অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মীনাক্ষী চৌধুৰী

মীনাক্ষী চৌধুৰী (Meenakshi Chaudhary; জন্ম: ৫ মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ প্ৰধানকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে।

হালনাগাদ: ১ ডিচেম্বৰ ২০২৫ ৫৮৮ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মীনাক্ষী চৌধুৰী (Meenakshi Chaudhary; জন্ম: ৫ মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ প্ৰধানকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৮ শীৰ্ষক প্ৰতিযোগিতাখনত হাৰিয়ানা ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল, যʼত তেওঁ ফেমিনা মিছ ইণ্ডিয়া গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০১৮ৰ খিতাপ লাভ কৰিছিল। ২০১৮ চনৰ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলত ভাৰতক প্ৰতিনিধিত্ব কৰি চৌধুৰীয়ে প্ৰথম ৰানাৰ্ছ আপ হিচাপে খিতাপ অৰ্জন কৰিছিল।১

তেলুগু ছবি ইচাটা ভাহানামুলু নিলুপৰাডু (২০২১)ত অভিনয়েৰে সকলোৰে নজৰলৈ অহাৰ পূৰ্বে চৌধুৰীয়ে হিন্দী ছবি আপষ্টাৰ্টছ (২০১৯)ত অভিনয়েৰে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। ইয়াৰ পিছত চৌধুৰীয়ে বক্স অফিচ হিট ছবি যেনে হিট: দ্য ছেকেণ্ড কেছ (২০২২), দ্য গ্ৰেটেষ্ট অৱ অল টাইম (২০২৪), লাকী ভাস্কৰ (২০২৪) আৰু সংক্ৰান্তিকী বাস্তুনম (২০২৫) আদিত অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯৭ চনৰ ৫ মাৰ্চ তাৰিখে, ভাৰতৰ হাৰিয়ানাৰ পঞ্চকুলাৰ এটি পঞ্জাবী হিন্দু পৰিয়ালত মীনাক্ষী চৌধুৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্ৰয়াত বি. আৰ. চৌধুৰী ভাৰতীয় সেনাবাহিনীৰ কৰ্ণেল আছিল।২ তেওঁ চণ্ডীগড়ৰ ছেইণ্ট চোল্ডাৰ ইণ্টাৰনেশ্যনেল কনভেণ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ সাঁতোৰবিদ আৰু বেডমিণ্টন খেলুৱৈও।৩ চৌধুৰীয়ে পঞ্জাবৰ ডেৰা বছিস্থিত ৰাষ্ট্ৰীয় দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা দন্ত অস্ত্ৰোপচাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৪

পেজেণ্ট্ৰি

মিছ আইএমএ ২০১৭

২০১৭ চনত, সামৰিক কেডেটৰ প্ৰশিক্ষণৰ সময়সূচীৰ শিখৰত উপনীত হোৱাৰ বাবে প্ৰতিটো কাৰ্যকালৰ শেষৰ ফালে অনুষ্ঠিত হোৱা ভাৰতীয় সামৰিক একাডেমীৰ শৰৎ বল নাইটৰ সময়ত চৌধুৰীক মিছ আইএমএ হিচাপে নিৰ্বাচিত কৰা হৈছিল।৫৬

ফেমিনা মিছ ইণ্ডিয়া

মূল প্ৰবন্ধ: ফেমিনা মিছ ইণ্ডিয়া ২০১৮

ফেশ্বন বিগ বজাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা কেম্পাছ প্ৰিন্সেছ, ২০১৮ৰ বাবে চৌধুৰীয়ে অডিচন দিছিল য’ত তেওঁ পাটিয়ালা অডিচনৰ পৰা অন্যতম বিজয়ী হিচাপে খিতাপ লাভ কৰিছিল।৭ ইয়াৰ পিছতে তেওঁ ফেমিনা মিছ হাৰিয়ানা ২০১৮ খিতাপটোৰ বাবে অডিচন দিয়ে আৰু অৱশেষত তেওঁ লাভ কৰে। তেওঁ বাৰ্ষিক ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত হাৰিয়ানা ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল।৮

