ভাৰতীয় বিমানচালক (জন্ম ১৯৯৫)
লেফটেনেণ্ট শিৱাংগী (জন্ম ১৫ মাৰ্চ ১৯৯৫) ভাৰতীয় নৌসেনাত কৰ্মৰত এগৰাকী ভাৰতীয়।১ বিহাৰৰ মুজাফৰপুৰ জিলাৰ ফাতেহাবাদ গাঁৱৰ পৰা অহা লেফটেনেণ্ট শিৱাংগীয়ে ইয়াৰ পূৰ্বে পিলাটাছ বিমান উৰুৱাইছিল।২ লেফটেনেণ্ট শিৱাংগী (ভাৰতীয় নৌসেনা) আৰু বিমান(flight)লেফটেনেণ্ট শিৱাংগী সিং (ভাৰতীয় বায়ুসেনা) দুগৰাকী পৃথক ব্যক্তি।৩
প্ৰাৰম্ভিক জীৱন
১৯৯৫ চনৰ ১৫ মাৰ্চত ভাৰতৰে বিহাৰৰ মুজাফৰপুৰ জিলাৰ বিদ্যালয় শিক্ষক হৰি ভূষণ সিং আৰু তেওঁৰ পত্নী প্ৰিয়ংকা সিঙৰ ঘৰত শিৱাংগী সিঙে জন্মগ্ৰহণ কৰিছিল।
কৃষিৰ লগত জড়িত এটি সহজ-সৰল পৰিয়ালত শিৱাংগীৰ জন্ম হৈছিল। এগৰাকী ৰাজনীতিবিদে কাষৰীয়া এখন গাঁৱত হেলিকপ্টাৰ ব্যৱহাৰ কৰি ৰাজনৈতিক সমাৱেশত অংশগ্ৰহণ কৰা দৃশ্যই শিৱাংগীক শৈশৱতে পাইলট হ’বলৈ অনুপ্ৰাণিত কৰিছিল। বৰ্তমান তেওঁৰ পিতৃ হৰি ভূষণ সিং শিৱাংগীৰ প্ৰয়াত ককাকে দান কৰা ভূমিত একমাত্ৰ ছোৱালীৰ বাবে নিৰ্মিত চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষ। ছোৱালীক শিক্ষিত কৰি ৰক্ষণশীলতাৰ বিদ্বেষ দূৰ কৰিবলৈ ককাকে এই মাটিডৰা দান কৰিছিল। তেওঁৰ মাতৃ প্ৰিয়ংকা হৈছে এগৰাকী গৃহিণী।৪
শিৱাংগীয়ে ছিকিম মণিপাল ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰযুক্তিবিদ্যাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছৰ পৰ্যায়ৰ অধ্যয়নৰ বাবে শিৱাংগীয়ে জয়পুৰৰ মালবিয়া নেশ্যনেল ইনষ্টিটিউট অৱ টেকন'লজীত নামভৰ্তি কৰে।১
শিৱাংগী সিঙৰ বাবে তেওঁৰ পিতৃ হৰি ভূষণ সিঙ অনুপ্ৰেৰণাৰ উৎস আছিল। শিৱাংগীয়ে কয়ঃ "মোৰ সপোনৰ পিছত দৌৰিবলৈ মোক দেউতাই সদায় উৎসাহিত কৰিছিল। তেওঁৱেই মোক ৰাজ্যৰ বাহিৰলৈ ওলাই গৈ প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী (বি টেক) অধ্যয়ন কৰিবলৈ আৰু তাৰ পিছত নৌসেনাত যোগদান কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ মোৰ ওপৰত বিশ্বাস ৰাখিছিল। তেওঁ কেতিয়াও সুৰক্ষামূলক ভাৱেৰ চোৱা নাছিল। তেওঁ মোৰ ওপৰত কোনো ধৰণৰ হেঁচা নিদিয়াকৈ সদায় মোক সমৰ্থন কৰি আহিছিল।৪
কৰ্মজীৱন
