চিয়্যেদ শাহাবেদিন হোছেইনী তূনেকাবোনী (জন্ম: ৩ ফেব্ৰুৱাৰী, ১৯৭৪), যাক পেছাদাৰীভাৱে শাহাব হোছেইনী বুলি জনা যায়, হৈছে এগৰাকী ইৰানী অভিনেতা আৰু প্ৰযোজক।১ এ কেণ্ডেল ইন দ্য উইণ্ড (২০০৩) আৰু ৰিডেম্পচন এট ৮:২০ (২০০৪) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ ক্ৰিষ্টাল চিমৰ্গ বঁটাৰ বাবে মনোনীত হৈছিল। ২০০৮ চনত হোছেইনীয়ে ছুপাৰষ্টাৰ ছবিত কৰা অভিনয়ৰ বাবে ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ ক্ৰিষ্টাল চিমৰ্গ বঁটা লাভ কৰে।২
২০১১ চনত অনুষ্ঠিত ৬১সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এ চেপাৰেশ্যন ছবিৰ সমূহীয়া অভিনয় শিল্পীৰ সৈতে হোছেইনীয়ে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ চিলভাৰ বিয়েৰ (ৰূপালী ভালুক) বঁটা লাভ কৰে।৩ ২০১৬ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত দ্য চেলছমেন চলচ্চিত্ৰত আগবঢ়োৱা অনৱদ্য অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ইয়াৰ সৈতে এই মৰ্যাদাপূৰ্ণ সন্মান লাভ কৰা তেওঁ প্ৰথমগৰাকী ইৰানীয় অভিনেতা আৰু একমাত্ৰ ইৰানীয় পুৰুষ অভিনেতা হিচাপে পৰিগণিত হয়।৪ ২০১৯ চনত ফ্ৰান্স চৰকাৰে তেওঁক দেশৰ অন্যতম সৰ্বোচ্চ সন্মান লেজিঅ’ন অৱ অনাৰ প্ৰদান কৰে।৫
ব্যক্তিগত জীৱন
চিয়্যেদ শাহাবেদিন হোছেইনী তূনেকাবোনীৰ জন্ম ১৯৭৪ চনৰ ৩ ফেব্ৰুৱাৰীত ইৰানৰ ৰাজধানী তেহৰানত হৈছিল।৬৭ তেওঁ পৰিয়ালৰ আটাইতকৈ ডাঙৰ সন্তান, তেওঁৰ এজন ভাতৃ আৰু দুজনী ভগ্নী আছে। তেওঁলোকৰ পৰিয়ালৰ আদি বাসস্থান মাজান্দাৰান প্ৰদেশৰ তূনেকাবোনত। শৈশৱত হোছেইনীয়ে পৰিয়ালৰ সৈতে কেইবছৰমান খোৰামাবাদতো বাস কৰিছিল।৮ তেওঁ তেহৰান বিশ্ববিদ্যালয়ত মনোবিজ্ঞান অধ্যয়ন কৰিছিল যদিও কানাডালৈ প্ৰব্ৰজন কৰাৰ উদ্দেশ্যে সেই পঢ়া আধাতে এৰি দিয়ে। হোছেইনীয়ে ছাত্ৰ থিয়েটাৰৰ জৰিয়তে নিজৰ শৈল্পিক কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত এগৰাকী ৰেডিঅ' উপস্থাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৬৭
১৯৯৫ চনত হোছেইনীয়ে পৰিচেহৰ ঘানবেৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ প্ৰথম পুত্ৰ চিয়্যেদ মহম্মদামিনৰ জন্ম ২০০৩ চনৰ শীতকালত আৰু দ্বিতীয় পুত্ৰ চিয়্যেদ আমিৰআলীৰ জন্ম ২০১১ চনৰ গ্ৰীষ্মকালত হৈছিল।৯ ইয়াৰ পিছত ২০১৯ চনত হোছেইনীয়ে এগৰাকী ফটোগ্ৰাফাৰ তথা চিনেমেটোগ্ৰাফাৰ ছানাজ আৰ্জমান্দৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১০
প্ৰাৰম্ভিক জীৱন
