অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়ংকা চতুৰ্বেদী

প্ৰিয়ংকা বিক্ৰম চতুৰ্বেদী (Priyanka Vickram Chaturvedi) (জন্ম ১৯ নৱেম্বৰ ১৯৭৯) মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য আৰু শিৱসেনাৰ (ইউ বি টি) উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু অন্যতম ৰাষ্ট্ৰীয় মুখপাত্ৰ আছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৫ ৪২৭ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

প্ৰিয়ংকা বিক্ৰম চতুৰ্বেদী (Priyanka Vickram Chaturvedi) (জন্ম ১৯ নৱেম্বৰ ১৯৭৯) মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য আৰু শিৱসেনাৰ (ইউ বি টি) উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু অন্যতম ৰাষ্ট্ৰীয় মুখপাত্ৰ আছিল।১

চতুৰ্বেদী তেহেলকা,২ ডেইলী নিউজ এণ্ড এনালাইছিছ৩ আৰু ফাৰ্ষ্টপোষ্টৰ স্তম্ভলেখক।৪দুটা এন জি অ’ৰ ন্যাসৰক্ষী হিচাপে তেওঁ শিশুৰ শিক্ষা, মহিলা সৱলীকৰণ আৰু স্বাস্থ্যৰ প্ৰসাৰৰ বাবে কাম কৰে। তেওঁ এটা কিতাপ পৰ্যালোচনা ব্লগো চলায় যিটো ভাৰতৰ এইজাতীয় শীৰ্ষ দহটা ব্লগৰ ভিতৰত অন্যতম।৫

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭৯ চনৰ ১৯ নৱেম্বৰত জন্মগ্ৰহণ কৰা চতুৰ্বেদী মুম্বাইত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পৰিয়ালটো উত্তৰ প্ৰদেশৰ মথুৰাৰ।৬ জুহুৰ ছেইণ্ট জোচেফ হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে৭ আৰু ১৯৯৯ চনত ভাইল পাৰ্লেৰ নাৰ্চী মঞ্জি কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।৮ ১৯৯৯ চনৰ ১৯ নৱেম্বৰৰ পৰা বিক্ৰম চতুৰ্বেদীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁৰ দুটা সন্তান আছে।৯

কৰ্মজীৱন

চতুৰ্বেদীয়ে মিডিয়া, জনসংযোগ আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী এমপাৱাৰ কনচালটেণ্টছৰ সঞ্চালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অভাৱগ্ৰস্ত শিশুসকলক শিক্ষা প্ৰদানৰ বাবে দুখন বিদ্যালয় চলোৱা প্ৰয়াস চেৰিটেবল ট্ৰাষ্টৰ তেওঁ ন্যাসৰক্ষী। ২০১০ চনত,৫ তেওঁক আই এছ বিৰ ১০,০০০ মহিলা উদ্যোগী প্ৰমাণপত্ৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰী হিচাপে নিৰ্বাচিত কৰা হয়, যিটো মহিলা উদ্যোগীসকলৰ বাবে গোল্ডমেন চেক্স ফাউণ্ডেশ্যনৰ দ্বাৰা সমৰ্থিত এক বিশ্বব্যাপী পদক্ষেপ।১০

চতুৰ্বেদীয়ে ৰাজ্যসভা টিভিত মেৰী কাহানী নামৰ এক সাক্ষাৎকাৰ অনুষ্ঠানৰ আয়োজন কৰে।

ৰাজনীতি

ভাৰতীয় জাতীয় কংগ্ৰেছ

চতুৰ্বেদীয়ে ২০১০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে, ২০১২ চনত উত্তৰ-পশ্চিম মুম্বাইৰ পৰা ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হয়।

ছ’চিয়েল মিডিয়াত চতুৰ্বেদীৰ উল্লেখযোগ্য উপস্থিতি আছে আৰু টুইটাৰত বিৰোধী কংগ্ৰেছ দলৰ নীতি ৰক্ষাৰ বাবে পৰিচিত আছিল। নৰেন্দ্ৰ মোডীক মিছা কথা কোৱাৰ লগতে শৈক্ষিক প্ৰমাণপত্ৰৰ ভুৱা শপতনামা দাখিল কৰাৰ বাবে নৰেন্দ্ৰ মোডীক তেওঁ সমালোচনা কৰে। ইয়াৰ উপৰিও ইৰানীৰ পূৰ্বৰ টিভি ধাৰাবাহিক কিউকি চাছ ভি কভি বহু থিৰ থিমৰ পেৰ'ডি "কিউকি মন্ত্ৰী ভি কভি স্নাতক থি" বুলি গাই ইৰানীক ইতিকিং কৰে।১১

২০১৯ চনৰ ১৭ এপ্ৰিলত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তেওঁক কৰা অনাকাংক্ষিত আচৰণৰ বাবে পূৰ্বে নিলম্বিত হোৱা কিছুমান দলীয় কৰ্মীক পুনৰ নিযুক্তি দিয়াৰ বিষয়ে টুইটাৰত তেওঁৰ হতাশা প্ৰকাশ কৰে, তাৰ পিছত তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি শিৱসেনাত যোগদান কৰে।১২

