অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুবাৰক বেগম

মুবাৰক বেগম (ইংৰাজী: Mubarak Begum; সম্পূৰ্ণ নাম: মহৰুত্তুন মুবাৰক উল-নিছা বেগম) এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল দৰবাৰৰ প্ৰথম ব্ৰিটিছ ৰেছিডেণ্ট ডেভিদ অক্টাৰলনীৰ ত্ৰয়োদশ পত্নী আছিল।

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

মুবাৰক বেগম (ইংৰাজী: Mubarak Begum; সম্পূৰ্ণ নাম: মহৰুত্তুন মুবাৰক উল-নিছা বেগম)১ এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল দৰবাৰৰ প্ৰথম ব্ৰিটিছ ৰেছিডেণ্ট ডেভিদ অক্টাৰলনীৰ ত্ৰয়োদশ পত্নী আছিল।

এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা মুবাৰক বেগমে ইছলাম গ্ৰহণ কৰাৰ আগতে প্ৰথমতে পুনেত এগৰাকী নৃত্যশিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। বেগম এগৰাকী তৱাইফ হৈ পৰিছিল আৰু তেওঁ কেইবাখনো কাব্য সন্মিলন আয়োজন কৰিছিল। তেওঁৰ অতিথিসকলৰ ভিতৰত বিখ্যাত কবি মিৰ্জা গালিবো অন্যতম আছিল।২ চাৰ ডেভিদে প্ৰথমে তেওঁক এগৰাকী উপপত্নী হিচাপে ক্ৰয় কৰিছিল আৰু কেইবছৰমানৰ পিছত তেওঁক বিবাহ কৰাইছিল। মুবাৰক বেগমে তেওঁৰ স্বামীৰ দৰবাৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি কোৱা হয়।৩

অক্টাৰলনীৰ আটাইতকৈ প্ৰিয় পত্নী বুলি বিবেচিত বেগম তেওঁৰ কনিষ্ঠতম সন্তান দুগৰাকী কন্যাৰ মাতৃ আছিল। তেওঁক "জেনেৰেলী বেগম" বুলি জনা গৈছিল। তেনে হিচাপে তেওঁ ঘৰৰ বাকী সদস্যসকলৰ তুলনাত অগ্ৰাধিকাৰ লাভ কৰিছিল।৪

বেগম এগৰাকী ধৰ্মপ্ৰাণ মুছলমান আছিল আৰু এবাৰ তেওঁ হজ্জ কৰিবলৈ ছুটীৰ বাবে আৱেদন জনাইছিল।৫ তেওঁ তেওঁলোকৰ ঘৰত সংগীতৰ মজলিছ আয়োজন কৰিছিল আৰু ভাৰতীয় সংগীতৰ মৰ্যাদা তথা শৃংখলা বজাই ৰাখিছিল। তেওঁ সুগন্ধি প্ৰস্তুত কৰিছিল আৰু আতৰ বনাব জানিছিল।

উৰ্দু ভাষা আৰু পাৰ্চী কবিতাৰ প্ৰতি থকা ভালপোৱাৰ বাবে তেওঁ দিল্লী কলেজৰ প্ৰাংগণত অনুষ্ঠিত হোৱা মুশ্বাইৰাসমূহৰ নিয়মীয়া অংশগ্ৰহণকাৰী আছিল।৩ মোগল ৰাজকুমাৰ মিৰ্জা ফাৰহাতুল্লাহ বেগে তেওঁৰ ঘৰত এক কাব্য সন্মিলন অনুষ্ঠিত কৰিছিল।৬

অক্টাৰলনীতকৈ বয়সত বহুত সৰু হ’লেও বেগমক তেওঁলোকৰ বৈবাহিক সম্পৰ্কত আধিপত্য বিস্তাৰ কৰা চৰিত্ৰ হিচাপে দেখা গৈছিল। ইয়াৰ ফলত এজন পৰ্যবেক্ষকে মন্তব্য কৰিছিল যে "চাৰ ডেভিদক দিল্লীৰ কমিচনাৰ কৰাটো জেনেৰেলী বেগমক কমিচনাৰ কৰাৰ দৰেই আছিল"। আন এজন পৰ্যবেক্ষকে মন্তব্য কৰিছিল যে "অক্টাৰলনীৰ প্ৰেয়সীয়ে এতিয়া দেৱালৰ ভিতৰত থকা প্ৰতিজনৰে মুৰব্বী"। তেওঁৰ প্ৰভাৱৰ ফলত অক্টাৰলনীয়ে তেওঁৰ ল'ৰা-ছোৱালীবোৰক মুছলমান হিচাপে ডাঙৰ-দীঘল কৰাৰ কথা ভাবিছিল আৰু যেতিয়া বেগমৰ কন্যাকল ডাঙৰ হৈছিল, তেওঁ দিল্লীৰ অন্যতম আগশাৰীৰ মুছলমান পৰিয়াল লোহাৰুৰ নৱাবসকলৰ পৰিয়ালৰ পৰা এটি সন্তান তুলি লৈছিল। মুবাৰকৰ দ্বাৰা লালিত-পালিত হোৱা ছোৱালীজনীয়ে তাইৰ সম্পৰ্কীয় ভাতৃ অৰ্থাৎ বিখ্যাত উৰ্দু কবি মিৰ্জা গালিবৰ ভতিজাকক বিয়া কৰাইছিল।৫

