জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লোলা ফালানা
ল’লেথা ইলেইন ফালানা (ইংৰাজী: Lola Falana; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৪২), তেওঁৰ মঞ্চনাম লোলা ফালানা নামেৰেই অধিক পৰিচিত, এগৰাকী আমেৰিকান গায়িকা, নৃত্যশিল্পী আৰু অভিনেত্ৰী।
-
লোহিত দত্ত বৰুৱা
লোহিত দত্ত বৰুৱা ( Lohit Dutta Baruah) আমেৰিকাৰ হিউষ্টন চহৰত বাস কৰা এগৰাকী প্ৰবাসী অসমীয়া। ইংৰাজী আৰু অসমীয়া ভাষাত ৰচনা কৰা কেইবাখনো গ্ৰন্থৰ উপৰি তেওঁ অসমৰ অধুনা প্ৰচলিত একাধিক আগশাৰীৰ আলোচনীত সমসাময়িক আৰু সামাজিক-সাংস্কৃতিক বিষয়ক প্ৰবন্ধ লিখিছিল।
-
লোৰেনা বাৰ্ণাল
লোৰেনা ৰাকুৱেল বাৰ্ণাল পাস্কুৱেল (ইংৰাজী: Lorena Raquel Bernal Pascual; জন্ম: ১২ মে' ১৯৮১) এগৰাকী আৰ্জেণ্টাইন-স্পেনিছ অভিনেত্ৰী, টেলিভিছন সঞ্চালক আৰু মডেল। তেওঁ আৰ্চেনাল এফ.চি.-ৰ বৰ্তমানৰ মেনেজাৰ মিকেল আৰ্টেটাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।
-
লৌজেইন আল-হাথলৌল
লৌজেইন আল-হাথলৌল (لجين الهذلول লুজ্জাইন আল-হাদলূল; জন্ম ৩১ জুলাই ১৯৮৯) এগৰাকী ছৌদি মহিলা অধিকাৰকৰ্মী, সামাজিক মাধ্যমৰ ব্যক্তিত্ব আৰু ৰাজনৈতিক বন্দী। ছৌদি আৰবত মহিলাৰ গাড়ী চলোৱা নিষেধাজ্ঞা অৱজ্ঞা কৰাৰ বাবে তেওঁ বহুবাৰেই গ্ৰেপ্তাৰ হৈছিল।
-
লৌৰিয়ান গিলাৰন
লৌৰিয়ান গিলাৰন (ইংৰাজী: Lauriane Gilliéron; জন্ম: ২৫ জুলাই ১৯৮৪) এগৰাকী চুইছ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে ২০০৫ চনৰ ২১ ছেপ্টেম্বৰত মিছ চুইজাৰলেণ্ডৰ মুকুট লাভ কৰিছিল।
-
লৰা এছলী চেমুৱেলছ
লৰা এছলী চেমুৱেলছ (ইংৰাজী: Laura Ashley Samuels) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এমটিভিৰ ধাৰাবাহিক অকৱাৰ্ডত কৰ্টনি, মডাৰ্ন ফেমিলিত বেথ আৰু লোপেজ ধাৰাবাহিকত ফাইফাৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
লৰা বেনে
লৰা বেনে (ইংৰাজী: Laura Beyne; জন্ম: ২৫ মে’ ১৯৯২) এগৰাকী বেলজিয়ান টিভি ঘোষিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ বেলজিয়াম ২০১২ ৰ মুকুট লাভ কৰিছিল। তেওঁ ২০১২ চনৰ মিছ ইউনিভাৰ্ছ আৰু মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
লৰিন ঈগল
লৰিন ঈগল (ইংৰাজী: Lauryn Eagle; জন্ম: ১১ ডিচেম্বৰ ১৯৮৭) এগৰাকী অষ্ট্ৰেলিয়ান পেছাদাৰী বক্সাৰ আৰু ৱাটাৰ স্কীয়িং চেম্পিয়ন। তেওঁ ৰিয়েলিটি টেলিভিছন শ্ব’ দ্য চেলিব্ৰিটি এপ্ৰেণ্টিছ অষ্ট্ৰেলিয়াৰ এগৰাকী প্ৰতিযোগী আছিল আৰু ২০০৪ চনৰ প্ৰাক্তন মিছ টিন ইণ্টাৰনেচনেল বিজয়ী।