২০১৮ চনৰ ১৯ জুন তাৰিখে মুম্বাইৰ চৰ্দাৰ বল্লভভাই পেটেল ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফেমিনা মিছ ইণ্ডিয়া ২০১৮ত ১ম ৰানাৰ্ছ আপৰ খিতাপ পাইছিল।৯১০ তেওঁ প্ৰতিযোগিতাখনত ‘মিছ ফটোজেনিক’ উপ-শিৰোনামাও লাভ কৰিছিল।১১

মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল

পিছত মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে প্ৰকাশ কৰে যে চৌধাৰীক মিছ গ্ৰেণ্ড ইণ্ডিয়া হিচাপে গণ্য কৰা হৈছিল, আৰু তেওঁ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০১৮ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।১২ তেতিয়াৰ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০১৭ পেৰুৰ মাৰিয়া জোচে ল'ৰাই তেওঁক আনুষ্ঠানিকভাৱে মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০১৮ হিচাপে অভিষিক্ত কৰে।১৩

চৌধাৰীয়ে ম্যানমাৰৰ ইয়াংগনত অনুষ্ঠিত হোৱা মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০১৮ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ মিছ পপুলাৰ উপ-প্ৰতিযোগিতাৰ শীৰ্ষ ৫ ৰ ভিতৰত স্থান লাভ কৰিছিল।১৪ তাৰ পিছত তেওঁ প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ লাভ কৰে আৰু অৱশেষত বিজয়ী পেৰাগুৱেৰ ক্লাৰা ছ'ছা।১৫ প্ৰতিযোগিতাখনত উক্ত প্লেচমেণ্টত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা।১৬১৭

২০১৯ চনৰ মে' মাহত, দ্য টাইমছ অৱ ইণ্ডিয়াই কৰা এক ইণ্টাৰনেট সমীক্ষাত, চৌধুৰীক "টাইমছ ৫০ মষ্ট ডিজায়াৰেবল উইমেন অৱ ইণ্ডিয়া ২০১৮"ৰ তালিকাত ২য় স্থানত উপনীত হৈছিল।১৮ ফেমিনা মিছ ইণ্ডিয়া ২০১৯ উপ-প্ৰতিযোগিতাৰ মুকুট পিন্ধা অনুষ্ঠানত মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলত লাভ কৰা সাফল্যৰ বাবে মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে সম্বৰ্ধনা জনায়।১৯

অভিনয় জীৱন

আপষ্টাৰ্টছ (২০১৯) নামৰ ছবিখনত ক্ষুদ্ৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত চৌধাৰীয়ে ৱেব ধাৰাবাহিক, আউট অৱ লাভত অভিনয় কৰে। এইখন আছিল বিবিচিৰ নাট্য ধাৰাবাহিক ডাক্তৰ ফষ্টাৰৰ অফিচিয়েল অভিযোজন। বিবাহিত ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ বাবে প্ৰতিকূলতা, মানসিক চাপ আৰু ইয়াৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱা ২২ বছৰীয়া যুৱতীগৰাকীৰ চৰিত্ৰত অভিনয় কৰিছিল।২০

২০২০ চনত তেলুগু চিনেমা ইচাটা ভাহানামুলু নিলুপৰাডুত সুশান্তৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।২১ ডেণ্টেল ডিগ্ৰী আৰু মডেলিং এচাইনমেণ্ট লোৱাৰ উপৰিও চৌধাৰীয়ে কৰ্মশালাত নামভৰ্তি কৰিছিল। কৰ্মশালাৰ এমাহৰ পাছত সুশান্তই ছবি এখনৰ চিত্ৰনাট্যৰ বিষয়ে আলোচনা কৰিবলৈ মাতিছিল, সেই কথা তাই মানি লৈছিল। পিছত ৰমেশ বৰ্মা পেনমেটছাৰ দ্বাৰা পৰিচালিত খিলাড়ী নামৰ ছবিখনৰ বাবে চুক্তিবদ্ধ হৈছিল৷২২

