জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
প্ৰসন্নময়ী দেৱী
প্ৰসন্নময়ী দেৱী (চৌধুৰী) (২৯ ছেপ্টেম্বৰ ১৮৫৬ – ২৫ অক্টোবৰ ১৯৩৯) এগৰাকী বাঙালী কবি, ভ্ৰমণ সাহিত্যিক আৰু বংগ নৱ-জাগৰণ যুগৰ স্মৃতিগ্ৰন্থ আছিল। তেওঁৰ গ্ৰন্থ আৰ্য্যৱৰ্তঃ জনৈকা বংগমহিলাৰ ভ্ৰমণ বৃত্তান্ত (১৮৮৮) আছিল এগৰাকী বাঙালী মহিলাৰদ্বাৰা ভাৰতৰ প্ৰথম প্ৰকাশিত ভ্ৰমণ বিৱৰণ।
-
প্ৰসাত বান থানন হক
প্ৰসাত বান থানন হক বা প্ৰসাত থানন হক ( ปราสาทถนนหัก ) হৈছে এটা সৰু ধ্বংসপ্ৰাপ্ত অট্টালিকা। এইটো থাইলেণ্ডৰ ৰাটচাচিমা প্ৰদেশৰ নং বুন মাক জিলাৰ বান মাই মহকুমাৰ বান থানন হাকত অৱস্থিত। ই একাদশ শতিকাত নিৰ্মিত খ্মেৰ হিন্দু মন্দিৰ। মন্দিৰটোৰ জোখ প্ৰায় 4 মিটাৰ, 80 মিটাৰ দীঘল আৰু 20 মিটাৰ বহল।
-
প্ৰাচী মিশ্ৰ
প্ৰাচী মিশ্ৰ ৰাঘবেন্দ্ৰ (Prachi Mishra; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় ৰিয়েল এষ্টেট ব্ৰকাৰ, অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১২-ৰ মুকুট পিন্ধিছিল আৰু মিছ আৰ্থ ২০১১-ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
প্ৰাজক্তা কলি
প্ৰাজক্তা কলি (Prajakta Koli) হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ৷ হাস্যৰসাত্মক ভিডিঅ' নিৰ্মাণৰ জৰিয়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে৷ ইউটিউবৰ জগতত প্ৰাজক্তা কলি ম'ষ্টলি ছেইন (MostlySane) হিচাপে পৰিচিত৷ দৈনন্দিন জীৱনৰ বিভিন্ন পৰিস্থিতিৰ আধাৰত পৰ্যবেক্ষণভিত্তিক ৰসাত্মক ভিডিঅ' নিৰ্মাণত তেখেতে গুৰুত্ব দি…
-
প্ৰিচিলা মেইৰেলছ
প্ৰিচিলা মেইৰেলছ ডি আলমেইডা-এষ্ট্ৰাডা (ইংৰাজী: Priscilla Meirelles de Almeida-Estrada; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৮৩) এগৰাকী ব্ৰাজিলিয়ান মডেল, টেলিভিছন সঞ্চালক, অভিনেত্ৰী, পৰিৱেশবিদ আৰু সৌন্দৰ্য ৰাণী।
-
প্ৰিন্সী মংগলিকা
প্ৰিন্সী মংগলিকা (ইংৰাজী: Princy Mangalika) এগৰাকী শ্ৰীলংকান সমাজকৰ্মী আৰু এইচআইভি/এইডছত আক্ৰান্ত ব্যক্তি, যি শ্ৰীলংকাত এইডছ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাৰ বাবে সুপৰিচিত। তেওঁ ‘পজিটিভ ৱমেনছ নেটৱৰ্ক’ নামৰ এখন বেচৰকাৰী সংস্থাৰ প্ৰতিষ্ঠাপক, যিয়ে এইডছ ভাইৰাছত আক্ৰান্ত লোকসকলক সহায় কৰে।
-
প্ৰিয়ংকা চতুৰ্বেদী
প্ৰিয়ংকা বিক্ৰম চতুৰ্বেদী (Priyanka Vickram Chaturvedi) (জন্ম ১৯ নৱেম্বৰ ১৯৭৯) মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য আৰু শিৱসেনাৰ (ইউ বি টি) উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু অন্যতম ৰাষ্ট্ৰীয় মুখপাত্ৰ আছিল।