-
লৰেন এস্পোচিটো
লৰেন এস্পোচিটো (Lauren Esposito) কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সছৰ এৰাকন’লজী (মকৰা আৰু বিছা সম্পৰ্কীয় বিজ্ঞান) বিভাগৰ সহকাৰী কিউৰেটৰ আৰু শ্লিগাৰ চেয়াৰ। তেওঁ ‘৫০০ কুইয়াৰ চাইণ্টিষ্ট’ নামৰ নেটৱৰ্কটোৰ সহ-প্ৰতিষ্ঠাপক।
-
লৰেন বেল
লৰেন কেটি বেল (ইংৰাজী: Lauren Katie Bell; জন্ম: ২ জানুৱাৰী ২০০১) এগৰাকী ইংৰাজ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ যিয়ে ইংলেণ্ডৰ হৈ খেলৰ সকলো ফৰ্মেটতে খেলে। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ ডব্লিউ পি এল, হেম্পশ্বাৰ আৰু চাউদাৰ্ণ ব্ৰেভতো খেলে।
-
লৰেল ক্লাৰ্ক
লৰেল ব্লেয়াৰ ক্লাৰ্ক (জন্ম: ১০ মাৰ্চ, ১৯৬১ – মৃত্যু:১ ফেব্ৰুৱাৰী, ২০০৩) আছিল এগৰাকী আমেৰিকাৰ নাছাৰ মহাকাশচাৰী, চিকিৎসক, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ কেপ্টেইন আৰু স্পেচ শ্বাটল মিছনৰ বিশেষজ্ঞ আছিল। স্পেচ শ্বাটল কলম্বিয়া দুৰ্যোগত তেওঁৰ ছয়জন সহকৰ্মী সদস্যৰ সৈতে তাইৰ মৃত্যু হৈছিল।
-
লৰ্ড কেলভিন
লৰ্ড কেলভিন (ইংৰাজী: Lord Kelvin, ২৬ জুন, ১৮২৪–১৯০৭) এগৰাকী গণিতজ্ঞ আৰু প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী। তাপবিজ্ঞান, বিদ্যুৎ বিজ্ঞান, চুম্বকত্ব, বলবিজ্ঞান আদি পদাৰ্থ বিজ্ঞানৰ প্ৰায় সকলো শাখাতে তেওঁ নিজৰ মেধা আৰু দক্ষতা প্ৰদৰ্শন কৰিছিল।
-
ল’ওৰা থেৰেছা
ল’ওৰা থেৰেছা, লেডী আলমা-টাডেমা ( Laura Theresa; (জন্ম: ১৬ এপ্ৰিল ১৮৫২ – ১৫ আগষ্ট ১৯০৯) এগৰাকী মহিলা আৰু শিশুৰ ঘৰুৱা আৰু ধাৰাবাহিক দৃশ্যৰ বিশেষজ্ঞ ব্ৰিটিছ চিত্ৰশিল্পী আছিল। তেওঁৰ আঠাইশখন ছবি ৰয়েল একাডেমীত প্ৰদৰ্শিত হৈছিল।
-
ল’ৰা আয়াৰ্ছ
ল’ৰা আয়াৰ্ছ (১ জুন ১৯২২ – ১৬ জানুৱাৰী ১৯৯২) এইডছৰ বিৰুদ্ধে কৰা যুঁজত পৰ্তুগালৰ অন্যতম অগ্ৰণী ব্যক্তি আছিল এজন ভাইৰ’লজিষ্ট।
-
ল’ৰা চৰ্টান
ল’ৰা চৰ্টান (জন্ম: ৯ নৱেম্বৰ ১৯৭৬) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, টেলিভিছন উপস্থাপিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৯৭ চনত মিছ অষ্ট্ৰেলিয়া খিতাপ জয় কৰাৰ বাবে পৰিচিত।
-
ল’ৰা ৰ’ডিগ
