প্ৰিয়া শেঠ (Priya Seth, জন্ম: ১৯৭৫) হৈছে এগৰাকী ভাৰতীয় চিত্ৰগ্ৰহণকাৰী। পূৰ্ণদৈৰ্ঘ্যৰ ছবি, বিজ্ঞাপন, পানীৰ তলৰ দৃশ্যগ্ৰহণ আৰু ফটোগ্ৰাফীৰ বাবে তেখেত সততে পৰিচিত।১২ ভাৰতীয় মূলসুঁতিৰ ছিনেমাত কৰ্মৰত এমুঠিমান চিত্ৰগ্ৰহণকাৰীৰ ভিতৰত প্ৰিয়া শেঠৰ নামটো তৰ্কাতীতভাৱে ল'ব পাৰি।৩৪৫
প্ৰাৰম্ভিক জীৱন
ভাৰতৰ অমৃতসৰত প্ৰিয়া শেঠৰ জন্ম হয়। কেথেড্ৰেল এণ্ডজন কেনন স্কুল আৰু ৱেলহেম ছোৱালী স্কুলৰ পৰা তেখেতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ৱেলহেম হৈছে ডেহৰাদুনত থকা এখন বৰ্ডিং স্কুল। বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত তেখেতে মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্ছ মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত এটা ডিগ্ৰী অৰ্জন কৰে। আৰু ইয়াৰ পিছত নিউ ইউৰ্ক ইউনিভাৰ্ছিটি টিচ স্কুল অৱ দ্য আৰ্টছৰ পৰা এটা ছমহীয়া ছবি-নিৰ্মাণৰ পাঠ্যক্ৰম গ্ৰহণ কৰে।৬
কৰ্মজীৱন
প্ৰাৰম্ভিক কেৰিয়াৰ
স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত প্ৰিয়া শেঠে 'ক্লেপাৰ' আৰু 'ফ'কাছ পুলাৰ (সহকাৰী কেমেৰামেন)'ক প্ৰথম কাম হিচাপে গ্ৰহণ কৰে। ১৯৯৮ চনত দীপা মেহতাই নিৰ্মাণ কৰা 'আৰ্থ' ছবিত প্ৰিয়া শেঠে এই দুটা কামত জড়িত হৈছিল। ইয়াৰ পিছত তেখেতে জেন কেমপিয়নৰ 'হলি স্মোক'ত কাম কৰে। ১৯৯৯ চনত এইখন ছবিৰ আংশিকভাৱে দৃশ্যগ্ৰহণ ভাৰতত সম্পন্ন হৈছিল।৭
পৰৱৰ্তী সময়ত প্ৰিয়া শেঠে বহুকেইটা সংগীত আৰু এফএমচিজি কোম্পানীৰ বিজ্ঞাপনত কাম কৰে। ইয়াৰ পিছত তেখেতে ছবিৰ উদ্যোগটোলৈ উভতি আহে।৮ প্ৰিয়া শেঠ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত স্কুবা ড্ৰাইভাৰ। পানীৰ তলত দৃশ্যগ্ৰহণ কৰিবলগীয়া ছবি আৰু আলোকচিত্ৰৰ ক্ষেত্ৰত প্ৰিয়া পাৰদৰ্শী।৯ বলিউডৰ "ধোবী ঘাট" আৰু "মৰ্দানী ২"ত প্ৰিয়াই পানীৰ তলত চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰিছে।১০
পূৰ্ণদৈৰ্ঘ্যৰ ছবি
প্ৰিয়া শেঠে চিত্ৰগ্ৰহণকাৰী হিচাপে জড়িত হোৱা প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল 'বাৰা আনা'। ছবিখনৰ পৰিচালকা ছিল ৰাজা কৃষ্ণ মেনন আৰু মূল অভিনয়শিল্পী আছিল নাছিৰুদ্দিন শ্বাহ। ২০১৬ চনত একেগৰাকী পৰিচালকৰ লগত প্ৰিয়াই ইতিহাসমূলক ড্ৰামা ছবি 'এয়াৰলিফ্ট' নামৰ ছবিখনত কাম কৰে। এইখন ছবিত অভিনয় কৰিছিল অক্ষয় কুমাৰ আৰু নিম্ৰত কৌৰে। সাহসী, নিভাঁজ আৰু প্ৰভাৱশালী দৃশ্যগ্ৰহণৰ বাবে ছবিখনে বিশেষ চৰ্চা লাভ কৰে।৪১১১২ ২০১৭ চনত ছেয়ফ আলী খানৰ লগত প্ৰিয়া শেঠে 'চেফ' নামৰ ছবিখনত কাম কৰে। এইখন ছবি হৈছে ২০১৪ চনত মুক্তিলাভ কৰা 'চেফ' নামৰ হলিউডৰ ছবিখনৰ ৰিমেক।১৩ ২০১৮ চনত প্ৰিয়া শেঠে জিফাইভত "কৰেনজিৎ কৌৰ-দ্য আনটল্ড ষ্টৰি অৱ ছানী লিয়নি"ৰ দ্বিতীয়টো ছিজনত কাম কৰে।
