অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুৰুগাশঙ্কৰী লিও

মুৰুগাশঙ্কৰী লিও (ইংৰাজী: Murugashankari Leo) হৈছে এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য শিক্ষক, নাট্য অভিনেতা, আৰু গৱেষক পণ্ডিত। ভাৰতনাট্যম হৈছে সৌন্দৰ্য্য, কৃপা আৰু স্বকীয়তাৰ বাবে পৰিচিত এক প্ৰাচীন ভাৰতীয় শাস্ত্ৰীয় নৃত্য।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৬৫৯ শব্দ · ৪ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মুৰুগাশঙ্কৰী লিও (ইংৰাজী: Murugashankari Leo) হৈছে এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য শিক্ষক, নাট্য অভিনেতা, আৰু গৱেষক পণ্ডিত। ভাৰতনাট্যম হৈছে সৌন্দৰ্য্য, কৃপা আৰু স্বকীয়তাৰ বাবে পৰিচিত এক প্ৰাচীন ভাৰতীয় শাস্ত্ৰীয় নৃত্য। মুৰুগাশঙ্কৰীয়ে এই নৃত্য কলা পৰিবেশন কৰে আৰু সমগ্ৰ ভাৰত তথা অন্যান্য বহু দেশত বহু নৃত্য পৰিবেশন কৰিছে। চেন্নাই আৰু মাদুৰাইত তেওঁ “কলাই কুদাম নামৰ পৰিবেশন কৰাৰ প্ৰতিষ্ঠান পৰিচালনা কৰে। এই প্ৰতিষ্ঠানত ভাৰতনাট্যমৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। তেওঁ কৰ্ণাটকী সংগীত আৰু নাট্টুভংগমৰো প্ৰশিক্ষণ লাভ কৰিছে।

মুৰুগাশঙ্কৰী মাদুৰাইৰ মীনাক্ষী আশ্ৰমৰ শিৱানন্দ পৰম্পৰাৰ এগৰাকী প্ৰশিক্ষিত যোগশিক্ষয়িত্ৰী।

প্ৰাৰম্ভিক জীৱন

মুৰুগাশঙ্কৰী চেন্নাইৰ এক শিল্পীৰ পৰিয়ালত জন্ম হৈছিল। তেওঁৰ পিতৃ লিও প্ৰভূ এজন প্ৰবীণ নাট্যকাৰ, দূৰদৰ্শন শিল্পী আৰু তামিল চলচ্চিত্ৰৰ এজন প্ৰবীন অভিনেতা যিয়ে ৰেণ্ডাম ৰেণ্ডাম আঞ্জু, নান মহান আল্লা, আন্নাই আন্নাই, পায়েৰ ছলুম পিল্লাই আদি কেইবাখনো তামিল ছবিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।তেওঁ তামিলনাডু চৰকাৰৰ তামিল থিয়েটাৰৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ ৰাজ্যিক বঁটা 'কলাইমামণি' সন্মান প্ৰাপক। অভিনেতা হিচাপে তেওঁৰ কৃতিত্ব ভাৰতৰ তামিলনাডুত সুপৰিচিত।

শিক্ষা

চেন্নাইৰ আদৰ্শ বিদ্যালয় মেট্ৰিকুলেচন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী মুৰুগাশঙ্কৰী শ্ৰী ভেংকটেশ্বৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৰাসায়নিক অভিযান্ত্ৰিক বিষয়ত বিশ্ববিদ্যালয়ৰ স্থানপ্ৰাপ্ত শিক্ষাৰ্থী। তেওঁ ত্ৰিচিৰ “কলাই কবিৰি কলেজ অৱ ফাইন আৰ্টছ”ৰ পৰা সুকুমাৰ কলাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ লগতে তেওঁ পি. এইচ. ডি. কৰিবলৈ ভাৰতৰ ইউ. জি. চি.ৰ পৰা জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ পুনেৰ চিম্বায়’ছিছৰ পৰা ব্যৱসায়িক প্ৰশাসনত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰিছে।

নৃত্য কেৰিয়াৰ

গুৰু-শিশ্য পৰম্পৰা অনুসৰি মুৰুগাশঙ্কৰীয়ে ৫ বছৰ বয়সৰ পৰাই কিংবদন্তি নৃত্য শিক্ষক ‘কলাইমামণি’ কে. জে. ছাৰাছাৰ পৰা ভাৰতনাট্যম শিকিবলৈ আৰম্ভ কৰিছিল। পিছলৈ বিখ্যাত শিক্ষক ‘কলাইমামণি’ পাৰ্বতী ৰবি ঘণ্টাশালাৰ নিৰ্দেশনাত তেওঁ আৰংগেট্ৰাম (Arangetram; প্ৰথম অভিনয়) সম্পূৰ্ণ কৰে। শিক্ষাৰ ফালৰ পৰা ৰাসায়নিক অভিযন্তা মুৰুগাশঙ্কৰীয়ে নিজৰ আবেগক সাধন কৰি পূৰ্ণকালীন শিল্পী হোৱাৰ সপোন অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিল। ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ পৰা ভাৰতনাট্যম বিষয়ত স্নাতকোত্তৰ স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ বৰ্তমান গৱেষক পণ্ডিত হিচাপে নিজকে নিয়োজিত কৰি ৰাখিছে।

