প্ৰিয়ংকা বোস (ইংৰাজী ভাষা: Priyanka Bose; জন্ম: ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।১ মঞ্চ আৰু চলচ্চিত্ৰত সক্ৰিয় প্ৰিয়ংকাক বিশেষকৈ ইটালীৰ কথাছবি গংগোৰত কৰা অভিনয়ৰ বাবে জনা যায়। প্ৰিয়ংকাই তেওঁৰ চলচ্চিত্ৰ জীৱনৰ আৰম্ভণি কৰিছিল লভ চেক্স ঔৰ ধোকা, চৰী ভাই! , জনী গদ্দাৰ আৰু গুজাৰিছত সৰু চৰিত্ৰত অভিনয় কৰি। তেওঁৰ মুখ্য ভূমিকা থকা প্ৰথমখন ছবি আছিল ২০১০ চনত ইটালীয় পৰিচালক ইটালো স্পিনেলিৰদ্বাৰা নিৰ্মিত গংগোৰ। এই ছবিখনত এগৰাকী জনজাতীয় মহিলাৰ চৰিত্ৰত কৰা অভিনয়ৰ জৰিয়তে তেওঁ অভিনেত্ৰী হিচাপে স্বীকৃতি লাভ কৰে আৰু নিউ জাৰ্চি ইণ্ডিপেণ্ডেণ্ট চাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।২
কৰ্মজীৱন
২০১০ চনত ইটালো স্পিনেলিৰদ্বাৰা পৰিচালিত ছবি গংগোৰত প্ৰিয়ংকাই মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। প্ৰখ্যাত ভাৰতীয় লেখিকা মহাশ্বেতা দেৱীৰ চুটি গল্প 'চোলি কে পিছে'ৰ আধাৰত নিৰ্মিত গংগোৰ ছবিয়ে নিউ জাৰ্চি ইণ্ডিপেণ্ডেণ্ট চাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত কেইবাটাও বঁটা লাভ কৰিছিল, য'ত বোসৱে 'শ্ৰেষ্ঠ অভিনেত্ৰী'ৰ বঁটা লাভ কৰে।
২০১৩ চনত প্ৰিয়ংকাই অলংকাৰ ব্ৰেণ্ড তানিষ্কৰ বিজ্ঞাপনত এগৰাকী কণমানি জীয়েক থকা মহিলা হিচাপে অভিনয় কৰিছিল যিয়ে পুনৰ বিবাহ পাশত আবদ্ধ হয়। এই বিজ্ঞাপনটোৱে তেওঁলৈ যথেষ্ট জনপ্ৰিয়তা কঢ়িয়াই আনিছিল।৩৪ বিজ্ঞাপনটোক "পথ-প্ৰদৰ্শক", "সাহসী" আৰু "অনন্য" বুলি অভিহিত কৰা হৈছিল। ই টুইটাৰ আৰু ফেচবুকত চৰ্চাৰ বিষয় হৈ পৰিছিল আৰু ইউটিউবত হাজাৰ হাজাৰ দৰ্শনে লাভ কৰিছিল।৫
২০১২ চনৰ দিল্লী ধৰ্ষণ কাণ্ডৰ আধাৰত দক্ষিণ আফ্ৰিকাৰ নাট্যকাৰ য়াৱেল ফাৰ্বাৰৰদ্বাৰা ৰচিত আৰু পৰিচালিত নাটক নিৰ্ভয়াৰ বাবে তেওঁ বিশ্ব ভ্ৰমণ কৰিছিল। এই বহুল সমাদৃত নাটখনে এডিনবাৰ্গ ফেষ্টিভেল ফ্ৰিঞ্জত 'স্কটচমেন ফ্ৰিঞ্জ ফাৰ্ষ্ট এৱাৰ্ড' আৰু 'হেৰাল্ড এঞ্জেল এৱাৰ্ড'ৰ লগতে এমনেষ্টি ইণ্টাৰনেশ্যনেল ফ্ৰিডম অৱ এক্সপ্ৰেচন এৱাৰ্ড লাভ কৰিছিল।৩৬৭
প্ৰিয়ংকাই গৌতম ঘোষৰদ্বাৰা পৰিচালিত বঙালী ভাষা ছবি শূন্য অংকত কংকণা সেন শৰ্মাৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। গুলাব গেং হৈছে আন এখন ছবি য'ত তেওঁ মাধুৰী দীক্ষিত আৰু জুহী চাওলাৰ সৈতে অভিনয় কৰিছিল। পৰিচালক জেফ্ৰি ডি ব্ৰাউনৰ ছবি চোল্ড, অভিনৱ তিৱাৰীৰ অ’ছ আৰু দেৱাশিস মাখিজাৰ ছবি উংগাৰ দৰে চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ছবিসমূহত তেওঁৰ অভিনয় বিশেষভাৱে মন কৰিবলগীয়া আছিল।৮৬
গাৰ্থ ডাভিছৰ পৰিচালনাত নিৰ্মিত লায়ন ছবিত প্ৰিয়ংকাই নিকোল কিডমেন, নৱাজুদ্দিন চিদ্দিকী আৰু দেৱ পেটেলৰ সৈতে অভিনয় কৰিছিল।৯ তেওঁ 'পাপিপেট পিকচাৰ্ছ' নামৰ এটা প্ৰযোজনা সংস্থা আৰম্ভ কৰিছিল যিয়ে চুটি ছবি আৰু মিউজিক ভিডিঅ' নিৰ্মাণ কৰিছে। ইয়াৰ ভিতৰত 'হিপনোট্ৰাইব'ৰ বাবে ডাৰ্ক এণ্ড ডেলিশিয়াছ আৰু মাইকী মেক্লিয়াৰীৰ সৈতে বাৰটেণ্ডাৰৰ উপৰি কৈলাস খেৰৰ 'কৈলাসা'ৰ বাবেও এটা ভিডিঅ' নিৰ্মাণ কৰিছে।৬
