অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়া পল

প্ৰিয়া পল (: Priya Paul জন্ম ১৯৬৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী, দ্য পাৰ্ক হোটেলছৰ সংঘবদ্ধ সংস্থা হোটেল পৰিচালনা কৰা আপীজে চুৰেন্দ্ৰ গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান আপীজে সুৰেন্দ্ৰ পাৰ্ক হোটেলৰ অধ্যক্ষ।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৫ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

প্ৰিয়া পল (: Priya Paul জন্ম ১৯৬৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী, দ্য পাৰ্ক হোটেলছৰ সংঘবদ্ধ সংস্থা হোটেল পৰিচালনা কৰা আপীজে চুৰেন্দ্ৰ গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান আপীজে সুৰেন্দ্ৰ পাৰ্ক হোটেলৰ অধ্যক্ষ।১২

কৰ্ম জীৱন

প্ৰিয়াই ৱেলছলী কলেজত অধ্যয়ন কৰিছিল। অধ্যয়ন সমাপ্ত কৰাৰ পিছত, ২১ বছৰ বয়সত "দ্য পাৰ্ক নিউ দিল্লী"ত এক বিপণন পৰিচালক হিচাপে নিজৰ পিতৃৰ অধীনত কাম কৰা আৰম্ভ কৰে। সুৰেন্দ্ৰ পালৰ মৃত্যুৰ পিছত, তেওঁ ১৯৯০ চনত আপীজে চুৰেন্দ্ৰ গ্ৰুপৰ আতিথ্য বিভাগৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে।৩

পাৰিবাৰিক ব্যৱসায়

প্ৰিয়া পলে এক ব্যৱসায়িক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল, যি প্ৰথমে ষ্টীলৰ বেপাৰ বাণিজ্য, উৎপাদন আৰু প্ৰস্তুতকৰণত জড়িত আছিল। পিছলৈ, পৰিয়ালৰ ব্যৱসায় শ্বিপিং খণ্ডলৈ বিৱৰ্তন ঘটে। তেওঁৰ পিতৃ সুৰেন্দ্ৰ পলে পৰৱৰ্তী সময়ত আতিথেয়তা, চাহ, ভূমি সম্পত্তি, বিত্ত, আৰু লজিষ্টিকছ আদি বিভিন্ন খণ্ডত ব্যবসায় সম্প্ৰসাৰিত কৰিছিল। বৰ্তমানে, এই পৰিয়াল কেন্দীক ব্যৱসায় প্ৰিয়া পাল, তেওঁৰ ভাতৃ আৰু ভগ্নীয়ে একেলগে পৰিচালনা কৰি আহিছে।৪

বঁটা

  • ফেডাৰেচন অৱ হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই তেওঁক বছৰৰ ইয়ং এণ্টাৰপ্ৰেনিউৰ বঁটা (১৯৯৯–২০০০) প্ৰদান কৰে।
  • তেখেতে দ্য ইকনমিক টাইমছ এৱাৰ্ডৰ বাবে বছৰৰ ব্যৱসায়ী হিচাপে মনোনীত হৈছিল (২০০২–২০০৩)।
  • ২০১২ চনৰ জানুৱাৰী মাহত গণৰাজ্য দিৱস (ভাৰত)ৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে প্ৰিয়া পলক পদ্মশ্ৰী প্ৰদান কৰিছে।৫৬

তথ্যসূত্ৰ

  1. ↑ (16–31 March 2006). The First Lady of boutique. Express Hospitality (Indian Express Group)
  2. ↑ (23 July 2005). Priya Paul, the force behind Park Hotels. Rediff Money
  3. ↑ Chandran, Rina. (18 January 2003). Innovating constantly... Business Line
  4. ↑ (8 August 2017). Luxury hospitality entrepreneur Priya Paul on balancing heritage and innovation. Luxury Mag
  5. ↑ (25 January 2012). Full list of Padma awardees 2012. The Times of India
  6. ↑ Padma Awards 2012. dashboard-padmaawards.gov.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়া পল” প্ৰবন্ধৰ সংশোধন ৫৪৮৪১৪ (৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।