২০১৭ চনত প্ৰিয়া শেঠ 'ভাৰতীয় নাৰী চিত্ৰগ্ৰহণকাৰী সমূদায়' (IWCC)-ৰ প্ৰতিষ্ঠাপক সদস্য হৈ পৰে। তেখেতৰ সতীৰ্থ চিত্ৰগ্ৰহণকাৰী হৈছে ফাউজিয়া ফাটিমা আৰু সবিতা সিং।১৪
চলচ্চিত্ৰপুঞ্জী
পূৰ্ণাংগ ছবি
| বৰ্ষ | নাম | ভাষা |
|---|---|---|
| ২০০৯ | 'বাৰা আনা' | হিন্দী ভাষা |
| ২০১৬ | 'এয়াৰলিফ্ট' | হিন্দী ভাষা |
| ২০১৭ | 'চেফ' | হিন্দী ভাষা |
ৱেব ছিৰিজ
| বৰ্ষ | নাম | ভাষা | টোকা |
|---|---|---|---|
| ২০১৮ | 'কৰেনজিৎ কৌৰ – দ্য আনটল্ড ষ্টৰি অৱ ছানী লিয়নি' | ইংৰাজী ভাষা | ছিজন ২, জি-ফাইভত মুক্তি পাইছিল |
তথ্যসূত্ৰ
- ↑ Gopalakrishnan, Aswathy. (2017-10-08). 'There Is No Handwriting Of Mine That Goes Over All My Work': Interview With 'Chef' Cinematographer Priya Seth –. Silverscreen.in
- ↑ (2016-03-07). 'We are image makers at the end of the day'. The Hindu
- ↑ Uday Bhatia. Women cinematographers: Through a more equal lens. Livemint.com
- ↑ Lata Jha. Priya Seth's camera work stands out in 'Airlift'. Livemint.com
- ↑ 100 years of ARRI - Interactive Timeline and Interviews. 100.arri.com
- ↑ Nandini Ramnath. (2019-12-09). Women cinematographers on how the mainstream ignores them: 'On the periphery'
- ↑ Film Companion. (2019-12-09). 6 Women On Their First Break In Films
- ↑ Five Female Bollywood Cinematographers We Should Know. shethepeople.tv
- ↑ All set for take one. The Hindu
- ↑ www.digitalstudioindia.com/production/4158-priya-seth-on-life-and-underwater-cinematography-part-ii. digitalstudioindia.com
- ↑ (2016-01-24). Why this reviewer's comment on Airlift's cinematographer is sexist. The News Minute
- ↑ There's No Film a Man Can Shoot & I Can't: Airlift DOP Priya Seth. thequint.com
- ↑ span.state.gov/achievers/priya-seth/20180303. span.state.gov
- ↑ (2017-03-09). Lights, Camera, Action: Indian female cinematographers come together to form a collective - Lifestyle News. Indiatoday.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়া শেঠ” প্ৰবন্ধৰ সংশোধন ৪৭৫০২৫ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।