অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়ম্বদা নটৰাজন

প্ৰিয়ম্বদা (প্ৰিয়া) নটৰাজন (Priyamvada (Priya) Natarajan) হৈছে এগৰাকী ভাৰতীয় মূলৰ তাত্ত্বিক জ্যোতিপদাৰ্থবিজ্ঞানী। তেখেতে য়েল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপিকা। কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ শক্তিৰ অনুসন্ধানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে তেখেতক জনা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৪৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

প্ৰিয়ম্বদা (প্ৰিয়া) নটৰাজন (Priyamvada (Priya) Natarajan) হৈছে এগৰাকী ভাৰতীয় মূলৰ তাত্ত্বিক জ্যোতিপদাৰ্থবিজ্ঞানী।১ তেখেতে য়েল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপিকা। কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ শক্তিৰ অনুসন্ধানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে তেখেতক জনা যায়। ইয়াৰ লগতে তেখেতে মহাকাৰ্ষণিক লেন্সিঙতো গুৰুত্বপূৰ্ণ কাম কৰিছে। তেখেতে লিখা এখন মূল্যৱান গ্ৰন্থ হৈছে-Mapping the Heavens: The Radical Scientific Ideas That Reveal the Cosmos২

প্ৰাৰম্ভিক জীৱন

প্ৰিয়া নটৰাজনৰ জন্ম হৈছিল তামিলনাডুৰ কইম্বাটুৰত। তেখেতৰ পিতৃ-মাতৃ বিদ্যায়তনিক দিশৰ লগত জড়িত আছিল। তেওঁলোকৰ সন্তান তিনিটা। প্ৰিয়া ডাঙৰ-দীঘল হৈছিল দিল্লীত। আৰ.কে.পুৰমত থকা দিল্লী পাব্লিক স্কুলত তেখেতে অধ্যয়ন কৰিছিল।৩

শিক্ষা আৰু কৰ্মজীৱন

তেখেতে বিশ্বখ্যাত মাছাছুছেটছ্ ইনষ্টিটিউট্ অৱ টেকন'লজি (এম আই টি)-ৰ পৰা পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়ত প্ৰাক্-স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৯১ চনৰ পৰা ১৯৯৩ চনলৈ তেখেতে এমআইটিৰ "বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু সমাজ" আৰু "প্ৰযুক্তিবিদ্যা আৰু ৰাজহুৱা নীতি"ৰ পাঠ্যক্ৰম দুটাতো নামভৰ্তি কৰিছিল। তেখেতে ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ (Institute of Astronomy) পৰা "তাত্ত্বিক জ্যোতিৰ্পদাৰ্থবিজ্ঞান"ত অধ্যয়ন কৰে আৰু স্নাতক ডিগ্ৰী অৰ্জন কৰে। তেখেত ত্ৰিনিটি কলেজৰো সদস্য আছিল। আৰু এটা গৱেষণা ফেল'শ্বিপলৈ নিৰ্বাচিত হৈছিল (১৯৯৭-২০০৩)। তেখেতেই প্ৰথমগৰাকী মহিলা জ্যোতিৰ্পদাৰ্থবিজ্ঞানী যি ত্ৰিনিটি কলেজ, কেমব্ৰিজৰ সভ্য হৈছে। য়েল বিশ্ববিদ্যালয়লৈ অহাৰ পূৰ্বে তেখেতে কানাডাৰ টৰণ্টোস্থিত কানাডিয়ান তাত্ত্বিক জ্যোতিৰ্পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠানত অনাৱাসিক প'ষ্ট ডক্তৰেল সভ্য হিচাপে কেইমাহমানৰ বাবে কৰ্মনিৰ্বাহ কৰিছিল।৪

অধ্যয়ন আৰু গৱেষণাৰ লগত জড়িত হোৱাৰ উপৰিও প্ৰিয়া নটৰাজনে কাব্যচৰ্চাও কৰে। ২০০৫ চনৰ পৰা ২০০৮ চনলৈকে তেখেতে "এছিয়ান এইজ"ত এটা জনপ্ৰিয় বিজ্ঞান স্তম্ভ লিখিছিল।৫

