প্ৰিয়ংকা (프리얀카; সম্পূৰ্ণ নাম: প্ৰিয়ংকা মজুমদাৰ) অসমৰ এগৰাকী কণ্ঠশিল্পী। প্ৰিয়ংকা বৰ্তমান কোৰীয় প'প সংগীত (চমুকৈ কে-প'প) বেণ্ড জি-গাৰ্লচ্ (Z-Girls)-ৰ মূল কণ্ঠশিল্পী। প্ৰিয়ংকাক ভাৰতৰ প্ৰথম কে-প'প তাৰকা ৰূপে অভিহিত কৰা হয়।১ কে-প'প বা কোৰীয় প'প এক সংগীতৰ শৈলী যাৰ উদ্ভৱ হয় দক্ষিণ কোৰিয়াত, যি বৰ্তমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিপুল জনপ্ৰিয়তা লাভ কৰিব সক্ষম হৈছে।২
প্ৰাৰম্ভিক জীৱন
প্ৰিয়ংকাৰ জন্ম হয় ১৯৯৭ চনৰ ২ জুলাইত। অসমৰ গুৱাহাটীৰ ৰূপনগৰৰ বাসিন্দা প্ৰিয়ংকাই সৰুৰে পৰাই কে-প'প সংগীতৰ প্ৰতি আকৰ্ষিত আছিল। তাই কে-প'প সংগীত শুনিয়েই কোনো শিক্ষকৰ অবিহনে কোৰীয় ভাষাতো আয়ত্ত্ব কৰিছিল।৩ জনপ্ৰিয় কে-প'প বেণ্ড বি টি এচ প্ৰিয়ংকাৰ অনুপ্ৰেৰণাৰ মূল উৎস।৩
কেৰিয়াৰ
দক্ষিণ কোৰিয়াৰ বৈদেশীক মন্ত্ৰালয়ে প্ৰতিবছৰে আয়োজন কৰা কে-প'প ৱৰ্ল্ড ফেষ্টিভেল প্ৰতিযোগিতাত ২০১৬ চনত প্ৰিয়ংকা ভাগ লয়। চেংৱান চহৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ অন্তিম পৰ্যায়ত প্ৰিয়ংকাই শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ খিতাপ দখল কৰে।৪
আন্তঃৰাষ্ট্ৰীয় কে-প'প সংগীত তাৰকা সৃষ্টি কৰাৰ উদ্দেশ্যে আৰম্ভ হোৱা জি-প'প ড্ৰিমছ নামৰ এক কাৰ্যসূচীৰ অংশ হিচাপে গঠন হোৱা জি-গাৰ্লচ্ নামৰ ছোৱালীৰ কে-প'প বেণ্ডত প্ৰিয়ংকাই মূল কণ্ঠশিল্পী ৰূপে স্থান লাভ কৰে। তাইৰ লগতে দিল্লীৰ সিদ্ধান্ত অৰোৰাই জি-বইজ্ নামৰ ল'ৰাৰ কে-প'প বেণ্ডত স্থান পায়। ২০১৯ চনৰ ১৭ জানুৱাৰীত এক ভিডিঅ' যোগে প্ৰিয়ংকাৰ লগতে জি-গাৰ্লচ্ আন সদস্যসকলক দৰ্শকৰ মাজত চিনাকি কৰাই দিয়া হয়।৫৬ কোনো কে-প'প বেণ্ডত স্থান লাভ কৰা প্ৰিয়ংকা আৰু সিদ্ধান্ত হৈছে প্ৰথম ভাৰতীয়, সেয়ে দুয়োকে ভাৰতৰ প্ৰথম কে-প'প তাৰকা হিচাপে অভিহিত কৰা হয়।৬১
প্ৰিয়ংকাৰ প্ৰথম কে-প'প সংগীত ভিডিঅ' "হোৱাট ইউ ৱাইটিং ফৰ" মুক্তি পায় ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰীত।৭৮৯
সমালোচনা
প্ৰিয়ংকাৰ লগতে জি-গাৰ্লচ্ বেণ্ডে শ্ৰোতা-দৰ্শকৰ পৰা ধনাত্মক সঁহাৰি লাভ কৰিব সক্ষম হয়। তথাপিও কে-প'পৰ কিছু ৰক্ষণশীল অনুৰাগীয়ে প্ৰিয়ংকা কোৰীয় মূলৰ নোহোৱা বাবে আৰু কোৰীয় ভাষা সলসলীয়াকৈ ক'ব নোৱাৰাৰ বাবে সমালোচনা কৰে।১০ এক সাক্ষাৎকাৰত প্ৰিয়ংকাই তাইৰ গাৰ-বৰণৰ আৰু চেহেৰা পৰম্পৰাগত কোৰীয় লোকৰ দৰে নোহোৱাৰ বাবে লাভ কৰা ঋনাত্মক মন্তব্য আৰু বৰ্ণবৈষম্য সন্মুখীন হোৱাৰ কথা সদৰি কৰে।৩
সঙ্গীতপঞ্জী
- ২০১৯: "হোৱাট ইউ ৱাইটিং ফৰ" (What You Waiting For- জি-গাৰ্লচ্)
- ২০১৯: "আৱাৰ গেলেক্সি" (Our Galaxy- জি-ষ্টাৰচ্)
- ২০১৯: "ষ্ট্ৰিটচ্ অফ গ'ল্ড" (Streets of Gold- জি-গাৰ্লচ্)
তথ্যসূত্ৰ
- ↑ Meet Priyanka Mazumdar and Siddhant Arora, world's first Indian K-pop stars
- ↑ Hartong, Jan Laurens. (2006). Musical terms worldwide: a companion for the musical explorer. Semar Publishers. পৃ. 15. ISBN 978-88-7778-090-4
- ↑ (19 May 2019). Meet The First Indian K-Pop Idols (feat. Z-Stars) · ASIAN BOSS
- ↑ (2016-10-03). Guwahati girl wins best vocal award at K-POP World Festival
- ↑ (17 Jan 2019). 🎉 Z-GIRLS Member Profiles are finally revealed today!
- ↑ (2019-02-15). Make way for Indian K-pop stars!
- ↑ (19 Feb 2019). 🎉 Z-GIRLS Music Video Teaser Reveal
- ↑ (22 Feb 2019). (MV) Z-Girls 'What You Waiting For'
- ↑ World's first Indian K-Pop star, Priyanka Mazumdar's video is out and it will make you 'feel the fire' too
- ↑ Bhura, Sneha. Dreaming Korea. The Week
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা মজুমদাৰ” প্ৰবন্ধৰ সংশোধন ৪৫৪০৬৬ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।