু শিশু শিল্পী, যিয়ে মালয়ালম ভাষা আৰু তামিল ভাষা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৮০ দশকত শালিনী মালয়ালম আৰু তামিল চলচ্চিত্ৰত এগৰাকী জনপ্ৰিয় শিশু শিল্পী আছিল।১
অভিনয়ৰপৰা কিছুদিন বিৰতি লোৱাৰ পাছত, শালিনীয়ে ১৯৯৭ চনত মালয়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰত মুখ্য নায়িকা হিচাপে পুনৰ অভিনয় আৰম্ভ কৰে। ২০০০ চনৰ এপ্ৰিল মাহত তামিল অভিনেতা অজিত কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছতে তেওঁ চলচ্চিত্ৰ জগতৰপৰা অৱসৰ গ্ৰহণ কৰে।২
প্ৰাৰম্ভিক জীৱন
শালিনী এগৰাকী পেণ্টেকষ্টাল খ্ৰীষ্টান। ১৯৭৯ চনৰ ২০ নৱেম্বৰত তেওঁৰ জন্ম হয় আৰু তেওঁৰ পিতৃ বাবু৩ আৰু মাতৃৰ নাম এলিছ।৪৫৬৭
তেওঁৰ পিতৃ, কেৰালাৰ কল্লমৰ মূল বাসিন্দা এজন মুছলমান,৮৯১০ অভিনেতা হোৱাৰ উদ্দেশ্যে মাদ্ৰাছলৈ প্ৰৱাস কৰিছিল আৰু পৰিয়ালটো তাতেই স্থায়ী হৈছিল।১১ এলিছ এগৰাকী খ্ৰীষ্টান, যাৰ পিতৃ-মাতৃ কেৰালাৰ।
শালিনী পৰিয়ালৰ মাজৰ সন্তান। তেওঁৰ কনিষ্ঠ ভগ্নী শ্যামিলি আৰু জ্যেষ্ঠ ভাতৃ ৰিচাৰ্ডো চলচ্চিত্ৰ অভিনেতা। শালিনীয়ে ফাতিমা মেট্ৰিকুলেচন হায়াৰ ছেকেণ্ডাৰী স্কুলত (কে.জি.ৰপৰা অষ্টম শ্ৰেণীলৈ) আৰু আদৰ্শ বিদ্যালয়, চেন্নাইত (নৱমৰপৰা দশম শ্ৰেণীলৈ) অধ্যয়ন কৰিছিল। তেওঁ অন্নামলাই বিশ্ববিদ্যালয়ত স্নাতক অধ্যয়ন সম্পূৰ্ণ কৰে।১
শালিনীয়ে কৈছে যে তেওঁ বেডমিণ্টন খেল ভাল পায় আৰু কেইবাটাও ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।১২১৩
কেৰিয়াৰ
শালিনীয়ে শিশুশিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। ১৯৮০ৰ দশকৰ শেষৰফালে দূৰদৰ্শনত প্ৰচাৰিত হোৱা টিভি ধাৰাবাহিক আমলুত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১৪ তেওঁৰ সৰু বব কাট আৰু আগফালে ফ্ৰিঞ্জ থকা চুলিৰ সাজজনপ্ৰিয় হৈ “বেবী শালিনী হেয়াৰ কাট” নামে জনাজাত হৈছিল।১৫
শালিনী আৰু তেওঁৰ ভগ্নী শ্যামিলি আৰু ভাতৃ ৰিচাৰ্ড ৰিষিয়ে ১৯৯০ চনৰ তেলুগু ভাষাৰ ব্লকবাষ্টাৰ ছবি জগদেকা বীৰুডু অতিলোকা সুন্দৰিত শিশুশিল্পী হিচাপে অভিনয় কৰিছিল।
পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পাছত শালিনীয়ে অনিয়াথিপ্ৰাভু ছবিৰ জৰিয়তে অভিনয়লৈ উভতি আহে, যি এখন ব্লকবাষ্টাৰ হৈছিল। পিছৰ ছবি কালিয়ুঞ্জল (১৯৯৭)ত তেওঁ মম্মুট্টী আৰু দিলীপৰ সৈতে অভিনয় কৰে; ছবিখনে মিশ্ৰ প্ৰতিক্ৰিয়া লাভ কৰে। মালয়ালম ছবি অনিয়াথিপ্ৰাভুৰ সফলতাৰ পিছত ফাজিলে ইয়াক তামিল ভাষাত কাধালুক্কু মৰিয়াধাই (১৯৯৭) নামে পুনৰ নিৰ্মাণ কৰে, য’ত বিজয় মুখ্য ভূমিকাত আছিল। আৰম্ভণিতে ফাজিলে নতুন অভিনেত্ৰীক নায়িকা হিচাপে ল’ব বিচাৰিছিল, কিন্তু শালিনীয়ে তামিল সংস্কৰণতো নিজে অভিনয় কৰিবলৈ জোৰ দিয়ে।১৬ মালয়ালম সংস্কৰণৰ দৰে কাধালুক্কু মৰিয়াধাইও ব্লকবাষ্টাৰ হৈছিল আৰু শালিনীৰ অভিনয়ৰো প্ৰশংসা কৰা হৈছিল।১৭
১৯৯৯ চনৰ আমাৰ্কালম ছবিত অজিত কুমাৰৰ সৈতে অভিনয়ৰ বাবে পৰিচালক সাৰণে প্ৰথমে শালিনীক প্ৰস্তাৱ দিছিল, কিন্তু সেই সময়ত পঢ়ি থকাৰ বাবে তেওঁ নাকচ কৰিছিল। তিনিমাহ ধৰি চেষ্টা কৰাৰ পাছত অৱশেষত তেওঁ ছবিখনত অভিনয় কৰিবলৈ সন্মতি দিয়ে।১৮ তেওঁ পদাইয়াপ্পা ছবিতো অভিনয়ৰ প্ৰস্তাৱ পাইছিল,১৯ কিন্তু তেওঁ ইয়াক নাকচ কৰে। কাধালুক্কু মৰিয়াধাইৰ সফলতাৰ পিছত ফাজিলে বিজয় আৰু শালিনীক লৈ কন্নুক্কুল নিলাভু (২০০০) নিৰ্মাণ কৰে।২০ তেওঁ মণি ৰত্নম পৰিচালিত প্ৰেমমূলক নাটক আলাই পায়ুথে (২০০০)ত আৰ. মাধৱনৰ সৈতে অভিনয় কৰে। শেষবাৰৰ বাবে তেওঁ প্ৰেমধৰ্মী কৌতুক ছবি পিৰিয়াধা বৰম ভেণ্ডুম (২০০১)ত প্ৰশান্তৰ সৈতে দেখা গৈছিল।২১
