মৃদুল শৰ্মা একাধাৰে ঔপন্যাসিক, সমালোচক, নাট্যকাৰ আৰু অধ্যাপক৷১ অসমৰ পৰা প্ৰকাশিত ই-আলোচনী ‘অন্যযুগ’ৰ সম্পাদক৷২ বৰ্তমান তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ কলেজত সহযোগী অধ্যাপক ৰূপে কৰ্মৰত৷৩
জন্ম আৰু শিক্ষা
তেওঁৰ জন্ম হয় লখিমপুৰ জিলা জিলাৰ ভেৰেকী গাঁৱত ১৯৭৫ চনত৷ তেওঁ পানীগাঁও গাৰ্গী বাল্যভৱনত প্ৰাথমিক শিক্ষা লাভ কৰে৷ পানীগাঁও উচচতৰ মাধ্যমিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাত (অসমীয়া উচ্চমান) উত্তীৰ্ণ হয়৷ পৰৱৰ্তী সময়ত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ তেওঁ অসম বিশ্ববিদ্যালয়, শিলচৰৰপৰা ‘আধুনিকতাবাদী কবিতা আৰু দৃষ্টিবেদ্য কলাৰ সম্পৰ্ক’ বিষয়ক গৱেষণাৰ বাবে ডক্তৰেট ডিগ্ৰী লাভ কৰে৷
কৰ্মজীৱন
২০০০ চনত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ কলেজত প্ৰবক্তাৰূপে যোগদান৷ পৰৱৰ্তী সময়ত সহযোগী অধ্যাপকলৈ পদোন্নীত হয়৷৩
প্ৰকাশিত গ্ৰন্থাৱলী
সমালোচনা গ্ৰন্থ
- ৰাজপথৰপৰা আলহীলৈ (২০০৮, ২০১২, কৌস্তুভ, ডিব্ৰুগড়)৷
এই গ্ৰন্থত নচিকেতা ছদ্মনামেৰে ভবানন্দ দত্তই লিখা ‘ৰাজপথ’ কবিতাটোৰপৰা নীলিম কুমাৰৰ ‘আলহী’ কবিতাটোলৈকে একত্ৰিছটা আধুনিক অসমীয়া কবিতাৰ নিৰ্বচন সংকলিত হৈছে৷
- বচন-নিৰ্বচন (২০০৯, কিৰণ, ধেমাজি)৷
এই গ্ৰন্থত কবিতাৰ পাঠ (Reading) সম্পৰ্কে বিশ্লেষণ কৰিবলৈ যত্ন কৰাৰ লগতে ভালেকেইটা উল্লেখযোগ্য আধুনিক অসমীয়া কবিতাৰ বিশ্লেষণ সংকলিত হৈছে৷
- আধুনিক অসমীয়া কাব্য পৰিক্ৰমা (২০১৪, কৌস্তুভ, ডিব্ৰুগড়)
এইখন গ্ৰন্থত সামগ্ৰিকভাৱে আধুনিক অসমীয়া কবিতাৰ ঐতিহাসিক প্ৰেক্ষাপট বিচাৰ কৰা হৈছে৷
- কবিতা আৰু গদ্য: সম্পৰ্ক-সূত্ৰ সন্ধান (২০১৭, বনলতা, ডিব্ৰুগড়)৷
কবিতা কিয়নো কবিতা, কবিতা কিয় গদ্য নহয় অথবা গদ্য কিয় কবিতা নহয় এই মৌলিক প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰা হৈছে এইখন গ্ৰন্থত৷
- কবিতাৰ পাঠ আৰু নিৰ্মাণ: বাটচ’ৰাৰপৰা মণিকূটলৈ (২০২০, পেপিৰাছ, গুৱাহাটী)৷
কবিতা একোটাৰ সৃষ্টি প্ৰত্ৰিয়া আৰু তাৰ পৰৱৰ্তী সময়ত কবিয়ে কবিতাটোৰ নিৰ্মিতিক লৈ কৰিবলগীয়া যত্ন সম্পৰ্কে এইখন গ্ৰন্থত বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ লগতে আধুনিক অসমীয়া কবিতা বিষয়ক ভালেকেইটা প্ৰবন্ধ এই গ্ৰন্থত সন্নিৱিষ্ট হৈছে৷
- শব্দৰ সম্ভাৱনা আৰু দায়িত্ব (২০২৩, শংকৰদেৱ, নগাঁও)৷