-
প্ৰিয়ংকা জাৰকিহোলি
প্ৰিয়ংকা সতীশ জাৰকিহোলি (জন্ম ১৬ এপ্ৰিল ১৯৯৭) কৰ্ণাটকৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। বেলগাড়ি জিলাৰ চিক্কোডি লোকসভা সমষ্টিৰ পৰা তেওঁ প্ৰথমবাৰৰ বাবে সাংসদ হয়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰে। তেওঁ কৰ্ণাটকত ২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত জয়ী হৈছিল।
-
প্ৰিয়ংকা দাস ৰাজকাকতি
প্ৰিয়ংকা দাস ৰাজকাকতি (Priyanka Das Rajkakati) এগৰাকী ভাৰতীয় মূলৰ ফ্ৰেন্স এৰোনটিকেল অভিযন্তা, মহাকাশ বিজ্ঞানী তথা শিল্পী।২০২১ চনত ফৰ্বছ ইণ্ডিয়া আলোচনীয়ে 'বিজ্ঞান আৰু উদ্ভাৱন' শিতানৰ '৩০ আণ্ডাৰ ৩০' তালিকাত তেওঁক অন্তৰ্ভুক্ত কৰিছে।
-
প্ৰিয়ংকা বচ্চী
প্ৰিয়ংকা বচ্চী (ইংৰাজী: Priyanka Bassi) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ জনপ্ৰিয় ধাৰাবাহিক লেফ্ট ৰাইট লেফ্টত কেডেট নয়না সিং আহলুৱালিয়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ মূলতঃ দিল্লীৰ বাসিন্দা আৰু তেওঁ বেৰীজনৰ থিয়েটাৰ গ্ৰুপতো যোগদান কৰিছিল।
-
প্ৰিয়ংকা বোস
প্ৰিয়ংকা বোস (ইংৰাজী: Priyanka Bose; জন্ম: ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। মঞ্চ আৰু চলচ্চিত্ৰত সক্ৰিয় প্ৰিয়ংকাক বিশেষকৈ ইটালীৰ কথাছবি গংগোৰত কৰা অভিনয়ৰ বাবে জনা যায়।
-
প্ৰিয়ংকা মজুমদাৰ
প্ৰিয়ংকা (프리얀카; সম্পূৰ্ণ নাম: প্ৰিয়ংকা মজুমদাৰ) অসমৰ এগৰাকী কণ্ঠশিল্পী। প্ৰিয়ংকা বৰ্তমান কোৰীয় প'প সংগীত (চমুকৈ কে-প'প) বেণ্ড জি-গাৰ্লচ্ (Z-Girls)-ৰ মূল কণ্ঠশিল্পী। প্ৰিয়ংকাক ভাৰতৰ প্ৰথম কে-প'প তাৰকা ৰূপে অভিহিত কৰা হয়।
-
প্ৰিয়ংকা য়োশিকাৱা
প্ৰিয়ংকা য়োশিকাৱা (জন্ম: ২০ জানুৱাৰী, ১৯৯৪) জাপানী সৌন্দৰ্য প্ৰতিযোগিতাৰ এগৰাকী বিজয়ী, মডেল আৰু উদ্যোগী। তেওঁ ২০১৬ চনত মিছ ৱৰ্ল্ড জাপানৰ মুকুট অৰ্জন কৰিছিল। তেওঁ জাপানী আৰু বঙালী-ভাৰতীয় মিশ্ৰিত বংশোদ্ভূত।
-
প্ৰিয়দৰ্শনী চেটাৰ্জী
প্ৰিয়দৰ্শনী চেটাৰ্জী(Priyadarshini Chatterjee) এগৰাকী ভাৰতীয় মডেল। ১৯৯৬ চনৰ ১২ আগষ্টত অসমৰ ধুবুৰীত তেওঁৰ জন্ম হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজৰ ছাত্ৰী আৰু ২০১৬ চনৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ বিজয়ী।
-
প্ৰিয়মবদা সিং