ল’ৰা ৰ’ডিগ (জন্ম নাম, ল’ৰা ডেল ট্ৰান্সিটো পিজাৰো; ৭ ছেপ্টেম্বৰ, ১৮৯৬ - ৩০ অক্টোবৰ, ১৯৭২) চিলিৰ এগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্য্যশিল্পী, চিত্ৰকৰ আৰু শিক্ষাবিদ আছিল। তেওঁ চিলিৰ মহিলাসকলৰ মুক্তি সমৰ্থক আন্দোলন (MEMCH)ৰ অন্যতম নেত্ৰী আছিল।
-
শকিলা
শকিলা মহছেনী চেদাঘাট (ফাৰ্চী: شکیلا محسنی صداقت), এককভাৱে শকিলা (ফাৰ্চী: شکیلا; জন্ম ৩ মে', ১৯৬২) নামেৰে পৰিচিত, হৈছে কেলিফৰ্নিয়াৰ ছান ডিয়েগোত বাস কৰা এগৰাকী ইৰানী কণ্ঠশিল্পী আৰু গীতিকাৰ।
-
শকুন্তলা নৰসিংহন
শকুন্তলা নৰসিংহন এগৰাকী ভাৰতীয় সাংবাদিক, গ্ৰাহক অধিকাৰ কৰ্মী। আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ-সাহাছৱান ঘৰাণৰ পৰা শাস্ত্ৰীয় কণ্ঠশিল্পীতেওঁ হাফিজ আহমেদ খানৰ শিষ্য আছিল আৰু দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰদ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় সংগীত কাৰ্যসূচীত কৰ্ণাটক আৰু হিন্দুস্তানী দুয়োটা শৈলীতে…
-
শকুন্তলা পাৰাঞ্জপ্য
শকুন্তলা পাৰাঞ্জপ্য(Shakuntala Paranjpye; ১৭ জানুৱাৰী ১৯০৬ – ৩ মে' ২০০০) এগৰাকী ভাৰতীয় লেখিকা, অভিনেত্ৰী আৰু এগৰাকী বিশিষ্ট সমাজকৰ্মী। ১৯৫৮–৬৪ চনৰ ভিতৰত তেওঁ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ সদস্য আছিল, আৰু ১৯৬৪–৭০ চনৰ ভিতৰত ৰাজ্যসভাৰ মনোনীত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
শকুন্তলা মজুমদাৰ
শকুন্তলা মজুমদাৰ (: Shakuntala Majumdar জন্ম ১৯৬৪); এগৰাকী ভাৰতীয় পশু অধিকাৰ কৰ্মী যিয়ে থানেৰ " প্ৰাণীৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ সমাজ"ৰ বাবে উচৰ্গিত মনোভাবেৰে কৰা কামৰ বাবে নাৰী শক্তিপুৰস্কাৰ বঁটা লাভ কৰিছিল।
-
শকুন্তলা সচিতানন্দন
শকুন্তলা সচিতানন্দন (ইংৰাজী: Sakuntala Sachithanandan) এগৰাকী শ্ৰীলংকান কবি, অধিবক্তা আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক কৰ্মৰাজীত প্ৰায়ে দৰিদ্ৰতা, সামাজিক অসমতা, প্ৰাণী, শিশু আৰু শ্ৰমিকৰ শোষণৰ দৰে বিষয়সমূহে প্ৰাধান্য পায়।
-
শক্তি অৰুলানন্দম
অৰুলমোলি (জন্ম: ১৯৬২) এগৰাকী ভাৰতীয় পৰিৱেশ-নাৰীবাদী কবি, লেখিকা আৰু শিল্পী। তেওঁ তামিলনাডু ৰাজ্যৰ বাসিন্দা আৰু শক্তি অৰুলানন্দম ছদ্ম নামেৰে পৰিচিত। তেওঁৰ কবিতাৰ বাবে তেওঁ তাঞ্জাই প্ৰকাশ বঁটা, শিখৰম বঁটা আৰু তিৰুপুৰ অৰিমা শক্তি বঁটা লাভ কৰিছে।
-
শঙ্কু মহাৰাজ