২০১৬ চনত প্ৰিয়ংকাই মাৰাঠী ভাষা ছবি হাফ টিকেটত ভালচন্দ্ৰ কদম আৰু উষা নায়কৰ সৈতে অভিনয় কৰে।১০ তামিল ভাষা ছবি কাকা মুত্তাইৰ ৰিমেক হাফ টিকেটক ২০১৭ চনত চেক গণৰাজ্যত অনুষ্ঠিত ৫৭সংখ্যক জ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'ইকুমেনিকাল জুৰী বঁটা' প্ৰদান কৰা হৈছিল। এই ছবিখন হায়দৰাবাদত অনুষ্ঠিত ২০১৬ চনৰ ইণ্ডিউড কাৰ্নিভালৰ দ্বিতীয় সংস্কৰণত 'ইণ্ডিউড পেনোৰামা কম্পিটিচন' শাখাত প্ৰদৰ্শনীৰ বাবেও নিৰ্বাচিত হৈছিল।
২০১৬ চনৰপৰা বৰ্তমানলৈ
বোসে প্ৰাৰ্থনা মোহনৰদ্বাৰা পৰিচালিত আৰু এডৱাৰ্ড টিমপেৰদ্বাৰা প্ৰযোজিত হলিউডৰ ছবি দ্য মিচএডুকেচন অৱ বিন্দুত ডেভিদ আৰ্কুৱেটৰ সৈতে অভিনয় কৰিছিল, যাৰ কাৰ্যবাহী প্ৰযোজক আছিল ডুপ্লাছ ব্ৰাদাৰ্ছ। ২০১৮ চনত তেওঁ এণ্ড্ৰে অ'ভ্ৰেডালৰদ্বাৰা পৰিচালিত মৰ্টাল ছবিত ন্যাট ৱলফৰ সৈতে অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ দ্য গুড কৰ্মা হস্পিটেলৰ তৃতীয় ছিজনত অভিনয় কৰে।১১
ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবিৰ শ্বুটিংৰ বাবে তেওঁ মুম্বাই আৰু লছ এঞ্জেলছৰ মাজত আহ-যাহ কৰি থাকে।
২০২১ চনৰপৰা ২০২৫ চনলৈকে বোসে আমাজন প্ৰাইম ভিডিঅ'ৰ ফেণ্টাচী ধাৰাবাহিক দ্য হুইল অৱ টাইমত সহযোগী চৰিত্ৰ আলান্না মোচভানিৰ ৰূপত অভিনয় কৰিছিল।১২১৩১৪
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ২০০৭ | জনী গদ্দাৰ | ওলা-ওলা মুখ্য নৃত্যশিল্পী | হিন্দী | |
| ২০০৮ | চৰী ভাই! | শ্ৰুতি | ||
| ২০১০ | লভ চেক্স অৰ ধোকা | |||
| গংগোৰ | গংগোৰ | বঙালী | নিউ জাৰ্চি ইণ্ডিপেণ্ডেণ্ট চাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত "শ্ৰেষ্ঠ অভিনেত্ৰী" | |
| গুজাৰিছ | বাৰৰ গায়িকা | হিন্দী | ||
| ২০১১ | পদ্দুৰাম | মিচেছ মেনন | ||
| ২০১২ | অ’ছ | মেডাম | ||
| আপ্ৰুট | শৰ্মী | ইংৰাজী, হিন্দী, বঙালী | (চুটি ছবি) | |
| ২০১৩ | শূন্য অংক | জিলীক বোস | বঙালী | |
| উংগা | উংগাম্মা | হিন্দী | ||
| য়ে জৱানী হ্যায় দিৱানী | যৌনকৰ্মী | |||
| গ্লাছ বটম বোট | ইংৰাজী | (চুটি ছবি) | ||
| ২০১৪ | গুলাব গেং | সন্ধ্যা | হিন্দী | |
| চোল্ড | মনিকা | ইংৰাজী | ||
| ২০১৬ | লায়ন | কমলা মুন্সী | ইংৰাজী, হিন্দী, বঙালী | |
| দেৱী (গডডেছ) | ইংৰাজী | (চুটি ছবি) | ||
| হাফ টিকেট | আই | মাৰাঠী | জি চিত্ৰ গৌৰৱ বঁটা ২০১৭ত "শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী", সকাল প্ৰিমিয়াৰ বঁটা ২০১৭ত "শ্ৰেষ্ঠ অভিনেত্ৰী", সংস্কৃতি কলা দৰ্পণ ২০১৭, ফিল্মফেয়াৰ ২০১৭ত "শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (মহিলা)" | |
| ২০১৮ | দ্য মিচএডুকেচন অৱ বিন্দু | ইংৰাজী | প্ৰাৰ্থনা মোহনৰদ্বাৰা পৰিচালিত। এডৱাৰ্ড টিমপে আৰু ডুপ্লাছ ব্ৰাদাৰ্ছৰদ্বাৰা প্ৰযোজিত। | |
| মৰ্টাল | হাথাৱে | ইংৰাজী | ||
