দানুফা খানতীৰাকুল (জন্ম: ১৩ নৱেম্বৰ ২০০২), যাৰ মঞ্চনাম মিল্লি (MILLI) হিচাপে অধিক পৰিচিত, এগৰাকী থাই ভাষা ৰেপাৰ আৰু গায়িকা। ২০২০ চনৰ ফেব্ৰুৱাৰ মাহত মুক্তি পোৱা তেওঁৰ প্ৰথম একক গীত ফাক কনৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চালৈ আহে।১ সেই একে বছৰৰে শেষৰ ফালে তেওঁৰ আন এখন সফল একক গীত সুদ পাং মুক্তি পায়। ২০২২ চনৰ এপ্ৰিল মাহত তেওঁ কোচেলা ভেলী মিউজিক এণ্ড আৰ্টছ ফেষ্টিভেল-ত সংগীত পৰিৱেশন কৰে আৰু তাত অনুষ্ঠান পৰিৱেশন কৰা তেওঁ প্ৰথমগৰাকী থাই একক শিল্পী হিচাপে পৰিগণিত হয়।২
২০২২ চনত দানুফাক বিবিচিৰ ১০০ গৰাকী মহিলা তালিকাত বৰ্ষটোৰ বিশ্বৰ অন্যতম প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলা হিচাপে অন্তৰ্ভুক্ত কৰা হয়।৩
প্ৰাৰম্ভিক জীৱন
মিল্লিৰ জন্ম হৈছিল ২০০২ চনৰ ১৩ নৱেম্বৰত থাইলেণ্ডৰ বেংককত। তেওঁ সাত্ৰিননথাবুৰী স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৪ অষ্টম শ্ৰেণীত পঢ়ি থকাৰে পৰা তেওঁ হিপ-হপৰ প্ৰতি আগ্ৰহী আছিল আৰু তেওঁ নিকি মিনাজক নিজৰ অনুপ্ৰেৰণা হিচাপে উল্লেখ কৰিছে।৫
কেৰিয়াৰ
মিল্লিয়ে থাই টিভি শ্ব’ দ্য ৰেপাৰ ২ত অংশগ্ৰহণ কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৬ প্ৰতিযোগিতাখনৰ বিচাৰকসকলে তেওঁৰ ব্যতিক্ৰমী অভিনয় আৰু গায়ন শৈলীৰ বাবে উচ্চ প্ৰশংসা কৰিছিল। তেওঁ থাইলেণ্ডৰ ৰেপ কেন্দ্ৰিক সংগীত প্ৰতিষ্ঠান YUPP!-ৰ সৈতে এগৰাকী শিল্পী হিচাপে চুক্তিবদ্ধ হৈছে।৫৭
প্ৰথম একক গীতসমূহ
মিল্লিয়ে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ প্ৰথম একক গীত ফাক খন ৰেকৰ্ডিং কৰিছিল। এইটো আছিল স্কুলৰ বন্ধু-বান্ধৱীসকলৰ বিষয়ে এক ব্যংগাত্মক হিপ-হপ গীত য’ত গুণ্ডাগিৰি বা বুলিং বিৰোধী বাৰ্তা আছিল। এই গীতটোত লুই, ইচান আৰু ইংৰাজী ভাষা ভাষা ব্যৱহাৰ কৰা হৈছে।১ ই তেওঁক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ যায় আৰু ২০২২ চনৰ এপ্ৰিল মাহলৈকে ইউটিবত ইয়াৰ মিউজিক ভিডিঅ’টোৱে ৯,০২,২৬,৬৭৪টা ভিউ লাভ কৰিবলৈ সক্ষম হয়।১৮৯
২০২০ চনৰ জুন মাহত তেওঁ তেওঁৰ জীৱন, সপোন আৰু সৌন্দৰ্যৰ বিষয়ে দ্বিতীয়টো একক গীত সুদ পাং ৰেকৰ্ডিং কৰে। এই গীতটোত থাই (উত্তৰ আৰু দক্ষিণ থাই), ইচান, জাপানীজ, ফাচা লুই আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰা হৈছে। ২০২২ চনৰ এপ্ৰিল মাহলৈকে ইউটিবত এই গীতটোৰ ৪,৩৩,০৮,৫১২টা ভিউ আছিল।
২০২১ চনৰ অক্টোবৰ মাহত তেওঁৰ সহযোগিতামূলক গীত ''মিৰৰ মিৰৰ' মুক্তি পায়। এই গীতটো মিল্লি, এফ.হিৰ’ আৰু দক্ষিণ কোৰিয়াৰ বয় বেণ্ড ষ্ট্ৰে কিডছৰ অন্যতম সদস্য চাংবিনৰ এটি যুটীয়া প্ৰচেষ্টা। গীতটোৱে থাইলেণ্ডত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰে আৰু ইউটিবত ১০০ নিযুততকৈ অধিক ভিউ লাভ কৰে।১০
কোচেলা ফেষ্টিভেল ২০২২
