অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়ংকা দাস ৰাজকাকতি

প্ৰিয়ংকা দাস ৰাজকাকতি (Priyanka Das Rajkakati) এগৰাকী ভাৰতীয় মূলৰ ফ্ৰেন্স এৰোনটিকেল অভিযন্তা, মহাকাশ বিজ্ঞানী তথা শিল্পী।২০২১ চনত ফৰ্বছ ইণ্ডিয়া আলোচনীয়ে 'বিজ্ঞান আৰু উদ্ভাৱন' শিতানৰ '৩০ আণ্ডাৰ ৩০' তালিকাত তেওঁক অন্তৰ্ভুক্ত কৰিছে।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৫ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

প্ৰিয়ংকা দাস ৰাজকাকতি (Priyanka Das Rajkakati) এগৰাকী ভাৰতীয় মূলৰ ফ্ৰেন্স এৰোনটিকেল অভিযন্তা, মহাকাশ বিজ্ঞানী তথা শিল্পী।১২০২১ চনত ফৰ্বছ ইণ্ডিয়া আলোচনীয়ে 'বিজ্ঞান আৰু উদ্ভাৱন' শিতানৰ '৩০ আণ্ডাৰ ৩০' তালিকাত তেওঁক অন্তৰ্ভুক্ত কৰিছে।২ তেওঁ ২০১৭ চনত ল'ৰীৱেল-ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা "বিজ্ঞানত ছোৱালীৰ বাবে" কাৰ্যসূচীৰ দূত আছিল। বৰ্তমান তেওঁ ফ্ৰান্সৰ টুলুজ চহৰত অৱস্থিত ইণ্টাৰটিউট চুপেৰিউৰ দে ল'এৰোনাউটিক এট দে ল'ইস্পেচত (উচ্চতৰ এৰোনটিক আৰু মহাকাশ প্ৰতিষ্ঠান) পিএইছডি ডিগ্ৰীৰ বাবে গৱেষণা কৰি আছে।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

অসমৰ ধেমাজিত প্ৰিয়ংকা দাস ৰাজকাকতিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মনোজ কুমাৰ দাস আৰু মাতৃ ডাঃ অজন্তা বৰুৱা দাস। তেওঁৰ পিতৃ মনোজ দাস পেশাগত ভাবে এগৰাকী অভিযন্তা আৰু বৰ্তমান উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগমৰ (নেডফি) উপদেষ্টা আৰু পৰামৰ্শ আৰু ব্যৱসায় সুবিধা বিভাগৰ মুৰব্বী আৰু মাতৃ অজন্তা বৰুৱা দাস এগৰাকী চিকিৎসক।৪

প্ৰিয়ংকাই মাক দেউতাকৰ কৰ্মসূত্ৰে সৰুৰে পৰাই দিল্লীত অধ্যয়ন কৰিছিল। সৰুৰে পৰা তেওঁৰ বিজ্ঞান আৰু কলা দুয়োটা বিষয়ত ৰাপ আছিল। উচ্চতম মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানত আসন লাভ কৰিছিল যদিও তেওঁ নতুন দিল্লীত অৱস্থিত চেইণ্ট ষ্টিফেনছ কলেজত পদাৰ্থ বিজ্ঞান বিভাগত নামভৰ্তি কৰে। ২০১৩ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চেইণ্ট ষ্টিফেনছ কলেজৰ পৰা সন্মানসহ পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।৫ তাৰপিছত তেওঁ উচ্চ শিক্ষাৰ বাবে ফ্ৰান্সলৈ যায় আৰু পেৰিছত অৱস্থিত ইকল পলিটেকনিকৰ পৰা ২০১৬ চনত ডেটা বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫ তাৰপিছত ২০১৭ চনত তেওঁ ফ্ৰান্সৰ টুলুজ চহৰত অৱস্থিত ইণ্টাৰটিউট চুপেৰিউৰ দে ল'এৰোনাউটিক এট দে ল'ইস্পেচত স্বতন্ত্ৰ প্ৰণালী, নিৰ্ণয় বিজ্ঞান আৰু ৰ'ব'টিক্সক মূল বিষয় হিচাপে লৈ এৰ'স্পেছ ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫ বৰ্তমান তেওঁ একে প্ৰতিষ্ঠানত ছাফ্ৰানৰ সৈতে গৱেষণাৰ জৰিয়তে প্ৰশিক্ষণৰ বাবে ঔদ্যোগিক চুক্তিৰে পিএইছডি ডিগ্ৰীৰ বাবে বিশ্বব্যাপী নেভিগেচন উপগ্ৰহ প্ৰণালীত ওপৰত গৱেষণা কৰি আছে। তেওঁ অধ্যয়নসূত্ৰে ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।৫