সমগ্ৰ ভাৰতৰ সকলো প্ৰধান সভা আৰু সন্মানীয় নৃত্য মহোৎসৱত মুৰুগাশঙ্কৰীয়ে অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে মালয়েছিয়া, ছিংগাপুৰ আৰু শ্ৰীলংকা আদি দেশতো তেওঁৰ অনুষ্ঠান পৰিৱেশন কৰিছে।

বঁটা আৰু সন্মান

মুৰুগাশঙ্কৰী লিও হৈছে চেন্নাই দূৰদৰ্শনৰ মান্যতাপ্ৰাপ্ত শিল্পী।ভাৰতীয় শাস্ত্ৰীয় নৃত্যত অসাধাৰণ অৱদানৰ বাবে ড° বালামুৰালিকৃষ্ণৰ পৰা লাভ কৰা নাট্য কলা বিপঞ্চী সন্মান লাভ কৰিছে। কটকৰ “উৎকল যুৱা সাংস্কৃতিক সংঘ”ৰ পৰা তেওঁ “নৃত্য শিৰোমণি”, ইউনেস্কোৰ আন্তঃৰাষ্ট্ৰীয় নৃত্য পৰিষদ, বিশাখাপট্টনমৰ সদস্য নাটৰাজ মিউজিক এণ্ড ডোন্স একাডেমীৰ“ৱৰ্ল্ড ডান্স দে পুৰস্কাৰ”, ওড়িশাৰ লোকসভাৰ সংসদ সদস্য তথা ওড়িশাৰ সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰালয়ৰ পৰা তেঁও পৰিচয়ৰ “নেচনেল এক্সলেঞ্চি এৱাৰ্ড ২০১২”, মালয়েছিয়াৰ চেলাংগ’ৰৰ পৰা “নাট্টিয়া থিলাগাম”, “নৰ্তনা শিৰোমণি” আদি উপাধিৰ সন্মানিত কৰা হৈছে। ২০০৬ চনত তেওঁ যুৱ প্ৰতিভাৱান নৃত্যশিল্পীসকলৰ ভিতৰত অন্যতম হিচাপে “তামিল নাডু ইয়াল ইছাই নাটক মন্দ্ৰম” হিচাপে নিৰ্বাচিত কৰা হয়। ২০১২ চনত পাৰ্থসাৰথি স্বামী সভাৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু “দ্য ইণ্ডিয়ান ফাইন আৰ্ট ছচাইটি”ৰ দ্বাৰা পৰিচালিত “ছাউথ জ’ন মিউজিক এণ্ড ডান্স কনফাৰেন্স”ৰ অন্যতম শ্ৰেষ্ঠ নৃত্যশিল্পী হিচাপে নিৰ্বাচিত হয়।

তথ্য সংগ্ৰহ

  1. Bharatanatyam - An art form that transcends time Official website
  2. Friday Review, The Hindu, Bangalore, 8 May 2015
  3. A visually ccintillating performance . City Express, Supplement of The New Indian Express, Chennai, 13 Jan 2014
  4. Rhythmic tribute to Swati Tirunal. Friday Review, The Hindu, Chennai
  5. Friday Review, The Hindu, Tiruchirapalli
  6. Pushpanjali - Murugashankari. Performance Glimpse
  7. A Sparkling Dance Festival Afternoon D&C, Mumbai
  8. Friday Review The Hindu, Andhra Pradesh, 3 Jan 2014
  9. TEDxSSN - L. Murugashankari. TedX Talk Video of Murugashankari
  10. Natya Kala Vipanchee' L.Murugashankari's Interview in Kalaignar TV. Interview of Murugashankari in Kalaignar Television
  11. Murugashankari featured in the News segment in Vasantham Television Singapore
  12. Murugashankari featured in the show 'Talam-Indian Beat' in Vasantham Television Singapore
  13. Review/Report of one of Murugashankari's recitals
  14. Murugashankari's performance review in Friday Review The Hindu, 25 July 2014.
  15. Murugashankari's performance review in Friday Review The Hindu, 7 May 2015.
  16. A Report about Tamizharasi Kuravanci by Murugashankari and her disciple (students of Kalai Koodam) Indian Express 12 May 2015.
  17. A Report about Tamizharasi Kuravanci by Murugashankari and her disciple (students of Kalai Koodam) The Hindu 15 May 2015.
  18. Interview p. 16
  19. Interview on Woman's Day for Dinamalar.com, a leading Web TV of the popular daily newspaper of Tamil Nadu Dinamalar
  20. An article about L.Murugashankari's artitistic journey.
  21. An article about L.Murugashankari and team's performance at Shilparamam, Hyderabad.
  22. An article about L.Murugashankari and team's performance at Shilparamam, Hyderabad 8 Aug 2017.

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুৰুগাশঙ্কৰী লিও” প্ৰবন্ধৰ সংশোধন ৬৪০১৬৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।