শাহাব হোছেইনীয়ে জীৱবিজ্ঞান বিষয়ত হাইস্কুলৰ ডিপ্লমা লাভ কৰিছিল। তেওঁ তেহৰান বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ ছাত্ৰ হিচাপে পঢ়া-শুনা আধাতে এৰি দি কানাডালৈ প্ৰব্ৰজন কৰে। পিছলৈ তেওঁ ইৰানত এজন ৰেডিঅ' উপস্থাপক হয় আৰু যুৱক-যুৱতীসকলৰ বাবে এটা টেলিভিছন শ্ব'ৰ আঁত ধৰে। ইয়াৰ উপৰি তেওঁ কেইখনমান টিভি ধাৰাবাহিকত সৰু সৰু চৰিত্ৰত অভিনয় কৰিবলৈ লয়। আমিৰ গাভিদেলৰ পৰিচালনাত নিৰ্মিত ৰুখছাৰেহ (২০০২) ছবিৰ জৰিয়তে হোছেইনীয়ে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তাহমিনেহ মিলানীৰ পৰিচালনাত নিৰ্মিত দ্য ফিফথ ৰিয়েকচন চলচ্চিত্ৰত কৰা অভিনয়েৰে তেওঁৰ কেৰিয়াৰে এক বিশেষ গতি লাভ কৰে।১১ ২০১১ চনৰ জুন মাহত তেওঁ ঘোষণা কৰিছিল যে তেওঁ অভিনয় জীৱনৰপৰা কিছুসময়ৰ বাবে বিৰতি ল’ব, কিন্তু ২০১৩ চনত পুনৰ চিনেমা জগতলৈ ঘূৰি আহিব।১২
কৰ্মজীৱন
উপস্থাপন
শাহাব হোছেইনীৰ কেৰিয়াৰ ৰেডিঅ' উপস্থাপনেৰে আৰম্ভ হৈছিল আৰু ১৯৯৮ চনত তেওঁ ইৰানত টেলিভিছন হষ্টিঙৰ দিশলৈ গতি কৰে। তেওঁ অক্সিজেন নামৰ কাৰ্যসূচীত এজন প্ৰেজেণ্টাৰ বা উপস্থাপক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ উপৰি হোছেইনীয়ে বৰপা বৰপা, মৰ্নিং কালাৰ আৰু লাইট এণ্ড চেডকে ধৰি আন কেইবাটাও অনুষ্ঠানৰ আঁত ধৰিছিল। ৰেডিঅ'ত তেওঁ টু হাফছ অৱ এন এপল, আৱাৰ ভইচ আৰু জয়ফুল মেলডীৰ দৰে অনুষ্ঠানৰ উপস্থাপক হিচাপে অৰিহণা যোগাইছিল। ২০১৫ চনত তেওঁ এটা প্ৰাক-প্ৰত্যুষৰ (pre-dawn) দূৰদৰ্শন কাৰ্যসূচীৰ কথক (narrator) হিচাপে সেৱা আগবঢ়াইছিল।১৩১৪
২০২০ চনত হোছেইনীয়ে ইৰানৰ ষ্ট্ৰীমিং প্লেটফৰ্ম নামাভাত টক শ্ব' হমৰফীগৰ আঁত ধৰিছিল, যাৰ প্ৰথমটো খণ্ড ২০২০ চনৰ ১০ ডিচেম্বৰত সম্প্ৰচাৰিত হৈছিল।১৫
টেলিভিছন
হোছেইনীয়ে ২০০০ চনত আফটাৰ দ্য ৰেইন নামৰ টিভি ধাৰাবাহিকৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। ২০০১ চনত তেওঁ ইয়ং পুলিচ আৰু তাৰ পিছত ২০০৩ চনত ক্ল’ড ফিভাৰত অভিনয় কৰে। ২০০৬ চনত তেওঁ ইৰান, হাংগেৰী, ফ্ৰান্স আৰু লেবাননৰ যৌথ প্ৰযোজনাত হাচান ফাথীৰ পৰিচালনাত নিৰ্মিত জিৰো ডিগ্ৰী টাৰ্ন ধাৰাবাহিকত হাবিব পাৰ্চাৰ চৰিত্ৰত অভিনয় কৰে। এই চৰিত্ৰটোৱে তেওঁৰ টেলিভিছন কেৰিয়াৰৰ এক শিখৰ স্পৰ্শ কৰিছিল।
২০০৯ চনত হোছেইনীয়ে ফ্লাইট পেছন ধাৰাবাহিকত আব্বাছ বাবাইৰ চৰিত্ৰ ৰূপায়ণ কৰে, যাক দৰ্শকে বহুলভাৱে আদৰি লৈছিল।১৬ ইৰানৰ হোম মিডিয়া বা অ’টিটি প্লেটফৰ্মত তেওঁৰ প্ৰথম প্ৰকল্প আছিল শ্বাহৰজাদ (২০১৪)। ই আছিল হাচান ফাথীৰ সৈতে তেওঁৰ দ্বিতীয়টো কাম, য’ত তেওঁ কোবাদ নামৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।১৭ চলচ্চিত্ৰ কেৰিয়াৰ অতি বিস্তৃত হোৱা সত্ত্বেও হোছেইনীয়ে টেলিভিছনত কাম কৰা অব্যাহত ৰাখিছিল। মৰ্তোজা আহমাদীৰ মৃত্যুৰ পাছত তেওঁ শ্যেকাৰেস্তান নামৰ এনিমেটেড ধাৰাবাহিকখনৰ কেইবাটাও সংস্কৰণৰ কথক বা সূত্ৰধাৰৰ ভূমিকা গ্ৰহণ কৰিছিল।১৮