কৃতিত্ব

২০১৭ চনত প্ৰিয়ংকা দাসে ল'ৰীয়েল-ইউনেস্কো "বিজ্ঞানত ছোৱালীৰ বাবে" কাৰ্যসূচীৰ বাবে দূত নিৰ্বাচিত হৈছিল।৬ তেওঁ পেৰিছৰ চিটে ডেছ চাইন্সেচ এট দে ল'ইণ্ডাষ্ট্ৰিত এটা লাইভ টিভি শ্বো কৰাৰ সুযোগ পাইছিল।৭

২০১৯ চনত তেওঁ বিশ্বৰ ৭৫ গৰাকী মহিলাৰ সৈতে বিজ্ঞানত মহিলাসকলৰ বাবে হোমৱাৰ্ড বাউণ্ড উদ্যোগৰ ৫ম দলৰ অংশ হিচাপে নিৰ্বাচিত হৈছিল।৮ এই নেতৃত্ব প্ৰশিক্ষণ কাৰ্যসূচীত তেওঁ এণ্টাৰ্কটিকালৈ সামূহিক অভিযানৰ সুযোগ লাভ কৰে।

২০২১ চনত তেওঁ মহাকাশ প্ৰজন্ম উপদেষ্টা পৰিষদৰৰ এক দলৰ অংশ আছিল। এই দলে এৰ'স্পেছত মহিলাৰ বিষয়ৰ বাবে উৎসৰ্গিত এটা অনুষ্ঠান (এছজি[ফ্ৰান্স]২০২০: আৱাৰ জায়েণ্ট লিপ) আয়োজন কৰিছিল।৫

ইউৰোপীয়ান স্পেছ এজেন্সিয়ে নিজৰ চন্দ্ৰ অভিযানৰ লগত সংগতি ৰাখি ‘মুন গেলাৰী প্ৰজেক্ট’ শীৰ্ষক এই অভিলাষী প্ৰকল্প হাতত লৈছে। ‘মুন গেলাৰী প্ৰজেক্ট’ত প্ৰিয়ংকাৰ বৈদিক দৈত্ববাদৰ ওপৰত আধাৰিত “বেদদিপীকা– এন ইলাষ্ট্ৰেচন অফ ডুয়েলিটি” শীৰ্ষক ডিজিটেল চিত্ৰখন নিৰ্বাচিত হৈছে। তেওঁ ইউৰোপীয় ভূবিজ্ঞান ইউনিয়নৰ এজন আৱাসিক শিল্পী আছিল আছিল আৰু হাৱাইৰ এইচআই-এছইএএছ আধাৰত এটা চন্দ্ৰ মহাকাশচাৰী অনুকৰণত অংশগ্ৰহণ কৰিছিল। ইয়াত তেওঁ অন্যান্য বিষয়ৰ লগতে মানৱ মহাকাশ অভিযানৰ বাবে কলা আৰু সংস্কৃতিৰ গুৰুত্ব অধ্যয়ন কৰিদিল।

ফৰ্বছ ইণ্ডিয়া আলোচনীৰ ২০২১ চনৰ বিজ্ঞান আৰু উদ্ভাৱন শিতানৰ ৩০ বছৰৰ অনুৰ্ধ প্ৰতিভাশালী ৩০ গৰাকী যুৱক-যুৱতীৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ India Today Magazine Issue - Dated August 1, 2022. www.indiatoday.in
  2. ↑ Forbes India 30 Under 30 2021. Forbes India
  3. ↑ (১২ ফেব্ৰুৱাৰী ২০২১). মহাকাশ গৱেষণাত অধ্যয়নত দুই গৱেষিকাই বাৰ্তালাপ কৰিলে? কিন্তু ক’ত. nefocus.com
  4. ↑ Assam girl Priyanka Das develops satellite navigation of Rafale fighter jets to be used for IAF. nenow.in
  5. ↑ CV. priyankarajkakati.space
  6. ↑ deekshatripathi. (2018-06-05). India's Priyanka Das France's Ambassador ‘For Girls And Science’ Initiative. WonderfulWoman
  7. ↑ (৫ জুলাই ২০১৯). Assam’s Priyanka Das, Ambassador For ‘Girls And Science’ in France. insidene.com
  8. ↑ (2019-10-19). Indian-origin woman scientist heads to Antarctica, eyes space. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিঅসমৰ ব্যক্তিঅসমৰ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা দাস ৰাজকাকতি” প্ৰবন্ধৰ সংশোধন ৪৬৯৮১৯ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।