গৱেষণাক্ষেত্ৰ

তেখেতৰ গৱেষণা মূলতঃ জড়িত হৈ আছে কৃষ্ণ পদাৰ্থ আৰু সেইসমূহৰ মানাংকন কৰাত। কৃষ্ণ পদাৰ্থৰ কিদৰে এই ব্ৰহ্মাণ্ডত বিচৰিত হৈ আছে আৰু সেইসমূহৰ বিতৰণ কেনেধৰণৰ-এই সম্পৰ্কে তেখেত সুগভীৰ গৱেষণাত ব্যস্ত। তাৰকাৰাজ্য-গুচ্ছ-যাক কৃষ্ণ পদাৰ্থৰ এক সুবৃহৎ সংগ্ৰাহালয় বুলি জনা যায়, তাৰ তেখেতে কৃষ্ণপদাৰ্থভিত্তিক মানচিত্ৰ অংকনত মনোনিৱেশ কৰিছে। গুচ্ছসমূহৰ দ্বাৰা মহাকাৰ্ষনিক লেন্সিং কৰি লৈ তাৰ জৰিয়তে কৃষ্ণ শক্তিৰ আৰ্হিবোৰ ৰুদ্ধ কৰিব পাৰি বুলি ভবা হৈছে। এইটো কৰিবলৈকে তেখেতে কিছুমান প্ৰক্ৰিয়া আৰু প্ৰণালীবদ্ধ পদ্ধতি নিৰ্মাণ কৰিবলৈকে তেখেতে গৱেষণা চলাই গৈছে। তেখেতেৰ গৱেষণাকৰ্মই দেখুৱাইছে যে- গুচ্ছ শক্তিশালী লেন্সিঙৰ জৰিয়তে (cluster strong lensing) এটা মৌলিক আৰু সম্ভাৱনাপূৰ্ণ শক্তিশালী প্ৰয়োগশালাত কৃষ্ণ শক্তিৰ বিৱৰ্ধিত মডেলবোৰ পৰীক্ষণ কৰিব পাৰি।৪

স্বীকৃতি আৰু সন্মান

  • ২০০৮ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেদক্লিফ প্ৰতিষ্ঠানত প্ৰিয়ম্বদা নটৰাজনে এমেলিন কোনলেণ্ড বিগেলৌ ফেল'শ্বিপ সন্মান লাভ কৰে।৬
  • ২০০৯ চনত তেখেতে গাগেনহেইম (Guggenheim) ফেল'শ্বিপ লাভ কৰে।৬
  • ২০০৯ চনত প্ৰিয়ম্বদা নটৰাজনক ভাৰতৰ বৈদেশিক ন্যাসৰ "ফেইচ অৱ দ্য ফিউচাৰ" সন্মানেৰে সন্মানীত কৰা হয়।৭
  • ২০০৯ চনত "ভাৰতীয় মূলৰ ব্যক্তিসকলৰ গোলকীয় সংস্থা"ই (GOPIO-Global Organization for the People of Indian Origin) শৈক্ষিক সফলতাৰ বঁটাৰে পুৰষ্কৃত কৰে।৭
  • ২০১০ চনত তেখেত আমেৰিকান ভৌতিক সমাজৰ এগৰাকী সভ্য নিৰ্বাচিত হয়।৭
  • ২০১০ চনত তেখেতে JILA (Joint Institute for Laboratory Astrophysics)ফেল'শ্বিপ সন্মান লাভ কৰে।৬
  • ২০১০ চনতেই তেখেত অন্বেষণকাৰী সংঘ (Explorers Club)ৰো এগৰাকী সভ্য বিবেচিত হয়।৭
  • ২০১১ চনৰ জানুৱাৰীত, ভাৰতৰ নতুন দিল্লীত তেখেতক "India Empire NRI" বঁটা প্ৰদান কৰা হয়। বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক এই সন্মান দিয়া হয়।৭
  • ২০১১ চনৰ পৰা '১৩ চনলৈকে প্ৰিয়া নটৰাজনে বাল্টিমোৰত থকা মহাকাশ টেলিস্কোপ বিজ্ঞান প্ৰতিষ্ঠানত "কেৰোলিন হাৰচ্ছেল বিশিষ্ট পৰিদৰ্শক" হিচাপে কাৰ্যনিৰ্বাহ কৰে।৭
  • শেহতীয়াকৈ দিল্লী বিশ্ববিদ্যালয়ে তেখেতক জীৱনজোৰা অবৈতনিক অধ্যাপনাৰ পদ আগবঢ়াইছে।৬
  • তেখেত নোভা ছায়েন্সনাউৰ বৈজ্ঞানিক উপদেষ্টা সমিতিৰো সদস্যা।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.worldsciencefestival.com/participants/priyam
  2. ↑ Natarajan, Priyamvada. (2016). Mapping the Heavens: The Radical Scientific Ideas That Reveal the Cosmos. Yale University Press. ISBN 978-0300204414
  3. ↑ Priya Natarajan. INDIASPORA
  4. ↑ Priya amvada natarajan
  5. ↑ web.archive.org/web/20110628234355/http://www.gf
  6. ↑ priya
  7. ↑ Priyamvada Natarajan

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় পদাৰ্থ বিজ্ঞানীভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ম্বদা নটৰাজন” প্ৰবন্ধৰ সংশোধন ৬৩১৪৭৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।