মিৰাণ্ডা মে' কেৰ (ইংৰাজী ভাষা: Miranda Kerr; জন্ম: ২০ এপ্ৰিল ১৯৮৩) এগৰাকী অষ্ট্ৰেলিয়ান মডেল। ২০০৭ চনত ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেলছৰ অন্যতম মডেল হিচাপে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। কেৰ আছিল ভিক্টোৰিয়াছ ছিক্ৰেটৰ প্ৰথমগৰাকী অষ্ট্ৰেলিয়ান মডেল আৰু তেওঁ অষ্ট্ৰেলিয়াৰ ডিপাৰ্টমেণ্টেল ষ্ট’ৰ চেইন ডেভিড জনছকো প্ৰতিনিধিত্ব কৰিছিল। তেওঁ নিজাকৈ অৰ্গেনিক স্কিনকেয়াৰ সামগ্ৰীৰ ব্ৰেণ্ড 'কোৰা অৰ্গেনিকছ' মুকলি কৰিছে আৰু এখন আত্ম-সহায়ক গ্ৰন্থও ৰচনা কৰিছে।
কেৰে ১৩ বছৰ বয়সৰ পৰাই ফেশ্বন উদ্যোগত মডেলিং আৰম্ভ কৰিছিল আৰু ১৯৯৭ চনত ডলী আলোচনীৰ মডেল চাৰ্ছ প্ৰতিযোগিতাত বিজয়ী হৈছিল। ২০০৮ চনৰ পৰা তেওঁ ধাৰাবাহিকভাৱে ফৰ্বচৰ বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী মডেলৰ তালিকাত স্থান লাভ কৰি আহিছে। তেওঁ পূৰ্বে ইংৰাজ অভিনেতা অৰলেণ্ডো ব্লুমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। ২০১৭ চনৰ পৰা তেওঁ স্ন্যাপচাটৰ মুখ্য কাৰ্যবাহী বিষয়া ইভান স্পীগেলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ আছে আৰু তেওঁলোকৰ তিনিজন সন্তান আছে।
প্ৰাৰম্ভিক জীৱন
কেৰৰ জন্ম ছিডনীত হৈছিল আৰু তেওঁ গুন্নেদাহাত ডাঙৰ-দীঘল হৈছিল।১ তেওঁ থেৰেছ আৰু জন কেৰৰ কন্যা। তেওঁৰ মাতৃয়ে ১৭ বছৰ বয়সতে তেওঁক জন্ম দিছিল।২ তেওঁৰ মেথিউ নামৰ এজন ভায়েক আছে, যি তেওঁতকৈ দুবছৰৰ সৰু। কেৰ ইংৰাজ বংশোদ্ভৱ হোৱাৰ লগতে তেওঁৰ পূৰ্বপুৰুষৰ মাজত কম পৰিমাণে স্কটিছ আৰু ফৰাচী তেজ আছে।৩ শৈশৱকালত কেৰে তেওঁৰ আইতাকৰ ফাৰ্মত মটৰ চাইকেল দৌৰাইছিল আৰু ঘোঁৰা চলাইছিল। তেওঁ অষ্ট্ৰেলিয়াৰ গ্ৰাম্য অঞ্চলৰ প্ৰাৰম্ভিক জীৱনক "অতি শক্তিশালী ভিত্তি" বুলি বৰ্ণনা কৰিছে য’ত কোনো ভণ্ডামি নাছিল আৰু কোনে কি পিন্ধিছে সেই লৈ কাৰো চিন্তা নাছিল। কিশোৰী অৱস্থাত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াত এজন বিনিময় ছাত্ৰী হিচাপে আছিল।৪
কেৰ আৰু তেওঁৰ ভায়েকক চহৰীয়া জীৱনৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ তেওঁলোকৰ পৰিয়ালটো কুইন্সলেণ্ডৰ ব্ৰিচবেনলৈ স্থানান্তৰিত হয়। কেৰে প্ৰথমতে তেওঁৰ শৈশৱৰ গৃহ চহৰ এৰিবলৈ অনিচ্ছুক আছিল, কিন্তু কিশোৰ অৱস্থাতে তেওঁৰ প্ৰথম প্ৰেমিক ক্ৰিষ্টোফাৰ মিডলব্ৰুকৰ এটা গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত তেওঁ কৈছিল যে তাত থকাটো তেওঁৰ বাবে অতি বেদনাদায়ক আছিল।৫ তেওঁ ২০০০ চনত অল হেল’জ স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। কেৰে মডেলিং জগতত প্ৰৱেশ কৰাৰ পূৰ্বে পুষ্টি আৰু স্বাস্থ্য মনোবিজ্ঞান অধ্যয়ন কৰিছিল।৬
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ |
|---|---|---|
| ২০১৩ | দ্য ব্লিং ৰিং | সংগৃহীত দৃশ্য |
টেলিভিছন
| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ |
|---|---|---|
| ২০০৭ | হাউ আই মেট ইউৰ মাদাৰ | নিজে |
| ২০১২ | প্ৰজেক্ট ৰানৱে অল ষ্টাৰ্ছ | অতিথি বিচাৰক |
| প্ৰজেক্ট ৰানৱে অষ্ট্ৰেলিয়া | ||
| ২০১৬ | অষ্ট্ৰেলিয়া’ছ নেক্সট টপ মডেল | অতিথি পৰামৰ্শদাতা |
তথ্যসূত্ৰ
- ↑ (5 September 2019). Miranda Kerr. Business of Fashion
- ↑ Lidbury, Olivia. (27 February 2014). Miranda Kerr's mother on stepping out of her model daughter's 'shadow'. The Daily Telegraph
- ↑ (23 March 2010). Miranda Kerr - Biography. Hello!
- ↑ Israel, Katrina. (24 July 2022). Miranda Kerr and Evan Spiegel give a Snap-shot of their Australian life. Vogue Australia
- ↑ (September 25, 2016). Kerr: 'I never took modelling very seriously'. The Daily Telegraph
- ↑ Field, Melissa. (8 October 2012). Miranda's Kerr-Ching! factor. The Daily Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰাণ্ডা কেৰ” প্ৰবন্ধৰ সংশোধন ৬১৫০২৮ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।