অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মীনা কেশ্বৰ কমল

মীনা কেশ্বৰ কমলপশতু/পাৰ্চী: مینا کشور کمال; (জন্ম ২৭ ফেব্ৰুৱাৰী, ১৯৫৬ – মৃত্যু ৪ ফেব্ৰুৱাৰী, ১৯৮৭) আফগানিস্তানৰ মীনা বুলি পৰিচিত। তেওঁ আছিল এগৰাকী আফগান বিপ্লৱী আৰু ৰাজনৈতিক কৰ্মী। তেওঁ মহিলা অধিকাৰ কৰ্মী আৰু ৰিভলিউচনৰী এছ'চিয়েচন অফ দা ৱমেন অফ আফগানিস্তান (ৰাৱা)ৰ প্ৰতিষ্ঠাপক আছিল।

হালনাগাদ: ২০ মে’ ২০২৬ ৪৮১ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মীনা কেশ্বৰ কমলপশতু/পাৰ্চী: مینا کشور کمال; (জন্ম ২৭ ফেব্ৰুৱাৰী, ১৯৫৬ – মৃত্যু ৪ ফেব্ৰুৱাৰী, ১৯৮৭) আফগানিস্তানৰ মীনা বুলি পৰিচিত। তেওঁ আছিল এগৰাকী আফগান বিপ্লৱী আৰু ৰাজনৈতিক কৰ্মী। তেওঁ মহিলা অধিকাৰ কৰ্মী আৰু ৰিভলিউচনৰী এছ'চিয়েচন অফ দা ৱমেন অফ আফগানিস্তান (ৰাৱা)ৰ প্ৰতিষ্ঠাপক আছিল। তেওঁক ১৯৮৭ চনত হত্যা কৰা হৈছিল।

জীৱনী

১৯৭৭ চনত মীনা যেতিয়া কাবুল বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল তেতিয়াই তেওঁ ৰিভলিউচনৰী এছ'চিয়েচন অফ দা ৱমেন অফ আফগানিস্তান (ৰাৱা) প্ৰতিষ্ঠা কৰিছিল। ১এয়া হৈছে মহিলাসকলৰ বাবে সমতা আৰু শিক্ষাৰ প্ৰচাৰৰ বাবে গঠন কৰা এক সংগঠন যি "আফগানিস্তানৰ বঞ্চিত আৰু নীৰৱ মহিলাসকলৰ সপক্ষে মাত মতা" কাৰ্য অব্যাহত ৰাখিছে। চৌৰ বিপ্লৱ(Saur Revolution )আৰু মহিলাৰ গণতান্ত্ৰিক অধিকাৰ গণৰাজ্যৰ কাৰ্যসূচীত ২ উচ্চ স্থান তৰ্পণ কৰা স্বত্বেও কমল কেশ্বৰ মীনাই অনুভৱ কৰিছিল যে আফগানিস্তানত মহিলাৰ বঞ্চনাই হৈ আহিছে আৰু কোনো বিশাল পৰিৱৰ্তন হোৱা নাই। ৩ ১৯৭৯ চনত তেওঁ চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলায় আৰু এই বিৰুদ্ধে সমৰ্থন সংগ্ৰহ কৰিবলৈ বিদ্যালয়সমূহত সভাৰ আয়োজন কৰে আৰু ১৯৮১ চনত তেওঁ পায়াম-ই-জান (মহিলা বাৰ্তা) নামৰ এখন দ্বিভাষিক নাৰীবাদী আলোচনী মুকলি কৰে।৪৫৬ তেওঁ শৰণাৰ্থী শিশু আৰু তেওঁলোকৰ মাতৃসকলক সহায় কৰিবলৈ ৱাটান স্কুল প্ৰতিষ্ঠা কৰি চিকিৎসালয়ত ভৰ্তি হোৱা আৰু ব্যৱহাৰিক দক্ষতাৰ শিক্ষা দুয়োটা প্ৰদান কৰিছিল।৭ ৮১৯৮১ চনৰ শেষৰ ফালে ফ্ৰান্স চৰকাৰৰ আমন্ত্ৰণত মীনাই ফৰাচী সমাজতান্ত্ৰিক দল কংগ্ৰেছত আফগান প্ৰতিৰোধ আন্দোলনক প্ৰতিনিধিত্ব কৰে। মীনাই বিজয়চিহ্ন উৰুৱাবলৈ আৰম্ভ কৰাৰ সময়ত অংশগ্ৰহণকাৰীসকলে উল্লাস কৰাৰ লগে লগে বৰিছ পোনামাৰিয়েভৰ নেতৃত্বত কংগ্ৰেছত অংশগ্ৰহণ কৰা ছোভিয়েট প্ৰতিনিধি দলটোৱে হলৰ পৰা ওলাই যায়।৯

ব্যক্তিগত জীৱন

কমল কেশ্বৰ মীনাই আফগানিস্তান লিবাৰেচন অৰ্গেনাইজেচনৰ নেতা ফৈজ আহমদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেখেতৰ স্বামীক ১৯৮৬ চনৰ ১২ নৱেম্বৰত গুলবুদ্দিন হেকমতিয়াৰৰ এজেণ্টে হত্যা কৰিছিল। ১০১১তেওঁৰ স্বামীক হত্যা কৰাৰ পাছত ৩ মাহতকৈও কম সময়ৰ ভিতৰতেই কমল কেশ্বৰ মীনাকো হত্যা কৰা হৈছিল। তেওঁলোকৰ তিনিটা সন্তান আছিল যাৰ অৱস্থান অজ্ঞাত।

