জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পূৰবী শইকীয়া
ড° পূৰবী শইকীয়া (Purabi Saikia) হৈছে অসম, ভাৰতৰ এগৰাকী উদ্ভিদ বিজ্ঞানী আৰু বৰ্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা। পৰিৱেশ বিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ২০২৪ চনত তেওঁলৈ ভাৰতৰ অন্যতম বিজ্ঞান বঁটা বিজ্ঞান যুৱ-শান্তি স্বৰূপ ভাটনাগৰ বঁটা আগবঢ়োৱা হয়।
-
পূৰ্ণা জগন্নাথন
পূৰ্ণা জগন্নাথন (ইংৰাজী: Poorna Jagannathan; জন্ম: ২২ ডিচেম্বৰ, ১৯৭২) এগৰাকী ভাৰতীয়-আমেৰিকান প্ৰযোজক আৰু অভিনেত্ৰী। তেওঁ এইচবিঅ’ৰ ড্ৰামা মিনি-চিৰিজ দ্য নাইট অৱ-ত চফৰ খানৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
পূৰ্ণিমা (বাংলাদেশী অভিনেত্ৰী)
দিলাৰা হানিফ ৰিতা (ইংৰাজী: Dilara Hanif Rita; জন্ম: ১৯৮১), যি তেওঁৰ মঞ্চনাম পূৰ্ণিমা নামেৰেহে অধিক পৰিচিত, এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে "মোনেৰ মাঝে তুমি" (২০০৩), "মেঘেৰ পৰে মেঘ" (২০০৪), "শুভা" (২০০৫), "হৃদয়েৰ কথা" (২০০৬), আৰু "আকাশ ছোঁৱা…
-
পূৰ্ণিমা মাহাতো
পূৰ্ণিমা মাহাতো ভাৰতৰ জামছেদপুৰৰ এগৰাকী ভাৰতীয় ধনুৰ্বিদ আৰু ধনুৰ্বিদ প্ৰশিক্ষক। ভাৰতীয় ৰাষ্ট্ৰীয় ধনুৰ্বিদ চেম্পিয়নশ্বিপত জয়লাভ কৰিছে। ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতীয় জাতীয় দলৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত দলটোৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল।
-
পূৰ্ণিমা হেমব্ৰাম
পূৰ্ণিমা হেমব্ৰাম ( Purnima Hembram ) এগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট। ২০১৫ আৰু ২০১৭ এছিয়ান চেম্পিয়নশ্বিপত হেপ্টাথলনত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ২০১৮ এছিয়ান গেমছত চতুৰ্থ স্থান লাভ কৰে।
-
পূৰ্নানন্দ দত্ত
পূৰ্ণানন্দ দত্ত (Purnananda Dutta) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেওঁৰ জন্ম হয় ১৯১২ চনৰ ৫ মাৰ্চত লক্ষীমপুৰ জিলাৰ ঢলপুৰত। তেখেতে ১৯৩২ চনত কংগ্ৰেছত যোগদান কৰিয়েই মহাত্মা গান্ধীৰ কঠোৰ আদৰ্শ মানি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে।
-
পেট্ৰিচিয়া ক্ৰেগ
পেট্ৰিচিয়া ক্ৰেগ (জন্ম ১৯৪০)) উত্তৰ আয়াৰলেণ্ডৰ এগৰাকী লেখিকা, সংকলনবিদ আৰু সাহিত্য সমালোচক, কাউণ্টি এণ্ট্ৰিমৰ এণ্ট্ৰিমত বাস কৰে।
-
