শাৰদা শ্ৰীনিবাসন (ইংৰাজী: Sharada Srinivasan; জন্ম: ১৬ জানুৱাৰী ১৯৬৬)১ হৈছে এগৰাকী ভাৰতীয় শিল্প, পুৰাতত্ত্ব, প্ৰত্ন ধাতুবিজ্ঞান আৰু সংস্কৃতিৰ বৈজ্ঞানিক অধ্যয়নৰ বিশেষজ্ঞ আৰু পুৰাতত্ত্ববিদ। তেওঁ ভাৰতৰ বাংগালুৰুৰ “নেচনেল ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ”ৰ অধ্যাপিকা২ আৰু ব্ৰিটেইনৰ “এক্সেটাৰ বিশ্ববিদ্যালয়”ৰ সন্মানীয় বিশ্ববিদ্যালয়ৰ ফেলো।৩ শ্ৰীনিবাসন ধ্ৰুপদী ভাৰতনাট্যম নৃত্যৰো প্ৰতিনিধি। ২০১৯ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৬ চনৰ ১৬ জানুৱাৰীত বাংগালুৰুত এম. আৰ. শ্ৰীনিবাসন আৰু গীতা শ্ৰীনিবাসনৰ ঘৰত শাৰদা শ্ৰীনিবাসৰ জন্ম হৈছিল।৫ তেওঁ আছিল দুজন ভাই-ভনীৰ ভিতৰত সৰু। তেওঁৰ পিতৃ ভাৰতীয় পাৰমাণৱিক বিজ্ঞানী আৰু যান্ত্ৰিক অভিযন্তা আৰু মাতৃ প্ৰকৃতি সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী কৰ্মী। ১৯৮৩ চনত শাৰদাই মুম্বাইৰ জয় হিন্দ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰমাণ পত্ৰ লাভ কৰে২৬ আৰু ১৯৮৭ চনত বম্বেৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা বি.টেক. লাভ কৰে।২৬ ১৯৮৬ চনত আই. আই. টি.ৰ চাৰিজন বেচমেটৰ সৈতে শাৰদাই ইংৰাজী বৈশিষ্ট্যপূৰ্ণ ছবি নিউক্লিয়াৰ ৱিণ্টাৰৰ সহ-পৰিচালক, অভিনয় আৰু নৃত্য পৰিচালনা কৰে যিয়ে ১৯৮৮ চনৰ বাবে বিশেষ বিভাগত কান বঁটা লাভ কৰে। তাৰকা শিল্পীসকলৰ ভিতৰত আছিল বিজয় কৃষ্ণ আৰু মিছু ভেল্লানী। আই. আই. টি.ৰ পৱাই কেম্পাছত শ্বুটিং কৰা এই ছবিখনে শাৰদাৰ সফল নৃত্য কেৰিয়াৰৰ শুভাৰম্ভ কৰে। ১৯৮৯ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত২৬ তেওঁ ইউনিভাৰ্চিটি কলেজ লণ্ডনত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰাৰ সময়ত দক্ষিণ ভাৰতীয় ব্ৰঞ্জৰ ভাস্কৰ্য্যৰ ওপৰত গৱেষণা অব্যাহত ৰাখে আৰু ১৯৯৬ চনত তেওঁ গবেষণা সম্পূৰ্ণ কৰে।২৬
কেৰিয়াৰ
শাৰদা শ্ৰীনিবাসনে ২০১২ চনৰ পৰা ভাৰতৰ বাংগালুৰুৰ “নেচনেল ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ”ৰ স্কুল অৱ হিউমেনিটিজৰ প্ৰগ্ৰেম অৱ হেৰিটেজ এণ্ড ছ’চাইটিৰ অধ্যাপিকা। ২০০৬ চনত তেওঁ অনুষ্ঠানটোত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল আৰু ২০১২ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।২৬
'ইণ্ডিয়াজ লিজেণ্ডেৰি ৱুটজ ষ্টীল: এন এডভান্স মেটেৰিয়েল অৱ দ্য এনচিয়েণ্ট ৱৰ্ল্ড' নামৰ গ্ৰন্থখনৰ প্ৰথম লেখিকা। অধ্যাপক শাৰদা শ্ৰীনিবাসন “গ্ৰেট ব্ৰিটেইনৰ ৰয়েল এছিয়াটিক ছ'চাইটি” আৰু “ৱৰ্ল্ড একাডেমী অৱ আৰ্ট এণ্ড চাইন্স”ৰ সন্মানীয় সদস্য,৭ আৰু “আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্স”ৰো সন্মানীয় সদস্য।
শ্ৰীনিবাসনক হোমি ভাবা ফেল'শ্বিপ প্ৰদান কৰা হয়,৮ এই সময়ছোৱাত তেওঁ স্মিথছ'নিয়ান, কনজাৰ্ভেচন এনালাইটিকেল লেবৰেটৰী, মিউজিয়াম অৱ এপ্লাইড চাইন্সেছ চেণ্টাৰ ফৰ আৰ্কিঅ'লজি (MASCA), ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়া, কনজাৰ্ভেচন এনালাইটিকেলত লেবৰেটৰী, স্মিথছ'নিয়ান এণ্ড কনজাৰ্ভেচন ডিপাৰ্টমেণ্ট, ফ্ৰিয়াৰ এণ্ড চেকলাৰ গেলেৰীছ অতিথি অধ্যাপক হিচাপে ব্ৰিটেইন আৰু আমেৰিকা ভ্ৰমণ কৰে আৰু ইউৰোপীয় আয়োগৰ দ্বাৰা আয়োজিত অক্সফৰ্ডত ইউনিভাৰ্চিটি অৱ উইচকনচিন মেডিচনৰ ইণ্ডাছ আৰ্কিঅ'লজিৰ সন্মিলনত গৱেষণা পত্ৰ উপস্থাপন কৰে।