প্ৰিয়মবদা সিং (: Priyamvada Singh; জন্ম প্ৰায় ১৯৮৩) ভাৰতত বাস কৰা এগৰাকী সংবাদ মাধ্যমৰ পেছাদাৰী আৰু ঐতিহ্য পুনৰুদ্ধাৰকাৰী মহিলা। এদশক ধৰি মুম্বাইত টেলিভিছন উদ্যোগত কাম কৰাৰ পিছত ৰাজস্থানৰ নিজৰ পূৰ্বপুৰুষৰ ঘৰলৈ উভতি আহিল, আৰু স্থানীয় জনগোষ্ঠীৰ দক্ষতা ব্যৱহাৰ কৰি ভিলৱাৰাৰ ওচৰৰ নিজৰ গাঁও মেজাত এটা…
-
প্ৰিয়ম্বদা দেবী
প্ৰিয়ম্বদা দেবী (: Priyamvada Devi; ১৮৭১-১৯৩৫) এগৰাকী বঙালী লেখিকা আৰু পৰোপকাৰী মহিলা আছিল।
-
প্ৰিয়ম্বদা নটৰাজন
প্ৰিয়ম্বদা (প্ৰিয়া) নটৰাজন (Priyamvada (Priya) Natarajan) হৈছে এগৰাকী ভাৰতীয় মূলৰ তাত্ত্বিক জ্যোতিপদাৰ্থবিজ্ঞানী। তেখেতে য়েল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপিকা। কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ শক্তিৰ অনুসন্ধানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে তেখেতক জনা যায়।
-
প্ৰিয়া জিংগান
প্ৰিয়া জিংগান ( Priya Jhingan) এগৰাকী ভাৰতীয় সেনা বিষয়া আৰু লেডী কেডেট নং ১ আৰু ১৯৯৩ চনত ভাৰতীয় সেনাবাহিনীত নিযুক্তি পোৱা প্ৰথমটো গোটৰ ২৫ গৰাকী মহিলা বিষয়াৰ ভিতৰত ৰূপৰ পদক বিজয়ী।
-
প্ৰিয়া ডেভিদৰ
প্ৰিয়া ডেভিদৰ (Priya Davidar) এগৰাকী ভাৰতীয় বৈজ্ঞানিক গৱেষক, সংৰক্ষণ জীৱবিজ্ঞানী, পণ্ডিত আৰু লেখিকা। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপিকা হিচাপে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰি ভাৰতৰ বিভিন্ন অঞ্চলত পৰিৱেশ গৱেষণা কৰি আহিছে।
-
প্ৰিয়া তেণ্ডুলকাৰ
প্ৰিয়া তেণ্ডুলকাৰ ( Priya Tendulkar; জন্ম: ১৯ অক্টোবৰ ১৯৫৪ – মৃত্যু: ১৯ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, সমাজকৰ্মী আৰু এগৰাকী লেখিকা, যি টেলিভিছন ধাৰাবাহিক ৰাজনী (১৯৮৫)ত তেওঁৰ নামকৰণৰ চৰিত্ৰৰ বাবে বেছিকৈ পৰিচিত।
-
প্ৰিয়া পল
প্ৰিয়া পল (: Priya Paul জন্ম ১৯৬৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী, দ্য পাৰ্ক হোটেলছৰ সংঘবদ্ধ সংস্থা হোটেল পৰিচালনা কৰা আপীজে চুৰেন্দ্ৰ গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান আপীজে সুৰেন্দ্ৰ পাৰ্ক হোটেলৰ অধ্যক্ষ।
-
প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ
প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ (ইংৰাজী: Priya Prakash Varrier; জন্ম: ২৮ অক্টোবৰ ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মালয়ালম, তেলুগু, তামিল, কন্নড় আৰু হিন্দী ছবিত কাম কৰে।
-
প্ৰিয়া শেঠ