পেট্ৰিজিয়া ফাৰ্চি
পেট্ৰিজিয়া ফাৰ্চি এগৰাকী ইটালীৰ বিজ্ঞানী আৰু হেপাট’লজিষ্ট। নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জী এণ্ড ইনফেকচিয়েছ ডিজিজৰ হেপাটিক পেথ’জেনেছিছ বিভাগৰ মুৰব্বী। ফাৰ্চিয়ে যকৃতৰ ৰোগৰ ক্ষেত্ৰত বিশেষকৈ তীব্ৰ আৰু দীৰ্ঘদিনীয়া ভাইৰাছৰ হেপাটাইটিছৰ ৰোগজন্মৰ অধ্যয়নত অনুবাদমূলক গৱেষণা কৰি আহিছে।
-
পেনেলোপে ক্ৰুজ
পেনেলোপে ক্ৰুজ ছানচেজ ( (স্পেনিছ: Penélope Cruz Sánchez); বিকল্প উচ্চাৰণ: পেনেলোপি ক্ৰুজ, জন্ম: ২৮ এপ্ৰিল, ১৯৭৪) এগৰাকী স্পেনিছ অভিনেত্ৰী। ১৫ বছৰ বয়সৰ পৰাই তাই অভিনয় আৰম্ভ কৰে। কম বয়সতে জামন, জামন, দ্য গাৰ্ল অৱ ইউৰ ড্ৰিমছ, বেলা ইপক আদি ছবিত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
-
পেভিটা পিয়ৰ্চ
পেভিটা ক্লিঅ’ আইলিন পিয়ৰ্চ (ইংৰাজী: Pevita Cleo Eileen Pearce; জন্ম: ৬ অক্টোবৰ ১৯৯২) এগৰাকী বৃটিছ-ইণ্ডোনেছিয়া অভিনেত্ৰী আৰু মডেল। তেওঁ ৱেল্ছ আৰু বাঞ্জাৰ বংশৰ।
-
পেয়মান মাডী
পেয়মান মাডী (ফাৰ্চী: پیمان معادی; জন্ম ৯ জুলাই ১৯৭০) হৈছে এগৰাকী ইৰানী-আমেৰিকান অভিনেতা, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ইৰানৰ অস্কাৰ বঁটা বিজয়ী পৰিচালক আছগৰ ফাৰহাদীৰ এ চেপাৰেশ্যন (২০১১) আৰু এবাউট এলি (২০০৯), লাষ্ট নাইটছ (২০১৫) আৰু স্বতন্ত্ৰ ড্ৰামা চলচ্চিত্ৰ কেম্প এক্স-ৰে (২০১৪) ত কৰা…
-
পেৰিছ লিছ
পেৰিছ লিছ (: Paris Lees )এগৰাকী ইংলেণ্ডৰ লেখিকা, সাংবাদিক, উপস্থাপক আৰু প্ৰচাৰক। তেওঁ ২০১৩ চনত দ্য ইণ্ডিপেণ্ডেণ্ট চানদেৰ পিংক লিষ্ট-ত শীৰ্ষস্থান দখল কৰিছিল আৰু ২০১৪ চনত ৰেইনব’-ত দ্বিতীয় স্থান লাভ কৰিছিল।
-
পেৰ্নিয়া কুৰেশ্বী
পেৰ্নিয়া কুৰেশ্বী (ইংৰাজী: Pernia Qureshi) এগৰাকী ভাৰতীয় আমেৰিকান ফেশ্বন উদ্যোগী আৰু শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ বৰ্তমান নতুন দিল্লী আৰু মুম্বাইত বসবাস কৰে।
-
পো ক্যা
ইউ পো ক্যা (২৩ মাৰ্চ ১৮৯১ – ১১ এপ্ৰিল ১৯৪২)ক কুৰি শতিকাৰ ম্যানমাৰৰ অন্যতম শীৰ্ষ বাৰ্মিজ লেখক আৰু শিক্ষা সংস্কাৰক হিচাপে গণ্য কৰা হয়। তেওঁক বাৰ্মিজ চুটিগল্পৰ পিতৃ বুলি অভিহিত কৰা হয় আৰু ১৯৩০ চনৰ জাতীয়তাবাদী শিক্ষা আন্দোলনৰ মূল সদস্য আৰু সাহিত্যিক প্ৰতিভা হিচাপেও গণ্য কৰা হয়।
-
পোখৰা থিয়েটাৰ
