অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিশু চৌধুৰী

ৰোকেয়া চুলতানা মিশু চৌধুৰী (ইংৰাজী: Rokeya Sultana Mishu Chowdhury; জন্ম: ৩ মাৰ্চ ১৯৯০) এগৰাকী বাংলাদেশী প্ৰাক্তন ক্ৰিকেটাৰ, আম্পায়াৰ, ক্ৰীড়া সঞ্চালক আৰু অভিনেত্ৰী। তেওঁ আইচিচি ডেভেলপমেণ্ট পেনেলত যোগদান কৰা প্ৰথমগৰাকী বাংলাদেশী মহিলা আম্পায়াৰসকলৰ ভিতৰত অন্যতম।

হালনাগাদ: ১৫ জুন ২০২৬ ৪১৯ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰোকেয়া চুলতানা মিশু চৌধুৰী (ইংৰাজী ভাষা: Rokeya Sultana Mishu Chowdhury; জন্ম: ৩ মাৰ্চ ১৯৯০) এগৰাকী বাংলাদেশী প্ৰাক্তন ক্ৰিকেটাৰ, আম্পায়াৰ, ক্ৰীড়া সঞ্চালক আৰু অভিনেত্ৰী।১ তেওঁ আইচিচি ডেভেলপমেণ্ট পেনেলত যোগদান কৰা প্ৰথমগৰাকী বাংলাদেশী মহিলা আম্পায়াৰসকলৰ ভিতৰত অন্যতম।২৩ তেওঁ ২০০৮ চনৰপৰা ২০১২ চনলৈকে ৰাষ্ট্ৰীয় ক্ৰিকেট লীগত খেলিছিল যদিও লিগামেণ্টৰ আঘাতৰ বাবে অৱসৰ লয়। পৰৱৰ্তী সময়ত তেওঁ ক্ৰীড়া সঞ্চালনা আৰু অভিনয়ৰ ক্ষেত্ৰখনত আত্মনিয়োগ কৰে। তেওঁ ’৭১-ৰ মা জননী আৰু আন কেইখনমান চলচ্চিত্ৰৰ লগতে অসংখ্য টেলিভিছন নাটকত অভিনয় কৰিছে।

কৰ্মজীৱন

মিশু চৌধুৰীৰ জন্ম বগুৰাত হৈছিল। তেওঁৰ আচল নাম ৰোকেয়া চুলতানা আৰু কথিত নাম মিশু চৌধুৰী। উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ উচ্চশিক্ষাৰ বাবে ঢাকালৈ আহে। তেওঁ ঢাকাৰ ইডেন মহিলা কলেজৰপৰা হিচাপবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ষ্ট্যামফৰ্ড ইউনিভাৰ্চিটিৰপৰা গণমাধ্যম আৰু সাংবাদিকতা বিষয়ত দ্বিতীয়টো স্নাতক ডিগ্ৰী লাভ কৰে। মিশুৱে তেওঁৰ জীৱনৰ আৰম্ভণিতে বগুৰা থিয়েটাৰত অভিনয় জীৱন আৰম্ভ কৰিছিল।৪ তাত তেওঁ ৫খন নাটকত অভিনয় কৰিছিল, যাৰ শেষৰখন আছিল নুৰুলদিনেৰ সাৰাজীৱন (২০০৯)। ২০১৬ চনত তেওঁ দেশ নাটোকৰ হৈ সুৰগাও নাটকত পুনৰ মঞ্চ অভিনয় আৰম্ভ কৰে।৫

২০০৬ চনত মিশুৱে বগুৰা জিলা মহিলা ক্ৰিকেট দলত যোগদান কৰে। এগৰাকী অলৰাউণ্ডাৰ ক্ৰিকেটাৰ হিচাপে তেওঁ মোহামেডান স্পৰ্টিং ক্লাব, আজাদ স্পৰ্টিং ক্লাব আৰু ইন্দিৰা ৰোড ক্ৰীড়া চক্ৰৰ হৈ ক্লাব কাপ; বগুৰা জিলাৰ হৈ ডিষ্ট্ৰিক্ট কাপ আৰু চিলেট ডিভিজনৰ হৈ ডিভিজন কাপ খেলিছিল। ২০১৩ চনত লিগামেণ্টৰ আঘাতৰ বাবে তেওঁ ক্ৰিকেটৰপৰা অৱসৰ ল’বলগীয়া হয়।৬৭ তেওঁ মুকলি বেডমিণ্টন একক আৰু দ্বৈত প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল।

ক্ৰিকেট কেৰিয়াৰৰ মাজতে ২০১২ চনত মিশুৱে শুধু তুমি নামৰ এখন টেলিফিল্মত অভিনয় কৰে।৭ পিছলৈ তেওঁ ’৭১-ৰ মা জননী ছবিৰ জৰিয়তে পেছাদাৰীভাৱে অভিনয়ত নামি পৰে। তেওঁ ৫খন চলচ্চিত্ৰ আৰু ৭০খনতকৈও অধিক টেলিভিছন নাটকত অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ কেইবাটাও টেলিভিছন বিজ্ঞাপনত কাম কৰিছে, যাৰ ভিতৰত অমিতাভ ৰেজা চৌধুৰীৰ পৰিচালনাত গ্ৰামীণ ফোনৰ সব কথা জমায়া ৰাখ অন্যতম।৮ তেওঁ নিয়মিতভাৱে ক্ৰীড়া অনুষ্ঠানৰ আঁত ধৰোঁতা হিচাপেও কাম কৰে।