২০২২ চনৰ ১৭ এপ্ৰিলত মিল্লিয়ে 88rising-ৰ শিল্পীসকলৰ সৈতে কোচেলা ভেলী মিউজিক এণ্ড আৰ্টছ ফেষ্টিভেল-ত সংগীত পৰিৱেশন কৰে। ইয়াৰ লগে লগে তেওঁ তাত অনুষ্ঠান পৰিৱেশন কৰা প্ৰথমগৰাকী থাই একক শিল্পী হিচাপে পৰিগণিত হয়।১১২ তেওঁৰ পৰিৱেশনত এনে কিছুমান ৰেপ অন্তৰ্ভুক্ত আছিল য’ত "পঞ্চম ৰামাৰ ৰাজত্বকালৰ ৰে’ল – যিবোৰ ১২০ বছৰ ধৰি ব্যৱহৃত হৈ আছে" বুলি উল্লেখ কৰি আধুনিক থাই ৰে’লৱেত এতিয়াও ব্যৱহাৰ হৈ থকা পুৰণি ৰে’লসমূহক কটাক্ষ কৰা হৈছিল। লগতে "এক লাখ বাহটৰ কিন্নৰী লাইট প’ষ্ট" বুলি উল্লেখ কৰি ৰাচা থেৱা উপ-জিলা চৰকাৰৰ দুৰ্নীতিৰ গোচৰটোকো ইংগিত দিছিল, য’ত চৰকাৰী পুঁজি খৰচ কৰি প্ৰতিটো খুঁটিত ১,০০,০০০ থাই বাহট খৰচ কৰি মুঠ ৬৮.২ নিযুত ব্যয় কৰা হৈছিল।১২ তেওঁ মঞ্চত থাই মিঠাই ম্যাংগো ষ্টিিকি ৰাইচ (আম আৰু আঠাজাতীয় চাউল) খাই অনুষ্ঠানটো সমাপ্ত কৰে। ইয়াৰ ফলত থাইলেণ্ডত এই খাদ্যবিধৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পায় আৰু কিছুমান দোকানত ইয়াৰ অৰ্ডাৰ দুগুণ হৈ যায়।১৩১৪ বেংককৰ এখন জনাজাত দোকানত এই খাদ্যবিধৰ অতিৰিক্ত ৩০ কিলোগ্ৰাম আঠাজাতীয় চাউল সাজু কৰিবলগীয়া হৈছিল।১৫
প্ৰায় একে সময়তে চিনেমা গৃহত মুক্তি পাইছিল থাই চলচ্চিত্ৰ ফাষ্ট এণ্ড ফিল লাভ, য’ত তেওঁক এটি বিশেষ চৰিত্ৰত দেখা গৈছিল। সংযোগবশতঃ বোলছবিখনৰ সংলাপত তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত শিল্পী হোৱাৰ সপোনৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পিছতে চলচ্চিত্ৰখনৰ পৰিচালক নৱপল থামৰংৰত্তনাৰিতে ফেচবুকযোগে তেওঁক অভিনন্দন জনাই কয় যে, "চলচ্চিত্ৰ আৰু বাস্তৱ এতিয়া একাকাৰ হৈ পৰিছে"।১৬
মুৱায় থাই
২০২৫ চনৰ ১৮ এপ্ৰিলত ঘোষণা কৰা হৈছিল যে মিল্লিয়ে প্ৰথমবাৰৰ বাবে মুৱায় থাই প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুতি চলাইছে।১৭ তেওঁ ২০২৫ চনৰ ১৭ মে’ত লুম্পিনী ষ্টেডিয়ামত অনুষ্ঠিত 'ফেয়াৰটেক্স ফাইট' ইভেণ্টৰ এটা মুখ্য অপেশাদাৰী যুঁজত জিডুও জিচিৰ বিৰুদ্ধে আত্মপ্ৰকাশ কৰে। এই যুঁজত তেওঁৰ ৰিং নেম আছিল উমনুয়াজিত চিটলেকছু।১৮ তিনিওগৰাকী বিচাৰকৰ ২৯–২৮ স্ক’ৰৰ সৰ্বসন্মত সিদ্ধান্তত তেওঁ এই যুঁজত পৰাজিত হয়।১৯
ব্যক্তিগত জীৱন
২০২১ চনৰ ২১ জুলাইত প্ৰয়ুত চান-অ'-চাৰ সামৰিক চৰকাৰে থাইলেণ্ডৰ ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে চৰকাৰৰ দুৰ্বল সঁহাৰিক সমালোচনা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তেওঁৰ বিৰুদ্ধে "ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি" কঢ়িয়াই অনা তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল, যিটো অপৰাধৰ বাবে পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে।২০ একাধিক শিল্পী আৰু সংগীত প্ৰতিষ্ঠানকে ধৰি থাইলেণ্ডৰ নেটিজেনসকলে হেচটেগ "#SaveMilli" ব্যৱহাৰ কৰি তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়ায়।২১ চৰকাৰে ইয়াৰ উপৰিও চৰকাৰক সমালোচনা কৰাৰ বাবে আৰু অন্ততঃ ২০ গৰাকী থাই প্ৰভাৱশালী ব্যক্তিক (Influencer) "ভুৱা বাতৰি" বিয়পোৱাৰ অভিযোগত অভিযুক্ত কৰাৰ সংকল্প লয়।২২ দণ্ডবিধিৰ ৩৯৩ ধাৰা অনুসৰি তেওঁক ২,০০০ বাহট জৰিমনা বিহা হয়।২৩
তথ্যসূত্ৰ