শ্বৰ্ট চাৰ্ভিচ কমিছন (SSC)-পাইলট এণ্ট্ৰি আঁচনিৰ অধীনত শিৱাংগীক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল।৫তেওঁ ২০১৮ চনৰ জুন মাহত ভাৰতীয় নৌসেনাত নিযুক্তি লাভ কৰে।৬তেওঁ একেৰাহে দুটা ছমহীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। প্ৰথমটো ভাৰতীয় নৌসেনা একাডেমীত নৌসেনাৰ অৰিয়েণ্টেচন পাঠ্যক্ৰম, আৰু দ্বিতীয়টো বায়ুসেনা একাডেমীত; য'ত তেওঁ পিলাটাছ পিচি ৭ এমকেআইআই বিমানৰ প্ৰশিক্ষণ লৈছিল।৭৫তেওঁ ২০১৯ চনৰ ডিচেম্বৰৰ আগৰ মাহ ছটাত ভাৰতীয় নৌসেনাৰ এয়াৰ স্কোয়াড্ৰন ৫৫০ত ডৰ্নিয়াৰ বিমান উৰুৱাবলৈ শিকিছিল।৭
শুভাংগী স্বৰূপ আৰু লেফটেনেণ্ট দিব্য শৰ্মাৰ সহিতে ভাৰতীয় নৌসেনাৰ প্ৰথম তিনিগৰাকী মহিলা পাইলটৰ দলটোৰ অন্যতম এগৰাকী পাইলট শিৱাংগী সিং।৭৫৮
প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত ২০১৯ চনৰ ডিচেম্বৰৰ পৰা তেওঁ পৰৱৰ্তী সময়ত মেৰিটাইম ৰিকনেছান্স (এম আৰ) বিমানৰ অপাৰেচনেল পাইলট হৈছিল।৬
শিৱাংগীয়ে কৈছেঃ"প্ৰায় ডেৰ দশকৰ আগতে নিৰ্বাচনৰ সময়ত মোৰ গাঁৱৰ ওপৰেৰে আকাশত উৰি থকা হেলিকপ্টাৰ এখন দেখাৰ পৰাই মোৰ বিমান বা হেলিকপ্টাৰ উৰুৱাবলৈ মন গ’ল। এতিয়া মোৰ সপোন বাস্তৱ হ'ল।"
আই এন এ এছ ৩১৪, এন এ ই পোৰবন্দৰৰ পৰা ভাৰতীয় নৌসেনাৰ প্ৰথম অল ৱমেন ক্ৰু মিছনটোত তেওঁ লেফটেনেণ্ট চি ডি আৰ আঞ্চল, লেফটেনেণ্ট অপূৰ্বা, লেফটেনেণ্ট পূজা পাণ্ডা আৰু ছিনিয়ৰ লেফটেনেন্ট পূজা শ্বেখাৱটৰ সৈতে প্ৰথমগৰাকী পাইলট হিচাপেও উৰা মাৰিছিল।
তথ্যসূত্ৰ
- ↑ Helen Regan; Omar Khan. (2 December 2019). Indian Navy welcomes its first woman pilot in major milestone for armed forces. CNN
- ↑ (25 September 2020). All you need to know about Shivangi Singh, the first woman fighter pilot to fly Rafale
- ↑ Rafale squadron's 1st woman pilot is Varanasi's FLT Lt Shivangi Singh
- ↑ (2019-12-03). 'Nurtured the dream as a 10-yr-old': Indian Navy's first woman pilot Shivangi. Hindustan Times
- ↑ (2 December 2019). Navy Gets its First Woman Pilot
- ↑ (2019-12-03). Shivangi gets 'wings' to fly. দ্য হিন্দু
- ↑ Anandan, S. (2019-11-22). Sub Lieutenant Shivangi is the first-ever woman pilot for Navy. The Hindu
- ↑ (2 December 2019). Bihar girl Shivangi becomes first woman fighter pilot in Indian Navy. Press Trust of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱাংগী সিং” প্ৰবন্ধৰ সংশোধন ৪১২২৯১ (১৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।