প্ৰাচী মিশ্ৰ ৰাঘবেন্দ্ৰ (Prachi Mishra; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় ৰিয়েল এষ্টেট ব্ৰকাৰ, অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।১ তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১২-ৰ মুকুট পিন্ধিছিল আৰু মিছ আৰ্থ ২০১১-ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।২ ফেমিনা মিছ ইণ্ডিয়া ২০১২-ৰ উপ-প্ৰতিযোগিতাৰ সময়ত তেওঁক মিছ কনজেনিয়েলিটিৰ মুকুট পিন্ধোৱা হৈছিল।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা প্ৰাচী ভাৰতৰ বিভিন্ন চহৰত বাস কৰিছিল। তেওঁ উত্তৰ প্ৰদেশৰ মথুৰা হিন্দুস্তান কলেজ অৱ ছায়েন্স এণ্ড টেকন'লজিৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। মহাৰাষ্ট্ৰৰ চিম্বায়’ছিছ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজ পুনেৰ পৰাও বেংকিং বিষয়ত স্নাতকোত্তৰ ডিপ্লমা সম্পূৰ্ণ কৰে।৩
প্ৰাচীয়ে ২০১৭ চনত মাহাটৰ সৈতে ডেটিং আৰম্ভ কৰিছিল। দম্পতীহালে ২০১৯ চনৰ এপ্ৰিলত বাগদান কৰে আৰু ২০২০ চনৰ ১ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ পুত্ৰ আদিয়ামান ৰাঘবেন্দ্ৰৰ জন্ম হৈছিল ২০২১ চনৰ ৭ জুনত।
ফেমিনা মিছ ইণ্ডিয়া
ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিশ্ৰই ফেমিনা মিছ ইণ্ডিয়া আৰ্থ খিতাপ লাভ কৰে। ফেমিনা মিছ ইণ্ডিয়া ২০১২-ৰ উপ-প্ৰতিযোগিতাৰ সময়ত তেওঁক মিছ কনজেনিয়েলিটিৰ মুকুট পিন্ধোৱা হৈছিল। প্ৰাচী মিশ্ৰই ২০১১ চনত পুনেত ৰেডিঅ 'মিৰ্চি বিউটি কুইন বঁটাও লাভ কৰিছিল।
মিছ আৰ্থ ২০১২
ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত হোৱা মিছ আৰ্থ ২০১২ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিশ্ৰই। তেওঁ মিছ আৰ্থ ২০১২-ত গ্ৰুপ ১-ত মিছ ফ্ৰেণ্ডশ্বিপৰ বাবে সোণৰ পদক লাভ কৰিছিল আৰু মিছ কনজেনিয়েলিটি ২০১২-ৰ মুকুট লাভ কৰে।৪
তথ্যসূত্ৰ
- ↑ Prachi Mishra: ‘Growth is important for jobs… If we reach 8-9%, automatically there’ll be employment creation’:. Indianexpress
- ↑ Kaur, Ravneet. (2012-09-14). Miss India | Femina Miss India 2012 - Miss India World - Indiatimes.com. Feminamissindia.indiatimes.com
- ↑ Mazumdar, Arunima. I know I will win: Prachi Mishra
- ↑ Prachi Mishra wins 'Miss Friendship' subtitle
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাচী মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৪৯৬৬৭৩ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।