অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিৱ খেৰা

শিৱ খেৰা (Shiv Khera) এজন ভাৰতীয় লেখক, কৰ্মী আৰু প্ৰেৰণাদায়ক বক্তা; তেওঁ ইউ কেন উইন গ্ৰন্থখনৰ বাবে বেছিকৈ পৰিচিত। তেওঁ ভাৰতত জাতিভিত্তিক সংৰক্ষণৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে আৰু কান্ট্ৰী ফাৰ্ষ্ট ফাউণ্ডেশ্যন নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৭৫ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শিৱ খেৰা (Shiv Khera) এজন ভাৰতীয় লেখক, কৰ্মী আৰু প্ৰেৰণাদায়ক বক্তা; তেওঁ ইউ কেন উইন গ্ৰন্থখনৰ বাবে বেছিকৈ পৰিচিত।১২ তেওঁ ভাৰতত জাতিভিত্তিক সংৰক্ষণৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে আৰু কান্ট্ৰী ফাৰ্ষ্ট ফাউণ্ডেশ্যন নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰে।৩৪৫

প্ৰাথমিক জীৱন

খেৰাৰ জন্ম হৈছিল এক ব্যৱসায়মুখী পৰিয়ালত যিয়ে কয়লা খনি চলাইছিল, যিবোৰ অৱশেষত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয়কৰণ কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ পৰা তেওঁ বি.কম. ডিগ্ৰী সম্পূৰ্ণ কৰে। প্ৰথম বছৰবোৰত তেওঁ গাড়ী ধোৱা, জীৱন বীমা এজেণ্ট আৰু ফ্ৰেঞ্চাইজি অপাৰেটৰ হিচাপে কাম কৰিছিল আৰু তাৰ পাছত তেওঁ প্ৰেৰণাদায়ক বক্তা হৈছিল।৬ টৰন্টোত কাম কৰাৰ সময়ত তেওঁ নৰ্মান ভিনচেণ্ট পিলে দিয়া বক্তৃতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু তেওঁ নিজে পিলৰ প্ৰেৰণাদায়ক শিক্ষা অনুসৰণ কৰা বুলি দাবী কৰে।৭

ফ্ৰিডম ইজ নট ফ্ৰী প্ৰকাশ পোৱাৰ সময়তে ভাৰতীয় অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল অমৃত লালে খেৰাক লেখা-চুৰিৰ অভিযোগ উত্থাপন কৰে আৰু তেওঁ অভিযোগ কৰিছিল যে সেই কিতাপখনৰ বিষয়বস্তু পোনপটীয়াকৈ তেওঁৰ ৮ বছৰ আগতে প্ৰকাশিত গ্ৰন্থ ইণ্ডিয়া ইনাফ ইজ ইনাফৰ পৰা লোৱা হৈছে৷৮ ইয়াৰ উপৰিও তেওঁ দেখিলে যে খেৰাৰ আন কিতাপসমূহতো অসংখ্য উপাখ্যান, কৌতুক আৰু উদ্ধৃতি সঠিক উৎস স্বীকাৰ নকৰাকৈ ব্যৱহাৰ কৰা হৈছে। খেৰাই অভিযোগৰ উত্তৰত কয় যে তেওঁ অসংখ্য উৎসৰ পৰা টোকা আৰু প্ৰেৰণা লৈছিল আৰু সেই সকলোবোৰৰ খবৰ ৰাখিব পৰা নাছিল। অৱশেষত আদালতৰ বাহিৰত লালে অজ্ঞাত ধন (খেৰাৰ মতে ২৫ লাখ বুলি খ্যাত)ৰ বিনিময়ত বিষয়টো নিষ্পত্তি কৰে, যিটো তেওঁ মিছনেৰীজ অৱ চেৰিটিলৈ দান কৰিব বুলি কয়।৮

