প্ৰীতম দাস (Pritam Das); এজন ভাৰতীয় তথা অসম দলৰ অন্যতম ক্ৰিকেট খেলুৱৈ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসম ক্ৰিকেট দলৰ হৈ খেলিছিল॥১দাসে সোঁহাতৰ বেগী-মধ্যমীয়া বলাৰ আছিল। তেওঁ ১৬ অক্টোৱৰ, ১৯৮৮ চনত অসমৰ শিলচৰত জন্মগ্ৰহণ কৰে। ২০০৭ চনৰ জানুৱাৰী মাহত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতাত ২০০৬–০৭ ৰঞ্জি ট্ৰফীত উৰিষ্যা ক্ৰিকেট দলৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৬৫ ৰানত ৫টা সংগ্ৰহ কৰি এক অভিষেক ঘটায়।২
পৰবৰ্তী মাহত উৰিষ্যাৰ বিৰুদ্ধে বিজয় হাজাৰে ট্ৰফী মেচত দাসে List A cricket তালিকাত অভিষেক ঘটায়। তেওঁ ২০০৭ চনৰ এপ্ৰিল মাহত অসমৰ হৈ আন্তঃৰাজ্যিক টি-২০ প্ৰতিযোগিতাত অংশ কৰে। তেওঁ বৰ্তমান বন্ধ হৈ যোৱা টি-২০ লীগ ইণ্ডিয়ান ক্ৰিকেট লীগ(আইচিএল)ত ৰয়েল বেংগল টাইগাৰছক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতৰ ঘৰুৱা ৫০ অভাৰ প্ৰতিযোগিতা ২০১২–১৩ বিজয় হাজাৰে ট্ৰফীত তেওঁ সৰ্বাধিক উইকেট দখল কৰে। ২০১৯–২০ চনত 2019–20 বিজয় হাজাৰে ট্ৰফী প্ৰতিযোগিতাত যৌথভাৱে সৰ্বোচ্চ ৯খন মেচত তেত্ৰিশটা উইকেট দখল কৰে।৩
২০২৪ চনৰ জুন মাহত নিজৰ সামাজিক মাধ্যম ফেচবুক প্ৰফাইলত এটা পোষ্টৰ জৰিয়তে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেখেতে ক্ৰীড়াৰ জৰিয়তে ভাৰত চৰকাৰৰ ডাক বিভাগত পিএ পদত অধিষ্ঠিত হৈ আছে। বৰ্তমান তেওঁ সক্ৰিয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত নিজৰ চাকৰিত মনোনিৱেশ কৰি আছে।৪
তথ্যসূত্ৰ
- ↑ Pritam Das. ESPNcricinfo
- ↑ Odisha v Assam 2006-07. ESPNcricinfo
- ↑ type=tournament Vijay Hazare Trophy, 2019/20: Most wickets. ESPNcricinfo
- ↑ Pritam Das Facebook post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতম দাস” প্ৰবন্ধৰ সংশোধন ৫৭০১২৩ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।