শাৰ্লিন ফাৰজানা (Sharlin Farzana; জন্ম: ১৯৯০) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। তেওঁৰ জন্ম বাংলাদেশৰ ঢাকাত হৈছিল।
ব্যক্তিগত জীৱন
শাৰ্লিনৰ এজন ভায়েক আছে।(5 July 2017). bn:শাৰলিন ফাৰজানাৰ দেশেৰ বাহিৰে ঈদ কাটানো নিয়ে মজাৰ একটি গল্প Sarlin Farzana Eid day in London & India ২০১৯ চনৰ ২৩ নৱেম্বৰত তেওঁ এহছানুল হকৰ সৈতে বিবাহপাশত আবদ্ধ হয়।Sharlin Farzana reveals she married Ehsanul. The New NationSharlin's new chapter in life · The Asian Age Online, Bangladesh - ENA News. ena-news.com তেওঁ এগৰাকী পুত্ৰ সন্তান (জন্ম: নৱেম্বৰ ২০২০)bn:বিৰতি কাটিয়ে ফিৰছেন শাৰ্লিন ফাৰজানা. Bangladesh Journal OnlineSharlin Farzana blessed with baby boy. Daily Bangladesh আৰু এগৰাকী কন্যা সন্তানৰ (জন্ম: ডিচেম্বৰ ২০২২) মাতৃ।(27 December 2022). কন্যা সন্তানেৰ মা হলেন শাৰ্লিন ফাৰজানা. ইউটিউব
প্ৰাৰম্ভিক জীৱন
শাৰ্লিন ফাৰজানাৰ জন্ম হৈছিল ১৯৯০ চনৰ ৩ জানুৱাৰীত। তেওঁ ভিকৰুণ্নিছা নুন স্কুল এণ্ড কলেজৰপৰা এছ.এছ.চি. আৰু এইচ.এছ.চি. সম্পূৰ্ণ কৰে। তেওঁ বুলবুল ললিতকলা একাডেমীৰপৰা শাস্ত্ৰীয় নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু নিজৰ কথক নৃত্য প্ৰদৰ্শনৰ বাবে প্ৰমাণ-পত্ৰও লাভ কৰিছিল। বাংলাদেশ টেলিভিছনত শিশু শিল্পী হিচাপেও তেওঁ তালিকাভুক্ত আছিল। স্কুলীয়া শিক্ষাৰ পঞ্চম শ্ৰেণীত তেওঁ সমগ্ৰ ঢাকাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ৰাষ্ট্ৰীয় প্ৰাথমিক বৃত্তি পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰিছিল। ভিকৰুণ্নিছা নুন স্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ একেখন মহাবিদ্যালয়তে যোগদান কৰে। মাক-দেউতাকে তেওঁক সদায় চিকিৎসক হোৱাটো বিচাৰিছিল বাবে শাৰ্লিনে ঢাকাৰ ছিকদাৰ মেডিকেল কলেজত নামভৰ্তি কৰিছিল। কিন্তু তেওঁ আইন অধ্যয়নৰ প্ৰতিহে আগ্ৰহী আছিল। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ এক বহিঃস্থ কাৰ্যসূচীৰ জৰিয়তে আইনৰ স্নাতক ডিগ্ৰী অধ্যয়ন কৰিছিল।The sky is the limit. Star Campus. The Daily Star
কৰ্মজীৱন
২০০৮ চনত তেওঁ 'পেনটিন ইউ গট দ্য লুক' সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।(12 August 2008). Pantene You Got the Look 2008(2008-08-02). And the winner is... The Daily Star সেই প্ৰতিযোগিতাত তেওঁ 'বেষ্ট লুক' বঁটা লাভ কৰে।(2003-09-02). Have You Got the Look?. Lifestyle Shopping. Routledge. পৃ. 161–180. ISBN 978-0-203-41307-4 ২০১০ চনত তেওঁ জাগো নামৰ এখন চিনামাত অভিনয় কৰিছিল য’ত তেওঁ ৰুকছানা নামৰ এগৰাকী তৰুণ সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছিল। গ্ৰামীণফোন আৰু চিলন টিৰ বিজ্ঞাপন আছিল তেওঁৰ প্ৰাৰম্ভিক দিনৰ কাম। তেওঁ মূলতঃ ধাৰাবাহিকত অভিনয় কৰিছিল, যাৰ ভিতৰত আছে — ৱাদা, টু লাভ ইউ ম’ৰ, দ্য মাইজাৰ, বিন্দুটেই ফেৰা, হঠাৎ তোমাৰ জন্য, কাম ফ্ৰম ভুৱা পুৰ, লাইফ এণ্ড ফিওনা, পদ্মপাতা, ভালবসাৰ ফানুছ, যে তুমি হৰণ কৰো, তোমাৰ আমাৰ বিয়ে, টুকুৰো প্ৰেমেৰ বাঁধন, মেঘ বৃষ্টিৰ আলাপন, মেঘনীল, টু লেট বেচেলৰ ইত্যাদি।Sharlin's thinking revolves around Cinema. The Daily Inqilab শাৰ্লিন ফাৰজানা পেনটিন প্ৰ'-ভি-ৰ ব্ৰেণ্ড এম্বেছেডৰ। তেওঁ 'সাথিয়া' নামৰ এখন চুটি ছবিটো অভিনয় কৰিছিল। তেওঁ তাৰিক আনাম খানৰ নাট্য কেন্দ্ৰ নামৰ নাট্য দলটোৰ অংশ আছিল।Sharlin Farzana in theatre play to make her big screen debut. The New Nation জনপ্ৰিয় টেলিভিছন পৰিচালক, নাট্যকাৰ আৰু সংগীতজ্ঞ মাছদ হাছান উজ্জ্বলৰদ্বাৰা পৰিচালিত ঊনপঞ্চাশ বতাহ হৈছে শাৰ্লিনৰ শেহতীয়া চিনেমা।(2020-02-23). Unoponchash Batash's trailer released, in theatres on March 13. Dhaka Tribune(2020-12-31). The highs and lows of the film industry in 2020. The Daily Star ৰেড অক্টোবৰৰ বেনাৰত আচিফ হানিফে এই ছবিখন নিৰ্মাণ কৰিছে।(2018-01-01). Ujjal bringing new faces through 'Unoponchash Batash'. Dhaka Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাৰ্লিন ফাৰজানা” প্ৰবন্ধৰ সংশোধন ৬৩৪৭৮৭ (১০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।