শঙ্কু মহাৰাজ (৭ মাৰ্চ ১৯৩১ - ১৮ অক্টোবৰ ২০০৪; প্ৰকৃত নাম জ্যোতিৰ্ময় ঘোষদস্তিদাৰ) হ'ল বাংলা সাহিত্যৰ সুপৰিচিত ভ্ৰমণকাহিনী লেখক।
-
শতানন্দ
শতানন্দ (আনুমানিক ১০৬৮-১০৯৯) আছিল এগৰাকী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী, যি তেওঁৰ হাতপুথি ভাস্বতী (1099)ৰ দ্বাৰাই অধিক পৰিচিত। শতানন্দ পুৰী বা উজ্জয়িনীৰ বাসিন্দা বুলি ভবা হয় আৰু তেওঁ বৰাহমিহিৰৰ সূৰ্য্যসিদ্ধান্তকে ধৰি অন্যান্য গ্ৰন্থৰ পৰা আহৰণ কৰিছিল। শতানন্দ শংকৰ আৰু সৰস্বতীৰ পুত্ৰ, জন্ম ওড়িশাৰ পুৰীত।
-
শন্মুখ প্ৰিয়া
শন্মুখ প্ৰিয়া (ইংৰাজী: Shanmukha Priya; জন্ম: ২ নৱেম্বৰ ২০০২) এগৰাকী ভাৰতীয় গায়িকা, যিয়ে কৰ্ণাটকী সংগীত, জাজ, ৰক, পপ আৰু য়োডেলিঙৰ বিশেষজ্ঞ। তেওঁ পদুথা থিয়াগা এছ ৬ (২০১৩), ছা ৰে গা মা পা ল’ইল চেম্পছ ২০১৭ (২০১৭) আৰু ইণ্ডিয়ান আইডল ১২ (২০২০–২১)কে ধৰি বহুতো জনপ্ৰিয় ৰিয়েলিটি টেলিভিছন শ্ব’ত গীত…
-
শমিতা শেট্টী
শমিতা শেট্টী (Shamita Shetty; জন্ম: ২ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ। অভিনেত্ৰী শিল্পা শেট্টীৰ কনিষ্ঠ ভগ্নী শমিতাই ২০০০ চনত ৰোমাণ্টিক ড্ৰামা মহব্বতেৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, যাৰ বাবে তেওঁ আইফাৰ 'ষ্টাৰ ডেবিউ অফ দ্য ইয়াৰ – ফিমেল' বঁটা লাভ কৰিছিল।
-
শমিতা সিংহ
শমিতা সিংহ (Shamita Singha) এগৰাকী ভাৰতীয় ফেশ্বন মডেল, টেলিভিছন এংকৰ, ভিজে আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ফেমিনা মিছ আৰ্থ ইণ্ডিয়া 2001 ৰ মুকুট পিন্ধিছিল আৰু পাছলৈ মিমিছ আৰ্থ 2001ত প্ৰতিদ্বন্দ্বিতা কৰিছিল, তাত তেওঁ ছেমিফাইনেলিস্টসকলৰ ভিতৰত এগৰাকী আছিল।
-
শমী কায়চাৰ
শমী কায়চাৰ (ইংৰাজী: Shomi Kaiser; বাংলা: শমী কায়সাব়; জন্ম: ১৫ জানুৱাৰী ১৯৭০) এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু ৰাজনৈতিক কৰ্মী। তেওঁ বৰ্তমান বিজ্ঞাপন আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ধাণচিৰি কমিউনিকেচনছ লিমিটেডৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
শম্পা ৰেজা
শম্পা ৰেজা (ইংৰাজী: Shampa Reza) এগৰাকী বাংলাদেশী গায়িকা, মডেল, অভিনেত্ৰী আৰু টেলিভিছন ঘোষিকা।
-
শম্মা জৈন
শম্মা জৈন (: Shamma Jain জন্ম ১৯৫৯) এগৰাকী জ্যেষ্ঠ ভাৰতীয় কূটনীতিবিদ। তেওঁ ২০১৭ চনৰ জুন ৰ পৰা ২০১৯ চনৰ অক্টোবৰ মাহলৈকে গ্ৰীচত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।