শিৱসেনা আৰু শিৱসেনা (ইউবিটি)

১৯ এপ্ৰিল ২০১৯ তাৰিখে উদ্ধৱ থাকৰে আৰু আদিত্য থাকৰেৰ উপস্থিতিত চতুৰ্বেদীয়ে শিৱসেনাত যোগদান কৰে। ১৩

২০২২ চনৰ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট আৰু পৰৱৰ্তী সময়ত শিৱসেনাৰ বিভাজনৰ পিছত চতুৰ্বেদীয়ে উদ্ধৱ থাকৰে নেতৃত্বাধীন সেনাৰ শিৱসেনা (উদ্ধৱ বালাছাহেব থাকৰে) নামৰ ফৈদত যোগদান কৰে।

বিদেশত গতিবিধি

যুক্তৰাজ্য

২০১৫ চনত ব্ৰিটেইনৰ উচ্চ আয়োগ আৰু কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ’চিয়েশ্যন ইউ কেৰ দ্বাৰা নিৰ্বাচিত যুৱ ৰাজনৈতিক নেতাৰ প্ৰতিনিধি দলৰ সদস্য হিচাপে চতুৰ্বেদীয়ে তেওঁলোকৰ গণতন্ত্ৰ অধ্যয়ন আৰু তাক বুজিবলৈ লণ্ডন ভ্ৰমণ কৰিছিল। একে বছৰতে অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন আৰু জেইট ষ্টিফটুঙে যৌথভাৱে আয়োজন কৰা "এছিয়ান ফ'ৰাম অন গ্ল'বেল গভৰ্নেন্স" কাৰ্যসূচীতো অংশগ্ৰহণ কৰিছিল।৫

অষ্ট্ৰেলিয়া

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত প্ৰাক্তন মন্ত্ৰী উপদেষ্টা নীতিন গুপ্তাই আঁত ধৰা অনুষ্ঠানত চতুৰ্বেদীয়ে “ভাৰতীয় অৰ্থনীতিৰ ওপৰত বিমুদ্ৰাকৰণৰ প্ৰভাৱ” বিষয়ত ভাষণ দিছিল।১৪

পিছলৈ তেওঁ ভিক্টোৰিয়ান সংসদলৈও গৈছিল, একে ভ্ৰমণৰ সময়ত ভিক্টোৰিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় টেড বেইলিউ আৰু মন্ত্ৰী উপদেষ্টা মিষ্টাৰ নিটিন গুপ্তাৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হৈছিল।১৫

অপাৰেছন সেন্দূৰ

২০২৫ চনৰ মে’-জুন মাহত ভাৰতৰ অপাৰেচন সিন্দুৰৰ পিছত, বিভিন্ন দেশ ভ্ৰমণ কৰা ভাৰতৰ বহু দলীয় প্ৰতিনিধি দলৰ চতুৰ্বেদী অংশ আছিল। ১৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (28 May 2013). Congress's new media team to meet on Wednesday-Politics News – IBNLive Mobile. IBNlive. CNN-IBN
  2. ↑ (2013). Tehelka " Priyanka Chaturvedi. Tehelka
  3. ↑ (2013). Priyanka Chaturvedi – DNA. Daily News and Analysis
  4. ↑ (2013). Latest News from Author Priyanka Chaturvedi. First Post (India)
  5. ↑ About Priyanka Chaturvedi
  6. ↑ (21 August 2013). Priyanka Chaturvedi – Twitter. Twitter
  7. ↑ (20 April 2019). 26/11 attack defining moment for Priyanka Chaturvedi. The Times of India
  8. ↑ (20 April 2019). 26/11 attack defining moment for Priyanka Chaturvedi. The Times of India
  9. ↑ (16 September 2012). Expecting perfection in motherhood – Analysis – DNA. Daily News and Analysis
  10. ↑ (22 July 2013). Twiterrati turn TV Heroes. Times of India
  11. ↑ (9 May 2019). Letter from the Polls by Nitin Gupta. The Indian Sun
  12. ↑ (2019-04-19). Priyanka Chaturvedi quits Congress, joins Shiv Sena. The Hindu
  13. ↑ Priyanka Chaturvedi quits Congress, joins Shiv Sena
  14. ↑ (2 March 2017). Priyanka Chaturvedi talks Demon. The Indian Sun
  15. ↑ (17 March 2020). When Priyanka Chaturvedi visited Melbourne. The Indian Sun
  16. ↑ (4 June 2025). All party delegation in Brusells. Deccan Chronicle

সম্পৰ্কিত শ্ৰেণী

ৰাজ্যসভাৰ সাংসদভাৰতৰ মহিলা সাংসদমহাৰাষ্ট্ৰৰ ব্যক্তিৰাজনীতিবিদভাৰতীয় ৰাজনীতিবিদলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা চতুৰ্বেদী” প্ৰবন্ধৰ সংশোধন ৫৩০৭৫৬ (৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।