মুগ্ধা চাপেকাৰ (ইংৰাজী ভাষা: Mugdha Chaphekar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী ভাষা আৰু মাৰাঠী ভাষা ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক আৰু চলচ্চিত্ৰত কাম কৰে। ষ্টাৰ প্লাছৰ ঐতিহাসিক ধাৰাবাহিক ধৰতী কা বীৰ যোধা পৃথ্বীৰাজ চৌহানত ৰাজকুমাৰী সংযোগিতাৰ চৰিত্ৰত আৰু জি টিভিৰ ৰোমাণ্টিক ড্ৰামা কুমকুম ভাগ্যত প্ৰাচী অৰোৰা কোহলীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।১২
চাপেকাৰে দ্য চাইলেন্স নামৰ চলচ্চিত্ৰখনতো কাম কৰিছিল, যাৰ বাবে তেওঁ ২০১৬ চনত শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ মহাৰাষ্ট্ৰ ৰাজ্যিক বঁটা লাভ কৰিছিল।
কৰ্মজীৱন
মুগ্ধা চাপেকাৰে প্ৰথমে বলীউডৰ ছবি আজমায়িশত শিশু শিল্পী হিচাপে অভিনয় কৰিছিল। পিছলৈ ২০০১ চনত তেওঁ টেলিভিছন ধাৰাবাহিক জুনিয়ৰ জিত শ্বেলীৰ চৰিত্ৰত অভিনয় কৰে। চাপেকাৰে ২০০৬ চনত ক্যা মুঝছে দোস্তি কৰোগে অনুষ্ঠানৰ জৰিয়তে এগৰাকী প্ৰাপ্তবয়স্ক শিল্পী হিচাপে দূৰদৰ্শনত আত্মপ্ৰকাশ কৰে।
চাপেকাৰে ষ্টাৰ প্লাছৰ মহাকাব্যিক ঐতিহাসিক ধাৰাবাহিক ধৰতী কা বীৰ যোধা পৃথ্বীৰাজ চৌহানত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল, য’ত তেওঁ ৰাজকুমাৰী সংযোগিতাৰ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছত তেওঁ ধৰম বীৰ আৰু মেৰে ঘৰ আই এক নন্থী পৰীত অভিনয় কৰে।
২০০৯ চনত তেওঁ ছাব টিভিৰ কমেডী ড্ৰামা শ্ব’ সজন ৰে ঝুঠ মত বলোত আৰতি জাভেৰী হিচাপে যোগদান কৰে। এই অনুষ্ঠানটোৱে আঢ়ৈ বছৰ ধৰি সুদীৰ্ঘ সময় ধৰি চলিছিল আৰু ২০১১ চনত ইয়াৰ সামৰণি পৰিছিল। তেওঁ এই ধাৰাবাহিকখনৰ স্পিন-অফ গোলমাল হ্যায় ভাই সব গোলমাল হ্যায়ত ধ্বনি হিচাপেও কাম কৰিছিল।
২০১৪ চনৰ মাজভাগত তেওঁ জি টিভিৰ দৈনিক ধাৰাবাহিক সতৰংগী সসুৰালত ৰবিছ দেশাইৰ বিপৰীতে আৰুষিৰ চৰিত্ৰত যোগদান কৰে। পিছলৈ ২০১৬ চনৰ ডিচেম্বৰ মাহত তেওঁ ৰবিছ দেশাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৫ চনৰ ছেপ্টেম্বৰত তেওঁৰ এই চৰিত্ৰটোৰ অন্ত পৰে। ২০১৯ চনত তেওঁ চুটি ছবি সুমতিটো অভিনয় কৰিছিল।
২০১৮ চনত তেওঁ গুলমোহৰ ধাৰাবাহিকত কালিন্দী হিচাপে মাৰাঠী দূৰদৰ্শনত আত্মপ্ৰকাশ কৰে।
২০১৯ চনৰ মাৰ্চ মাহত চাপেকাৰে কৃষ্ণ কৌলৰ বিপৰীতে জি টিভিৰ কুমকুম ভাগ্যৰ অভিনেতা-অভিনেত্ৰীসকলৰ সৈতে যোগদান কৰে। প্ৰাচী অৰোৰা/মেহৰা কোহলীৰ চৰিত্ৰত অভিনয় কৰাৰ পাছত চাপেকাৰে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।৩ প্ৰায় পাঁচ বছৰ ধৰি এই ধাৰাবাহিকখনৰ অংশ হৈ থকাৰ পিছত ২০২৪ চনৰ জুন মাহত ধাৰাবাহিকখনত তেওঁৰ চৰিত্ৰটোৰ অনিৰ্দিষ্টকালীন অন্ত পৰে।
২০২২ চনৰ ছেপ্টেম্বৰ মাহত তেওঁক মাৰাঠী ভাষাৰ ছবি ৰূপ নগৰ কে চীতেত দেখা গৈছিল।
ব্যক্তিগত জীৱন
২০১৪ চনত তেওঁৰ ধাৰাবাহিক সতৰংগী সসুৰালৰ ছেটত চাপেকাৰে অভিনেতা ৰবিছ দেশাইক লগ পাইছিল। ২০১৬ চনৰ ৩০ জানুৱাৰীত এই যুগলৰ এংগেজমেণ্ট (নিৰ্বন্ধ) সম্পন্ন হয়।৪ ২০১৬ চনৰ ১৪ ডিচেম্বৰত চাপেকাৰে দেশাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০২৫ চনৰ এপ্ৰিল মাহত দেশায়ে ঘোষণা কৰে যে এবছৰতকৈও অধিক সময় ধৰি তেওঁলোক পৃথককৈ আছে আৰু পাৰস্পৰিক সন্মতিৰে বিচ্ছেদৰ সিদ্ধান্ত লৈছে।৫ অৱশ্যে, দুয়ো এতিয়াও বন্ধু হৈ আছে। দেশায়ে তেওঁৰ বিবাহ বিচ্ছেদৰ বিবৃতিত উল্লেখ কৰিছে যে তেওঁলোকৰ বন্ধুত্ব অব্যাহত থাকিব আৰু তেওঁলোকে কেৱল স্বামী-স্ত্ৰী হিচাপেহে নিজৰ সম্পৰ্কৰ অন্ত পেলাইছে।
তথ্যসূত্ৰ
- ↑ Gold Awards 2019: Mugdha Chaphekar Wins Best Actor In A Supporting Role (Female) - Zee5 News. ZEE5
- ↑ Mugdha Chaphekar Awards: List of awards and nominations received by Mugdha Chaphekar · Times of India Entertainment. The Times of India
- ↑ Shweta Keshri. (14 March 2019). Puncch Beat actor Krishna Kaul to play the male lead in Kumkum Bhagya?. India Today
- ↑ (3 February 2016). Mugdha Chaphekar and Ravish Desai get engaged, TV actors who will tie the knot soon. The Indian Express
- ↑ (22 August 2016). Wedding bells for small screen celebrities. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুগ্ধা চাপেকাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৫১ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।