মিৰুধুবাশিনী গোবিন্দৰাজন ( Mirudhubashini Govindarajan; জন্ম ১৯৪৭) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী স্বাস্থ্যসেৱা পৰামৰ্শদাতা, তেওঁ ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰত মহিলাৰ স্বাস্থ্যসেৱা আৰু বন্ধ্যাত্ব ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দি আহিছে।১
পটভূমি
গোবিন্দৰাজনৰ জন্ম হৈছিল ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰত। তেখেতৰ পিতৃ আছিল এজন অধিবক্তা, স্বাধীনতা সংগ্ৰামী আৰু জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৰাজনীতিবিদ। গোবিন্দৰাজনৰ মাক কইম্বাটুৰত ডাক্তৰ আছিল।
তেওঁৰ প্ৰাৰম্ভিক শিক্ষা ভাৰতৰ কইম্বাটুৰত হৈছিল আৰু তাৰ পিছত তেওঁ মাতৃৰ আলমা মেটাৰ চেন্নাইৰ ষ্টেনলি মেডিকেল কলেজলৈ গৈ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰিছিল। চেন্নাইত চিকিৎসা বিজ্ঞানৰ শিক্ষা সমাপ্ত কৰি নিউয়ৰ্কলৈ আৰু তাৰ পাছত কানাডাৰ মেনিটোবাৰ উইনিপেগলৈ গুচি যায়। পাছলৈ ১৯৭৭ চনত কানাডাৰ ৰয়েল কলেজ অৱ চাৰ্জনছৰ ফেলো আৰু কানাডাৰ মেনিটোবা বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হয়।
১৯৮১ চনত ভাৰতলৈ উভতি অহাৰ লগে লগে মিৰুধুবাশিনীয়ে শ্ৰীৰামকৃষ্ণ চিকিৎসালয়ত যোগদান কৰি তেওঁলোকৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগ আৰম্ভ কৰে। মহিলা কেন্দ্ৰ গঠনত তেওঁৰ ভূমিকা আছিল যথেষ্ট। ২০১১ চনৰ আৰম্ভণিতে তেওঁ নিজৰ মহিলা কেন্দ্ৰৰ নতুন সুবিধাজনক ঠাইলৈ স্থানান্তৰিত হয়, যিটো কইম্বাটুৰৰ উত্তৰ অংশত অৱস্থিত আৰু ইয়াত সকলো মহিলা স্বাস্থ্যসেৱা একেখন চালিৰ তলত প্ৰদান কৰা হয়। এণ্ডোমেট্ৰিয়াছিছ আৰু আনুষংগিক বিকাৰ আৰু অৱস্থাৰ চিকিৎসাৰ পদ্ধতিৰ সম্পৰ্কত তেওঁৰ পেটেণ্ট আছে। ২
বৰ্তমানৰ পদসমূহ
উৎসঃ ৩
- ক্লিনিকেল সঞ্চালক, মহিলা কেন্দ্ৰ, কইম্বাটুৰ।
- ক্লিনিকেল সঞ্চালক, সহায়ক প্ৰজনন প্ৰযুক্তি কেন্দ্ৰ কোইম্বাটুৰ।
- সঞ্চালক, চেণ্টাৰ ফৰ পেৰিনেটাল কেয়াৰ কোইম্বাটুৰ প্ৰাইভেট লিমিটেড।
- ক্লিনিকেল ডাইৰেক্টৰ, মহিলা কেন্দ্ৰ আৰু চিকিৎসালয় প্ৰাইভেট লিমিটেড, কইম্বাটুৰ।
- প্ৰাক্তন সহকাৰী অধ্যাপক, তামিলনাডু ড° এম. জি. আৰ. চিকিৎসা বিশ্ববিদ্যালয়।৪
প্ৰকাশন আৰু গৱেষণা
- বন্ধ্যাত্বৰ উত্তৰাধিকাৰ৫
- মানৱ প্ৰজনন চিকিৎসাৰ পত্ৰিকা৬
- উৰ্বৰকৰণ আৰু বিকাশঃ তত্ত্ব আৰু অনুশীলন৭
- বন্ধ্যাত্বৰ বাবে এ. আৰ. টি, পি. জি. ডি.-ৰ ফলপ্ৰসূ চিকিৎসা৮
- এণ্ড'মেট্ৰিঅ'ছিছৰ চিকিৎসাৰ পদ্ধতিৰ সন্দৰ্ভত এটা পেটেণ্ট আছে
সদস্যপদসমূহ
উৎসঃ
- ভাৰতীয় চিকিৎসা সংস্থা
- কইম্বাটুৰ প্ৰসৱ আৰু স্ত্ৰী ৰোগ বিজ্ঞান সমিতি-সভাপতি, ২০০২-২০০৩
- ফেডাৰেশ্যন গাইনেকোলজিকেল এণ্ড অব্ষ্টেট্ৰিক ছ'চাইটিজ অৱ ইণ্ডিয়া
- ইণ্ডিয়ান এছ'চিয়েশ্যন অৱ চাইটোলজিষ্ট
- প্ৰসৱকালীন সমিতি-এফ. ও. জি. এছ. আই.