বেগমে নিজকে এক স্বতন্ত্ৰ শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু এক স্বতন্ত্ৰ বৈদেশিক নীতি অনুসৰণ কৰিছিল। এটা সময়ত খবৰ ওলাইছিল যে "মুবাৰক বেগম ওৰফে জেনেৰেলী বেগমে দিল্লীৰ কাগজবোৰ নিজাৰ আৰু খিলাতৰ [উপহাৰ আৰু সন্মানীয় পোছাক] হিচাপৰে ভৰাই পেলাইছে যিবোৰ তেওঁ বিভিন্ন ভাৰতীয় শক্তিৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে কৰা লেনদেনত গ্ৰহণ কৰিছে বা দিছে— এইটো সঁচা হ'লে এক অস্বাভাৱিক স্বাধীনতা।"৭

অৱশ্যে ইমান ক্ষমতা আৰু মৰ্যাদা থকাৰ পিছতো বেগম ব্ৰিটিছ আৰু মোগল উভয়ৰে মাজত অজনপ্ৰিয় আছিল। তেওঁ নিজকে "লেডী অক্টাৰলনী" বুলি মাতি ব্ৰিটিছসকলক অসন্তুষ্ট কৰিছিল আৰু মোগলসকলক অসন্তুষ্ট কৰি নিজকে "কুদছিয়া বেগম" উপাধি প্ৰদান কৰিছিল, যিটো উপাধি পূৰ্বে কেৱল সম্ৰাটৰ মাতৃৰ বাবে সংৰক্ষিত আছিল। অক্টাৰলনীৰ মৃত্যুৰ পিছত তেওঁ উত্তৰ পুৰণি দিল্লীত অক্টাৰলনীয়ে নিৰ্মাণ কৰা এক এংলো-মোগল বাগিচা সমাধিক্ষেত্ৰ মুবাৰক বাগ উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছিল। তেওঁৰ অজনপ্ৰিয়তা আৰু এজনী নৃত্যশিল্পী হিচাপে থকা অতীতৰ বাবে কোনো মোগল ভদ্ৰলোকে তেওঁৰ নিৰ্মাণ ব্যৱহাৰ কৰিব নিবিচাৰিছিল। আজিও পুৰণি চহৰৰ স্থানীয় বাসিন্দাসকলে এই সমাধিক্ষেত্ৰটোক "ৰাণ্ডী কি মছজিদ" বুলি কয়।৮৯ ১৮৭৮ চনত তেওঁৰ মৃত্যুৰ পিছত মছজিটো ব্ৰিটিছ চৰকাৰে অধিগ্ৰহণ কৰে। মধ্যযুগীয় ভাৰতত মহিলাৰ দ্বাৰা নিৰ্মাণ কৰা তিনিখন মছজিদৰ ভিতৰত এই মছজিদখন অন্যতম।১০

তথ্যসূত্ৰ

  1. ↑ Tawaifs of Delhi: a tale told and untold City Spidey 9 June 2022
  2. ↑ Hazra, Saonli. (29 September 2019). Courtesan Contribution To Hindustani Classical Music—Lesser Told Histories. Feminism in India
  3. ↑ Adnan, Ally. (2014-08-22). Where else could I live like a king?. Friday Times
  4. ↑ R. V. Smith. (8 May 2011). Ochterlony and his bibis. The Hindu
  5. ↑ William Dalrymple, The Last Mughal, p. 66
  6. ↑ The dome’s doom, Thursday, 23 July 2020
  7. ↑ Gardner papers, National Army Museum, Letter 87, p. 226, 10 August 1821
  8. ↑ William Dalrymple, White Mughals, pp. 183-184
  9. ↑ How Old Delhi’s Randi ki Masjid got its name,29 November 2019
  10. ↑ Masjid dome that collapsed in Old Delhi part of 200-yr-old mosque commissioned by a woman The Print 20 July 2020

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীভাৰতীয় কবিভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুবাৰক বেগম” প্ৰবন্ধৰ সংশোধন ৫৯৯৭১১ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।