অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুস্তাফা আব্দুল্লাহী

মুস্তাফা আব্দুল্লাহী (১৯৫৫ – ২১ মে', ২০১৫) আছিল এজন অত্যন্ত প্ৰভাৱশালী ইৰানী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, থিয়েটাৰ পৰিচালক, কণ্ঠশিল্পী আৰু থিয়েটাৰ প্ৰশিক্ষক।

হালনাগাদ: ১৯ জুন ২০২৬ ৬৬৮ শব্দ · ৪ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

মুস্তাফা আব্দুল্লাহী (১৯৫৫ – ২১ মে', ২০১৫) আছিল এজন অত্যন্ত প্ৰভাৱশালী ইৰানী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, থিয়েটাৰ পৰিচালক, কণ্ঠশিল্পী আৰু থিয়েটাৰ প্ৰশিক্ষক। তেওঁক এজন অসাধাৰণ অভিনেতা হিচাপে ব্যাপকভাৱে স্বীকৃতি দিয়া হৈছিল আৰু তেওঁ পৰিচালনা কৰা বহুতো প্ৰযোজনাই তেওঁক ইৰানৰ অন্যতম আগশাৰীৰ থিয়েটাৰ পৰিচালক হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৯৭৯ চনত তেওঁ তেহৰানৰ নাট্য কলা অনুষদত পৰিচালনা আৰু অভিনয় পাঠ্যক্ৰমত শিক্ষা আৰম্ভ কৰিবলৈ নামভৰ্তি কৰে।

আব্দুল্লাহীয়ে ১৯৭০ চনত তেওঁৰ জন্মস্থানত 'কুচেহ' (যাৰ অসমীয়া অৰ্থ গলি) নামৰ এটা থিয়েটাৰ গোট প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ ৪৬বছৰীয়া কৰ্মজীৱনত তেওঁ অভিনেতা আৰু পৰিচালক দুয়োটা ৰূপতে বহুতো নাটক মঞ্চস্থ কৰিছিল। ইয়াৰ উপৰি তেওঁ বহুতো চলচ্চিত্ৰ, টিভি থিয়েটাৰ, ৰেডিঅ' নাটক আৰু টিভি ধাৰাবাহিকত অভিনয় কৰিছিল।

তেওঁৰ কলাত্মক কাৰ্যকলাপৰ ভিতৰত আছে ৬২টা থিয়েটাৰ প্ৰযোজনাত অভিনয় আৰু পৰিচালনা, কেইবাখনো টিভি থিয়েটাৰ আৰু চুটি ছবি পৰিচালনা, ৫০০ তকৈও অধিক ৰেডিঅ' নাটকত পৰিচালনা আৰু কণ্ঠদান কৰা। তেওঁ হিৰোজ নেভাৰ ডাই, লাইটাৰ দেন ডাৰ্কনেচ আৰু জিৰো ডিগ্ৰী টাৰ্ন-ৰ দৰে বিখ্যাত টিভি ধাৰাবাহিকত অভিনয় কৰিছিল। আব্দুল্লাহীয়ে তেওঁৰ বিভিন্ন কলাত্মক সৃষ্টিৰ বাবে বহুতো বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

জীৱনী

১৯৫৫ চনত বৰুজৰ্ড চহৰত জন্মগ্ৰহণ কৰা আব্দুল্লাহীয়ে নিজৰ ল’ৰালি আৰু কৈশোৰ কাল জন্মস্থানতে কটাইছিল। তেওঁ ১৯৭০ চনত 'কুচেহ' থিয়েটাৰ গোট প্ৰতিষ্ঠা কৰে। বৰুজৰ্ডৰ প্ৰথম বৈজ্ঞানিক আৰু সংগঠিত থিয়েটাৰ হিচাপে পৰিচিত কুচেহ থিয়েটাৰে মাৰ্ক টুইনৰ ফাৰ্মাৰ অৱ চিকাগো নাটকখন প্ৰদৰ্শন কৰি নিজৰ যাত্ৰা আৰম্ভ কৰিছিল। বৰুজৰ্ডত কুচেহ থিয়েটাৰ গোটৰ সক্ৰিয়তা ১৯৭৯ চনলৈকে চলিছিল। এই ৯ বছৰৰ ভিতৰত থিয়েটাৰ গোটৰ সদস্যসকলে বহ্ৰাম বেইজাই, এথল ফুগাৰ্ড, উইলিয়াম শ্বেইকছপীয়েৰ, গোলাম-হোছেইন চা’এদী আৰু আগষ্ট্ৰা লেডী গ্ৰেগৰীৰ দৰে বিখ্যাত ইৰানী আৰু পশ্চিমীয়া নাট্যকাৰসকলৰ ১৭খন নাটক মঞ্চস্থ কৰিছিল।

