অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিখা সিং

শিখা সিং শ্বাহ (ইংৰাজী: Shikha Singh Shah; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি ভাৰতীয় দূৰদৰ্শন জগতত কৰা কামৰ বাবে বিশেষভাৱে পৰিচিত।

হালনাগাদ: ২৮ জুন ২০২৬ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শিখা সিং শ্বাহ (ইংৰাজী ভাষা: Shikha Singh Shah; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৮৬১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি ভাৰতীয় দূৰদৰ্শন জগতত কৰা কামৰ বাবে বিশেষভাৱে পৰিচিত।

কৰ্মজীৱন

অভিনয়

সিঙে লেফ্ট ৰাইট লেফ্ট ধাৰাবাহিকত কেডেট আকৃতি ভাটৰ চৰিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।২৩ ইয়াৰ পিছত তেওঁক জি টিভিৰ মেৰী ডোলী তেৰে অংগনা আৰু ঘৰ কী লক্ষ্মী বেটিয়াত দেখা গৈছিল।৪ ২০১০ চনত তেওঁ কালাৰ্ছ টিভিৰ সামাজিক ড্ৰামা না আনা ইছ দেচ লাডোত আম্বা চাংৱান হিচাপে প্ৰৱেশ কৰে আৰু ২০১১ চনত এই অনুষ্ঠানৰপৰা বিদায় লয়।৩

সিঙে কালাৰ্ছ টিভিৰ সৈতে তৃতীয়বাৰৰ বাবে ফুলৱা ধাৰাবাহিকত কাম কৰে।২ ২০১৩ চনত তেওঁ লাইফ অ’কে (Life OK)-ৰ ধাৰাবাহিক ২৬/১২-ত শাহানা মালিকৰ চৰিত্ৰত অভিনয় কৰে আৰু ইয়াৰ পিছত আদালতত অভিনয়ৰ সুযোগ পায়।৫ ইয়াৰ পিছত তেওঁ কালাৰ্ছৰ চছুৰাল চিমৰ কাত মেঘনা সিংঘানিয়াৰ চৰিত্ৰত আৰু তাৰ পিছত মহাকাব্যিক ধাৰাবাহিক মহাভাৰতত সাহসী যোদ্ধা শিখণ্ডীৰ চৰিত্ৰত অভিনয় কৰিছিল; ২০১৩ চনৰপৰা ২০১৪ চনলৈকে তেওঁ এই দুয়োটা চৰিত্ৰতে অভিনয় কৰিছিল।৫

২০১৪ চনৰপৰা ২০২০ চনলৈকে সিঙে কুমকুম ভাগ্যত আলিয়া মেহৰাৰ জনপ্ৰিয় চৰিত্ৰটো ৰূপায়ণ কৰিছিল; ইয়াৰ মাজতে তেওঁ ইয়াৰ স্পিন-অফ কুণ্ডলী ভাগ্যতো একেটা চৰিত্ৰতে অভিনয় কৰিছিল। লগতে তেওঁ ষ্টাৰ প্লাছৰ চন্দ্ৰ নন্দিনী আৰু এণ্ড টিভি (&TV)-ৰ জনপ্ৰিয় খণ্ডভিত্তিক ধাৰাবাহিক লাল ইশ্কত বিভা হিচাপে অভিনয় কৰিছিল।৬

২০২২ চনত তেওঁ কালাৰ্ছ টিভিৰ নাগিন ৬ত ৰিদ্ধি শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছিল।৭

অন্যান্য কাম

অভিনয়ৰ উপৰি সিঙে চনী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনৰ জুবিলী কমেডী চাৰ্কাছ (২০০৮)-ত অংশ লৈছিল। তেওঁ চেনেল এক্সচেঞ্জিং ছিৰিজ গ’ল্ড চ্যেফ (২০০৯–১০)-ৰ আঁত ধৰিছিল।৮ তেওঁক ২০১৫ আৰু ২০১৬ চনত কমেডী নাইটছ বচাওত দেখা গৈছিল।৯

ব্যক্তিগত জীৱন

২০১৬ চনৰ এপ্ৰিল মাহত সিঙে কৰণ শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১ ২০২০ চনৰ জুন মাহত তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হয়।১০

তথ্যসূত্ৰ

  1. ↑ (8 February 2019). Kumkum Bhagya's Shikha Singh spends birthday in the wild; shares pics. The Times of India
  2. ↑ Chaubey, Pranita. (23 April 2020). Kumkum Bhagya Actress Shikha Singh And Karan Shah Are Expecting First Child Together. NDTV.com
  3. ↑ (11 December 2012). Would love to play Komolika, says Shikha Singh. Zee News
  4. ↑ IANS. (28 May 2020). TV actress Shikha Singh Shah flaunts blooming baby bump. Sify
  5. ↑ (20 April 2014). TV actress Shikha Singh approached for Jhalak Dikhla Jaa. The Indian Express
  6. ↑ (28 October 2012). Shikha Singh return with Chabbis Gyarah. The Times of India
  7. ↑ Trivedi, Tanvi. (11 March 2022). Exclusive! I am happy to make a comeback post pregnancy and play the role of a cop in Naagin 6: Shikha Singh. The Times of India
  8. ↑ Tiwari, Vijaya. Shikha Singh happy to create a niche with Mahabharat. The Times of India
  9. ↑ (9 April 2014). Shikha Singh to play Shabbir Ahluwalia's girlfriend in Kumkum Bhagya?. dna
  10. ↑ (17 June 2020). 'Kumkum Bhagya' actress Shikha Singh welcomes a baby girl. Free Press Journal

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিখা সিং” প্ৰবন্ধৰ সংশোধন ৬১৪৭০০ (২৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।