অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰীতি পাটকাৰ

প্ৰীতি পাটকাৰ (Priti Patkar) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ ভাৰতৰ মুম্বাইৰ ৰেড লাইট জিলাৰ ভিতৰৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ট্ৰেইলব্লেজাৰ হিচাপে কাম কৰা সংস্থা প্ৰেৰণাৰ সহ-প্ৰতিষ্ঠাপক আৰু পৰিচালকৰ পদত অধিষ্ঠিত।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

প্ৰীতি পাটকাৰ (Priti Patkar) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ ভাৰতৰ মুম্বাইৰ ৰেড লাইট জিলাৰ ভিতৰৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ট্ৰেইলব্লেজাৰ হিচাপে কাম কৰা সংস্থা প্ৰেৰণাৰ সহ-প্ৰতিষ্ঠাপক আৰু পৰিচালকৰ পদত অধিষ্ঠিত। প্ৰীতি পাটকাৰৰ প্ৰচেষ্টাত প্ৰাথমিকভাৱে বাণিজ্যিক যৌন শোষণ আৰু সৰবৰাহৰ বলি হোৱাৰ বিপদাশংকা থকা শিশুসকলৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়।

ব্যক্তিগত জীৱন

প্ৰীতি পাটকাৰৰ জন্ম হৈছিল মুম্বাইত। তেওঁৰ দেউতাক চৰকাৰী চাকৰিয়াল আৰু মাকে ডে-কেয়াৰ কাৰ্যসূচী চলাইছিল।১ তেওঁ মুম্বাইৰ দ্য টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চাইন্সেছৰ পৰা স্বৰ্ণ পদক বিজয়ী হিচাপে তেওঁ সামাজিক কামত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২ তেওঁ সমাজকৰ্মী প্ৰবীণ পাটকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৩

সক্ৰিয়তা

প্ৰীতি পাটকাৰে ৩০ বছৰতকৈও অধিক সময় ধৰি মানৱ সৰবৰাহ আৰু ব্যৱসায়িক যৌন শোষণৰ বলি হোৱা শিশু আৰু মহিলাসকলৰ সুৰক্ষা আৰু উদ্ধাৰৰ বাবে কাম কৰি আহিছে।৪ ১৯৮৬ চনত তেওঁ কামতিপুৰা ৰেড লাইট এৰিয়ালৈ মাষ্টাৰছ ইন ছ’চিয়েল ৱৰ্কৰ বাবে গৱেষণামূলক ভ্ৰমণৰ পিছত প্ৰেৰণা লাভ কৰে – য’ত তেওঁ একেটা ৰাস্তাতে তিনিটা প্ৰজন্মৰ মহিলাক গ্ৰাহক বিচৰা দেখা পাইছিল।৫

মানৱ সৰবৰাহ আৰু বাণিজ্যিক যৌন শোষণৰ বলি হোৱা শিশু আৰু মহিলাসকলৰ সুৰক্ষা আৰু মৰ্যাদাৰ বাবে কেইবাটাও পথভংগকাৰী সামাজিক হস্তক্ষেপৰ সৈতে তেওঁ স্বীকৃতি লাভ কৰিছে।৬

শিশুৰ যৌন শোষণ আৰু সৰবৰাহৰ বলি হোৱা শিশু আৰু মহিলাৰ অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে ভাৰতত সৰ্বাধিক সংখ্যক আইনী হস্তক্ষেপ আৰু ৰিট আৱে‍দনৰ কৃতিত্ব পাটকাৰৰ হাতত আছে।৭

তথ্যসূত্ৰ

  1. ↑ Priti Patkar Profile
  2. ↑ Unsung heroes
  3. ↑ Priti & Pravin Patkar
  4. ↑ Saving children. www.theweekendleader.com
  5. ↑ Mumbai, Arunima Rajan in. (2014-11-26). How Prerana's Priti Patkar has changed the lives of sex workers' children. the Guardian
  6. ↑ Woman of substance
  7. ↑ Woman of Might

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতি পাটকাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৫২৩০ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।