ব্যক্তিগত জীৱন
১৯৯৯ চনত সাৰণৰ আমাৰ্কালম ছবিৰ শ্বুটিঙৰ সময়ত শালিনীয়ে সহ-অভিনেতা অজিত কুমাৰৰ সৈতে প্ৰেম সম্পৰ্ক আৰম্ভ কৰে। পিছলৈ অজিত কুমাৰে শালিনীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ায়।২২ তেওঁলোকে ২০০০ চনৰ ২৪ এপ্ৰিলত চেন্নাইত বিবাহ সম্পন্ন কৰে। অজিত কুমাৰ এগৰাকী আচৰণশীল হিন্দু।
বিবাহৰ পাছত শালিনীয়ে নিজৰ দুটা অসম্পূৰ্ণ প্ৰকল্প সম্পূৰ্ণ কৰাৰ পাছতে অভিনয় জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে। এই দম্পতীৰ দুজন সন্তান আছে — কন্যা আনৌষ্কা (জন্ম: ৩ জানুৱাৰী ২০০৮) আৰু পুত্ৰ আডভিক (জন্ম: ২ মাৰ্চ ২০১৫)।২৩২৪
তথ্যসূত্ৰ
- ↑ (20 November 2013). Birthday Exclusive: Shalini Ajith Kumar. Deccan Chronicle
- ↑ Manjula. (30 September 2020). Shalini Ajith's Condition To Madhavan On Romantic Scenes In Alai Payuthey. The Hans India
- ↑ (20 November 2013). Birthday Exclusive: Shalini Ajith Kumar. Deccan Chronicle
- ↑ Mangalam - Varika 27-Jan-2014. Mangalamvarika.com
- ↑ "Ajith Shalini Marriage Ajith Kumar Wedding Photos Tamil Actor Details", Celebrity.psyphil.com, 3 January 2008. Retrieved 28 June 2011
- ↑ Mangalam - Varika 27-Jan-2014. Mangalamvarika.com
- ↑ (24 April 2020). #HappyWeddingDayAjithShalini: How religious differences never hindered their successful married life. onmanorama.com
- ↑ (26 July 2010). Shalini's sibling Richard. The New Indian Express
- ↑ (2025-04-21). पिता मुस्लिम, खुद क्रिश्चियन और पति ब्राह्मण सुपरस्टार, बॉलीवुड में की बस 1 फिल्म, फिर भी है अकूत संपत्ति. News18 हिंदी
- ↑ Savadi, Tanmayi. (2025-05-01). Who Is Shalini Ajith? Thala's Wife, Successful Child Actor - All You Need To Know. Times Now
- ↑ ശാലിനിയുടെ കഥ, ശ്യാംലിയുടേയും..! - Page 2 | mangalam.com
- ↑ The Hindu, 10 October 2006
- ↑ (15 September 2006). Tamil Nadu/Tiruchi News: From a child artiste to badminton player. The Hindu
- ↑ (20 November 2020). Retro Ticket
- ↑ Shekar, Anjana. (30 November 2018). Nadhiya hoops, Khushbu blouses, '96' kurta: A look at fashion inspired by Tamil cinema. The News Minute
- ↑ (20 June 2004). Penchant for riveting romances - The Hindu
- ↑ Kaadhalukku Mariyaadhai: Movie Review. Indolink.com
- ↑ (10 February 2000). Rediff on the NeT, Movies: Director Saran on matters close to his heart. Rediff.com
- ↑ (3 November 1998). Rediff on the NeT, Movies: Gossip from the southern film industry. Rediff.com
- ↑ Tamil Film Statistics - 2001. cooljilax.com
- ↑ Shalini Ajith Kumar reunites with her 'Alaipayuthey' co-star R Madhavan after 24 years for a cute selfie
- ↑ (15 September 1999). Rediff on the NeT, Movies: The Ajit-Shalini romance. Rediff.com
- ↑ (2 March 2015). Ajith and Shalini welcome baby boy. Deccan Chronicle
- ↑ Ajith, wife blessed with baby boy, Twitter calls newborn Kutty Thala
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শালিনী” প্ৰবন্ধৰ সংশোধন ৬০২৭০৯ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।