অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নেহা ভাছিন

নেহা ভাসীন (ইংৰাজী: Neha Bhasin; জন্ম: ১৮ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ হিন্দী, তেলেগু, তামিল চলচ্চিত্ৰৰ গীত আৰু স্বতন্ত্ৰভাবে ভাৰতীয় পপ-সংগীত আৰু পঞ্জাবী লোক-সংগীত পৰিবেশনৰ বাবে পৰিচিত।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ৪৬৬ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নেহা ভাসীন (ইংৰাজী: Neha Bhasin; জন্ম: ১৮ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ হিন্দী, তেলেগু, তামিল চলচ্চিত্ৰৰ গীত আৰু স্বতন্ত্ৰভাবে ভাৰতীয় পপ-সংগীত আৰু পঞ্জাবৰ লোক-সংগীত পৰিবেশনৰ বাবে পৰিচিত। নেহাই বিভিন্ন ভাষাত মুঠ সাতবাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰাৰ লগতে ‘‘জগ ঘুমেয়া’’ (Jag Ghoomeya; হিন্দী) আৰু ‘‘পানী ৰবি দা’’ (Paani Ravi Da; পঞ্জাবী) গীতৰ বাবে দুটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।

প্ৰাৰম্ভিক জীৱন

ভাছিনে ৯ বছৰ বয়সত মাৰিয়া কেৰীৰ ‘হিৰো’ গীতটো গায় প্ৰথমবাৰৰ বাবে কণ্ঠ প্ৰতিযোগিতাত বঁটা লাভ কৰিছিল। সৰুৰে পৰা নেহাৰ পপ ষ্টাৰ হোৱাৰ সপোন আছিল।১ ইয়াৰ পিছত বিভিন্ন নৃত্য শিকিবলৈ শিয়ামাক দাভাৰৰ নৃত্য একাডেমীত যোগদান কৰে। ইয়াৰ উপৰিও তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ পৰা শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণো লৈছিল।২৩

১৮ বছৰ বয়সতে নেহাক চেনেল ভি (Channel V) নামৰ এটা চেনেলে পৰিচালনা কৰা দেশজোৰা প্ৰতিভা সন্ধানী অনুষ্ঠান “ক’ক ভি পপষ্টাৰছ” (Coke V popstars)ৰ ৫ গৰাকী ছোৱালীৰ পপ গোট ‘ভিভা’ৰ অংশ হিচাপে নিৰ্বাচন কৰাৰ লগে লগে ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল।

ব্যক্তিগত জীৱন

২০১৬ চনৰ ২৩ অক্টোবৰত ইটালীৰ টাস্কানীত অনুষ্ঠিত হোৱা এখন পশ্চিমীয়া বিয়াত নেহা ভাছিনে সংগীত সুৰকাৰ সমীৰ উদ্দীনৰ৪ সৈতে বিবাহপাশত আবদ্ধ হয়।৫

কেৰিয়াৰ

২০০২ চনত চেনেল ভিয়ে অনুষ্ঠিত কৰা “ক’ক ভি পপষ্টাৰছ”ৰ বাবে অডিচন দিয়াৰ সময়ত দিল্লীৰ নেহা “লেডী শ্ৰী ৰাম কলেজ”ত অধ্যয়ন কৰি আছিল। এই প্ৰতিযোগিতাত নেহাই জয়লাভ কৰে আৰু বিজয়ীসকল লগ হৈ ভাৰতৰ প্ৰথমটো “অল গাৰ্লছ মিউজিক গ্ৰুপ ভিভা” গঠন কৰে। সংগীত গোটটোৰ আন সদস্যসকল আছিল সীমা ৰামচন্দনী, প্ৰতিচী মহপাত্ৰ, মহুৱা কামত আৰু অনুষ্কা মানচন্দা।

২০০৪ চনত বেণ্ডটো বিচ্ছেদ হোৱাৰ পিছত ভাছিনে বলীউডৰ চলচ্চিত্ৰ আৰু তামিল চলচ্চিত্ৰ সংগীত জগতৰ বাবে গান গাবলৈ আৰম্ভ কৰে।

বলীউডত তেওঁৰ প্ৰথম ২০০৭ চনৰ গোৱা ‘কুচ খাছ হায়’ গীতটোৱে বিশেষ সফলতা লাভ কৰে। ২০০৮ চনত এই গীতটোৰ বাবে নেহাউ প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰৰ মনোনয়নো লাভ কৰিবলৈ সক্ষম হয়। ২০০৮ চনত যুৱন শংকৰ ৰাজাৰ দ্বাৰা ৰচিত ভাছিনৰ প্ৰথম তামিল গীত ‘পেছুগিৰেন পেছুগিৰেন’ৰ বাবে নেহাই “শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ বিজয় বঁটা” লাভ কৰে।