চলচ্চিত্ৰ
আমিৰ গাভিদেলৰ পৰিচালনাত নিৰ্মিত ৰুখছাৰেহ (২০০১) ছবিৰ জৰিয়তে হোছেইনীয়ে চিনেমা জগতত প্ৰৱেশ কৰে। ২০০২ চনৰপৰা ২০০৪ চনৰ ভিতৰত তেওঁ তাহমিনেহ মিলানীৰ দ্য ফিফথ ৰিয়েকচন, আহমদ আমিনীৰ দিচ ওমেন ডাজণ্ট টক, ইব্ৰাহিম শ্বেইবাণীৰ হানী পইজন আৰু চিৰৌচ আলভান্দৰ ৰিডেম্পচন এট ৮:২০ আদি ছবিত অভিনয় কৰে। এ কেণ্ডেল ইন দ্য উইণ্ড (২০০৩) ছবিত বাবকৰ চৰিত্ৰত আৰু ৰিডেম্পচন এট ৮:২০ (২০০৪) ছবিত ফুয়াদৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁলৈ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত ধাৰাবাহিকভাৱে শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ ক্ৰিষ্টাল চিমৰ্গ বঁটাৰ মনোনয়ন কঢ়িয়াই আনে। ২০০৪ চনত তেওঁ অনলাইন মাৰ্ডাৰ আৰু ২০০৫ চনত ৫০ মিলিয়ন অফাৰ ছবিত অভিনয় কৰে।
২০০৭ চনৰ ছবিত হোছেইনীৰ অভিনয়ে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিল, যাৰ ভিতৰত ইটাৰ্নেল চিলড্ৰেন, এ কেণ্ডেল ইন দ্য উইণ্ড, মহয়া আৰু দিলশ্বাকতেহ অন্যতম। মহয়া ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মানীয় ডিপ্লমা লাভ কৰে। ২০০৮ আৰু ২০০৯ চন দুটা হোছেইনীৰ কেৰিয়াৰৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত তেওঁ আলী ৰোয়েণ্টনৰ দিলশ্বাকতেহ, আছগৰ ফাৰহাদীৰ এবাউট ইলী, তাহমিনেহ মিলানীৰ ছুপাৰষ্টাৰ, শ্বাহৰাম আছাদীৰ হাইৱে ভিচিনিটি আৰু বাহৰাম তাভাকোলীৰ ৱাণ্ডাৰিং ইন দ্য মিষ্ট ছবিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছুপাৰষ্টাৰ ছবিত কৌৰোচ জন্দৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ব্যাপক প্ৰশংসা বুটলে আৰু ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ ক্ৰিষ্টাল চিমৰ্গ বঁটা লাভ কৰে। ৱাণ্ডাৰিং ইন দ্য মিষ্ট আৰু এবাউট ইলী ছবিৰ বাবে তেওঁ হাউচ অৱ চিনেমা ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। এবাউট ইলীত আহমদ আৰু ৱাণ্ডাৰিং ইন দ্য মিষ্টত আমিন হিচাপে কৰা অভিনয় বিশেষভাৱে প্ৰশংসিত হৈছিল। ২০০৮ চনত তেওঁ চাবিন জাৰ্মায়েলৰ পৰিচালনাত নিৰ্মিত নীলুফাৰ ছবিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে এগৰাকী অনা-ইৰানীয় পৰিচালকৰ সৈতে কাম কৰে।