হিট: দ্য চেকেণ্ড কেছ নামৰ তেলুগু ভাষাৰ ৰহস্য-থ্ৰিলাৰধৰ্মী ছবিখনত তেওঁ প্ৰধান নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে। ২০২৩ চনত তেওঁ মানসিক-থ্ৰিলাৰধৰ্মী ছবি কʼলাই-ত অভিনয়েৰে তামিল ছবিজগতত অভিষেক ঘটায়।

২০২৪ চনত, তেওঁ গুন্টুৰ কাৰাম, ছিংগাপুৰ চেলুন, দ্য গ্ৰেটেষ্ট অৱ অল টাইম, লাকী ভাস্কৰ, মাটকা আৰু মেকানিক ৰকি ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০২৬ চনত নবীন পলিশ্বেট্টী অভিনীত কমেডী মনোৰঞ্জক ছবি অনাগানাগা ওকা ৰাজু-ত অভিনয় কৰিব।

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামভূমিকাভাষাতথ্যসূত্ৰ
২০১৯আপষ্টাৰ্টবীৰৰ প্ৰেমিকাহিন্দী২৩
২০২১ইচাটা বাহানামুলু নিলুপৰাডুমীনাক্ষী "মীনু" যাদৱতেলুগু২৪ ২৫
২০২২খিলাড়ীপূজা২২
হিট: দ্য চেকেণ্ড কেচআৰ্য২৬
২০২৩কোলাইলেইলা বৰকাৰতামিল২৭
২০২৪গুন্টুৰ কাৰামৰাজীতেলুগু২৮
ছিংগাপুৰ চেলুননীলাভোলিয়াল "নীলা"তামিল২৯
দ্য গ্ৰেটেষ্ট অৱ অল টাইমশ্ৰীনিধি সুনীল৩০
লাকী ভাস্কৰসুমতি কুমাৰতেলুগু৩১
মাটকাসুজাতা৩২
মেকানিক ৰকিপ্ৰিয়া৩৩ ৩৪
২০২৫সংক্ৰান্তিকী বাস্তুনামএচিপি চি মীনাক্ষী আইপিএছ "মীনু"৩৫
২০২৬৩৬

টেলিভিছন

+মীনাক্ষী চৌধুৰীৰ টেলিভিছন ক্ৰেডিটসমূহৰ তালিকাবৰ্ষশিৰোনামভূমিকাভাষাটোকাতথ্যসূত্ৰ
২০১৯–২০২১আউট অৱ লাভআলিয়া কাশ্যপ কাপুৰহিন্দী২ টা চিজন২০ ৩৭

সংগীত ভিডিঅʼ

+মীনাক্ষী চৌধুৰীৰ মিউজিক ভিডিঅʼ ক্ৰেডিটসমূহৰ তালিকাবৰ্ষশিৰোনামকণ্ঠশিল্পীলেবেলভাষাতথ্যসূত্ৰ
২০১৮ চনত"কি মাই কল্লী আ"চাৰা গুৰপালএইচ এছ আৰ এণ্টাৰটেইনমেণ্টপাঞ্জাবী৩৮
২০১৯"কিউন"সুশান্ত ৰিংকুটাইমছ মিউজিকহিন্দী৩৯
২০২৫"সিথিৰা পুথিৰি"সাই অভ্যংকৰথিংক মিউজিক ইণ্ডিয়াতামিল৩৮