২০২১ চনত তেওঁ টাইমছ স্কোৱাৰ বিলবোৰ্ডত তেওঁৰ ‘উট পটংগী’ গীতটোৰ বাবে স্পটিফাইত মাহটোৰ শ্ৰেষ্ঠ শিল্পী হিচাপে প্ৰকাশিত কৰে।৬

আন্তঃৰাষ্ট্ৰীয় পেক্ষাপট

নেহাই মালয়েছিয়াৰ হিপ হপ তাৰকা এমচী জেজ “Emcee Jesz”ৰ সৈতে গীত পৰিবেশন কৰিছিল। তেওঁলোকে পৰিবেশন কপা “থানিয়ে” (THANIYE) শীৰ্ষক গীতটোৱে কেৱল ইউটিউবতে ৩ লাখৰো অধিক দৰ্শন লাভ কৰিছে। মালয়েছিয়াত অনুষ্ঠিত হোৱা “ৰেডিঅ’ ৰাগা এৱাৰ্ড” (RADIO RAGA AWARDS)ত নেহা ২০০৮–০৯ বৰ্ষৰ “শ্ৰেষ্ঠ সহযোগিতা” বঁটাৰ বাবেও মনোনীত হৈছিল।৭

দূৰদৰ্শন আৰু চলচ্চিত্ৰ

“লাইফ কি তো লগ গয়ী” ছবিত অভিনয় কৰি ভাছিনে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ২০১২ চনত মুক্তি পোৱা ছবিখনত তেওঁ কে কে মেনন আৰু ৰণবীৰ শ্ব'ৰীৰ সৈতে অভিনয় কৰিছিল।৮ ২০০৮ চনত নেহাই জি মিউজিকৰ “ছা ৰে গা মা হাংগামা”ত ঘোষিকা হিচাপে কাম কৰিছিল।৯১০ নেহাই ৰিয়েল টিভিত প্ৰচাৰিত মিউজিকেল ৰিয়েলিটি শ্ব' “ছিটাৰো কৌ চুনা হেঁই” এজন অভিনেতা আৰু বিচাৰকৰ চৰিত্ৰত ৰূপায়ন কৰিছিল।১১ নেহা “ঝলক দিখলা জা ছিজন ৫” ৰ “ৱাইল্ডকাৰ্ড এণ্ট্ৰি” আছিল।১২ ২০২১ চনত “বিগ বছ”ৰ এগৰাকী প্ৰতিযোগী আছিল, য’ৰ পৰা নেহা ৩৯ দিনৰ পিছত আঁতৰি আহিবলগীয়া হৈছিল। ২০২১ চনত “বিগ বছ ১৫”ত ৱাইল্ডকাৰ্ড প্ৰতিযোগী আছিল নেহা। তাত তেওঁ ৩৫ দিনত প্ৰৱেশ কৰিছিল আৰু ৫৫ দিনত পুনৰ আঁতৰি আহিবলগীয়া হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Natasha Chopra. (12 January 2005). Vivacious. Ahmedabad Times. পৃ. 21
  2. ↑ Neha Bhasin. beatfactorymusic.com
  3. ↑ (March 19, 2018). Neha Bhasin is not really bothered about the 'sad reality' of male singers dominating Bollywood. Hindustan Times
  4. ↑ (2021-09-01). Neha Bhasin's husband Sameer uddin on her connection with Pratik Sehajpal: 'Feels like they know each other for long'. হিন্দুস্তান টাইমছ
  5. ↑ (31 October 2016). SEE PICS: Singer Neha Bhasin marries music composer Sameer Uddin in Italy
  6. ↑ (2021-08-19). Neha Bhasin features on Times Square Billboard as artist of the month on Spotify for her song 'Oot Patangi': Bollywood News - Bollywood Hungama. বলিউড হাংগামা
  7. ↑ Thaniye
  8. ↑ Life Ki Toh Lag Gayi Credits. Internet Movie Database
  9. ↑ Neha Bhasin hosts Sa Re Ga Ma Pa Hungama on Zee Music. indiatoday.intoday.in
  10. ↑ (18 May 2007). Song sung true. The Hindu
  11. ↑ Sitaron Ko Choona Hai
  12. ↑ Neha Bhasin Wild Card on Jhalak Dikhla Jaa. বলিউড হাংগামা

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেহা ভাছিন” প্ৰবন্ধৰ সংশোধন ৬৩০৩৫৪ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।