হত্যা

১৯৮৭ চনৰ ৪ ফেব্ৰুৱাৰীত পাকিস্তানৰ কোৱেটাত কামালক অচিনাকি আততায়ীৰ দ্বাৰা হত্যা কৰা হয়। ১২ হত্যাকাৰীসকল কোন আছিল সেই বিষয়ে বেলেগ বেলেগ প্ৰতিবেদন প্ৰকাশ হয়, কিন্তু আফগান চোৰাংচোৱা সেৱা কেএইচএডি(KHAD), আফগান গোপন আৰক্ষীৰ এজেণ্ট আছিল বুলি ধাৰণা কৰা হয়।১১৩ ২০০২ চনৰ মে' মাহত কমলৰ হত্যাকাণ্ডৰ দোষী সাব্যস্ত হোৱাৰ পিছত পাকিস্তানত দুজন লোকক ফাঁচী দিয়া হয়।১৪

পৰম্পৰা

২০০৬ চনৰ ১৩ নৱেম্বৰত টাইম আলোচনীখনৰ এক বিশেষ সংখ্যাত মীনাক '৬০জন এছিয়াৰ নায়কৰ ভিতৰত অন্তৰ্ভুক্ত কৰি এইদৰে লিখিছিল: 'যদিও তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স মাত্ৰ ৩০ বছৰ আছিল, তথাপিও মীনাই ইতিমধ্যে জ্ঞানৰ শক্তিৰ ওপৰত আধাৰিত কৰি আফগান মহিলা অধিকাৰ আন্দোলনৰ বীজ ৰোপণ কৰিছিল। ' ১৫ ৰাৱাই(RAWA) তাইৰ বিষয়ে উল্লেখ কৰিছে 'মীনাই তাইৰ স্বদেশ আৰু তাইৰ মানুহৰ বাবে সংগ্ৰাম কৰিবলৈ তাইৰ ১২ বছৰৰ সংক্ষিপ্ত কিন্তু উজ্জ্বল জীৱন দিছিল। তেওঁৰ দৃঢ় বিশ্বাস আছিল যে নিৰক্ষৰতা, মৌলবাদৰ অজ্ঞতা, আৰু দুৰ্নীতি আৰু স্বাধীনতা আৰু সমতাৰ নামত আমাৰ মহিলাসকলৰ ওপৰত আৰোপ কৰা বিক্ৰী বিক্ৰীৰ অৱনতি ৰক্ষা কৰা স্বত্বেও, অৱশেষত জনসংখ্যাৰ আধা অংশ জাগ্ৰত হ'ব আৰু স্বাধীনতা, গণতন্ত্ৰ আৰু মহিলাৰ অধিকাৰৰ দিশত পথ অতিক্ৰম কৰিব। ১৬ মীনাই আমাৰ মানুহৰ হৃদয়ৰ ভিতৰত সৃষ্টি কৰা মৰম আৰু সন্মানৰ দ্বাৰা শত্ৰুজনে সঠিকভাৱে ভয়ত কঁপি আছিল। তেওঁলোকে জানিছিল যে তাইৰ যুঁজৰ জুইৰ ভিতৰত স্বাধীনতা, গণতন্ত্ৰআৰু মহিলাৰ সকলো শত্ৰু ছাই হৈ যাব।"

মীনাৰ এটা উদ্ধৃতি হ'ল:-১৭

"আফগান মহিলাসকল শুই থকা সিংহৰ দৰে, যেতিয়া সাৰ পায়, তেওঁলোকে যিকোনো সামাজিক বিপ্লৱত এক সুন্দৰ ভূমিকা পালন কৰিব পাৰে।"

তথ্যসূত্ৰ

  1. ↑ Jon Boone. (30 April 2010). Afghan feminists fighting from under the burqa. the Guardian
  2. ↑ ahtribune.com/history/636-afghan-women.html
  3. ↑ Seisab Shahidera, Biswas, P. (2014). Afgan Narimukti Andoloner Agnishika (Bengali). Atirikto Publication. পৃ. 44, 45. ISBN 978-81-928741-0-4
  4. ↑ پیام زن، نشریه جمعیت انقلابی زنان افغانستان - راوا
  5. ↑ Melody Ermachild Chavis. (30 September 2011). Meena: Heroine Of Afghanistan. Transworld. পৃ. 1–. ISBN 978-1-4464-8846-1
  6. ↑ Brave Women in a War-Torn World: RAWA and Afghanistan
  7. ↑ archive.org/details/womenonwarintern00gios
  8. ↑ Brave Women in a War-Torn World: RAWA and Afghanistan
  9. ↑ Biography of Martyred Meena, RAWA's founding leader. RAWA
  10. ↑ Gulbuddin Hekmatyar, CIA Op and Homicidal Thug
  11. ↑ Models and Realities of Afghan Womanhood: A Retrospective and Prospects
  12. ↑ Ramakrishnan, Nitya. (May 2013). In Custody: Law, Impunity and Prisoner Abuse in South Asia. SAGE India. পৃ. 118. ISBN 9788132117513
  13. ↑ Biography of Martyred Meena, RAWA's founding leader. www.rawa.org
  14. ↑ (7 May 2002). BBC News - SOUTH ASIA - Afghan activist's killers hanged
  15. ↑ TIME Magazine
  16. ↑ ahtribune.com/history/636-afghan-women.html
  17. ↑ Tamra Orr. (15 September 2011). We Visit Afghanistan. Mitchell Lane Publishers, Incorporated. পৃ. 36. ISBN 978-1-61228-102-5

সম্পৰ্কিত শ্ৰেণী

আফগানিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনা কেশ্বৰ কমল” প্ৰবন্ধৰ সংশোধন ৬০৭৩১২ (২০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।