২০১০ চনত হোছেইনীয়ে পুনৰ আছগৰ ফাৰহাদীৰ সৈতে এ চেপাৰেশ্যন ছবিত কাম কৰে, য’ত তেওঁ হোজ্জাত চৰিত্ৰটো ৰূপায়ণ কৰিছিল। এই ছবিখনে তেওঁলৈ প্ৰথম আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি কঢ়িয়াই আনে, য’ত তেওঁ ২০১১ চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ পুৰুষ সহ-অভিনেতাসকলৰ সৈতে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ চিলভাৰ বিয়েৰ বঁটা লাভ কৰে। ইয়াৰ উপৰি তেওঁ হাউচ অৱ চিনেমা ফেষ্টিভেলত শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ সোণালী প্ৰতিমূৰ্তি (Golden Statuette) আৰু ফাজৰ চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় ডিপ্লমা লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় চিনেফাইল চচাইটিয়ে তেওঁৰ অভিনয়ক শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ আইচিএছ বঁটাৰ বাবে মনোনীত কৰিছিল। সমালোচকসকলে এ চেপাৰেশ্যন ছবিৰ চৰিত্ৰটোক তেওঁৰ আটাইতকৈ স্মৰণীয় অভিনয়সমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰে।
২০১৩ চনত টেলিভিছন কাৰ্যসূচী হাফ্টৰ এক সমীক্ষাত হোছেইনীক ২০০০ দশকৰ শ্ৰেষ্ঠ ইৰানীয় অভিনেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল।
২০১১ আৰু ২০১২ চনত তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত চামৱান ৱাণ্টছ টু টক টু ইউ, হাচ! গাৰ্লচ ডণ্ট স্ক্ৰীম, দ্য পেইণ্টিং পুল আৰু ড্ৰীম ইণ্টাৰপ্ৰিটেশ্যন অন্যতম। দ্য পেইণ্টিং পুল ছবিত ৰেজা চৰিত্ৰত তেওঁ কৰা মেথড এক্টিঙে লিস্বন চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বিশেষ জুৰী বঁটা কঢ়িয়াই আনে। ২০১৪ চনত হোছেইনীয়ে এন ইৰা অৱ লাভ ছবিত অভিনয় কৰে আৰু ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বাবে পুনৰ ক্ৰিষ্টাল চিমৰ্গৰ মনোনয়ন লাভ কৰে। একেটা বছৰতে তেওঁ ৰেচিডেণ্ট অৱ দ্য মিডল ফ্ল’ৰ ছবিৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে, য’ত তেওঁ নিজেই ৩৮টা সুকীয়া চৰিত্ৰত অভিনয় কৰিছিল।
২০১৫ চনত হোছেইনীয়ে ফাৰহাদীৰ সপ্তমখন পূৰ্ণদৈৰ্ঘ্য ছবি দ্য চেলছমেনত ইমাদ চৰিত্ৰত অভিনয় কৰে। ই আছিল তেওঁলোকৰ তৃতীয়টো যুটীয়া কাম। ২০১৬ চনত হোছেইনীয়ে এই ছবিত কৰা অভিনয়ৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে আৰু এই সন্মান লাভ কৰা প্ৰথমগৰাকী ইৰানীয় অভিনেতা হিচাপে পৰিগণিত হয়। এই সফলতাক সমগ্ৰ ইৰানতে ব্যাপকভাৱে উদ্যাপন কৰা হৈছিল। একে বছৰতে আমেৰিকাৰ একচন অন ফিল্ম ফেষ্টিভেলত হাচ! গাৰ্লচ ডণ্ট স্ক্ৰীম ছবিত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।১৯
পৰিচালনা
