অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়াল গোৰ

প্ৰিয়াল গোৰ (ইংৰাজী: Priyal Gor; জন্ম: ) এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ৰোমাণ্টিক ফেণ্টাচি ড্ৰামা ইচ্ছাপ্যাৰী নাগিনত ইচ্ছা চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ২৩ মাৰ্চ ২০২৬ ৩১০ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

প্ৰিয়াল গোৰ (ইংৰাজী ভাষা: Priyal Gor; জন্ম: ) এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ৰোমাণ্টিক ফেণ্টাচি ড্ৰামা ইচ্ছাপ্যাৰী নাগিনত ইচ্ছা চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

ব্যক্তিগত জীৱন

প্ৰিয়াল গোৰ মুম্বাইৰ এটা গুজৰাটী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তাতেই ডাঙৰ-দীঘল হৈছিল।১২ তেওঁৰ এজন সৰু ভাতৃ আৰু এগৰাকী ডাঙৰ ভগ্নী আছে।

কৰ্মজীৱন

গোৰৰ মাতৃয়ে তেওঁ এগৰাকী অভিনেত্ৰী হোৱাটো বিচাৰিছিল। ২০১০ চনত তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে, যেতিয়া তেওঁ ৰাম মিলায়ে জোডীত মুখ্য মহিলা চৰিত্ৰত অভিনয়ৰ সুযোগ পায়। একে বছৰতে এগৰাকী বন্ধুৰ জৰিয়তে তেওঁ ডিজনী চেনেলৰ ইচান: সপ্নো কো আৱাজ দেত এটা চৰিত্ৰ লাভ কৰে। ইয়াৰ শ্বুটিং আৰম্ভ হোৱাৰ ১৫ দিনৰ ভিতৰতে তেওঁ জি টিভিৰ ধাৰাবাহিক ৰাম মিলায়ে জোডীত মোনা নামৰ মুখ্য মহিলা চৰিত্ৰটো লাভ কৰে।৩ সোতৰ বছৰ বয়সত৪ প্ৰিয়ালে দেখা এক খোৱাবত মোনিয়া/মান্যতা চৰিত্ৰটো লাভ কৰিছিল।৫ তেওঁ বাত হামাৰী পক্বী হ্যায় আৰু আম্মাজী কী গালীতো সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ তেওঁ গুমৰাহ: এণ্ড অফ ইনোচেঞ্চ,৬ য়ে হ্যায় আশিকী,৭ এমটিভি ৱেবড৮ আৰু সাৱধান ইণ্ডিয়াৰ৯ একক খণ্ডত অভিনয় কৰাৰ লগতে লাইফ অ'কেৰ এক বুন্দ ইশ্কত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছিল।১০ তেওঁ পাকিস্তানৰ অনুষ্ঠান মেডভেঞ্চাৰ্চতো অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰি তেওঁ বিভিন্ন টেলিভিছন আৰু ছপা বিজ্ঞাপনত অভিনয় কৰিছে আৰু ইয়াৰদ্বাৰা তেওঁ অধিক জনপ্ৰিয়তা লাভ কৰাত সহায়ক হোৱা বুলি উল্লেখ কৰিছে।১১

২০১৩ চনত তেওঁ পঞ্জাবী ৰোমাণ্টিক কমেডী জাষ্ট ইউ এণ্ড মিৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে, য’ত তেওঁ গীত নামৰ এগৰাকী প্ৰবাসী ভাৰতীয়ৰ চৰিত্ৰত অভিনয় কৰিছিল।১২ ২০১৪ চনত শশী কিৰণ নাৰায়ণৰ সাহিবা সুব্ৰহ্মণ্যমৰ জৰিয়তে তেওঁ তেলেগু ছবিত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছিল, যিখন মালায়ালম ছবি থট্টাথিন মাৰায়াথুৰ তেলেগু ৰিমেক।২ তেওঁ ২০১৫ চনৰ মালায়ালম ছবি আনাৰকলীত পৃথ্বীৰাজ সুকুমাৰনৰ বিপৰীতে মহিলা মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১৩ তেওঁ বেনজিথ বেবী মাইলাদীৰ এখন মালায়ালম ছবি গড ব্লেছ ইউৰ বাবেও চুক্তিবদ্ধ হৈছিল।১৪ ২০১৮ চনত তেওঁ মায়া ২ নামৰ এখন ৱেব-চিৰিজত এগৰাকী লেচবিয়ানৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১৫ ২০১৮ চনৰ জুন মাহত তেওঁ জি টিভিৰ ধাৰাবাহিক আপ কে আ জানে চেত চামেলী হিচাপে যোগদান কৰে।১৬১৭ ২০২০ চনত তেওঁ কালাৰ্ছ টিভিৰ অনুষ্ঠান নাটি পিংকী কী লম্বী লাভ ষ্টৰীত পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২১ চনত তেওঁ ছনী চাবৰ অনুষ্ঠান তেৰা য়াৰ হু ম্যেত মমতাৰ চৰিত্ৰত অভিনয় কৰিছিল।১৮

তথ্যসূত্ৰ

  1. ↑ Navya Malini. (19 April 2014). Don't know much of politics, but will vote for sure: Priyal Gor. The Times of India
  2. ↑ (22 October 2014). Priyal Gor to debut in Tollywood. The Times of India
  3. ↑ Jambhekar, Shruti. (30 April 2012). Priyal's glowing with love. The Times of India
  4. ↑ Khan, Shameem (30 January 2012). "The really young brigade on small screen". Mid-Day
  5. ↑ Pal, Divya. (12 November 2011). De-glam look works for me: Priyal Gor. The Times of India
  6. ↑ (19 August 2012). Rizwan Sikandar, Priyal Gor & Rehaan Roy in Gumrah. The Times of India
  7. ↑ (2 October 2013). Priyal Gor replaces Aanchal in 'Yeh Hai Aashiqui'. The Times of India
  8. ↑ (18 November 2013). Priyal Gor approached for Endemol's next. The Times of India
  9. ↑ (November 2013). No more bahu, beti roles for me now: Priyal Gor. The Times of India
  10. ↑ "Life Style: Chatter Box: Quality over quantity". The Tribune (Chandigarh, India)
  11. ↑ (20 April 2012). Soap stars get branded. The Times of India
  12. ↑ "Life Style: Couple chemistry". The Tribune (Chandigarh, India)
  13. ↑ (25 November 2015). In fashion in Mollywood. The Hindu
  14. ↑ (8 May 2014). I always wanted to do a Malayalam film: Priyal Gor. The Times of India
  15. ↑ (8 May 2018). Maaya 2 to Twisted: 5 Indian web series that explored lesbian relationships. India Today
  16. ↑ (21 June 2018). Aapke Aa Jane Se: Priyal Gor enters the show as new Vedika. India Today
  17. ↑ (18 June 2018). What's new on TV. The Times of India
  18. ↑ (17 August 2021). Learnt to speak Marwari on the sets: Priyal Gor who's joined the show Tera Yaar Hoon Main. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়াল গোৰ” প্ৰবন্ধৰ সংশোধন ৫৯২৭৮৬ (২৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।