অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিশা ওমৰ

চাম্বিহা আইছাহ বিণ্টি ওমৰ (ইংৰাজী: Misha Omar; জন্ম: ৬ জানুৱাৰী ১৯৮২), পেছাদাৰীভাৱে মিশা ওমৰ নামেৰে পৰিচিত এগৰাকী মালয়েছিয়াৰ পপ গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চাম্বিহা আইছাহ বিণ্টি ওমৰ (ইংৰাজী ভাষা: Misha Omar; জন্ম: ৬ জানুৱাৰী ১৯৮২), পেছাদাৰীভাৱে মিশা ওমৰ নামেৰে পৰিচিত এগৰাকী মালয়েছিয়াৰ পপ গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ ৮টা অনুগেৰাহ জুৱাৰা লাগু ট্ৰফী, ৫টা অনুগেৰাহ ইণ্ডাষ্ট্ৰি মিউজিক, ৩টা অনুগেৰাহ ইৰা আৰু মালয়েছিয়া চলচ্চিত্ৰ মহোৎসৱ তথা বেৰিতা হাৰিয়ান পপুলাৰ বিণ্টাং বঁটাৰপৰা এটাকৈ ট্ৰফী লাভ কৰিছে। তেওঁ কেলানটানৰ মাচাং জিলাৰ বাসিন্দা আৰু ২০০১ চনৰ বিণ্টাং আৰটিএম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ১৯ বছৰ বয়সৰপৰাই কণ্ঠ সংগীতৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১ বংগা-বংগা চিণ্টা গীতটোৰ জৰিয়তে সফলতা লাভ কৰাৰ পাছত তেওঁৰ জনপ্ৰিয়তা শিখৰত উপনীত হয় আৰু চিটি নুৰহালিজা, দয়াং নুৰফাইজাহ, লিজা হানিম, নিং বাইজুৰা আৰু জেকলিন ভিক্টৰৰ দৰে অন্যান্য মহিলা গায়িকাৰ সৈতে সমপৰ্যায়ৰ জনপ্ৰিয় হৈ পৰে। তেওঁ ২০০০ চনৰ অন্যতম প্ৰভাৱশালী আৰু সৰ্বাধিক বিক্ৰী হোৱা মহিলা গায়িকা হিচাপে পৰিগণিত হয়।২

মিশা মালয়েছিয়াৰ সেইসকল কমসংখ্যক শিল্পীৰ ভিতৰত এজন যিয়ে এছিয়াত নিজৰ নাম উজলাবলৈ সক্ষম হৈছে, বিশেষকৈ ২০০৩ চনত চাংহাইত অনুষ্ঠিত এছিয়ান মিউজিক এৱাৰ্ডত স্বৰ্ণ পদক জয় কৰাৰ পাছত।৩ মিশাই দুবাৰকৈ এমটিভি এছিয়া এৱাৰ্ডছৰ বাবে মনোনীত হৈছিল৪৫ আৰু ২০০৯ চনত এমটিভি ৱৰ্ল্ড ষ্টেজত গীত পৰিৱেশন কৰিবলৈ নিৰ্বাচিত হৈছিল।৬ ইয়াৰ উপৰি তেওঁ ইউটিউবত ভিইভিঅ' একাউণ্ট থকা প্ৰথমগৰাকী মালয়েছিয়াৰ শিল্পী আৰু তেওঁৰ গীতসমূহ আইটিউনছত বিক্ৰী হোৱা প্ৰাচীনতম মালয়েছিয়াৰ গীতসমূহৰ ভিতৰত আছিল।৭৮ তেওঁ স্থানীয় উচ্চস্তৰীয় গায়কসকলৰ মাজত হাই-টেক মাইক্ৰ’ফোন ব্যৱহাৰৰ ক্ষেত্ৰতো এগৰাকী অগ্ৰণী শিল্পী।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