২০১৪ চনত হোছেইনীয়ে ৰেচিডেণ্ট অৱ দ্য মিডল ফ্ল’ৰ ছবিৰ জৰিয়তে পৰিচালনাৰ কাম আৰম্ভ কৰে। এই ছবিখন এখন নতুন অট্টালিকালৈ স্থানান্তৰিত হোৱাৰ পিছত জীৱন সলনি হৈ যোৱা এজন মানুহৰ ওপৰত আধাৰিত আছিল। ২০১৫ চনত তেওঁ আলীৰিজা নেছায়ী আৰু চিনা আজিনৰ সৈতে যুটীয়াভাৱে কাম উইথ মি নামৰ চুটি ছবিখন পৰিচালনা কৰে। তেওঁৰ পৰৱৰ্তী পৰিচালনাৰ কামসমূহৰ ভিতৰত নাওৱেৰ ৰেচিডেণ্টচ আৰু দ্য ডেড ৰাইটাৰ অন্যতম।২০
প্ৰযোজনা
হোছেইনীয়ে কেইবাখনো চলচ্চিত্ৰ প্ৰযোজনা কৰিছে, যাৰ ভিতৰত তলৰ ছবিসমূহ অন্যতম:
- চবীৰ চিৰাজীৰ পৰিচালনাত মিডনাইট চিল (২০১৬)২১২২২৩
- মেচাম কাজাজীৰ পৰিচালনাত চিন (২০১৯)২৪২৫২৬২৭
- পিয়াম এস্কান্দাৰীৰ পৰিচালনাত নৰগেছী২৮২৯৩০
- শাহাব হোছেইনীৰ নিজৰ পৰিচালনাত নিৰ্মিত নাওৱেৰ ৰেচিডেণ্টচ৩১৩২৩৩৩৪
অন্যান্য কাৰ্যকলাপ
হোছেইনীয়ে চবীৰ চিৰাজীৰ পৰিচালনাত নিৰ্মিত মিডনাইট চিল (২০১৬) চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল।৩৫ ২০২০ চনত তেওঁ তুৰস্কত অনুষ্ঠিত গাজিয়ানটেপ ইমিগ্ৰেণ্ট ফিল্ম ফেষ্টিভেলত জুৰী সদস্য হিচাপে সেৱা আগবঢ়াইছিল।৩৬ ইয়াৰ পিছত ২০২২ চনত তেওঁ ৪০সংখ্যক ফাজৰ চলচ্চিত্ৰ মহোৎসৱত জুৰী বা নিৰ্ণায়ক হিচাপে অংশগ্ৰহণ কৰিছিল।৩৭
বাহ্যিক সংযোগ
- Shahab Hosseini on SourehCinema (in Persian)
তথ্যসূত্ৰ
- ↑ Shahab Hosseini, Soureh Cinema Database
- ↑ Unprecedented success for Iranian cinema at Cannes: Best Actor and Best Screenplay awards. BBC Persian
- ↑ Berlinale – Archive – Annual Archives – 2011 – Prize Winners. Berlinale
- ↑ Cannes Film Festival awards for Shahab Hosseini and Asghar Farhadi. Radio Farda
- ↑ (March 8, 2019). Shahab Hosseini receives the Chevalier title. Tabnak
- ↑ The fascinating story of Shahab Hosseini's meeting with his wife. Young Journalists Club
- ↑ Biography – Shahab Hosseini's Official Website
- ↑ Shahab Hosseini: I spent three years of my childhood in Khorramabad
- ↑ Who is Seyyed Shahabedin Hosseini Tonekaboni?. Serat News
- ↑ (April 14, 2024). Who is Sanaz Arjmand, Shahab Hosseini's wife?. Fararu
- ↑ Shahab Hosseini in MUBI
- ↑ Shahab Hosseini says goodbye to cinema
- ↑ Celebrities dominate popular TV programs: Actors who became presenters and presenters who became actors. Mizan News Agency
- ↑ Shahab Hosseini's greatest wish before death, in his own words. Shoma News
- ↑ "Hamrafigh" by Shahab Hosseini to premiere on December 10. Borna News
- ↑ Shahab Hosseini returns to television with "Flight Passion". ILNA
