মিৰিয়াম ৰোজ চিলভাৰমেন (ইংৰাজী ভাষা: Miriam Rose Silverman; জন্ম: ১৯ জানুৱাৰী, ১৯৭৭) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ আমাজন প্ৰাইম ভিডিঅ' ধাৰাবাহিক দা মাৰ্ভেলাচ মিচেচ মাইচেলত বাৰ্নিচৰ চৰিত্ৰত কৰা অভিনয় আৰু হুলুৰ ফ্লাইচমেন ইজ ইন ট্ৰাবল (২০২২) তথা আমাজনৰ ডেড ৰিংগাৰ্চ (২০২৩)-ত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ লৰেইন হেন্সবেৰীৰ নাটক দা চাইন ইন চিডনী ব্ৰুষ্টাইনচ উইণ্ডোৰ ২০২৩ চনৰ পুনৰুজ্জীৱিত সংস্কৰণত কৰা অভিনয়ৰ বাবে এখন নাটকত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ টনী বঁটা লাভ কৰে। তেওঁ এগৰাকী অভিনয় প্ৰশিক্ষক আৰু বৰ্তমান নিউয়ৰ্ক ইউনিভাৰ্চিটি টিচ স্কুল অৱ দা আৰ্টচত থিয়েটাৰৰ অধ্যাপিকা হিচাপে কৰ্মৰত।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
চিলভাৰমেন নিউয়ৰ্ক চহৰৰ মেনহাটানত জন্মগ্ৰহণ কৰিছিল আৰু তাতেই ডাঙৰ-দীঘল হৈছিল। তেওঁ অনিতা (পূৰ্বৰ উপাধি পাম ১৯৪২–২০২৩)২ আৰু মাইকেল চিলভাৰমেনৰ কন্যা। মাক গৰ্ভৱতী হৈ থকা অৱস্থাত মিৰিয়ামৰ জন্মৰ নথিভুক্তকৰণৰ বাবে গুড মৰ্নিং আমেৰিকাৰ এটা বিশেষ খণ্ডত অনিতাক দেখুওৱা হৈছিল।৩
তেওঁৰ জোচেফ আৰু জেফ্ৰী নামৰ দুজন ভাতৃ আছে। তেওঁৰ মাতৃ এগৰাকী শিক্ষয়িত্ৰী আছিল আৰু পিতৃ এজন সাংবাদিক তথা এচ’চিয়েটেড প্ৰেছৰ প্ৰাক্তন পৰিচালন সম্পাদক।৪ তেওঁ ব্ৰংক্স হাইস্কুল অৱ ছায়েন্সত অধ্যয়ন কৰি ১৯৯৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে। সৰুৰেপৰাই অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ গঢ়ি উঠিছিল আৰু পিতৃ-মাতৃয়ে তেওঁক ব্ৰডৱে শ্ব’ চাবলৈ লৈ গৈছিল। তেওঁ বিদ্যালয়ৰ নাটক গ্ৰীজত ৰিজোৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ফুটবল খেলিছিল। তেওঁ ফিঅ’ৰেলো এইচ লাগাৰ্ডিয়া হাইস্কুল ফৰ দ্য পাৰফৰ্মিং আৰ্টচৰ বাবে অডিচন দিছিল আৰু নিৰ্বাচিত হৈছিল, কিন্তু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰি মেনহাটানৰপৰা চাবৱেৰে গৈ ব্ৰংক্স ছায়েন্সত নাম ভৰ্তি কৰিছিল।৫৬
চিলভাৰমেনে ২০০১ চনত ব্ৰাউন ইউনিভাৰ্চিটিৰপৰা সাহিত্য আৰু দক্ষিণ-পূব এছীয় অধ্যয়নত বিএ ডিগ্ৰী লাভ কৰে আৰু ২০০৫ চনত অভিনয়ত মাষ্টাৰ অৱ ফাইন আৰ্টচ সম্পূৰ্ণ কৰে। ব্ৰাউন ইউনিভাৰ্চিটিত তেওঁৰ প্ৰথম অভিনয়ৰ ভূমিকা আছিল টম ষ্টপাৰ্ডৰ নাটক আৰ্কডিয়াত লেডী ক্ৰুমৰ চৰিত্ৰটো। মহাবিদ্যালয়ৰ ষাণ্মাসিকসমূহৰ বিৰতিৰ সময়ত তেওঁ ব্ৰুকলিন বোটানিক গাৰ্ডেনত কাম কৰিছিল।
স্নাতক পৰ্যায়ত তেওঁ এবছৰৰ বিৰতি লৈ হংকঙত ইংৰাজী শিকাইছিল।৭ ২০১২ চনত থিয়েটাৰ কমিউনিকেচন গ্ৰুপৰ এটা ফেল’শ্বিপৰ জৰিয়তে তেওঁ লণ্ডনলৈ যায় আৰু লণ্ডন একাডেমী অৱ মিউজিক এণ্ড ড্ৰামাটিক আৰ্ট তথা ৰয়েল শ্বেইক্সপীয়েৰ কোম্পানীত প্ৰশিক্ষণ লয়।৮
তথ্যসূত্ৰ
- ↑ Tisch School Directory, Silverman accessed 05/05/2023
- ↑ Anita Silverman Obituary accessed 05/05/2023
- ↑ Sherman, Rachel. (2023-06-06). Miriam Silverman Is 'Unafraid of Embracing the Darkness'. The New York Times
- ↑ Michael D. Silverman, an editor and repo. AP NEWS
- ↑ ApplePodcasts.Com Silverman Interview accessed 09/22/2023
- ↑ Silverman Talks accessed 06/22/23
- ↑ Teeman, Tim. (May 24, 2023). Miriam Silverman Was Born on ‘Good Morning America.’ Next, a Tony Award?
- ↑ Home. tcg.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰিয়াম চিলভাৰমেন” প্ৰবন্ধৰ সংশোধন ৬০৩৫৭৮ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।