প্ৰিয়দৰ্শনী চেটাৰ্জী(Priyadarshini Chatterjee) এগৰাকী ভাৰতীয় মডেল। ১৯৯৬ চনৰ ১২ আগষ্টত অসমৰ ধুবুৰীত তেওঁৰ জন্ম হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজৰ ছাত্ৰী আৰু ২০১৬ চনৰ ফেমিনা মিছ ইণ্ডিয়া খিতাপ বিজয়ী।১ ২০১৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অনুষ্ঠিত হবলগীয়া মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিব।২৩
প্ৰাৰম্ভিক জীৱন
প্ৰিয়দৰ্শনী অসমৰ গুৱাহাটীত ডাঙৰ-দীঘল হয়। গুৱাহাটীৰ মাৰিয়া'চ পাবলিক স্কুলত তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে নতুন দিল্লীলৈ যায়। বৰ্তমান তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ লগতে এগৰাকী পেশাদাৰী মডেল হিচাপে প্ৰতিষ্ঠিত হৈছে।
কৰ্ম জীৱন
দিল্লীত পঢ়ি থকা কালতে তেওঁ মডেলিংৰ জগত খনলৈ প্ৰৱেশ কৰিছিল। তেওঁ বিভিন্ন মডেলিংৰ অফাৰ পাবলৈ ধৰিছিল। সেই সময়ত তেওঁ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মন মেলে। প্ৰিয়দৰ্শনী ফেমিনা মিছ ইণ্ডিয়া দিল্লী-২০১৬ ৰ চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰি ফেমিনা মিছ ইণ্ডিয়া-২০১৬ লৈ পোনে পোনে প্ৰৱেশ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ এই প্ৰতিযোগিতাৰো চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰি প্ৰথম গৰাকী অসমীয়া মিছ ইণ্ডিয়া হৈ পৰে। প্ৰিয়দৰ্শনীয়ে ২০১৬ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়দৰ্শনী চেটাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৬৯০৬৮ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।