ক্ৰীড়া আৰু সংবাদ মাধ্যমৰ উপৰি মিশুৱে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়তো শিক্ষকতা কৰে।৯ তেওঁ দেশৰ মহিলা ক্ৰিকেটাৰসকলক লৈ বাংলদেশেৰ নাৰী ক্ৰিকেটাৰেৰ অভিযাত্ৰা নামৰ এখন পুথি ৰচনা কৰিছে।১০

মিশুৱে বিজনেছ ফাইলৰপৰা শ্ৰেষ্ঠ জনপ্ৰিয় সঞ্চালক বঁটা আৰু এগৰাকী অভিনেত্ৰী হিচাপে সন্মানীয় স্মাৰক লাভ কৰে। ২০১৯ চনত তেওঁক গ্ৰামীণফোন 'বেলেন্স ফৰ বেটাৰ' প্ৰেৰণা বঁটাও প্ৰদান কৰা হয়।

আম্পায়াৰিং

২০২২ চনৰ ২৯ অক্টোবৰত মিশুৱে ২০২২ চনৰ পুৰুষৰ তৃতীয় ডিভিজন ক্ৰিকেট লীগৰ বাবে প্ৰথম চাৰিগৰাকী বাংলাদেশী মহিলা আম্পায়াৰৰ এগৰাকী হিচাপে নিজৰ প্ৰথমখন খেল পৰিচালনা কৰে।১১ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বাংলাদেশ ক্ৰিকেট লীগ ২০২৩ ত প্ৰথম বাংলাদেশী মহিলা আম্পায়াৰ হিচাপেও আম্পায়াৰিং কৰিছিল আৰু ইয়াৰ বাবে এক সন্মানীয় বঁটা লাভ কৰিছিল।১২ তেওঁ আম্পায়াৰিং কৰা অন্যান্য প্ৰতিযোগিতাৰ ভিতৰত আছে ঢাকা প্ৰথম ডিভিজন মহিলা ক্ৰিকেট লীগ ২০২৩, ঢাকা প্ৰিমিয়াৰ ডিভিজন মহিলা ক্ৰিকেট লীগ ২০২৩, ঢাকা মহিলা প্ৰথম ডিভিজন কোৱালিফাইয়িং টি-২০ ক্ৰিকেট লীগ, অনুৰ্ধ-১৪ পুৰুষ ক্ৰিকেট লীগ ২০২৩, টি-২০ পুৰুষ শাৰীৰিকভাৱে অক্ষম ক্ৰিকেট লীগ ২০২৩ আৰু কমনৱেলথ ক্ৰিকেট লীগ ২০২৩। ২০২৪ চনৰ মহিলা অনুৰ্ধ-১৯ ত্ৰিদেশীয় টি-২০ শৃংখলাত তেওঁৰ আন্তৰ্জাতিক খেলত অভিষেক ঘটে।

২০২৪ চনৰ মাৰ্চ মাহত আন ৩ গৰাকী মহিলা আম্পায়াৰৰ সৈতে মিশুক আইচিচি ডেভেলপমেণ্ট পেনেল অব আম্পায়াৰৰ বাবে নিৰ্বাচিত কৰা হয়।১৩১৪১৫

তথ্যসূত্ৰ

  1. ↑ Rokeya Sultana. ESPNcricinfo
  2. ↑ 'Big achievement' as Bangladesh's five woman umpires join ICC panel. The Daily Star
  3. ↑ Four Bangladeshi women umpires join ICC panel. The Country Today
  4. ↑ (8 April 2018). "I will never give up theatre". The Daily Star
  5. ↑ (11 February 2017). I am too much emotional: Mishu Chowdhury. The Daily Sun
  6. ↑ (24 April 2015). ছিলেন ক্ৰিকেটাৰ এখন মডেল. Kaler Kantho
  7. ↑ (11 February 2017). I am too much emotional: Mishu Chowdhury. Daily Sun
  8. ↑ (23 November 2014). অৱশেষে বড় পৰ্দায় মিশু. Jagonews24
  9. ↑ ব্যস্ত মিশু চৌধুৰী. Bangladesh Pratidin
  10. ↑ (31 March 2021). বইমেলায় মিশু চৌধুৰীৰ 'বাংলাদেশেৰ নাৰী ক্ৰিকেটেৰ অভিযাত্ৰা'বইমেলায় মিশু চৌধুৰীৰ 'বাংলাদেশেৰ নাৰী ক্ৰিকেটেৰ অভিযাত্ৰা'. Channel i Online
  11. ↑ (3 November 2022). দেশেৰ গণ্ডি পেৰিয়ে আন্তৰ্জাতিক মঞ্চে যাওয়াৰ স্বপ্ন মিশুৰ. Bangla Tribune
  12. ↑ (12 July 2023). যুক্তৰাষ্ট্ৰে প্ৰথমবাৰ বাংলাদেশি নাৰী আম্পায়াৰেৰ অভিষেক!. AwaazBD
  13. ↑ (23 March 2024). Bangladeshi female match officials added to ICC panel. The Business Standard
  14. ↑ (23 March 2024). আইসিসিৰ প্যানেলে বাংলাদেশেৰ চাৰ নাৰী আম্পায়াৰ ও এক ম্যাচ ৰেফাৰি. Prothom Alo
  15. ↑ (23 March 2024). প্ৰথমবাৰ আইসিসিৰ প্যানেলে বাংলাদেশি ৪ নাৰী আম্পায়াৰ. Jugantar

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিশু চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১২২৮০ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।