অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰাজক্তা কলি

প্ৰাজক্তা কলি (Prajakta Koli) হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ৷ হাস্যৰসাত্মক ভিডিঅ' নিৰ্মাণৰ জৰিয়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে৷ ইউটিউবৰ জগতত প্ৰাজক্তা কলি ম'ষ্টলি ছেইন (MostlySane) হিচাপে পৰিচিত৷ দৈনন্দিন জীৱনৰ বিভিন্ন পৰিস্থিতিৰ আধাৰত পৰ্যবেক্ষণভিত্তিক ৰসাত্মক ভিডিঅ' নিৰ্মাণত তেখেতে গুৰুত্ব দি…

হালনাগাদ: ৬ আগষ্ট ২০২৬ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

প্ৰাজক্তা কলি (Prajakta Koli) হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ৷ হাস্যৰসাত্মক ভিডিঅ' নিৰ্মাণৰ জৰিয়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে৷১ ইউটিউবৰ জগতত প্ৰাজক্তা কলি ম'ষ্টলি ছেইন (MostlySane) হিচাপে পৰিচিত৷ দৈনন্দিন জীৱনৰ বিভিন্ন পৰিস্থিতিৰ আধাৰত পৰ্যবেক্ষণভিত্তিক ৰসাত্মক ভিডিঅ' নিৰ্মাণত তেখেতে গুৰুত্ব দি আহিছে৷ ২

কেৰিয়াৰ

২০১৫ চনত ইউটিউবত নিজৰ চেনেলটো আৰম্ভ কৰাৰ আগতে প্ৰাজক্তাই মুম্বাইস্থিত ফেভাৰ ১০৪ এফএম ৰেডিঅ' ষ্টেচনত এগৰাকী ইণ্টাৰ্ণ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল৷৩

২০১৮ চনৰ দিল্লীত আৰু ২০১৯ চনত মুম্বাইত অনুষ্ঠিত হোৱা "ইউটিউবত ফেনফেষ্ট"ত প্ৰাজক্তাই অনুষ্ঠান পৰিৱেশন কৰিছিল৷৪২০১৮ চনৰ ডিচেম্বৰ মাহত তেখেতে ৰাষ্ট্ৰীয় টিভি বিজ্ঞাপনৰ বাবে এটা হোৱাটছআপ-সম্পৰ্কীয় বিজ্ঞাপন নিৰ্মাণত অংশ লয়৷৫৬

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ফৰ্বচ আলোচনীয়ে যুগুত কৰা "৩০ৰ অনুৰ্দ্ধ ৩০" (30 under 30)ত স্থান লাভ কৰে৷ ইয়াৰ উপৰিও ভাৰতীয় বাণিজ্য আলোচনী আউটলুকৰ "মূল্যসম্পন্ন নাৰী" (Women of Worth)ৰ তালিকা৭ আৰু এণ্ট্ৰেপেনেয়ৰ ইন্ডিয়াৰৰ ৩৫ ৰ অনুৰ্দ্ধ ৩৫ৰ তালিকাত প্ৰাজক্তাই স্থান লাভ কৰিছে৷ ৮ "কছম'পলিটান" আলোচনীয়ে আয়োজন কৰা বছৰটোৰ ইউটিউবাৰ বঁটাৰেও প্ৰজক্তা সন্মানীত হয়৷৯ ২০২০ চনৰ জানুৱাৰীত, "গ্ৰেজিয়া ইণ্ডিয়া"ৰ বাৰ্ষিক "Cool List"ত তেখেতক স্থান দিয়া হয়৷ ১০ ২০২০ চনৰ এপ্ৰিলত "বি ডব্লিউ বিজিনেছৱৰ্ল্ড"ৰ সৰ্বাধিক প্ৰভাৱশালী নাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সন্মান হিচাপে তেখেতে আলোচনীখনৰ বেটুপাতত স্থান লাভ কৰে৷১১

বলিউদৰ একাধিক তাৰকা যেনে-কৰিনা কাপুৰ, নৱাজুদ্দিন ছিদ্দিকী আৰু বিকী কোশল কোলীৰ চেনেললৈ আগমন ঘটিছে৷১২১৩

২০২০ চনৰ জুলাই মাহত, কোলিয়ে খয়ালী পোলাউ (Khayali Pulao) নামৰ এখনি চুটি ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে৷ এইখন চুটি ছবিখনৰ আধাৰ আছিল হাৰিয়ানাৰ গ্ৰামীন অঞ্চলত নাৰীৰ সৱলীকৰণ৷ ১৪

একক কণ্ঠৰ গীত

বৰ্ষশীৰ্ষক
২০১৭"ছেইমলেছ" (সহযোগী-ৰাফতাৰ)
২০১৮"ন' অফেন্স"
২০২০"য়েহ ডিছ গানা হ্যেয়"

চলচ্চিত্ৰ

বৰ্ষশীৰ্ষকচৰিত্ৰপৰিচালকভাষাটোকা
২০২০খায়ালী পোলাওআশাতৰুণ ডুডেজাহাৰয়ানীইউটিউবৰ আছুতীয়া, অভিনয়ত-য়শপাল শৰ্মা

তথ্যসূত্ৰ

  1. ↑ (3 August 2018). Meet Prajakta Koli and everything insane that makes her 'Insane'. indianexpress
  2. ↑ ScoopWhoop. (2018-01-30). Meet Prajakta Koli, The Funny Girl From Mumbai The Internet Is Falling In Love With. ScoopWhoop
  3. ↑ Queen of content Prajakta Koli takes us inside her life as a popular YouTuber. indiatoday
  4. ↑ Uber Eats, Vivo, 5 Star do tamasha at YouTube FanFest 2019. afaqs!
  5. ↑ (2018-12-03). WhatsApp's first India-specific TVCs attack fake news. www.afaqs.com
  6. ↑ WhatsApp. WhatsApp - जन्मदिन बाँटिये, हंसी-मजाक बाँटिये, खुशियाँ बाँटिये, अफवाहें नहीं.
  7. ↑ Prajakta Koli – Outlook Business WoW
  8. ↑ Sabharwal, Punita. (2019-02-09). Entrepreneur Reveals its 35 Under 35 Class of 2019. Entrepreneur
  9. ↑ Satote, Monika. (2019-03-27). Cosmopolitan Awards Winners 2019: See The Full Report. Headlines of Today
  10. ↑ Prajakta Koli for Grazia Cool List 2020. grazia.co.in
  11. ↑ Anushka Sharma, Anita Dongre & Dipali Goenka among Business World's Most Influential Women - Exchange4media. Indian Advertising Media & Marketing News – exchange4media
  12. ↑ Responsibility Has Become A Huge Focus For YouTube: Susan Wojcicki. Forbes India
  13. ↑ (5 October 2019). Kareena Kapoor Khan digs ground; video goes viral. mid-day
  14. ↑ YouTube Star Prajakta Koli Makes Acting Debut with Short Film 'Khayali Pulav'. News18

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ইউটিউবাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাজক্তা কলি” প্ৰবন্ধৰ সংশোধন ৬২৩৮০৬ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।