লুচেৰো মিৰ’শ্লাভা মণ্টেমায়ৰ গাৰ্চিয়া (জন্ম: ৫ জানুৱাৰী ১৯৯০) এগৰাকী মেক্সিকান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, ক্ৰীড়া সংবাদিক আৰু ব্যৱসায়ী।
মণ্টেমায়ৰে ‘নুৱেষ্ট্ৰা বেলেজা ইণ্টাৰনেচনেল মেক্সিকো ২০১৩’ খিতাপ অৰ্জন কৰিছিল আৰু ‘মিছ ইণ্টাৰনেচনেল ২০১৩’ত মেক্সিকোক প্ৰতিনিধিত্ব কৰিছিল।১
সৌন্দৰ্য প্ৰতিযোগিতা
লুচেৰো মণ্টেমায়ৰ ২০১১ চনত তেওঁৰ বিশ্ববিদ্যালয়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত ‘চেনিওৰীটা UANL’ নিৰ্বাচিত হৈছিল। তেওঁ ‘চেনিওৰীটা কুইমিকাছ ২০১১’ হিচাপে নিজৰ বিভাগক প্ৰতিনিধিত্ব কৰিছিল। পৰৱৰ্তী সময়ত ‘নুৱেষ্ট্ৰা বেলেজা নুৱেভ’ লিঅ’ন ২০১২’ প্ৰতিযোগিতাত তেওঁ প্ৰথম ৰানাৰ-আপ হয় আৰু নুৱেষ্ট্ৰা বেলেজা মেক্সিকো ২০১২ প্ৰতিযোগিতাত চিম্থিয়া ডুকুৱেৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত হয়।
ছেমি-ফাইনেল পৰ্যায়ত তেওঁ ‘নুৱেষ্ট্ৰা বেলেজা মুণ্ডো মেক্সিকো ২০১২’ৰ প্ৰথম ৰানাৰ-আপ আছিল। চূড়ান্ত নিশাত তেওঁ পুনৰবাৰ বিজয়ী চিম্থিয়া ডুকুৱেৰ পিছতে প্ৰথম ৰানাৰ-আপৰ স্থান লাভ কৰে।
কেইমাহমানৰ পিছত, নুৱেষ্ট্ৰা বেলেজা মেক্সিকো সংস্থাই তেওঁক ‘নুৱেষ্ট্ৰা বেলেজা ইণ্টাৰনেচনেল মেক্সিকো ২০১৩’ হিচাপে মনোনীত কৰে। ইয়াৰ পিছত তেওঁ জাপানত অনুষ্ঠিত ‘মিছ ইণ্টাৰনেচনেল ২০১৩’ত মেক্সিকোক প্ৰতিনিধিত্ব কৰে।
সম্প্ৰচাৰ কেৰিয়াৰ
২০১৪ চনত মণ্টেৰীৰ ‘টিভি আজটেকা’ৰ ক্ৰীড়া অনুষ্ঠান ‘ADN’ৰ জৰিয়তে মণ্টেমায়ৰে ক্ৰীড়া সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰে।২ তাত তেওঁ ২০১৫ চনৰ প্ৰ’ বাউল আৰু এৰিজোনাৰ গ্লেণ্ডেলত অনুষ্ঠিত ‘ছুপাৰ বাউলৰ দৰে গুৰুত্বপূৰ্ণ ক্ৰীড়া অনুষ্ঠানসমূহ কভাৰ কৰিছিল।৩ ২০১৫ চনৰ ডিচেম্বৰত তেওঁ আজটেকা এৰি ইএছপিএনত যোগদান কৰে আৰু ‘NFL Live’ৰ স্পেনিছ সংস্কৰণৰ উপস্থাপিকা হয়।৪ তেওঁ ইএছপিএন মেক্সিকোৰ দুপৰীয়াৰ ক্ৰীড়া অনুষ্ঠান ‘লছ কেপিটানেছ’ৰো উপস্থাপিকা আছিল।
২০১৭ চনৰ আগষ্টত তেওঁ ‘স্পৰ্টছ চেণ্টাৰ’ৰ স্পেনিছ সংস্কৰণৰ এংকৰ হ’বলৈ পূৰ্বৰ অনুষ্ঠানসমূহ ত্যাগ কৰে। তেওঁ আদলবেৰ্টো ফ্ৰাঙ্কোৰ সৈতে প্ৰতি বৃহস্পতিবাৰে ইএছপিএন২-ত ‘অট্ৰা ৰোণ্ডা’ নামৰ এটা অনুষ্ঠান পৰিচালনা কৰিছিল।৫
ইএছপিএনত কৰ্মৰত অৱস্থাত তেওঁ মেক্সিকান টেনিছ অপেন, লছ কাবোছ অপেন, ছুপাৰ বাউল আৰু ২০১৮ চনৰ ৰাছিয়া ফিফা বিশ্বকাপৰ দৰে অনুষ্ঠানসমূহ কভাৰ কৰিছে। ২০১৯ চনৰ ৪ অক্টোবৰত তেওঁ ইএছপিএন ত্যাগ কৰাৰ কথা ঘোষণা কৰে।
ব্যক্তিগত জীৱন
মণ্টেমায়ৰ ব্যৱসায়ী তথা ‘ক্লাব টিজুয়ানা’ৰ সভাপতি আৰু স্বত্বাধিকাৰী জৰ্জ এলবেৰ্টো হেংকৰ সৈতে সম্পৰ্কত আছিল। ২০১৯ চনৰ ১৪ ছেপ্টেম্বৰত তেওঁলোকে ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁলোকৰ বাগদানৰ কথা ঘোষণা কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ Lucero Montemayor, es Nuestra Belleza Internacional México 2013
- ↑ (30 September 2015). Miroslava Montemayor y su cumpleaños periodístico. Futbol Sapiens
- ↑ ueU9NDIZieEE/ Miroslava Montemayor, la reportera que impactó en el Pro Bowl – Publimetro. www.publimetro.com.mx
- ↑ Gabriela Nunez. (14 December 2015). ESPN in Mexico debuts NFL Live show. ESPN Front Row
- ↑ (21 June 2017). ESPN y Cuauhtémoc Moctezuma Heineken presentan su nuevo show "Otra Ronda" - ESPN MediaZone Latin America North
- ↑ (28 May 2019). Estilo DF Lila Downs by EstiloDF - Issuu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰ’শ্লাভা মণ্টেমায়ৰ” প্ৰবন্ধৰ সংশোধন ৬২২৩৯৮ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।