সক্ৰিয়তা আৰু ৰাজনীতি

খেৰাই কাণ্ট্ৰী ফাৰ্ষ্ট ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে, যিটো এক সামাজিকভাৱে‍ সক্ৰিয় সংস্থা আৰু যাৰ লক্ষ্য হৈছে "শিক্ষা আৰু ন্যায়ৰ জৰিয়তে স্বাধীনতা নিশ্চিত কৰা।" ৪ ২০০৪ চনত তেওঁ ভাৰতীয় সাধাৰণ নিৰ্বাচনত দক্ষিণ দিল্লী সমষ্টিৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগ বঢ়াই আৰু "পৰাজিত" হয়।৪ ২০০৮ চনত তেওঁ ভাৰতীয় ৰাষ্ট্ৰবাদী সমানতা পাৰ্টি আৰম্ভ কৰে।৯ ২০১৪ চনত ভাৰতত হোৱা নিৰ্বাচনৰ সময়ত তেওঁ ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰে আৰু দলটোৰ জ্যেষ্ঠ সদস্য লাল কৃষ্ণ আদৱানীৰ হৈ প্ৰচাৰ চলায়।১০ খেৰাই ভাৰতৰ উচ্চতম ন্যায়ালয়ত কেইবাটাও জনস্বাৰ্থজডি়ত গোচৰ তৰিছে।৩৪৫

শিৱ খেৰা আমেৰিকাৰ টেক্সাছৰ ডালাছত গীতা জয়ন্তীৰ সময়ত অনুষ্ঠিত ভাগৱত সন্মিলনত (২০২১ চনৰ ১০–১৪ ডিচেম্বৰলৈ) অন্যতম বক্তা হিচাপে উপস্থিত আছিল আৰু তেওঁৰ লগতে উপস্থিত থকা অন্যান্য উল্লেখযোগ্য ব্যক্তিসকল হ'ল স্বামী মুকুন্দনন্দ জী, ড° মেনাছ কাফাতোছ, কিৰণ বেদী, ব্ৰহ্মচাৰিনী গ্ল'ৰিয়া আৰিয়েৰা আদি।১১১২

প্ৰকাশিত উল্লেখযোগ্য গ্ৰন্থ

  • You Can Win: Winners don't do different things. They do things differently.১৩
  • You Can Achieve More: Live By Design, Not By Default১৪
  • You Can Sell: Results are Rewarded, Efforts Aren't২

তথ্যসূত্ৰ

  1. ↑ Gupta, Soumyabrata. (2018-08-17). Achievers achieve in spite of problems not in absence of them: Author Shiv Khera. Deccan Chronicle
  2. ↑ Shiv Khera – Business & Leadership Coach
  3. ↑ (15 July 2012). Blame courts for corruption: Shiv Khera | Coimbatore News - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Shah, Shalini. (24 April 2010). No 'guru' this. দ্য হিন্দু
  5. ↑ (1 October 2012). Shiv Khera to file PIL against former CJIs. Deccan Herald
  6. ↑ bio of Mr Shiv khera
  7. ↑ Shiv Khera's family has been connected to Dhanbad, the story of reaching the top.. Prabhat Khabar
  8. ↑ Sheela Reddy. (26 July 2004). You Can Steal & Win. Outlook
  9. ↑ (14 July 2008). Shiv Khera launches Bhartiya Rashtravadi Samanta Party. Oneindia
  10. ↑ Piyush Mishra. (28 April 2014). Motivational speaker Shiv Khera campaigns for Advani. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ JKYog Bhagavad Gita Summit · RKTemple. adhakrishnatemple.net. Radha Krishna Temple
  12. ↑ Renowned speakers from all over world to attend JKYog Bhagavad Gita Summit. www.business-standard.com
  13. ↑ Khera, Shiv. (2004). You Can Win: Winners Don't Do Different Things, They Do Things Differently: a Step-by-step Tool for Top Achievers. New Dawn Press. ISBN 978-1-904910-03-9
  14. ↑ Khera, Shiv. (2018-08-23). You Can Achieve More: Live By Design, Not By Default. Bloomsbury Publishing. ISBN 978-93-86950-51-2

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱ খেৰা” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৫৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।