তেওঁ ব্ৰিটিছ কাউন্সিলৰ পুঁজিৰে আগবঢ়োৱা UKEIRI গৱেষণা বঁটাৰ সহ-প্ৰাপক আছিল।৯
২০০৯ চনত শ্ৰীনিবাসনে বাংগালুৰুত অনুষ্ঠিত সপ্তম “বিগিনিং অৱ দ্য ইউজ অৱ মেটালছ এণ্ড এলয়ছ”ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সহ-অধ্যক্ষতা কৰে। এই কাৰ্য্যবিধি ২০১৫ চনত “মেটালছ এণ্ড চিভিলাইজেচনছ”ত প্ৰকাশ পাইছিল, যাৰ সহ-সম্পাদক আছিল শ্ৰীনিবাসন।১০
নৃত্য
আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান বৰ্ষৰ ফটো-মণ্টেজ প্ৰদৰ্শনী “ডান্স ই-টয়লে: নাটৰাজা এট লে কচমছ”ত শাৰদা শ্ৰীনিবাসনে পৰিচালনা কৰা বিজ্ঞানী-নৃত্যশিল্পীক “এলায়েন্স ফ্ৰান্সেইজ বেংগালুৰু এট্ৰিয়াম”ত প্ৰদৰ্শিত কৰা হৈছিল।১১ শ্ৰীনিবাসন এগৰাকী দক্ষিণ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ বিশেষজ্ঞ আৰু পৰিবেশন শিল্পী। তেওঁ ৰয়েল এছিয়াটিক ছ’চাইটি, ৰয়েল একাডেমী অৱ আৰ্টছ, ইণ্টাৰনেশ্যনেল একাডেমী অৱ এষ্ট্ৰ’নটিক্স, ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ থিয়ৰেটিকেল ফিজিক্স, ট্ৰাইষ্ট, ইনটাচ-বেলজিয়াম, নেহৰু চেণ্টাৰ, লণ্ডন, চাইনা কনজাৰ্ভেটৰী অৱ মিউজিকত অনুষ্ঠান পৰিৱেশন আৰু বক্তৃতা প্ৰদান কৰিছে। তেওঁৰ নেতৃত্বতে ২০০৮ চনৰ জুন মাহত “এলায়েন্স ফ্ৰান্সেজ বেংগালুৰু”ত দক্ষিণ ভাৰতীয় ব্ৰঞ্জ আৰু নটৰাজৰ সৈতে জড়িত কলা-বিজ্ঞান-নৃত্যৰ দৃষ্টিভংগীৰ ওপৰত 'শিৱৰ মহাজাগতিক নৃত্য' শীৰ্ষক এখন চিত্ৰ-প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হৈছিল।১২
তথ্যসূত্ৰ
- ↑ Sharada Srinivasan · National Institute of Advanced Studies - Academia.edu. nias.academia.edu
- ↑ Sharada Srinivasan · National Institute of Advanced Studies. www.nias.res.in
- ↑ Professor of Archaeology. Department of Humanities at Exeter
- ↑ Padma Shri Awardees 2019
- ↑ Family
- ↑ IIT Bombay Alumni Prof. Rohini M. Godbole And Prof. Sharada Srinivasan Conferred Padma Shri · IIT Bombay. www.iitb.ac.in
- ↑ IIT Bombay Alumni Prof. Rohini M. Godbole And Prof. Sharada Srinivasan Conferred Padma Shri · IIT Bombay. www.iitb.ac.in
- ↑ Homi Bhabha Fellowship. Homi Bhabha Fellowships Council
- ↑ Dr Sharada Srinivasan. www.sharadasrinivasan.com
- ↑ (20 October 2015). Metals and Civilizations: Proceedings of the Seventh International Conference on the Beginnings of the use of Metals and Alloys (BUMA VII)(NIAS Special Publication No. SP7-2015). e-print@NIAS. ISBN 9789383566112
- ↑ K-Dance Website
- ↑ Sharada Srinivasan performs Bharatanatyam At international conference on Southeast Asian Archaeology 1 September 2008 Leiden, Holland
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাৰদা শ্ৰীনিবাসন” প্ৰবন্ধৰ সংশোধন ৪৮৫২৮১ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।