শাৰদা সিনহা (১ অক্টোবৰ ১৯৫২) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী। তেওঁ মূলতঃ মৈথিলী ভাষাৰ কণ্ঠশিল্পী যদিও তেওঁ ভোজপুৰী আৰু মগহী ভাষাৰ গীতটো কণ্ঠদান কৰিছে। তেওঁ ছট পূজাৰ গীত 'হো দিননাথ'ৰ মৈথিলী সংস্কৰণ গাই বিশেষভাবে জনাজাত হৈ পৰিছিল। মৈথিলী লোকসংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯১ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ২০১৮ চনত তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।১২
জীৱনী
১৯৫২ চনৰ ১ অক্টোবৰ তাৰিখে বিহাৰৰ মিথিলা ক্ষেত্ৰৰ চুপোৱাল জিলাৰ হুলাছ গাঁৱত শাৰদা সিনহাৰ জন্ম হৈছিল।৩ তেওঁৰ পিতৃ সুখদেৱ ঠাকুৰ বিহাৰ চৰকাৰৰ শিক্ষা বিভাগৰ এগৰাকী বিষয়া আছিল।৪ সৰুৰে পৰা শাৰদাৰ সংগীতৰ প্ৰতি ৰাপ থকা দেখি তেওঁৰ পিতৃয়ে এগৰাকী নৃত্য-গীতৰ শিক্ষক ঘৰত আহি শিকোৱা ব্যৱস্থা কৰি দিছিল।৪ পিছলৈ তেওঁ পটনা বিশ্ববিদ্যালয়ৰ পৰা কলা বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰে।৫ তেওঁৰ ব্ৰজকিশোৰ সিনহাৰ লগত বিবাহ হোৱাৰ পিছত শহুৰৰ ঘৰৰ পৰা সংগীতৰ ক্ষেত্ৰত অলপ বাধাৰ সন্মুখীন হৈছিল যদিও তেওঁৰ স্বামীয়ে তেওঁক পূৰ্ণ সমৰ্থন জনাইছিল।৩
কৰ্মজীৱন
শাৰদা সিনহায়ে ৮০ৰ দশকত মৈথিলী, ভোজপুৰী আৰু মগহী ভাষাৰ পাৰম্পৰিক লোকগীত গাই সমাদৃত হৈছিল। লোকগীতৰ বাহিৰে তেওঁ মৈথিলী কবি বিদ্যাপতিৰ গীত শ্ৰদ্ধাঞ্জলি নামৰ এলবামত বাণীবন্ধন কৰিছিল। সেইসময়ত তেওঁৰ ভোজপুৰী গীত সমূহ বিহাৰ আৰু উত্তৰ প্ৰদেশত বিখ্যাত হৈছিল। তেওঁৰ জনপ্ৰিয়তাৰ বাবে এটি গীতৰ বাণীবন্ধনৰ বাবে সেইসময়ত ৫০ হাজাৰ টকা মাননি লাভ কৰিছিল।৬৭ তেওঁ হিন্দী ছবি 'মেনে প্যাৰ কিয়া', 'হাম আপকে হে কন' আৰু শেহতীয়াকৈ 'গেংছ অফ ৱাছেপুৰ' ছবিত কণ্ঠদান কৰিছে। ১৯৮৯ চনত মুক্তি লাভ কৰা 'মাই' নামৰ হিন্দী চলচ্চিত্ৰত তেওঁ অভিনয়য়ো কৰিছিল।৭
ছট পূজাৰ গীতৰ লগত শাৰদা সিনহাৰ নাম বিশেষভাবে জড়িত হৈ আছে। পাৰম্পৰিক ষঠ গীত সমূহ গাই তেওঁ বিখ্যাত হৈ পৰিছিল। তেওঁ দেশ বিদেশৰ বিভিন্ন ঠাইত সংগীতানুষ্ঠান পৰিবেশন কৰিছে।
বঁটা আৰু সন্মান
শাৰদা সিনহায়ে মৈথিলী লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯১ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল। বিহাৰ চৰকাৰে তেওঁক বিহাৰ কোকিলা উপাধিৰে সন্মানিত কৰিছিল। ২০০৬ চনত মধ্য প্ৰদেশ চৰকাৰে তেওঁক দেৱী অহল্যা সন্মান প্ৰদান কৰিছিল। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ (26 January 2018). Government announces recipients of 2018 Padma awards. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (4 November 2016). This Chhath Puja song is making people so nostalgic, they want to go home. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ ধ্ৰুৱ কুমাৰ. (2013). বিহাৰ শতাব্দী কে ১০০ নায়ক. Prabhāta Prakāśana. পৃ. 165–. ISBN 978-93-5048-361-9
- ↑ অৰ্জুন, শ্বাতী. (2 ছেপ্টেম্বৰ 2012). 'তাৰ বিজলী' ছে পেহলে দৰ ৰেহি থি:শাৰদা সিনহা. bbc.com/hindi
- ↑ বিজয় কুমাৰ; যুৱৰাজ দেৱ প্ৰসাদ. (2012). বিহাৰ কে বিকাশ মে মহিলাও কি ভূমিকা. পৃ. 109-. ISBN 978-93-81456-00-2
- ↑ Peter Manuel. (मई 1993). Cassette Culture: Popular Music and Technology in North India. University of Chicago Press. পৃ. 165–. ISBN 978-0-226-50401-8
- ↑ Avijit Ghosh. (22 May 2010). CINEMA BHOJPURI. Penguin Books Limited. পৃ. 87–. ISBN 978-81-8475-256-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাৰদা সিনহা” প্ৰবন্ধৰ সংশোধন ২৫৪৭৮৫ (১৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।