তেহৰানৰ নাট্য কলা অনুষদত অধ্যয়ন আৰম্ভ কৰাৰ পাছত, মেক্সিম গৰ্কীৰ ৰচিত আৰু ওস্তাদ ৰোকনেদ্দিন খোচৰাভীৰদ্বাৰা পৰিচালিত এনিমিচ নামৰ এখন নাটকত এটা সৰু চৰিত্ৰত অভিনয় কৰিবলৈ আব্দুল্লাহীক নিৰ্বাচিত কৰা হৈছিল। আখৰাৰ সময়ছোৱাত তেওঁৰ পাৰদৰ্শিতা আৰু প্ৰচেষ্টা দেখি খোচৰাভীয়ে তেওঁক জাকাতোভ চৰিত্ৰটোৰ বাবে বাছনি কৰে, যিটো এই নাটকখনৰ অন্যতম মুখ্য চৰিত্ৰ আছিল। অৱশ্যে ইৰানৰ তথাকথিত সাংস্কৃতিক বিপ্লৱ আৰু ইয়াৰ পৰিণতিৰ বাবে এই নাটকখন মঞ্চস্থ কৰা নহ’ল। ইৰানৰ সাংস্কৃতিক বিপ্লৱৰ বাবে বিশ্ববিদ্যালয়সমূহ বন্ধ হৈ পৰাত আব্দুল্লাহীয়ে স্বেচ্ছাই কৰ্মান প্ৰদেশলৈ গৈ ভূমিকম্প বিধ্বস্তু লোকসকলক সহায় কৰে আৰু ক্ষতিগ্ৰস্ত চহৰসমূহৰ পুনৰ নিৰ্মাণত সহযোগিতা কৰে। সাংস্কৃতিক বিপ্লৱৰ অন্ত পৰাৰ পাছত ইৰানত বিশ্ববিদ্যালয়সমূহ পুনৰ খোল খাইছিল আৰু তেওঁ তেহৰানলৈ ঘূৰি আহি তেওঁৰ সহপাঠী মজিদ বেহেষ্টীৰ স্নাতক ডিগ্ৰীৰ থেচিছ হিচাপে চিজৱে বানজি ইজ ডেড নাটকখন প্ৰস্তুত কৰে। তেওঁৰ অনৱদ্য অভিনয়ে ইৰানৰ দুজন বিশিষ্ট পৰিচালক হামীদ সমন্দৰীয়ান আৰু ঘোটবেদ্দিন চাদেঘীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ঘোটবেদ্দিন চাদেঘীৰদ্বাৰা প্ৰতিষ্ঠিত 'হনৰ' থিয়েটাৰ গোটত যোগদান কৰিবলৈ আমন্ত্ৰণ পোৱা প্ৰথমসকল শিল্পীৰ ভিতৰত আব্দুল্লাহী অন্যতম আছিল। তেওঁ হনৰ থিয়েটাৰ গোটৰ সৈতে ২৫খনতকৈও অধিক নাটকত পৰিচালক আৰু অভিনেতা হিচাপে কাম কৰিছিল। ১৯৯০ চনৰ সময়ছোৱাত ইৰানী থিয়েটাৰ জগতত মুস্তাফা আব্দুল্লাহী আৰু মাইকেল শ্বাহৰেস্তানীৰ অভিনয়ৰ যুটিটো অত্যন্ত বিখ্যাত আৰু প্ৰশংসনীয় আছিল।