- ইউৰোপীয় মানৱ প্ৰজনন আৰু ভ্ৰূণবিজ্ঞানৰ সমাজ
- আমেৰিকান ছ'চাইটি অৱ ৰিপ্ৰডাক্টিভ মেডিচিন
- সদস্য, নিউজিলেণ্ডত প্ৰকাশিত সম্পাদকীয় ব'ৰ্ডৰ আন্তঃৰাষ্ট্ৰীয় প্ৰসৱ আৰু স্ত্ৰী ৰোগ বিজ্ঞানৰ জাৰ্নেল
- প্ৰতিষ্ঠাপক সভাপতি কইম্বাটুৰ আল্ট্ৰাছাউণ্ড ছ'চাইটি
বঁটা প্ৰদান
- মহিলাৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে ৰ'টাৰী ফৰ দ্য সেক অৱ অনাৰ বঁটা
- চিকিৎসা বিজ্ঞানত মহিলাৰ কৃতিত্বৰ বাবে দিনমালাৰ বঁটা
- মণি হাইস্কুলৰ পৰা জীৱনজোৰা কৃতিত্বৰ বাবে বিশিষ্ট প্ৰাক্তন শিক্ষাৰ্থী বঁটা
- ২০০৮ চনত অধ্যাপক আৰ্নল্ড এইচ. ইনহৰ্ণৰ এনডাউমেণ্ট ওৰেটৰ ৯
- জীৱনজোৰা কৃতিত্ব বঁটা-তামিলনাডু ড° এম. জি. আৰ. চিকিৎসা বিশ্ববিদ্যালয়
- কোইম্বাটুৰৰ ৰ'টাৰী ক্লাবৰ পৰা লাভ কৰা সেক অৱ অনাৰ বঁটাৰ বাবে
- জীৱনজোৰা কৃতিত্ব বঁটা-কইম্বাটোৰ অ' জি ছ'চাইটি আৰু আই. এম. এ. কোইম্বাটুৰ
- কইম্বাটুৰ মেনেজমেণ্ট এছ'চিয়েশ্যনৰ দ্বাৰা শ্ৰেষ্ঠ মহিলা উদ্যোগী বঁটা
- ভাৰতৰ গাইনিক'ল'জিষ্ট ২০১৮-টাইমছ গ্ৰুপৰ অনুপ্ৰেৰণা
- আই. এছ. এ. আৰ./ড. দুৰু শ্বাহ জীৱনজোৰা কৃতিত্ব বঁটা ২০২০
- তামিলনাডু আৰু পণ্ডিচেৰী চেপ্টাৰ অৱ ইণ্ডিয়ান ছ'চাইটি ফৰ এছিষ্টেড ৰিপ্ৰ'ডাক্সনৰ জীৱনজোৰা কৃতিত্ব বঁটা (টি. এ. পি. আই. এছ. এ. আৰ.-২০২২)
- ভাৰতীয় প্ৰজনন চিকিৎসা মহাবিদ্যালয়ৰ ফেল'-২০২৪
তথ্যসূত্ৰ
- ↑ GG Hospital Chennai, Dr.Kamalaselvaraj Obstetrician and Gynecologist GG Hospital
- ↑ Patent Info
- ↑ Welcome to Sri Ramakrishna Hospital, Coimbatore, Tamilnadu, India Sri Ramakrishna Hospital
- ↑ What Does an Adjunct Professor Do? tnmgrmu.ac.in DR MGR Medical University
- ↑ Allahbadia; Das, Rita Basuray. (2004-11-12). The Art and Science of Assisted Reproductive Techniques. CRC Press. ISBN 978-0-203-64051-7
- ↑ Editorial board Journal of Human Reproductive Medicine Online
- ↑ Archived copy Jaypee Brothers
- ↑ Access my library
- ↑ Storyteller to take tall tales on the road gazette.net Maryland Community Newspapers
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰুধুবাশিনী গোবিন্দৰাজন” প্ৰবন্ধৰ সংশোধন ৪৮৫১৩৪ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।