পোখৰা থিয়েটাৰ (ইংৰাজী: Pokhara Theatre) হ’ল নেপালৰ পোখৰা চহৰত অৱস্থিত এটা সম্প্ৰদায়ভিত্তিক নাট্য সংগঠন। ২০১৬ চনত প্ৰতিষ্ঠা হোৱা এই সংগঠনটো অঞ্চলটোত নাট্যচৰ্চা আৰু পৰিৱেশ্য কলাৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
-
পোনাকা কনকাম্মা
পোনাকা কনকাম্মা (Ponaka Kanakamma; ১৮৯২–১৯৬৩) হ'ল এগৰাকী ভাৰতীয় সমাজকৰ্মী, কৰ্মী আৰু স্বাধীনতা সংগ্ৰামী, যিগৰাকী মহাত্মা গান্ধীৰ শিষ্য হিচাপে এবছৰতকৈও অধিক সময় কাৰাগাৰত বন্দী হৈ আছিল। তেখেতে নেল্লোৰত ছোৱালীৰ বাবে এখন বৃহৎ বিদ্যালয় শ্ৰী কস্তুৰীদেৱী বিদ্যালম প্ৰতিষ্ঠা কৰিছিল।
-
পোলিনা গেলমেন
পোলিনা ভ্লাদিমিৰভনা গেলমেন (ৰাছিয়ান: Поли́на Влади́мировна Ге́льман, ইউক্ৰেইনীয়: Полі́на Володи́мирівна Ге́льман; ২৪ অক্টোবৰ ১৯১৯ – ২৫ নৱেম্বৰ ২০০৫) আছিল এগৰাকী ৪৬ নং তামান গাৰ্ডছ নাইট বোম্বাৰ এভিয়েশন ৰেজিমেণ্টৰ সৰ্বমহিলা ফ্লাইট নেভিগেটৰ যিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মুঠ ৮৫৭ বাৰ যাত্ৰা কৰাৰ…
-
পোলিনা পোপোভা
পোলিনা আলেকজেয়েভনা পোপোভা (ইংৰাজী: Polina Alexeyevna Popova; জন্ম: ১ জুন ১৯৯৫) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৭-ৰ মুকুট লাভ কৰিছিল।
-
পোলিনা মাকোগণ
পোলিনা আলেকজেণ্ডাৰভনা মাকোগণ (১৯১৯ – ১৯৪৩) ছোভিয়েট এয়াৰ ইউনিট ৪৬ নং গাৰ্ডছ নাইট বোম্বাৰ এভিয়েশন ৰেজিমেণ্টৰ স্ক্ৱাড্ৰন কমাণ্ডাৰ আছিল, যাক নাইট উইচ বুলিও কোৱা হয়।
-
পোহৰ নিৰ্গতক ডায়'ড
পোহৰ নিৰ্গতক ডায়'ড (ইংৰাজী: light-emitting diode) চমুকৈ এল ই ডি এটি অৰ্ধপৰিবাহী ডায়'ড যিয়ে প্ৰযুক্ত ভ'ল্টেজক পোহৰলৈ পৰিৱৰ্তিত কৰে, যাক প্ৰায় চাকি আৰু অঙ্কীয় পৰ্দাত ব্যৱহাৰ কৰা হয়।
-
পৌলমী ঘটক
পৌলমী ঘটক (ইংৰাজী: Poulomi Ghatak; জন্ম: ৩ জানুৱাৰী ১৯৮৩) ভাৰতৰ পশ্চিম বংগৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। তেওঁ তিনিবাৰ জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ (১৯৯৬, ১৯৯৮ আৰু ১৯৯৯) জয় কৰাৰ লগতে ১৯৯৮ চনৰপৰা ২০১৬ চনৰ ভিতৰত সাতবাৰকৈ চিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত বিজয়ী হৈছিল।
-
পৌৰাণ ডেৰাখশান্দেহ
পৌৰাণ ডেৰাখশান্দেহ (ফাৰ্চী: پوران درخشنده; জন্ম ২৭ মাৰ্চ, ১৯৫১) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু গৱেষক।
-
প্লয়নিৰা হিৰুন্তভিছিন