প্ৰিয়া শেঠ (Priya Seth, জন্ম: ১৯৭৫) হৈছে এগৰাকী ভাৰতীয় চিত্ৰগ্ৰহণকাৰী। পূৰ্ণদৈৰ্ঘ্যৰ ছবি, বিজ্ঞাপন, পানীৰ তলৰ দৃশ্যগ্ৰহণ আৰু ফটোগ্ৰাফীৰ বাবে তেখেত সততে পৰিচিত। ভাৰতীয় মূলসুঁতিৰ ছিনেমাত কৰ্মৰত এমুঠিমান চিত্ৰগ্ৰহণকাৰীৰ ভিতৰত প্ৰিয়া শেঠৰ নামটো তৰ্কাতীতভাৱে ল'ব পাৰি।
-
প্ৰিয়া ৰাজসেথুপথী
প্ৰিয়া ৰাজসেথুপথী: Priya Rajasethupathy; এগৰাকী স্নায়ুবিজ্ঞানী আৰু ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা, তেওঁ স্নায়ু গতিবিদ্যা আৰু জ্ঞান গৱেষণাগাৰৰ নেতৃত্ব দিয়ে।
-
প্ৰিয়াল গোৰ
প্ৰিয়াল গোৰ (ইংৰাজী: Priyal Gor; জন্ম: ) এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ৰোমাণ্টিক ফেণ্টাচি ড্ৰামা ইচ্ছাপ্যাৰী নাগিনত ইচ্ছা চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
প্ৰীতম দাস
প্ৰীতম দাস (Pritam Das); এজন ভাৰতীয় তথা অসম দলৰ অন্যতম ক্ৰিকেট খেলুৱৈ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসম ক্ৰিকেট দলৰ হৈ খেলিছিল॥দাসে সোঁহাতৰ বেগী-মধ্যমীয়া বলাৰ আছিল। তেওঁ ১৬ অক্টোৱৰ, ১৯৮৮ চনত অসমৰ শিলচৰত জন্মগ্ৰহণ কৰে।
-
প্ৰীতি গাংগুলী
প্ৰীতি গাংগুলী (: Preeti Ganguly ১৭ মে’ ১৯৫৩ – ২ ডিচেম্বৰ ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যিয়ে ১৯৭০ আৰু ১৯৮০ চনৰ দশকত বলীউডত বহুকেইটা কৌতুকমূলক চৰিত্ৰ অভিনয় কৰিছিল। তেওঁ প্ৰখ্যাত অভিনেতা অশোক কুমাৰৰ জীয়াৰী আৰু গাংগুলী পৰিয়ালৰ সদস্য আছিল।
-
প্ৰীতি ঝাংগিয়ানী
প্ৰীতি ঝাংগিয়ানী (ইংৰাজী: Preeti Jhangiani; জন্ম: ১৮ আগষ্ট ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ মালয়ালম চলচ্চিত্ৰ মাঝাভিল্লু (১৯৯৯)ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে আৰু বহুঅভিনেতা অভিনীত ৰোমাণ্টিক হিন্দী চলচ্চিত্ৰ মহব্বতে’ন (২০০০)ৰ জৰিয়তে…
-
প্ৰীতি পাটকাৰ
প্ৰীতি পাটকাৰ (Priti Patkar) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ ভাৰতৰ মুম্বাইৰ ৰেড লাইট জিলাৰ ভিতৰৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ট্ৰেইলব্লেজাৰ হিচাপে কাম কৰা সংস্থা প্ৰেৰণাৰ সহ-প্ৰতিষ্ঠাপক আৰু পৰিচালকৰ পদত অধিষ্ঠিত।
-
প্ৰীতিকনা গোস্বামী
প্ৰীতিকনা গোস্বামী (Pritikana Goswami; ) পশ্চিমবঙ্গ নিবাসী এগৰাকী ভাৰতীয় হস্তকলা বিশাৰদ। কাঁথা চিলাই বংগৰ এক পৰম্পৰাগত শিল্পকলা আৰু এই শিল্পক প্ৰীতিকনাই ইমান জনপ্ৰিয় কৰে যে বংগৰ বহুসংখ্যক মহিলা এই শিল্পকলাৰ প্ৰতি আকৰ্ষিত হয়।