- ↑ Latest image of Hassan Fathi and Shahab Hosseini in the third season of "Shahrzad". Borna News
- ↑ Shahab Hosseini becomes the narrator of "Shekarestan". Iran Art
- ↑ The greatest achievement in the history of Iranian cinema: Shahab Hosseini and Asghar Farhadi win Cannes Palmequait
- ↑ Shahab Hosseini's "Resident of the Middle Floor" to be screened in the Art and Experience group. Hamshahri Online
- ↑ (August 14, 2023). American audiences welcome "Midnight Sun": Shabir Shirazi on working with Shahab Hosseini. Honar Online
- ↑ (October 20, 2015). Filming of "Midnight Sun" passes halfway mark. Mehr News Agency
- ↑ (August 14, 2023). Shahab Hosseini produces "Midnight Sun". ILNA
- ↑ Shahab Hosseini: The essence of "Shin" caught my attention. IRNA
- ↑ (August 14, 2023). Download "Shin" with Shahab Hosseini and Ali Shadman. ILNA
- ↑ (December 4, 2022). Bad luck for Shahab Hosseini's "Shin" at the box office. Purson
- ↑ (September 8, 2022). "Shin" directed by Meysam Kazazi with Shahab Hosseini and Jamshid Hashempour. Tribune Honar
- ↑ (June 12, 2023). "Nargesi" produced by Shahab Hosseini receives screening permit. Hayat
- ↑ Nargesi by Shahab Hosseini. Cinema House
- ↑ (June 10, 2023). "Nargesi" and "Two Worlds Guesthouse" by Shahab Hosseini receive permits. Tebna
- ↑ (July 15, 2023). Shahab Hosseini's "Nowhere Residents" to be screened in Art and Experience. Khabar Online
- ↑ Shahab Hosseini brings "Nowhere Residents" to Art and Experience. Cinema Cinema
- ↑ (August 16, 2023). Working with Shahab Hosseini is both challenging and easy. Gostaresh News
- ↑ (August 16, 2023). Working with Shahab Hosseini is different from other directors. Honar Online
- ↑ "Midnight Sun" to be released soon: Shabir Shirazi on Shahab Hosseini's impact. Honar Online
- ↑ Shahab Hosseini becomes a jury member at a Turkish festival. Tabnak
- ↑ (January 27, 2022). Shahab Hosseini joins the jury of the Fajr Film Festival. Khabar Online
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাহাব হোছেইনী” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৩২ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।