অসমীয়া ভাষাৰ শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত পালন কৰিবলগীয়া সজাগতা, কথাশৈলীত স্থানসাপেক্ষে শব্দবোৰৰ গুৰুত্ব আদি বিবিধ দিশ এই গ্ৰন্থত আলোচিত হৈছে৷ কবিতা বিষয়ক ভালেকেইটা প্ৰবন্ধ এই গ্ৰন্থত সন্নিৱিষ্ট হৈছে৷
উপন্যাস
- তেজীমলাৰ মাকৰ সাধু (২০১২, আঁক-বাক, গুৱাহাটী)৷
অসমীয়া সমাজত প্ৰচলিত তেজীমলাৰ সাধুটোৰ পুনৰ্নিৰ্মাণ৷ তেজীমলাৰ মাহীমাকৰ চৰিত্ৰটোৰ নতুন বিশ্লেষণ৷ তদুপৰি দুৰ্নীতি যে কোনেও অকলশৰে কৰিব নোৱাৰে তাৰো ৰূপকধৰ্মী চিত্ৰণ৷
- পোতাপিটনি (২০১৩, আঁক-বাক, গুৱাহাটী)৷
অসমৰ উচ্চশিক্ষাৰ জগতখনক লৈ লিখা উপন্যাস৷ কুৰি শতিকাৰ চতুৰ্থ দশকত কলেজত পঢ়িবলৈ ধন যোগাৰ কৰিব নোৱৰা ব্যক্তি এজনে পৰৱৰ্তী সময়ত এখন কলেজ পতাৰ সপোন দেখে আৰু সেই সপোনক বাস্তৱত ৰূপ দিয়ে৷ কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন সুবিধাবাদী শক্তিৰ হেঁচাত তেওঁ নিজে পতা কলেজখনৰপৰাই আঁতৰি যাবলগীয়া হয়৷ একবিংশ শতিকাৰ চৰিত্ৰ এটাৰ দৃষ্টিকোণেৰে উপন্যাসখন আগ বাঢ়িছে৷
- লুপ্তকথা (২০১৪, আঁক-বাক, গুৱাহাটী)৷
কবি কালিদাস আৰু দেৱী সৰস্বতীকেন্দ্ৰিক যি জনশ্ৰুতি শুনা যায় তাৰে পুনৰ ৰূপায়ণ এইখন উপন্যাস৷ উপন্যাসখনৰ এটা বিশেষভাৱে উল্লেখযোগ্য দিশ হৈছে ইয়াৰ ভাষাটো৷
- নিলগৰ ঢৌ (২০১৫, বনলতা, ডিব্ৰুগড়)৷
ভিতৰুৱা গাঁও এখনৰ ল’ৰা এজন স্কুলীয়া শিক্ষা শেষ কৰি নগৰৰ কলেজত পঢ়িবলৈ গৈ গাঁওখনৰ অভাৱ অনুভৱ কৰে৷ বিশাল জগতখনৰ সম্মুখত নিজৰ ক্ষুদ্ৰতাৰ উপলব্ধি উপন্যাসখনৰ এক বিশেষ দিশ৷
- পানীধেমালি (২০২০, পাঞ্চজন্য, গুৱাহাটী)৷
বিংশ শতিকাৰ স্বাধীনতা পৰৱৰ্তী প্ৰায় পঞ্চাছ বছৰৰ অসমৰ আৰ্থসামাজিক জীৱন এই উপন্যাসখনৰ ঘাই বিষয়৷ আন্দোলন, সন্ত্ৰাসবাদ, ধৰ্মৰ নামত চলা ব্যভিচাৰ, ৰাজনৈতিক সুবিধাবাদ, বনধ্বংস, সহজ ধনৰ লোভ, প্ৰেম-প্ৰবঞ্চনা আদিৰে উপন্যাসখন বিচিত্ৰ৷ বিভিন্ন সময়ত বিভিন্ন ভাষাভঙ্গীৰ ব্যৱহাৰ এইখন উপন্যাসৰ উল্লেখযোগ্য দিশ৷
- গঁড় (২০২২, আঁক-বাক, গুৱাহাটী)৷
অসমৰ গৌৰৱস্বৰূপ কাজিৰঙা আৰু গঁড়ক লৈ এইখন উপন্যাস৷ উপন্যাসখনত কাজিৰঙাৰ নাম অৱশ্যে বনফুটুকী৷ শ্যামল কৰ্মকাৰ, বনানি শ্যাম আৰু বেলিণ্ডা নামৰ তিনিটা চৰিত্ৰৰ যোগেদি ঘাইকৈ উপন্যাসখন আগ বাঢ়িছে৷ কাজিৰঙাৰ ইতিহাস, গঁড় নামৰ প্ৰাগৈতিহাসিক জন্তুটোৰ ইতিহাস, গঁড়কে ধৰি অৰণ্যৰ সুৰক্ষা, চোৰাং চিকাৰ, অৰণ্যৰ সুৰক্ষাৰ্থে এচাম মানুহে তেজক পানী কৰি কৰা কষ্টস্বীকাৰ আদি এইখন উপন্যাসৰ মূল৷
