মুমতাজ এম. কাজী: Mumtaz M. Kazi; এগৰাকী ভাৰতীয় ৰেল অভিযন্তা। তেওঁ ডিজেল ইঞ্জিনযুক্ত ৰেল চলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপেও গণ্য কৰা হয়।১ দৰাচলতে সুৰেখা যাদৱৰ পিছত এছিয়াৰ প্ৰথমগৰাকী মহিলা ইঞ্জিন চালক মুমতাজ। ২০১৭ চনৰ মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা তেওঁক সন্মানীয় নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰা হয়।২
প্ৰাৰম্ভিক জীৱন
মহাৰাষ্ট্ৰ ৰাজ্যৰ বাণিজ্যিক ৰাজধানী মুম্বাইত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা কাজীৰ ঘৰ এটা গতানুগতিক মুছলমান পৰিয়ালৰ। ১৯৮৯ চনত ছান্টাক্ৰুজৰ ছেথ আনন্দিলাল ৰডাৰ হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৩ তেওঁৰ পিতৃ আল্লাৰাখু ইছমাইল কাঠৱালাই ভাৰতীয় ৰেলৱেত কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। মুমতাজে পিতৃৰ পদাংক অনুসৰণ কৰি পূৰ্ণকালীন ৰেল চালক হিচাপে নিজৰ কেৰিয়াৰ আগবঢ়াই লৈ যায়। অৱশ্যে প্ৰথম অৱস্থাত তাইক দেউতাকে ৰেল বিভাগৰ চাকৰিটো ল’বলৈ অনুমতি দিয়া নাছিল। তেওঁ তাইক মেডিকেল লেবৰেটৰী টেকন'লজিৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ কয় যদিও পিছলৈ মুমতাজে এই সিদ্ধান্তৰ সন্দৰ্ভত তেওঁক পতিয়ন নিয়াইছিল।৪
কৰ্ম জীৱন
১৯৮৯ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত সেই বছৰতে তেওঁ ইঞ্জিন চালক পদৰ বাবে আবেদন কৰে।৫ ১৯৯১ চনত ২০ বছৰ বয়সত তেওঁ ৰেল চলাবলৈ আৰম্ভ কৰে আৰু ১৯৯৫ চনত লিমকা বুক অৱ ৰেকৰ্ডছে প্ৰথম এছিয়ান মহিলা ইঞ্জিন চালক হিচাপে স্বীকৃতি লাভ কৰে।৩৬
২০০৫ চনত তেওঁ এ এল পি-ডিজেলৰ পৰা দ্বিতীয় মটৰউমেনলৈ পদোন্নতি লাভ কৰে।৭
তেওঁ নাৰী শক্তিপুৰস্কাৰ বঁটা লাভ কৰে, যিটো বঁটা ভাৰতত প্ৰতি বছৰে মহিলাৰ কৃতিত্বক স্বীকৃতি দি দিয়া হয়।৮৯ ২০১৫ চনত ভাৰতীয় ৰেলৱেৰ পৰা ৰেলৱে জেনেৰেল মেনেজাৰ বঁটাও লাভ কৰে।[citation needed]
ব্যক্তিগত জীৱন
তেওঁ বৈদ্যুতিক অভিযন্তা মকছুদ কাজীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৫
তথ্যসূত্ৰ
- ↑ Meet Mumtaz M. Kazi, Asia's first lady Diesel locomotive driver
- ↑ (9 March 2017). Nari Shakti Puraskar awardees full list. Best Current Affairs
- ↑ (2022-07-10). Mumtaz M Kazi Asian Woman Train Driver · Indian Railway Train Pilot. Diary Store
- ↑ (2017-03-22). India's first 'motor-woman' lives her dream on the railway tracks. The Indian Express
- ↑ Asia's first woman to drive a diesel train is an Indian. Rediff
- ↑ Tahseen, Ismat. (8 March 2019). Meet the Mumbai women who drive the city's trains. The Times of India
- ↑ (8 September 2017). Mumbai rains: Motorwoman Mumtaz Kazi pilots CST-Thane train for 23 hours. Mumbai Mirror
- ↑ (2017-03-09). Mumtaz - Asia's First Woman Diesel Engine Driver, Gets 'Nari Shakti Puraskar' By The President. indiatimes.com
- ↑ Taneja, Richa. (2017-03-08). Mumbai's Mumtaz, Asia's First Woman Diesel Engine Driver, Gets "Nari Shakti Puraskar". Everylifecounts.NDTV.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুমতাজ এম. কাজী” প্ৰবন্ধৰ সংশোধন ৬৩৫৫২১ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।