অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিবানী কাশ্যপ

শিবাণী কাশ্যপ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, যিয়ে বলীউড চলচ্চিত্ৰ জগতত কাম কৰে। তেওঁ টিভিৰ ৰিয়েলিটি চিংগিং শ্ব' বাথৰুম চিংগাৰৰ বিচাৰক হিচাপে কাম কৰিছে। অল ইণ্ডিয়া ৰেডিঅ’ আৰু অমুল ইণ্ডিয়াৰ এয়াৰ এফ এম চেনেলৰ চিগনেচাৰ টিউন গাই কাশ্যপে খ্যাতি অৰ্জন কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৪২৬ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

শিবাণী কাশ্যপ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, যিয়ে বলীউড চলচ্চিত্ৰ জগতত কাম কৰে। তেওঁ টিভিৰ ৰিয়েলিটি চিংগিং শ্ব' বাথৰুম চিংগাৰৰ বিচাৰক হিচাপে কাম কৰিছে।১২৩

আকাশবাণী আৰু অমুল ইণ্ডিয়াৰ এয়াৰ এফ এম চেনেলৰ চিগনেচাৰ টিউন গাই কাশ্যপে খ্যাতি অৰ্জন কৰিছিল। কাশ্যপে বেছিভাগেই চুফী-পশ্চিমীয়া সংগীতৰ মিশ্ৰণত সংগীত ৰচনা কৰে।

২০১২ চনত তেওঁ পাকিস্তানী ধাৰাবাহিক মহব্বত জয় ভৰ মেঁৰ শিৰোনাম গীত উৰ্দু ভাষাত গাইছিল, যিটো প্ৰধানকৈ পাকিস্তান আৰু ভাৰতত হিট হৈছিল। ষ্টাৰ প্লাছ টিভি শ্ব' বীৰাত “সংগীতজ্ঞ মেঘা’’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনত প্ৰৱেশ কৰে।৪৫

জীৱনী

ভাৰতৰ দিল্লীত জন্মগ্ৰহণ কৰা শিবানীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছে। পশ্চিমীয়া আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ তেওঁ বিশাৰদ।

তেওঁ দিল্লীৰ ব্লেক স্লেড বেণ্ডৰ সদস্য আছিল। ১৯৯৬ চনত A.I.R ৰ পৰিচয়সূচক সুৰ কাশ্যপৰ কণ্ঠত অল ইণ্ডিয়া ৰেডিঅ’ৰ এটা এফ এম চেনেলত প্ৰৱৰ্তন কৰিছিল৷ দূৰদৰ্শনত আমুল ইণ্ডিয়া আৰু সুবহ ছাবেৰেৰ শ্ব’ৰ বাবে তেওঁ বিজ্ঞাপন জিংগল ৰচনা কৰিছে। তেওঁৰ প্ৰথম পপ এলবাম হো গেই হেঁ মহব্বত (১৯৯৮)ৰ জৰিয়তে ৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে, যাৰ বাবে তেওঁ চেনেল ভি বঁটা লাভ কৰে।৬ ১৯৯৯ চনত কাজাখস্তানত অনুষ্ঠিত হোৱা বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় সংগীত মহোৎসৱ আজিয়া ডাউইছিত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছিল। ২০০০ চনত তেওঁ নাগমগী নামৰ চুফী এলবাম এটা মুকলি কৰে।

কাশ্যপ “নিচিৰেন বৌদ্ধ ধৰ্ম’’ৰ অনুগামী।৭৮৯ তেওঁ কয়, "মই বৌদ্ধ ধৰ্ম পালন কৰোঁ। মই দুবছৰ আগতে জপ কৰাৰ কাম হাতত লৈছিলোঁ। মোৰ বিশ্বাসে মোক শিকাইছে যে, 'বিপ্লৱ' সদায় নিজৰ ভিতৰতে আৰম্ভ হয়। যেতিয়া আপুনি নিজকে সলনি কৰে, তেতিয়া আপোনাৰ চৌপাশৰ কথাবোৰো সলনি হয়। এই দৰ্শনে মোৰ জীৱনটো নিমজ কৰি মোক এজন ভাল ব্যক্তি হোৱাৰ সুযোগ দিছে"।১০৯

তেওঁ বিশ্বজুৰি লাইভ শ্ব' পৰিৱেশন কৰিছে।১১ ২০০৩ চনত হিন্দী ছবি এইছা ভি হোতা হায়ৰ দ্বিতীয় খণ্ডৰ বাবে তেওঁৰ প্ৰথম চলচ্চিত্ৰ গীত "সজনা আ ভি জা" ৰচনা কৰি গাইছিল। তেওঁ জিন্দা (২০০৬) আৰু ১৯৭১ (২০০৭) ছবিৰ বাবে গীত গাইছিল।১২

২০০৫ চনত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত সংগীত বঁটা প্ৰদান অনুষ্ঠানত নাজাকাত এলবামৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা পপ গায়িকা বঁটা লাভ কৰে। ১৩১৪চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনত ধাৰাবাহিক আকেলাৰ টাইটেল সংগীত ৰচনা কৰি গাইছিল। ছাহাৰা ফিল্মি চেনেলৰ গায়কী অনুষ্ঠান বাথৰুম চিংগাৰৰ অন্যতম বিচাৰক আছিল শিবানী কাশ্যপ৷