অনেকে আব্দুল্লাহীক হিৰোজ নেভাৰ ডাই টিভি ধাৰাবাহিকত আৰ্চালান নামৰ এজন ইৰানী নায়কৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে চিনি পায়। আব্দুল্লাহীয়ে ১৯৮৬ চনৰপৰা ইৰানৰ টেলিভিছনত অভিনয় আৰম্ভ কৰিছিল। ইয়াৰ উপৰি তেওঁ লিভিং উইথ দা প্ৰেচেন্স অৱ এ ৱাল, আই উইটনেচ আৰু মাহ-বানুৰ দৰে কেইবাখনো চলচ্চিত্ৰত অংশগ্ৰহণ কৰিছিল। তদুপৰি, ইৰানৰ ৰাষ্ট্ৰীয় ৰেডিঅ’ আৰু টেলিভিছনৰ বাবে নাটকৰ অভিনয় আৰু পৰিচালনাত আব্দুল্লাহীৰ বহুতো সফল অভিজ্ঞতা আছিল। সামগ্ৰিকভাৱে তেওঁ ইৰানৰ এজন বিশিষ্ট শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু ঘোটবেদ্দিন চাদেঘীৰ ভাষাত: "তেওঁ কেতিয়াও নিজৰ জন্মভূমিৰ সংস্কৃতিৰপৰা আঁতৰত থকা আমনিদায়ক আৰু অসাৰ নাটক মঞ্চস্থ কৰা নাছিল আৰু মঞ্চত তেওঁ যি কৰিছিল তাৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছিল।" ১

ইৰানৰ ঘৰুৱা পৰিস্থিতিৰ প্ৰতি এক সমালোচনাত্মক দৃষ্টিভংগী ৰাখি মুস্তাফা আব্দুল্লাহীয়ে পশ্চিমীয়া বিশিষ্ট নাট্যকাৰসকলক ইৰানী সমাজৰ সৈতে চিনাকি কৰাই দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। উদাহৰণস্বৰূপ, পাভেল কোহৌটৰ ৱাৰ অন দা থাৰ্ড ফ্ল’ৰ নামৰ নাটকখন পৰিচালনা কৰা তেওঁ আছিল প্ৰথমজন ইৰানী প্ৰযোজক। আব্দুল্লাহীয়ে বিখ্যাত ৰাছিয়ান লেখক নিকোলাই আৰ্ডমেনকো দা মেণ্ডেট নাটকখন মঞ্চস্থ কৰি ইৰানী দৰ্শকৰ সৈতে পৰিচিত কৰাই দিছিল। ডাৰিঅ' ফো-ৰদ্বাৰা লিখিত এক্সিডেণ্টেল ডেথ অৱ এন এনাৰ্কিষ্ট নাটকখন২ প্ৰদৰ্শন কৰাৰ পাছত, আব্দুল্লাহীয়ে প্ৰতিষ্ঠা কৰা কুচেহ থিয়েটাৰ গোটক ২০১৩ চনত ইৰানৰ শ্ৰেষ্ঠ থিয়েটাৰ গোট হিচাপে স্বীকৃতি দিয়া হয়। তেওঁৰ অন্তিমখন নাটক, মেক্সিম গৰ্কীৰদ্বাৰা লিখিত দা লোৱাৰ ডেপথচ তেহৰান চিটি থিয়েটাৰ কমপ্লেক্সৰ মূল প্ৰেক্ষাগৃহৰ মঞ্চত চলি থকা অৱস্থাতে, ১৪ বছৰ ধৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৫ চনৰ ২১ মে’ত তেহৰানত তেওঁ শেষ-নিশ্বাস ত্যাগ কৰে।১৩

৪৬বছৰীয়া কলাত্মক জীৱনৰ ভিতৰত আব্দুল্লাহীয়ে বিভিন্ন উৎসৱৰপৰা অসংখ্য বঁটা লাভ কৰিছিল আৰু তেওঁৰ সতীৰ্থসকলৰ লগতে ইৰানৰ বিশ্ববিদ্যালয়সমূহেও তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ (23 May 2015). Star of "Heroes Never Die" Mostafa Abdollahi dies at 60
  2. ↑ Accidental death of an anarchist directed by Mostafa Abdollahi
  3. ↑ A synopsis and analysis of The Lower Depths

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেতাকণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুস্তাফা আব্দুল্লাহী” প্ৰবন্ধৰ সংশোধন ৬১৩০০৫ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।