মিশা তেওঁলোকৰ সাতজন সন্তানৰ ভিতৰত চতুৰ্থ সন্তান। তেওঁৰ পিতৃ ওমৰ ইছমাইল এজন চৰকাৰী কৰ্মচাৰী আৰু মাতৃ জয়নান মহম্মদ নৰ এগৰাকী গৃহিনী। মিশাৰ মাতৃৰ পূৰ্বৰ বিবাহৰপৰাও কেইবাজনো সন্তান আছে।৯ মিশাই ১৯৯৯ চনত কেলানটানৰ কোটা ভাৰুৰ কুবং কেৰিয়ান চেকেণ্ডাৰী স্কুল ১-ৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু ২০০০ চনত ইউনিভাৰ্চিটি টিউন আব্দুল ৰাজাকত মেনেজমেণ্ট বিষয়ত অধ্যয়ন আৰম্ভ কৰে।১০ সৰুৰেপৰাই মিশাৰ গানৰ প্ৰতি ধাউতি আছিল আৰু প্ৰায়ে কোটা ভাৰুৰ কামপুং বায়াম গুচিলত পৰিয়ালৰ সৈতে কেৰাওকেত গান গাইছিল। তেওঁৰ প্ৰথম প্ৰিয় পপ গীতটো আছিল মেনৰুহ হাৰাপান (জাইটন চামিয়ন)।১১ কিশোৰী অৱস্থাত মিশা গায়িকা ফৌজিয়াহ লটিফ আৰু লিজা হানিমৰ প্ৰতি আকৰ্ষিত হৈছিল, কাৰণ তেওঁলোকৰ কণ্ঠৰ কোমলতাই মিশাক প্ৰভাবিত কৰিছিল। মিশাই প্ৰায়ে স্নানাগাৰত তেওঁলোকৰ গানবোৰ গাইছিল।১২১৩ মিশাই লগতে প্ৰকাশ কৰে যে কিশোৰী কালত তেওঁ এমি মাষ্টুৰাৰ পপ সংগীতৰ প্ৰতিও আগ্ৰহী আছিল আৰু এইগৰাকী বহুমুখী শিল্পীৰ অভিনয় প্ৰতিভাকো প্ৰশংসা কৰিছিল।১৪

ডিস্ক’গ্ৰাফী

ষ্টুডিঅ’ এলবাম

  • মিশা (২০০২)
  • অক্ষৰা (২০০৪)
  • মিশা ওমৰ (২০০৮)

ইপি (EPs)

  • চেট পিলিহান মিশা (২০১২)

সংকলিত এলবাম (Compilation albums)

  • দিয়া...মিশা (২০১১)
  • হিটছ তৰবাইক - মিশা ওমৰ দান জেকলিন ভিক্টৰ (২০১৫)

তথ্যসূত্ৰ

  1. ↑ MH. (2020-07-02). "Saya Pernah Katakan Padanya Kalau Dia Masih Ingat..," - Ramlah Ram Cerita Satu Situasi Bersama Misha Omar Di Bintang RTM 2001 Yang Pasti Ramai Tak Tahu. Media Hiburan
  2. ↑ Omar, Aref. (2020-09-11). #Showbiz: Misha Omar praises Siti 'a legend who never gives up'. New Straits Times
  3. ↑ Anugerah Emas dorong Misha lebih cemerlang · KLiK. www.klik.com.my
  4. ↑ Misha Omar from Malaysia, a nominee, arrives at the "MTV Asia Awards... Getty Images
  5. ↑ Mtv Asia Awards Pictures and Photos - Getty Images. www.gettyimages.ie
  6. ↑ (2015-07-08). MTV World Stage Malaysia returns this 12 September. theHive.Asia
  7. ↑ (2018-11-15). Profile Misha Omar · Sensasi Selebriti. www.budiey.com
  8. ↑ Misha Omar. www.top-charts.com
  9. ↑ (25 June 2020). Abang Misha Omar meninggal dunia, peminat banjiri ucapan takziah. MStar
  10. ↑ Misha a loan defaulter, too. The Star
  11. ↑ Nostalgia Misha Omar
  12. ↑ "Nothing Comes Easy,"- Fauziah Latiff. em.my
  13. ↑ Sinar. (27 September 2021). Misha Omar Kagumi Liza Hanim dan Datuk Sheila Majid. YouTube
  14. ↑ (15 January 2019). BINTANG MINGGU INI / MISHA OMAR / IDAYU / AMY MASTURA/JIHAN. YouTube

সম্পৰ্কিত শ্ৰেণী

গায়িকাঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিশা ওমৰ” প্ৰবন্ধৰ সংশোধন ৬০২৬২৫ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।