প্লয়নিৰা হিৰুন্তভিছিন (থাই: พลอยนิรา หิรัญทวีศิลป์; জন্ম ২৯ অক্টোবৰ ১৯৯৪), পূৰ্বতে ফাটচৰা টুবথং (থাই: พัชรา ทับทอง), ডাকনাম কাপুক (থাই: กระปุก), এগৰাকী থাই অভিনেত্ৰী।
-
প্ৰকাশ কৌৰ
প্ৰকাশ কৌৰ (Prakash Kaur; ১৯ ছেপ্টেম্বৰ ১৯১৯ – ২ নৱেম্বৰ ১৯৮২) এগৰাকী প্ৰবীণ ভাৰতীয় গায়ক।
-
প্ৰকৃতি মিশ্ৰ
প্ৰকৃতি মিশ্ৰ (ইংৰাজী: Prakruti Mishra) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ওড়িয়া চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কৰা কামৰ বাবে পৰিচিত। তেওঁ হেল্ল’ আৰ্ছি চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত, যাৰ বাবে তেওঁ ২০১৮ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বিশেষ উল্লেখ) লাভ কৰিছিল।
-
প্ৰগতি সিং
প্ৰগতি সিং (:Pragati Singh)এগৰাকী ভাৰতীয় চিকিৎসক, জনস্বাস্থ্য বিষয়া, আৰু কৰ্মী। ভাৰতীয় অযৌন সমাজৰ বাবে কৰা কাম আৰু অযৌন বিষয়টোৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁ পৰিচিত। ২০১৯ চনৰ বিবিচিৰ তালিকাত তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১০০ গৰাকী প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান পাইছিল।
-
প্ৰজ্ঞা জয়ছোৱাল
প্ৰজ্ঞা জয়ছোৱাল (Pragya Jaiswal; জন্ম: ১২ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ এটা ফিল্মফেয়াৰ বঁটা আৰু এটা দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
প্ৰজ্ঞা প্ৰসুন
প্ৰজ্ঞা প্ৰসুন (: Pragya Prasun জন্ম প্ৰায় ১৯৮৩); এগৰাকী ভাৰতীয় কৰ্মী, তেওঁ এচিড আক্ৰমণৰ পৰা ৰক্ষা পৰে আৰু অতিজীৱন ফাউণ্ডেশ্যন স্থাপন কৰে। সংস্থাটোৱে আন ২৫০ জনতকৈ অধিক জীৱিত ব্যক্তিক সহায় আগবঢ়াইছে আৰু ২০১৯ চনত তেওঁৰ কৰ্মৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে প্ৰদান কৰা নাৰী শক্তিপুৰস্কাৰ (শব্দ অৰ্থত…
-
প্ৰজৱাল শাস্ত্ৰী
প্ৰজৱাল শাস্ত্ৰী বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰোফিজিক্সৰএজন জ্যোতিৰ্বিজ্ঞানী আৰু ৰেডিঅ'ৰ পৰা এক্স-ৰে তৰংগদৈৰ্ঘ্যলৈকে বহু-তৰংগদৈৰ্ঘ্য পৰ্যৱেক্ষণ ফেনোমেনোলজীৰ ক্ষেত্ৰত বিশেষজ্ঞ।
-
প্ৰণালী ৰাঠোড়
প্ৰণালী ৰাঠোড় (ইংৰাজী: Pranali Rathod; জন্ম: ১৫ অক্টোবৰ ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী টেলিভিছনত কাম কৰে। ৰাঠোড়ক মুখ্যত ‘য়ে ৰিশ্তা ক্যা কহলাতা হ্যে’ ধাৰাবাহিকত অক্ষৰা গোৱেংকা শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়।