২০১২ চনত তেওঁ পাকিস্তানী ধাৰাবাহিক মোহব্বত যায় ভাৰ মেঁৰ শীৰ্ষক গীতটো উৰ্দু ভাষা ভাষাত গাইছিল, যিটো পাকিস্তানত প্ৰচুৰ জনপ্ৰিয় হৈছিল।

কাশ্যপক আন ২৯ জন স্বতন্ত্ৰ আৰু মূলসুঁতিৰ শিল্পীৰ সৈতে হাংগামা ডিজিটেল মিডিয়াৰ নতুন স্বতন্ত্ৰ সংগীত উদ্যোগ ArtistAloud.comৰ অংশ হিচাপে নিৰ্বাচিত কৰা হৈছিল। কাশ্যপৰ মতে, "এইটো এটা ডাঙৰ চাইট, কাৰণ ই শিল্পীসকলক তেওঁলোকৰ ব্যক্তিগত স্থান আৰু এটা মঞ্চ প্ৰদান কৰে। ই এক ডাঙৰ ৰাজহৰ সুযোগো, কাৰণ মানুহে এই গীতবোৰ পাইৰেট কৰিব পৰাৰ কোনো উপায় নাই, কিয়নো এই গীতবোৰ বজাৰত উপলব্ধ নহয়।" এইদৰে আমি পাইৰেচিৰ বিৰুদ্ধে যুঁজিব পাৰোঁ আৰু আমাৰ সঠিক ধন লাভ কৰিব পাৰোঁ।" ২০১২ চনৰ ১ আগষ্টত ভাৰতৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত অংশগ্ৰহণ কৰিবলৈ মুম্বাইৰ পৰা দিল্লীৰ যন্তৰ মন্তৰলৈ যাত্ৰা কৰিছিল। দুৰ্নীতি বিৰোধী আন্দোলনক সমৰ্থন কৰি থকা ভাৰতৰ হাজাৰ হাজাৰ নাগৰিকৰ সম্মুখত "আন্না হাজাৰে দীপ হামাৰে" গীতটো উপস্থাপন কৰে।১৫

২০১৪ চনৰ ৬ জুলাইত ২০১৪ চনৰ মে’ মাহত চৰকাৰ গঠন কৰা ভাৰতীয় ৰাজনৈতিক ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে নামভৰ্তি কৰে।১৬ এই কথা টুইটাৰযোগেও ঘোষণা কৰে ছানীয়ে।১৭ মাই ফ্ৰী স্পিৰিট নামৰ এটা এলবামো মুকলি কৰিছে, য'ত ৰিমিক্স গীতটো নকুল শ্বৌৰী দ্বাৰা প্ৰযোজনা কৰা হৈছিল১৮ আৰু চনু নিগমৰ দ্বাৰা মুকলি কৰা হৈছিল।

ৰণবীৰ, দা মাৰ্ছেল(২০১৫)ত কাশ্যপে গোৱা এটা বিশেষ গীত আছে; ছবিখনত তেওঁ অভিনয়ো কৰিছে। ২০১৮ চনত তেওঁ গায়ক তথা সুৰকাৰ বৰুণ আহুজাৰ সৈতে মেৰে পাছ বাপ হায় ছবিৰ বাবে দ্বৈত কণ্ঠৰ গীত "বাচকে তু চলনা ৰে" গেংষ্টাৰ থিম গীতটো গাইছিল।

তথ্যসূত্ৰ

  1. ↑ Singing sensation Shibani Kashyap to visit Manipal in November. www.daijiworld.com
  2. ↑ Majumdar, Meghna. (4 April 2020). Berlin's clubs to India's folk singers: this lockdown, here's whom to see perform live online. The Hindu
  3. ↑ (7 February 2018). Shibani Kashyap: I can't keep singing the same genre of music all the time. The Indian Express
  4. ↑ (16 July 2020). Singer Shibani Kashyap talks about her acting experience in Ek Veer Ki Ardaas: Veera (Exclusive). Bollywood Life
  5. ↑ Female Bollywood Playback Singer and Performer. Shibani Kashyap. Retrieved 21 July 2017
  6. ↑ (6 April 2020). Shibani Kashyap on lockdown anxiety: Meditation music can calm your senses. The Indian Express
  7. ↑ (2011-08-29). Chanting: Prayer or meditation?. Times of India Blog
  8. ↑ Buddhism makes for a happy celeb!. DNA India
  9. ↑ Why celebrities are turning to Buddhism. DNA India
  10. ↑ (July 14, 2011). Shibani Kashyap. India Today
  11. ↑ Shibani Kashyap stages online houseparty on Show4me. www.radioandmusic.com
  12. ↑ Bollywood lacks a proper music industry: Shibani Kashyap. www.outlookindia.com/
  13. ↑ Biography - Times of India. The Times of India
  14. ↑ (1 March 2014). Shibani Kashyap
  15. ↑ (7 January 2010). Artist aloud!. The New Indian Express
  16. ↑ Panwar, Preeti. (6 July 2014) Singer Shibani Kashyap joins BJP – Oneindia . News.oneindia.in. Retrieved 21 July 2017
  17. ↑ Shibani Kashyap on Twitter: "Very happy to join BJP #BJPmembershiponlinecampaign with my full support and faith @BJP4India @BJPRajnathSingh @narendramodi #BJP". Twitter.com (6 July 2014). Retrieved 21 July 2017
  18. ↑ Sonu nigam launches shibani kashyap`s My Free Spirit . Santabanta.com (20 March 2010). Retrieved 21 July 2017

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিবানী কাশ্যপ” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৫৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।