অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মীৰা বাসুদেৱন

মীৰা বাসুদেৱন (Meera Vasudevan) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম, তামিল, হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ ২০০৫ চনত 'তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিশেষ বঁটা' আৰু ২০০৭ চনত 'কেৰালা ৰাজ্যিক টেলিভিছন বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী'ৰ সন্মান লাভ কৰিছিল।

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মীৰা বাসুদেৱন (Meera Vasudevan) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম ভাষা, তামিল ভাষা, হিন্দী ভাষা আৰু তেলুগু ভাষা ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ ২০০৫ চনত 'তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিশেষ বঁটা' আৰু ২০০৭ চনত 'কেৰালা ৰাজ্যিক টেলিভিছন বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী'ৰ সন্মান লাভ কৰিছিল।১২ এছিয়ানেটত সম্প্ৰচাৰিত মালয়ালম ধাৰাবাহিক কুদুম্বাবিলাক্কুত 'সুমিত্ৰা' চৰিত্ৰটোৰ বাবে তেওঁ অধিক পৰিচিত।৩ বৰ্তমান তেওঁ জি কেৰালামৰ মধুৰানম্বৰাকাট্টুত সুজাতাৰ চৰিত্ৰত অভিনয় কৰি আছে।৪

প্ৰাৰম্ভিক জীৱন

মীৰাৰ জন্ম মহাৰাষ্ট্ৰৰ মুম্বাইৰ এটা তামিল পৰিয়ালত হৈছিল। তেওঁ বাসুদেৱন আৰু হেমলতাৰ জ্যেষ্ঠ কন্যা। তেওঁৰ অশ্বিনী নামৰ এগৰাকী কনিষ্ঠ ভগ্নী আছে, যিয়ে ছলমান খান অভিনীত ছবি জানম সমঝা কৰোত শিশু শিল্পী হিচাপে অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।৫ কলা শাখাৰ অধীনত মনোবিজ্ঞান আৰু ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ এগৰাকী সফল মডেল হিচাপে পৰিগণিত হয় আৰু বহুতো টেলিভিছন বিজ্ঞাপনত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।৬ আইচিচি ছেটমেক্সৰ প্ৰচাৰ অভিযানে তেওঁলৈ সফলতা কঢ়িয়াই আনিছিল আৰু ইয়াৰ জৰিয়তে অভিনয় জগতত তেওঁৰ প্ৰৱেশ ঘটিছিল।

ব্যক্তিগত জীৱন

২০০৫ চনত মীৰাই চিত্ৰগ্ৰহণকাৰী অশোক কুমাৰৰ পুত্ৰ বিশাল আগৰৱালৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৭ ২০১০ চনৰ জুলাই মাহত তেওঁলোকৰ বিচ্ছেদ হয়।৮৯ ২০১২ চনত তেওঁ মালয়ালম অভিনেতা জন কক্কেনৰ সৈতে বিবাহপাশত আবদ্ধ হয়,১০ যাৰ সৈতে তেওঁৰ এজন পুত্ৰ সন্তান আছে আৰু ২০১৬ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে। ২০২৪ চনত মীৰাই বিপিন পুথিয়াংকামৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১১১২ ২০২৫ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে।১৩

তথ্যসূত্ৰ

  1. ↑ (15 November 2008). 'Daya' and 'Typewriter' bag State TV awards. The Hindu
  2. ↑ (2007-09-11). Dailynews - Tamilnadu govt awards Rajini and Kamal
  3. ↑ Meera Vasudev returns with a surprise 'Kudumbavilakku'. asianetnews.com
  4. ↑ (15 June 2024). Actress Meera Vasudevan Announces Her First TV Serial After Marriage. News18
  5. ↑ (30 March 2007). Bowled over by cinema. The Hindu
  6. ↑ (27 March 2006). Focussed. The Hindu
  7. ↑ டோடோவின் ரஃப் நோட்டு — Tamil Kavithai -- தமிழ் কவிதைகள் - நூற்று கணக்கில்!. டோடோவின் ரஃப் நோட்டு
  8. ↑ டோடோவின் ரஃப் நோட்டு — Tamil Kavithai -- தமிழ் কவிதைகள் - நூற்று கணக்கில்!. டோடோவின் ৰஃப் நோட்டு
  9. ↑ Life is beautiful now: Meera. The Times of India
  10. ↑ John and me complement each other, says Meera. The Times of India
  11. ↑ (25 May 2024). Meera Vasudevan Marries Vipin Puthiyankam In An Intimate Ceremony, Shares Wedding Video. English Jagran
  12. ↑ (24 May 2024). Meera Vasudevan ties the knot with Vipin in Coimbatore; shares a dreamy video from her wedding. The Times of India
  13. ↑ (17 November 2025). Meera Vasudevan confirms divorce; declares 'I am single now'; Actress ends her third marriage after one year. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীৰা বাসুদেৱন” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৯০ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।