- ↑ รู้จักกับน้อง MILLI จาก The Rapper 2 ผู้มากับความเฟี้ยวและจริตกะเทยในเพลง 'พักก่อน'
- ↑ (17 April 2022). Female rapper Milli becomes first Thai artist to perform at Coachella Festival. Thai PBS World
- ↑ BBC 100 Women 2022: Who is on the list this year? - BBC News. News
- ↑ ประวัติ "MILLI" สาวน้อยแร็ปเปอร์ จากโรงเรียนหญิงล้วน ที่เป็นถึงประธานนักเรียน. www.sanook.com/campus
- ↑ เปิดประวัติ MILLI เจ้าของเพลงฮิต พักก่อน
- ↑ (12 March 2019). The Rapper 2 "มินนี่ MILLI" แร็ปเปอร์สาวจอมแสบ วัย 16 ปี. workpointTODAY
- ↑ (11 September 2021). 2018 แร็ปเปอร์ครองเมือง! เปิดตัว "YUPP!" ค่ายฮิปฮอปสายเลือดใหม่เตรียมสั่นสะเทือนวงการ
- ↑ (10 March 2020). เพลง พักก่อน เจอดราม่าเหยียดเพศหญิง มิลิ เดอะแร็ปเปอร์ ออกโรงเคลียร์. www.thairath.co.th
- ↑ (10 March 2020). 'มิลลิ พักก่อน' ขอโทษไม่มีเจตนาแร็พเหยียดผู้หญิง. คมชัดลึกออนไลน์
- ↑ (28 October 2021). F.HERO x MILLI Ft. Changbin of Stray Kids - Mirror Mirror (Prod. by NINO) (Official MV)
- ↑ (16 April 2022). "มิลลิ" สุดปัง! ศิลปินเดี่ยวไทยคนแรก ขึ้นโชว์เวทีหลัก Coachella 2022. Posttoday
- ↑ (3 March 2022). ไม่สนดราม่า ! อบต.ราชาเทวะ เดินหน้าต่อ สร้างเสาไฟฟ้ากินรีอีก 720 ต้น. Spring News
- ↑ (22 April 2022). Thai rapper's mango sticky rice stunt at Coachella boosts sales of beloved Thai dessert. CNN.com. Reuters
- ↑ (17 April 2022). ไรเดอร์เผย ยอดซื้อเพิ่มเท่าตัว หลัง "มิลลิ" โชว์กิน "ข้าวเหนียวมะม่วง" บนเวที Coachella. Sanook
- ↑ (17 April 2022). ข้าวเหนียวมะม่วงร้านดัง ยอดพุ่งรับกระแสมิลลิ. Thairath
- ↑ (17 April 2022). หนังและความจริง cross ไปพร้อมๆกัน #FastAndFeelLove เสาร์อาทิตย์นี้ในโรงภาพยนตร์ มาทำให้หนังเรื่องนี้มันเป็นไปได้กันนะ. Facebook
- ↑ มิลลิ ต่อยจริง เจ็บจริง! เตรียมขึ้นสังเวียน "Fairtex Fight มวยมันส์พันธุ์ EXTREME". LINE TODAY
- ↑ (2025-05-06). Thai Rap Star Milli Steps Into Muay Thai Ring for Fight Debut at Lumpinee. Combat Press
- ↑ (2025-05-17). MILLI สู้สุดใจแม้พ่ายคะแนนคู่แข่งจากจีนใน Fairtex Fight. TheStandard.co
- ↑ Coconuts Bangkok. (21 July 2021). Singer Milli 1st celeb charged for criticizing Thai gov't following minister's threat. coconut.co
- ↑ MC Galang. (21 July 2021). Milli Reportedly to Be Charged for Criticizing Thai Gov't for COVID Response. hiphopdx.com
- ↑ Post Reporters. (22 July 2021). Police to rein in 'influencers'. Bangkok Post
- ↑ ทนายนายกฯ แจ้งความ "มิลลิ" ฐานวิจารณ์รัฐบาลด้วยคำไม่สุภาพ. BBC News ไทย
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিল্লি” প্ৰবন্ধৰ সংশোধন ৬০২৬২৪ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।