সম্পাদিত, অনূদিত আৰু অন্যান্য গ্ৰন্থসমূহ
- অনুপম কুমাৰৰ কবিতা সমগ্ৰ (সম্পা. ২০২০, পাঞ্চজন্য, গুৱাহাটী)
- কানৈয়ানৰ নিৰ্বাচিত গল্প (সম্পা. ২০০৫, চিৰিলুইত, লখিমপুৰ)
- চিন্তা বৈভৱ (সম্পা. ২০০৬, বেজবৰুৱা চ’ৰা, কানৈ কলেজ, ডিব্ৰুগড়)
- পুতলানাচৰ ইতিকথা: অৱলোকন-পুনৰৱলোকন (সম্পা. ২০১০, আঁক-বাক, গুৱাহাটী)
- ৱাক্ the Word (সম্পা. ২০১০, শিক্ষক সংস্থা, কানৈ কলেজ, ডিব্ৰুগড়)
- বুদ্ধিৰ সাগৰ বীৰবল (শিশু গ্ৰন্থ, ২০১১, দত্ত, লখিমপুৰ)
- নষ্ট জগত (Translated from English original The Wasteland by থ্ব ত্ৰ. Eliot, ২০১৬, কৌস্তুভ, ডিব্ৰুগড়)
সম্পাদিত আলোচনী
- অন্যযুগ ই-আলোচনী (জুলাই ২০২০-ৰপৰা বৰ্তমানলৈ৷)
- মাহেকীয়া জ্ঞানপীঠ (২০০২-০৩, শিশু আলোচনী, ডিব্ৰুগড়)
চিত্ৰনাট্য
- The River, Docu. in English on life and works of Dr. Nagen Saikia, (২০০৮, PPC NE, Doordarshan)
- Dawn, Docu. in English on life and works of Purabi Bormudoi, (২০০৮, PPC NE, Doordarshan)
- দুই বুধিয়ক (২০০৮, টেলিনাটক, দূৰদৰ্শন কেন্দ্ৰ, ডিব্ৰুগড়)
- ব্যাধি (২০০৮, টেলিনাটক, দূৰদৰ্শন কেন্দ্ৰ, ডিব্ৰুগড়)
- নিয়তি (২০০৮, টেলিনাটক, দূৰদৰ্শন কেন্দ্ৰ, ডিব্ৰুগড়)
চিত্ৰশিল্প আৰু ভাস্কৰ্যৰ চৰ্চা
নাটক
মানুহ বিচাৰি (স্নাতকোত্তৰ মহলাৰ আলোচনী, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ১৯৯৯), বিভ্ৰান্ত ভগৱান (নাট্যৰঙ্গ, সম্পা. বলীন বুঢ়াগোহাঁই, কিৰণ প্ৰকাশন), ব্যাধ (জাপানী কিয়’গেনৰ অনুবাদ, সৃষ্টি, সম্পা. মানসজ্যোতি হাজৰিকা, ডিব্ৰুগড়);
অপ্ৰকাশিত আৰু অভিনীত
ৰজাই ভাল দেখে যাক, ৰং, শঙ্খনিনাদ, প্ৰতিপদ (অনাতাঁৰ), উগ্লেণ্ড (অনাতাঁৰ শিশু নাটক), মেগা ছিৰিয়েল (অনূদিত, বাংলা মূল: অনিৰ্বাণ চৌধুৰী), বেচাৰাম চৰকাৰ (অনূদিত, বাংলা মূল: অনিৰ্বাণ চৌধুৰী), অন্তৰণ (অনূদিত, বাংলা মূল: তাপস মুখোপাধ্যায়), তেজীমলাৰ মাকৰ সাধু, ইম্প’ৰ্টেঞ্চ অব বিয়িং আৰ্নেষ্ট (অনূ. মূল ইংৰাজী অস্কাৰ ৱাইল্ড), ভগৱান আহিছিল আদি ৷
বঁটা সন্মান
- আঁক-বাক উপন্যাস বঁটা (২০১১)৩
- বেণু চিৰিং বঁটা (২০১৭)
- কথা বৈভৱ বঁটা (২০২১)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃদুল শৰ্মা” প্ৰবন্ধৰ সংশোধন ৪২০১৪৭ (৩০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।