অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুভিং ৰ’ব ৱ’মেন

মুভিং ৰ’ব ৱ’মেন (ছিউক্স নাম: Tȟašína Máni), যাক মেৰী ক্ৰ'লাৰ, হাৰ ঈগল ৰ’ব, শ্বি ৱাকছ উইথ হাৰ শ্ব'ল, ৱাকিং ব্লেংকেট ৱ’মেন, মুভছ ৰ’ব ৱ’মেন, ৱাকছ উইথ হাৰ ৰ’ব এণ্ড তাশ্বেনামনি আদি নামেৰেও জনা যায়; তেওঁ আছিল লিটিল বিগ হৰ্ণ যুদ্ধৰ সময়ত জেনেৰেল জৰ্জ কাষ্টাৰৰ বিৰুদ্ধে যুঁজি ভাতৃ ৱান হকৰ হত্যাৰ প্ৰতিশোধ…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মুভিং ৰ’ব ৱ’মেন (ছিউক্স নাম: Tȟašína Máni), যাক মেৰী ক্ৰ'লাৰ, হাৰ ঈগল ৰ’ব, শ্বি ৱাকছ উইথ হাৰ শ্ব'ল, ৱাকিং ব্লেংকেট ৱ’মেন, মুভছ ৰ’ব ৱ’মেন, ৱাকছ উইথ হাৰ ৰ’ব এণ্ড তাশ্বেনামনি১২৩ আদি নামেৰেও জনা যায়; তেওঁ আছিল লিটিল বিগ হৰ্ণ যুদ্ধৰ সময়ত জেনেৰেল জৰ্জ কাষ্টাৰৰ বিৰুদ্ধে যুঁজি ভাতৃ ৱান হকৰ হত্যাৰ প্ৰতিশোধ লোৱা এগৰাকী হাংকপাপা ছিউক্স মহিলা।৪৫

প্ৰাৰম্ভিক জীৱন

মুভিং ৰ’ব ৱ’মেনৰ জন্ম হৈছিল বৰ্তমান গ্ৰেণ্ড ৰিভাৰ অঞ্চলৰ, দক্ষিণ ডাকোটাৰ ওচৰত।৫ তেওঁৰ দেউতাকৰ নাম আছিল ক্ৰ’ৱলাৰ; তেওঁক ছিওহান নামেৰেও জনা গৈছিল৬ আৰু তেওঁ হাংকপাপা বেণ্ডৰ মুৰব্বী আছিল৪ আৰু নিজে যুদ্ধও কৰিছিল। তেওঁৰ মাকৰ নাম আছিল ছানফ্লাৱাৰ ফেচ। ১৭ বছৰ বয়সত মুভিং ৰ’ব ৱ’মেনে ক'ৰ'ছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যুঁজাৰু দলৰ সৈতে মণ্টানালৈ যায়।৩ তেওঁৰ প্ৰায় ২২ বছৰ বয়সত তেওঁ আৰু পৰিয়াল ইংৰাজীত লিটিল বিগ হৰ্ণ নামেৰে জনাজাত পেজি স্লা ৱাকাপালৈ গুচি যায়।৫

লিটল বিগ হৰ্ণ যুদ্ধ

মুভিং ৰ’ব ৱ’মেনৰ ২৩ বছৰ বয়সত তেওঁ পিতৃ-মাতৃৰ পৰা শুনা পাইছিল যে তেওঁৰ ভায়েকক পেহিন হান্সকা (লাকোটা নাম: কাষ্টাৰ) আৰু তেওঁৰ সৈন্যই হত্যা কৰিছিল। ইয়াৰ কিছু সময়ৰ পিছতে ঘোঁৰাত উঠি গ্ৰীজী গ্ৰাছ নদীৰ ওচৰৰ বৃহৎ লাকোটা গাঁওখনত সৈন্যৰ এটা দলে আক্ৰমণ চলায় আৰু নিজৰ বন্দুকেৰে গুলিয়াবলৈ আৰম্ভ কৰে।৫ পিছলৈ যুদ্ধত ফাষ্ট ঈগল নামৰ এজন অগলালা লাকোটা যোদ্ধাই দাবী কৰে যে, তেওঁ কাষ্টাৰৰ বাহুত ধৰিছিল আৰু মুভিং ৰ’ব ৱ’মেনে তেওঁৰ পিঠিত ছুৰীৰে আঘাত কৰিছিল।৭ কিন্তু আন কেইবাজনো যোদ্ধাই কাষ্টাৰক হত্যা কৰা বুলি দাবী কৰিছিল আৰু মুভিং ৰ’ব ৱ’মেনে প্ৰকৃততে তেওঁক হত্যা কৰিছিল নে নাই সেয়া অনিশ্চিত। কাষ্টাৰক ছুৰীৰে আঘাত কৰা বুলি কোনো তথ্য প্ৰকাশিত মৰণোত্তৰ পৰীক্ষাৰ বিৱৰণীত নাই আৰু তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা বিষয়াসকলে তেওঁক বন্দুকৰ গুলীত মৃত্যু হোৱা বুলি বৰ্ণনা কৰিছে।

তেওঁ লগতে কাষ্টাৰৰ দুজন লোকক হত্যা কৰি ভায়েকৰ মৃত্যুৰ প্ৰতিশোধ লয়, এজনক কটাৰীৰে আঘাত কৰি আৰু আনজনক ৰিভলভাৰেৰে। পিছৰজন আছিল সেনাৰ দোভাষী ইছাইয়া ডৰ্মান।৮