| দ্য গুড কৰ্মা হস্পিটেল | ডা° আয়েশা ৰায় | ছিজন ৩ | ||
| আশ্চৰ্য ফাক ইট | কান্তা | হিন্দী | মুখ্য চৰিত্ৰ | |
| ২০১৯ | পৰ্ছায়ী | প্ৰীতি | জি-৫ৰ ৱেব ধাৰাবাহিক | |
| ২০২০ | ৱাট আৰ দ্য অডছ | পালোমা | ||
| পৰীক্ষা | ৰাধিকা | জি-৫ত মুক্তি লাভ কৰিছে | ||
| চড়ক ২ | নন্দিনী | ডিজনী+ হটষ্টাৰত মুক্তি লাভ কৰিছে | ||
| ২০২১–২০২৫ | দ্য হুইল অৱ টাইম | আলান্না মোচভানি | ইংৰাজী | আমাজন প্ৰাইম ভিডিঅ'ৰ বাবে নিৰ্মিত টিভি ধাৰাবাহিক |
| ২০২৩ | আগ্ৰা | প্ৰীতি | হিন্দী | কান চলচ্চিত্ৰ মহোৎসৱৰ ডিৰেক্টৰ্ছ ফ'ৰ্টনাইট শাখাত প্ৰিমিয়াৰ আৰু ২০২৩ চনৰ অক্টোবৰত বিআইএফএফত প্ৰদৰ্শিত।১৫১৬ |
| কালা | বন্দনা | ডিজনী+ হটষ্টাৰৰ বাবে নিৰ্মিত টিভি ধাৰাবাহিক | ||
| দ্য লেডী কিলাৰ | গাজৰা | |||
| ২০২৪ | দ্য ফেবল | নন্দিনী |
তথ্যসূত্ৰ
- ↑ (23 October 2018). #MeToo movement: Priyanka Bose points out sexual misconduct by Sajid Khan, Soumik Sen and Ally Khan. The Times of India
- ↑ (26 November 2011). Gritty Indian art-house film Gangor sweeps awards in America. First Post
- ↑ (24 May 2014). Actions Speak Louder Than Words. Verve Magazine
- ↑ (1 November 2013). Tanishq ad star Priyanka Bose on cloud nine. India Today
- ↑ (31 October 2013). The New Tanishq bride. The Telegraph
- ↑ (12 November 2013). I can't play dumb: Priyanka Bose. DNA
- ↑ (1 November 2013). Each Delhi girl can narrate incidents of being molested: Priyanka Bose. Mumbai Mirror
- ↑ Gangor – Priyanka Bose. Open Beast
- ↑ (14 January 2015). Nicole Kidman, Dev Patel to Roar in India-set Survival Tale 'Lion'. Variety
- ↑ Lowe, Justin. (2017-01-24). 'Half Ticket': Film Review · Palm Springs 2017. The Hollywood Reporter
- ↑ The Good Karma Hospital I Meet the cast and characters of series three · Radio Times. Radio Times
- ↑ White, Peter. (2021-05-20). The Wheel of Time Renewed for Season 2 by Amazon Ahead of Launch. Deadline Hollywood
- ↑ (2023-04-24). The Wheel of Time, season three, is now shooting in Prague. The Prague Reporter
- ↑ Hailu, Selome. (2025-05-23). 'The Wheel of Time' Canceled After Three Seasons at Amazon Prime Video. Variety
- ↑ (18 April 2023). Kanu Behl's Agra to have world premiere at Directors' Fortnight of Cannes Film Festival. The Indian Express
- ↑ (September 5, 2023). The 28th Busan International Film Festival: Selection List. Busan International Film Festival
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা বোস” প্ৰবন্ধৰ সংশোধন ৬৩৬০৮৪ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।