প্ৰিন্সী মংগলিকা (ইংৰাজী ভাষা: Princy Mangalika) এগৰাকী শ্ৰীলংকান সমাজকৰ্মী আৰু এইচআইভি/এইচ.আই.ভি/এইড্ছত আক্ৰান্ত ব্যক্তি, যি শ্ৰীলংকাত এইডছ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাৰ বাবে সুপৰিচিত।১ তেওঁ ‘পজিটিভ ৱমেনছ নেটৱৰ্ক’ নামৰ এখন বেচৰকাৰী সংস্থাৰ প্ৰতিষ্ঠাপক, যিয়ে এইডছ ভাইৰাছত আক্ৰান্ত লোকসকলক সহায় কৰে।২ ২০১৯ চনৰ মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি শ্ৰীলংকাৰ সংসদে তেওঁক দেশখনৰ ১২ গৰাকী মহিলা পৰিৱৰ্তনকাৰীৰ ভিতৰত এগৰাকী হিচাপে স্বীকৃতি দিছিল।৩৪
জীৱনী
শ্ৰীলংকাৰ পশ্চিম প্ৰদেশৰ ৰাগামাত প্ৰিন্সীৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল। ২০০৩ চনত তেওঁৰ দেহত এইচআইভি পজিটিভ ধৰা পৰে, যি তেওঁৰ স্বামীৰপৰা সংক্ৰমিত হৈছিল।৫ এই ৰোগত আক্ৰান্ত হোৱাৰ পিছৰেপৰা সমাজত তেওঁৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা হৈছিল আৰু ইয়াৰদ্বাৰা অনুপ্ৰাণিত হৈয়েই তেওঁ পজিটিভ ৱমেনছ নেটৱৰ্কৰ ভেটি স্থাপন কৰিছিল। তেওঁৰ স্বামী বিদেশৰ এখন হোটেলত কাম কৰি থকাৰ সময়তে এই ৰোগত আক্ৰান্ত হৈছিল। স্বামীয়ে সংক্ৰমণৰ বাবে আত্মহত্যা কৰিছিল আৰু গাঁৱৰ মানুহে তেওঁৰ পৰিয়ালটোক খেদি পঠিয়াইছিল।৬
কৰ্মজীৱন
সমাজত দুৰ্ব্যৱহাৰৰ বলি হোৱাৰ পিছত, ৫৩ বছৰ বয়সত তেওঁ এইচআইভি আক্ৰান্ত চিকিৎসক কমলিকা আবেৰত্নেৰ সৈতে যুটীয়াভাৱে ২০০৯ চনত পজিটিভ ৱমেনছ নেটৱৰ্ক প্ৰতিষ্ঠা কৰে। ইয়াৰ উদ্দেশ্য আছিল এইডছত আক্ৰান্ত লোকসকলৰ যত্ন লোৱা।৭ ২০১২ চনত তেওঁৰ সংস্থা পজিটিভ ৱমেনছ নেটৱৰ্কে এইডছত আক্ৰান্ত লোকসকলক আগবঢ়োৱা অসাধাৰণ সামাজিক সেৱাৰ বাবে ৰাষ্ট্ৰসংঘৰপৰা ৰেড ৰিবন বঁটা লাভ কৰে।৮ ২০১৬ চনত ‘আডা ডেৰানা শ্ৰীলংকান অফ দ্য ইয়াৰ’ৰ অংশ হিচাপে তেওঁক ‘আনচাং হিৰোইন’ (Unsung Heroine) সন্মানেৰেও সন্মানিত কৰা হৈছিল।৯
তথ্যসূত্ৰ
- ↑ Ubeyratne, Renushi. (2019-03-08). Iconic Sri Lankan Women Who Have Shaped History. Pulse
- ↑ AsiaNews.it. Mangalika's story: an HIV-positive Catholic woman helps fellow AIDS patients. www.asianews.it
- ↑ Sri Lanka: Sri Lanka parliament celebrates Sri Lankan Women Changemakers. www.colombopage.com
- ↑ Mudalige, Disna; Indrakumar, Camelia Nathaniel and Menaka. Twelve prominent women to be celebrated. Daily News
- ↑ Before Judging, See The Bigger Picture · The Sunday Leader
- ↑ Life Online - The Right To Education. www.life.lk
- ↑ (2016-10-04). 'මේ ගෙදරිනුත් යන්න වෙලා'- HIV ආසාදිත වීරවරියකගේ කතාව
- ↑ Red Ribbon Award recognizes the work of Sri Lankan Women Living with HIV. www.unaids.org
- ↑ Ada Derana Sri Lankan of the Year 2016 - Award Winners. Adaderana.lk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিন্সী মংগলিকা” প্ৰবন্ধৰ সংশোধন ৫৯৫১৯৭ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।