অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেইড আৰেল

মেইড আৰেল ( Maide Arel; জন্ম: ১৯০৭–মৃত্যু: ১৯৯৭) মায়দে ফেৰুহান নামেৰেও জনাজাত, তুৰ্কীত জন্মগ্ৰহণ কৰা আৰ্মেনিয়ান চিত্ৰশিল্পী আছিল। বিমূৰ্ত আৰু ষ্টাইলাইজড ফিগাৰ, কিউবিজমৰ দৰেই আৰু প্ৰায়ে নিস্তেজ ৰঙৰ কামৰ বাবেই তেওঁ সু-পৰিচিত।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মেইড আৰেল ( Maide Arel; জন্ম: ১৯০৭–মৃত্যু: ১৯৯৭) মায়দে ফেৰুহান নামেৰেও জনাজাত, তুৰ্কীত জন্মগ্ৰহণ কৰা আৰ্মেনিয়ান চিত্ৰশিল্পী আছিল।১২ বিমূৰ্ত আৰু ষ্টাইলাইজড ফিগাৰ, কিউবিজমৰ দৰেই আৰু প্ৰায়ে নিস্তেজ ৰঙৰ কামৰ বাবেই তেওঁ সু-পৰিচিত।

জীৱনী

১৯০৭ চনত তুৰস্কৰ ইস্তানবুলত মায়দে ফেৰুহান নামেৰে আৰেলে জন্মগ্ৰহণ কৰিছিল। তেওঁ আছিল তিৰস্কৰ শিল্পী আৰু ডিজাইনাৰ চাইমন ডাডিয়ানৰ নাতিনী আৰু নাজিক বালিয়ান আৰু বালিয়ান স্থপতিবিদৰ পৰিয়ালৰ বংশধৰ আছিল।১

আৰেলে মিমাৰ চিনান ফাইন আৰ্টছ ইউনিভাৰ্চিটিত অধ্যয়ন কৰিছিল, যাক আনুষ্ঠানিকভাৱে ইস্তানবুল ডেভলেট গুজেল ছানাটলাৰ একাডেমী নামেৰে জনা যায় আৰু ১৯৩৫ চনত তাৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।৩ আৰেলে নাজমি জিয়া গুৰাণ, মেহমেত ৰুহি আৰেল আৰু হিকমেট অনাটৰ লগত একেলগে অধ্যয়ন কৰিছিল, ১৯৮৫ চনত।৩ ১৯৩৫ চনত তেওঁৰ চিত্ৰকলাৰ অধ্যাপক মেহমেত ৰুহি আৰেলৰ পুত্ৰ চিত্ৰশিল্পী চেমচি আৰেলৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩

১৯৪৫ চনৰ পৰা ১৯৫০ চনলৈকে তেওঁ পেৰিছত বাস কৰিছিল আৰু আন্দ্ৰে লোটে, ফাৰ্নাণ্ড লেগাৰ আৰু জিন মেট্জিংগাৰৰ সৈতে চিত্ৰ কৰ্মশালাত অধ্যয়ন কৰিছিল।৩২ কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাত, তেওঁৰ প্ৰথম সময়ছোৱাৰ চিত্ৰকলা আছিল মূলতঃ প্ৰাকৃতিক দৃশ্য আৰু ইউৰোপলৈ গুচি যোৱাৰ পিছত তেওঁৰ কাম বিমূৰ্ত বিষয়লৈ সলনি হয়।

১৯৯৭ চনৰ ৯ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয় আৰু তেওঁক তুৰস্কৰ ইস্তানবুলত সমাধিস্থ কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ Kürkman, Garo. (2004). Armenian Painters in the Ottoman Empire, 1600-1923. Matüsalem Uzmanlık ve Yayıncılık. পৃ. 155. ISBN 978-975-92015-4-8
  2. ↑ 19.YY. Sonu ve 20.YY Basinda Kadin Ressamlarimiz. dergipark.org
  3. ↑ (2018-05-18). The life and works of Maide Arel (1907 - 1997). Istanbulsanatevi

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পীআৰ্মেনিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেইড আৰেল” প্ৰবন্ধৰ সংশোধন ৪৮০৬৯৭ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।