তথ্যসূত্ৰ

  1. ↑ (26 October 2018). India's Meenakshi Chaudhary is first runner-up at Miss Grand International 2018. India Today
  2. ↑ (23 October 2018). Everything you need to know about Miss Grand International contestant, Meenakshi Chaudhary. Times Now
  3. ↑ In Pics: Know more about Meenakshi Chaudhary, Miss Grand India 2018.. The Times of India
  4. ↑ (20 June 2018). Meenakshi Chaudhary: Most beautiful photos of Femina Miss India 2018 first runner-up Meenakshi Chaudhary. NewsX
  5. ↑ (28 November 2017). Mister IMA, Miss IMA held in Dehradun. The Pioneer
  6. ↑ (29 November 2017). IMA's Pride. The Tribune
  7. ↑ (25 September 2018). Meenakshi Chaudhary's journey from a dentist to a beauty queen
  8. ↑ (21 July 2018). Meenakshi Chaudhary On Gender Equality In Haryana: My State Has Really Done An Excellent Job
  9. ↑ (24 June 2018). Dreamt of title looking at pictures of Miss India winners: Meenakshi Chaudhary. Business Standard
  10. ↑ (6 July 2018). Fbb Femina Miss India 2018, 1st runner-up Meenakshi Chaudhary's Homecoming at Chandigarh Airport.. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ (16 June 2018). Miss India sub-contest winners announced at a glitzy eve in Mumbai. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  12. ↑ (3 September 2018). Meenakshi Chaudhary on representing India at Miss Grand International 2018. Deccan Chronicle
  13. ↑ (23 July 2018). Meenakshi Chaudhary to represent India at Miss Grand International 2018
  14. ↑ (13 October 2018). Meenakshi Chaudhary's national costume for Miss Grand International 2018. ETimes
  15. ↑ (26 October 2018). Paraguay's Clara Sosa faints after being declared Miss Grand Int'l 2018. GMA News
  16. ↑ (26 October 2018). Miss Grand India 2018, Meenakshi Chaudhary is 1st runner-up at Miss Grand International 2018. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  17. ↑ (25 October 2018). Meenakshi Chaudhary is 1st runner-up at Miss Grand International 2018. Femina
  18. ↑ (24 May 2019). Meet India's most desirable divas. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  19. ↑ (4 June 2019). fbb Colors Femina Miss India 2019 Awards Night: Pride of India. ETimes
  20. ↑ Kalyanam, Rajeshwari. (22 December 2019). A promising debut: Meenakshi Chaudhary. The Hans India
  21. ↑ (30 January 2020). Sushanth A and Meenakshi Chaudhary's 'Ichata Vahanamulu Nilupa Radu' launched
  22. ↑ 'Khiladi': Ravi Teja unveils first look of his forthcoming Telugu film with Meenakshi Chaudhary. Jagran (English)
  23. ↑ (29 September 2019). Upstarts | Official Trailer | Netflix India
  24. ↑ (5 September 2021). Meenakshi Chaudhary: Very particular about strong stories in my films - Times of India. The Times of India
  25. ↑ (2021-09-05). Meenakshii Chaudhary makes Telugu debut with Ichata Vahanamulu Niluparadu. Odisha News, Odisha Latest news, Odisha Daily - OrissaPOST
  26. ↑ (2 May 2022). Adivi Sesh's HIT The Second Case to release in theatres on July 29. New poster out. India Today
  27. ↑ (15 October 2021). 'Vijay Antony and Ritika Singh's movie titled Kolai
  28. ↑ (25 June 2023). Meenakshi to share screen with Mahesh
  29. ↑ (23 May 2023). RJ Balaji's Singapore Saloon to release in July. CinemaExpress
  30. ↑ Meenakshi Chaudhary roped in for Vijay's 'Thalapathy 68'?
  31. ↑ (25 September 2023). Dulquer Salmaan's 'Lucky Baskhar' goes on floors
  32. ↑ Team, BOIncome. (27 July 2023). Varun Tej and Meenakshi Chaudhary's Pan-India Film 'VT14' Gets A Titled - 'Matka'
  33. ↑ Today, Telangana. (19 March 2023). Vishwak Sen and Meenakshi Chaudhary's new film announced. Telangana Today
  34. ↑ (21 July 2023). VS 10: Vishwak Sen expresses gratitude as he gears up for the second schedule
  35. ↑ (20 November 2024). Venkatesh-starrer Sankranthiki Vasthunam gets a release date. Cinema Express
  36. ↑ (26 December 2024). Anaganaga Oka Raju teaser: Meenakshi replaces Sreeleela in Naveen Polishetty's film. India Today
  37. ↑ Out of Love (Web Series) – Review. webfare.live
  38. ↑ (28 August 2018). Ki Mai Kalli – HSR Entertainment
  39. ↑ (8 October 2019). 'Kyun' is a story of unconditional love told in just 3 minutes. Urban Asian

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী টেলিভিছনৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীহাৰিয়ানাৰ ব্যক্তিসৌন্দৰ্য প্ৰতিযোগীভাৰতীয় অভিনেত্ৰীদক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনাক্ষী চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৫৯৮৭০ (১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।