পিছৰ বছৰবোৰত

লিটল বিগহৰ্ণৰ যুদ্ধৰ পিছত তেওঁ নিজৰ লোকসকলৰ সৈতে কানাডালৈ গুচি যায় আৰু ১৮৮১ চনলৈকে তাতেই থাকে। তাৰ পিছত তেওঁ ষ্টেণ্ডিং ৰকৰ কেনেল অঞ্চললৈ যায়। ষ্টেণ্ডিং ৰক সমগোত্ৰীয় তথ্য জৰীপৰ দ্বাৰা লক্ষ্য কৰা হৈছে যে, ১৯২৩ চনত ৭০ বছৰ বয়সত মুভিং ৰ’ব ৱ’মেনে দক্ষিণ ডাকোটাৰ বুলহেডৰ পশ্চিমে গ্ৰেণ্ড নদীৰ সংযুক্ত ভঁৰালেৰে সৈতে এটা কোঠাৰ লগ হাউচত অকলে বাস কৰিছিল। সমীক্ষাটোত এইটোও উল্লেখ কৰা হৈছে যে তেওঁৰ ১৮টা ঘোঁৰা আৰু ২৩টা গৰু আছিল।৩

সাক্ষাৎকাৰ

ফ্ৰেংক বি জাহানে উত্তৰ ডাকোটাৰ ফ'ৰ্ট য়েটছত কৰা মুভিং ৰ’ব ৱ’মেনৰ সৈতে হোৱা এক সাক্ষাৎকাৰ৩৪ ৰিচাৰ্ড জি হাৰ্ডৰ্ফৰ গ্ৰন্থ লাকোটা ৰিকলেকচনছ অৱ দ্য কাষ্টাৰ ফাইট, নিউ ছ'ৰ্চছ অৱ ইণ্ডিয়ান-মিলিটাৰী হিষ্ট্ৰীত প্ৰকাশ পাইছে।৫ সাক্ষাৎকাৰটোত তেওঁ লিটল বিগ হৰ্ণত ভাতৃৰ মৃত্যুৰ কথা নিজৰ আৱেগেৰে বৰ্ণনা কৰিছে:

মোৰ হৃদয়খন বেয়া আছিল। প্ৰতিশোধ! প্ৰতিশোধ! ভাইটিৰ মৃত্যুৰ বাবে। মোৰ সৰু ভাইটি ৱান হকৰ মৃত্যুৰ কথা ভাবিলোঁ। ওচৰৰ ঘাঁহনি এটালৈ দৌৰি গৈ মোৰ ক’লা ঘোঁৰাটো লৈ গ’লোঁ। মুখখনত ৰঙা ৰঙৰ ৰং ঘঁহিলোঁ আৰু ক’লা চুলিখিনি ব্ৰেইড কৰিলোঁ। মই শোক কৰি আছিলোঁ। মই এগৰাকী নাৰী আছিলোঁ, কিন্তু মোৰ ভয় নাছিল।৩</blockquote>

দৃশ্য উপস্থাপন

পিছৰ জীৱনত মুভিং ৰ’ব ৱ’মেনৰ ফটো তুলিছিল এফ.বি. ফিস্কে; ফিস্কেৰ ফটোখন স্মিথছ'নিয়ান ইনষ্টিটিউচনৰ নেচনেল এন্থ্ৰ'প'লজিকেল আৰ্কাইভত ৰখা হৈছে।৯

আমেৰিকান শিল্পী থম ৰছে এই যুদ্ধৰ ২০০ টুকুৰাৰ ইনষ্টলেচন তৈয়াৰ কৰিছে, য'ত মুভিং ৰ’ব ৱ’মেনৰ এখন ছবিও আছে।১০

তথ্যসূত্ৰ

  1. ↑ Little Big Horn Warriors (LBH Warriors). Friends of Little Big Horn
  2. ↑ Shilling, Vincent. Fight the Power: Heroes of Native Resistance, Women Warriors. Ict News. Indian Country Today
  3. ↑ Waggoner, Josephine. (2012). Witness: A Hunkpapha Historian's Strong-Heart Song of the Lakotas. University of Nebraska Press. পৃ. 665. ISBN 9780803245648
  4. ↑ Hardorff, Richard G. (2004). Indian Views of the Custer Fight: A Source Book. University of Oklahoma Press. পৃ. 185–186. ISBN 0806136901
  5. ↑ Hardorff, Richard G. (1991). Lakota Recollections of the Custer Fight: New Sources of Indian-Military History. University of Nebraska Press. পৃ. 91–96. ISBN 0803272936
  6. ↑ LBH (Little Big Horn) Warriors. Friends of Little Big Horn
  7. ↑ Miller, David Humphreys. (1957). Custer's Fall: The Indian Side of the Story. Bison Books (E.P. Dutton reprint). পৃ. 210. ISBN 0-8032-8129-3
  8. ↑ Hardorff (2004) p.90
  9. ↑ Dakota Woman, Mary Crawler. National Anthropological Archives, Smithsonian Institution
  10. ↑ Ross, Thom. (Summer 2005). Custer's Last Stand, An Artist's Perspective. Montana: The Magazine of Western History. পৃ. 48–53

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুভিং ৰ’ব ৱ’মেন” প্ৰবন্ধৰ সংশোধন ৬৩১৫৫০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।